চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰা দেখুৱাবলৈ এপ’ল’ ১১ৰ এনিমেটেড ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি
আগষ্ট 30 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰা দেখুৱাবলৈ এপ’ল’ ১১ৰ এনিমেটেড ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

এইটো এটা পুৰণি এনিমেশ্যন ভিডিঅ’ হয়, য’ত এপ’ল’ ১১ৰ চন্দ্ৰ অৱতৰণ অভিযানৰ চিমুলেচন দেখুওৱা হৈছে।

ক্লেইম আইডি 1a990cb1

পৃষ্ঠভূমি

যোৱা ২৩ আগষ্টত ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰাৰ পিছত মহাকাশযানখনৰ যাত্ৰা আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ঐতিহাসিক সাফল্যৰ বুলি দাবী কৰি বিভিন্ন পুৰণি আৰু অসংলগ্ন ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। হিন্দী নিউজ চেনেল জি নিউজত কৰ্মৰত সাংবাদিক শোভনা যাদৱে বৃহস্পতিবাৰে এক্স (X) (পূৰ্বতে টুইটাৰ)ত এটা ভিডিঅ' পোষ্ট কৰিছিল য'ত এইদৰে লিখা আছিল- "#Chandrayaan3Landing #NASAনাছাৰ দ্বাৰা চন্দ্ৰযানৰ অৱতৰণ" (হিন্দীৰ পৰা অনূদিত)। অৱতৰণৰ ঠিক পূৰ্বে চন্দ্ৰৰ ওপৰত উৰি থকা এটা মহাকাশ মডিউল দেখুওৱা এই ভিডিঅ’টো ইন্টাৰনেটত ভাইৰেল হোৱাৰ লগতে হোৱাটছএপতো চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩য়ে অৱতৰণ কৰা দেখা গৈছে বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। 

ভাইৰেল পোষ্টৰ স্ক্ৰিনশ্বট (উৎস:X/@ShobhnaYadava,बीरेंद्र गुप्ता फौजी)

অৱশ্যে, এইটো এটা এনিমেটেড ভিডিঅ’ হে হয় আৰু ইয়াত এপ’ল’ ১১ৰ চন্দ্ৰ অভিযানৰ এটা আৰ্হি দেখুওৱা হৈছে।

প্ৰকৃত তথ্য়

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ইউটিউবত ভাইৰেল ভিডিঅ’টো লাভ কৰোঁ। ২০ জুলাইত 'হেজেগ্ৰেয়াৰ্ট' নামৰ এটা ইউটিউব চেনেলত ভিডিঅ’টো পোষ্ট কৰা হৈছিল। ক্লিপটোৰ কেপচনত এইদৰে  লিখা আছিল- "এপ'ল' ১১ চন্দ্ৰ অৱতৰণ।" ১৯৬৯ চনৰ ১৬ জুলাইত নেশ্যনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (নাছা)-এ উৎক্ষেপণ কৰা এপ’ল’ ১১ নামৰ মহাকাশ বিমানখনে প্ৰথমবাৰৰ বাবে চন্দ্ৰত মানুহ অৱতৰণ কৰিছিল। এই অভিযানত তিনিজন মহাকাশচাৰী আছিল - নীল আৰ্মষ্ট্ৰং, এডউইন বাজ এলড্ৰিন আৰু মাইকেল কলিন্স। ফ্ল’ৰিডাৰ কেপ কেনেডীৰ পৰা উৎক্ষেপণ কৰা এই মহাকাশযানখন ১৯৬৯ চনৰ ২৪ জুলাইত পৃথিৱীলৈ উভতি আহে। ইউটিউব ক্লিপটোৰ বৰ্ণনাত চন্দ্ৰলৈ যোৱা প্ৰথমটো মানৱ অভিযানৰ বিষয়ে একেধৰণৰ বিৱৰণ উল্লেখ কৰা হৈছে।

ভাইৰেল ক্লিপ আৰু ইউটিউব শ্বৰ্টটোৰ তুলনা (উৎস:X/@ShobhnaYadava, YouTube/@Hazegrayart/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি একেটা ইউটিউব চেনেলতে ভিডিঅ’টোৰ এটা বৰ্ধিত সংস্কৰণ লাভ কৰোঁ। ২০২১ চনৰ ৮ জুনত পোষ্ট কৰা ৪ মিনিটৰ এই ভিডিঅ'টোৰ শিৰোনাম আছিল, "এপ'ল' ১১ চন্দ্ৰ অৱতৰণ: মহাকাশ অন্বেষণৰ এক ঐতিহাসিক মুহূৰ্ত।" ভাইৰেল ভিডিঅ'টো এই দীঘলীয়া ইউটিউব ভিডিঅ'টোৰ পৰা লোৱা এটা চুটি ক্লিপ। ভিডিঅ’টোৰ ০:৪৫ টাইমষ্টাম্পৰ আশে-পাশে আমি চন্দ্ৰৰ ওপৰত উৰি থকা স্পেচ মডিউলৰ ভাইৰেল ক্লিপটো দেখা পাওঁ, তদুপৰি অডিঅ’টোও ভাইৰেল ভিডিঅ’টোৰ সৈতে একে হয়। মহাকাশ অন্বেষণ সম্পৰ্কীয় স্বতন্ত্ৰ ৱেবছাইট নাছা স্পেচফ্লাইট ফ’ৰামতো আমি এই ভিডিঅ’টো লাভ কৰোঁ। ২০২১ চনৰ ৮ জুনত উক্ত ৱেবছাইটত এই ভিডিঅ’টো প্ৰকাশ কৰা হৈছিল, আৰু ইয়াত এপ’ল’ ১১ৰ চন্দ্ৰ অৱতৰণৰ আচল সময়ৰ (ৰিয়েল টাইম) চিমুলেচন দেখুওৱা হৈছে বুলি উল্লেখ কৰা হৈছে। 

ইউটিউব চেনেল ‘হেজগ্ৰেয়াৰ্ট’ আৰু ব্যৱহাৰকাৰী গৰাকীৰ ছ’চিয়েল মিডিয়া একাউণ্টত মহাকাশযান/মহাকাশ উৰণৰ কেইবাটাও অনুৰূপ এনিমেটেড ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল। ১৬ আগষ্টত ইন্টাৰনেট আলোচনী ‘অটো ইভলিউচন’-এ চীনৰ মহাকাশ কেন্দ্ৰত হেজগ্ৰেয়াৰ্টৰ কামৰ উদাহৰণ দিয়ে ‘হেজেগ্ৰেয়াৰ্ট’ক “মহাকাশ প্ৰযুক্তি এনিমেচন বিশেষজ্ঞ” হিচাপে কৃতিত্ব দিয়ে। সকলো ধৰণৰ জাহাজ আৰু বাহনৰ বাবে উৎসৰ্গিত এই ইন্টাৰনেট আলোচনীখনত ‘হেজগ্ৰেয়াৰ্ট’ৰ আন বহুতো সৃষ্টিৰ সম্পৰ্কেও উল্লেখ কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে ভাইৰেল ক্লিপটো 'হেজগ্ৰেয়াৰ্ট'ৰ দ্বাৰা নিৰ্মিত এটা এনিমেটেড ভিডিঅ'। লজিকেলী ফেক্টছে এই সন্দৰ্ভৰত অধিক জানিবলৈ 'হেজগ্ৰেয়াৰ্ট’ক যোগাযোগ কৰে, তেওঁৰ পৰা উত্তৰ পালে আমাৰ এই লেখাটো আপডেট কৰা হ'ব।

ইয়াৰ উপৰিও, ভাইৰেল ভিডিঅ'টোৰ নেপথ্য়ত বাজি থকা ভইচঅভাৰটো আচলতে ২০২০ চনৰ ১৭ ফেব্ৰুৱাৰীত বিবিচি ৱৰ্ল্ড চাৰ্ভিচে তেওঁলোকৰ এটা ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ৰ পৰা লোৱা হৈছিল। ভিডিঅ’টোৰ প্ৰায় ১০:৩০ টাইমষ্টাম্পত আমি ভাইৰেল ক্লিপটোত শুনা সঠিক অডিঅ'টো শুনা পাওঁ। বিবিচি ৱৰ্ল্ড চাৰ্ভিচৰ ইউটিউব ভিডিঅ'টোৰ শিৰোনাম আছিল, "এপ’ল’ ১১:  দ্য ফাইনেল ১৩ মিনিট টু দ্য মুন - বিবিচি ৱৰ্ল্ড চাৰ্ভিচ,  ১৩ মিনিট টু দ্য মুন প'ডকাষ্ট।"ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে অডিঅ'টো  এপ’ল’ ১১ অভিযানৰ সৈতে সম্পৰ্কিত।

তদুপৰি ভাইৰেল ক্লিপটোত থকা মডিউলটো চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ চিত্ৰণতকৈ পৰা বহুত বেলেগ দেখা গৈছে। চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ কাউণ্টডাউনৰ সময়ত ইছৰ’ই বিক্ৰম লেণ্ডাৰ মডিউলৰ এনিমেটেড ভিজুৱেল মুকলি কৰিছিল। ভাইৰেল ভিডিঅ’টোত থকা মডিউলটোৰ বিপৰীতে লেণ্ডাৰখনত সোণালী পেনেল আৰু ওপৰত এটা গোলাকাৰ গাঁঠনি আছে, যিটো দেখাত ধোঁৱা বৰণীয়া আৰু ৰঙা ইয়াৰ ওপৰৰ অংশ সমান। বিক্ৰম লেণ্ডাৰৰ ছবি ইছৰোৰ চন্দ্ৰযান-৩ পুস্তিকা আৰু অফিচিয়েল ৱেবছাইটত চাব পাৰিব। ভাইৰেল ভিডিঅ’টোত দেখা মডিউলটোৰ সৈতে দেখাত ইয়াৰ যথেষ্ট পাৰ্থক্য় আছে।

ভাইৰেল ভিডিঅ'টোত দেখা মডিউল আৰু ইছৰ'ৰ চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰখনৰ চিত্ৰণ (উৎস:X/@ShobhnaYadava, ISRO)

পূৰ্বে উল্লেখ কৰা সকলো প্ৰমাণে প্ৰতিষ্ঠা কৰে যে ভাইৰেল ক্লিপটো এটা এনিমেশ্য়ন ভিডিঅ’। ক্লিপটো নাছাই মুকলি কৰা বুলি কোৱা কথাও সঁচা নহয়। আমেৰিকাৰ মহাকাশ সংস্থাটোৱে  X-ত ইছৰোক এই কৃতিত্বৰ বাবে অভিনন্দন জনাই এটা বাৰ্তা শ্বেয়াৰ কৰিছিল যদিও ইছৰ’ৰ চন্দ্ৰ অভিযানৰ কোনো ভিজুৱেল প্ৰকাশ কৰা নাছিল।

সিদ্ধান্ত

এপ’ল’ ১১ৰ চন্দ্ৰ অৱতৰণ অভিযানৰ চিমুলেচন (অনুকৰণমূলক উপস্থাপন) দেখুওৱা এটা পুৰণি এনিমেশ্য়ন ভিডিঅ’ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ অৱতৰণৰ ফুটেজ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।