আৰ্জেণ্টিনাই ২০২২ চনৰ বিশ্বকাপ বিজয়ৰ পিছত ভাইৰেল হোৱা মেছিৰ ১০০০ পেছ’ৰ নোটৰ ফটোখন এখন চিত্ৰহে

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 আৰ্জেণ্টিনাই ২০২২ চনৰ বিশ্বকাপ বিজয়ৰ পিছত ভাইৰেল হোৱা মেছিৰ ১০০০ পেছ’ৰ নোটৰ ফটোখন এখন চিত্ৰহে

ফেক্ট চেক

ৰায়দান মিছা

আৰ্জেণ্টিনাৰ কেন্দ্ৰীয় বেংকে মেছিৰ মুখ থকা ১০০০ পেছ’ৰ স্মৃতি নোট মুকলি কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ।

ক্লেইম আইডি 8abc4c23

পৃষ্ঠভূমি

ফিফা বিশ্বকাপ ২০২২ত আৰ্জেণ্টিনাৰ জয়ৰ পাছত ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক লিয়'নেল মেছিৰ বিষয়ে বহু বিভ্ৰান্তিকৰ আৰু ভুৱা পোষ্টৰ সৃষ্টি হৈছে । অসমৰ চেটেলাইট নিউজ চেনেল প্ৰাগ নিউজে এক বাতৰি প্ৰকাশ কৰিছে যে ২০২২ চনৰ বিশ্বকাপ জয় কৰাৰ পিছত আৰ্জেণ্টিনাই লিয়'নেল মেছিৰ মুখ থকা ১০০০ পেছ’ৰ স্মৃতি নোট মুকলি কৰিছে । সেই বাতৰিটো প্ৰাগ নিউজৰ ফেচবুক পেজত শ্বেয়াৰ কৰা হৈছিল আৰু কেপচন দিয়া হৈছিল, “এহেজাৰ টকীয়া নোটত থাকিব লিঅ’নেল মেছিৰ ছবি! ঐতিহাসিক বিজয়ক স্মৰণীয় কৰি ৰাখিবলৈ লোৱা হৈছে এই সিদ্ধান্ত" । বাতৰিটোৰ অংশ হিচাবে মেছিৰ ছবি সম্বলিত আৰ্জেণ্টিনাৰ মুদ্ৰা ১০০০ পেছ’ৰ নোট এখনৰ ছবি আপলোড কৰা হৈছে । এনে ধৰণে আন কিছু ফেচবুক পেজৰ পৰাও একে ধৰণৰ দাবীৰে আন কিছু পোষ্ট দেখা গ'ল। অৱশ্যে এই ঘোষণাৰ কোনো অফিচিয়েল উৎস নাই আৰু ই ভিত্তিহীন ।

প্ৰকৃত তথ্য

আচলতে ২০২২ চনৰ ১৯ ডিচেম্বৰত 'এল ফাইনেন্সিয়েৰ’ই প্ৰকাশ কৰা এটা প্ৰবন্ধৰ পৰাই এই দাবী উত্থাপন হৈছে, য’ত শিৰোনাম আছিল, “আৰ্জেণ্টিনাৰ খিতাপৰ বাবে আমাৰ হাতত মেছিৰ মুখৰ সৈতে হাজাৰ পেছ’ৰ বিল থাকিবনে?” কিন্তু আমি লক্ষ্য কৰিলোঁ যে পোষ্টটোত উল্লেখ কৰা বাতৰিটোত স্পষ্টকৈ লিখা হৈছে যে ১০০০ পেছ’ৰ বিলখনত মেছিৰ মুখখন বৈশিষ্ট্যযুক্ত কৰাৰ পৰামৰ্শটো এটা কৌতুক আছিল, যিটো আৰ্জেণ্টিনাৰ কেন্দ্ৰীয় বেংকৰ সদস্যসকলে বিশ্বকাপ জয়ক অমৰ কৰাৰ উপায় হিচাপে প্ৰস্তাৱ দিছিল ।

তদুপৰি আৰ্জেণ্টিনা ৰিপাব্লিকৰ কেন্দ্ৰীয় বেংকৰ ৱেবছাইটত এই নোটখনৰ সন্দৰ্ভত এনে কোনো বিবৃতি প্ৰকাশ কৰা হোৱা নাই । ৱেবছাইটৰ "বেংকনোট আৰু মুদ্ৰা/স্মৃতিমূলক বিষয়" সম্পৰ্কীয় অংশত সকলো বিশেষ নোটৰ তালিকা দিয়া হৈছে। "লিগেল টেণ্ডাৰ মুদ্ৰা"ৰ অধীনত শেহতীয়াকৈ ফুটবল বিশ্বকাপ কাটাৰ ২০২২ৰ স্মৃতিত মুক্তি দিয়া মুদ্ৰা সম্পৰ্কে উল্লেখ কৰা আছে । 'বিচিআ'ৰে কয়, "ফুটবল বিশ্বকাপ কাটাৰ ২০২২ৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্মৃতি মুদ্ৰা কাৰ্যসূচীৰ কাঠামোৰ ভিতৰত 'বিচিআ'ৰে ৰূপ আৰু সোণৰ মুদ্ৰা জাৰি কৰিছে ।" এইবোৰ হৈছে ৫ আৰু ১০ পেছ’ৰ মুদ্ৰা, ২০২১ চনৰ ৩০ নৱেম্বৰত জাৰি কৰা আৰু ফিফা বিশ্বকাপ ২০২২ৰ বাবে উৎসৰ্গিত । আমি দেখিলোঁ যে দেশখনে পূৰ্বৰ ফুটবল বিশ্বকাপৰ বাবেও কেইবাটাও স্মৃতি মূলক মুদ্ৰা জাৰি কৰিছে ।

আৰ্জেণ্টিনাৰ বৰ্তমানৰ ১০০০ পেছ’ৰ নোটৰ ডিজাইনত দেশখনৰ জাতীয় চৰাই ৰুফ’ছ হৰ্নেৰোৰ বৈশিষ্ট্য আছে আৰু ওলোটা ফালে চৰাইটোৰ বাসস্থান পাম্পাছৰ সমভূমিৰ কলাত্মক সৃষ্টি ধৰি ৰাখিছে । 'বিচিআৰএ'ৰ মতে, ২০১৭ চনৰ ১ ডিচেম্বৰৰ পৰা ই প্ৰচলিত হৈ আহিছে । "আৰ্জেণ্টিনাৰ স্থানীয় প্ৰাণী" নামৰ নতুন ছিৰিজৰ ছখন নোটৰ ভিতৰত ই চতুৰ্থখন নোট হয় । ইয়াৰ উপৰিও ২০২২ চনৰ ২৩ মে’ত কৰা এক ঘোষণা অনুসৰি আৰ্জেণ্টিনাত অতি সোনকালে ঐতিহাসিক ব্যক্তিসকলক লৈ এক নতুন ছিৰিজৰ অংশ হিচাপে জাতিৰ পিতৃ আৰু মুক্তিকৰ্তা 'জোচে ডি ছান মাৰ্টিন'ক চিত্ৰিত কৰা এখন ১০০০ পেছ’ৰ বেংকনোট থাকিব ।

ইয়াৰ উপৰিও আৰ্জেণ্টিনা ৰিপাব্লিকৰ কেন্দ্ৰীয় বেংকৰ মূল যোগাযোগ পৰিচালক 'ফাৰ্নাণ্ডো এল’নছ’ই সংবাদ সংস্থা AFPক জনোৱা মতে, কাগজৰ নোটত মেছিৰ মুখ প্ৰকাশ কৰাৰ কোনো পৰিকল্পনা বৰ্তমান নাই ।

আমি বেংকনোটৰ ভাইৰেল ফটোখনৰ প্ৰকৃত উৎস বিচাৰি ইনষ্টাগ্ৰাম একাউণ্ট "ellseven"লৈও ট্ৰেচ কৰিলোঁ, যাৰ বায়'ত লিখা আছে: "Seven - Designer (ছেভেন - ডিজাইনাৰ)" ১৯ ডিচেম্বৰত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীজনে ভাইৰেল নোটখনৰ প্ৰথমখন ছবি পোষ্ট কৰি স্পেনিছ ভাষাত কেপচন লিখি এই সৃষ্টিৰ আঁৰৰ তেওঁলোকৰ যুক্তি ব্যাখ্যা কৰে । ভাবানুবাদ অনুসৰি: "মই ১০০০ পেছ'ৰ নতুন বেংকনোট ডিজাইন কৰিলোঁ । এই বিশ্বকাপত আৰ্জেণ্টিনাৰ জাতীয় দলটোৱে নিখুঁতভাৱে খেলি আছে, আৰু তেওঁলোকৰ বাবে মোৰ এটা সৃষ্টি উৎসৰ্গা কৰাৰ প্ৰয়োজন আছিল । গতিকে এই সৌন্দৰ্য্য ওলাই অহালৈকে মই কেইবাদিনো চিন্তা কৰি বিভিন্ন ধাৰণা মিলাই মেলি কটালোঁ, আশাকৰোঁ আপোনালোকে বহুত ভাল পাব, আৰু কাইলৈ এই প্ৰচেষ্টাক প্ৰাপ্য উৎসাহ দিব।" একাউণ্টটোত একেখন ছবিৰ আন এনিমেটেড সংস্কৰণো পোষ্ট কৰা হৈছিল ।

গতিকে স্পষ্টভাৱে এক সৃষ্টিশীল প্ৰচেষ্টাক আৰ্জেণ্টিনাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা বুলি ভুৱা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে । 

সিদ্ধান্ত

মেছিৰ মুখ থকা আৰ্জেণ্টিনাৰ ১০০০ পেছ’ৰ বেংকনোটৰ এজন ডিজাইনাৰৰ সংস্কৰণ ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে এইখন আনুষ্ঠানিকভাৱে জাৰি কৰা নোট। এই ভাইৰেল দাবীৰ জন্ম দিয়া প্ৰতিবেদনখনতো স্পষ্টকৈ উল্লেখ কৰা হৈছে যে আৰ্জেণ্টিনাৰ কেন্দ্ৰীয় বেংকৰ সদস্যসকলে কেৱল ধেমালিতে এই ধাৰণাটো প্ৰস্তাৱ কৰিছিল । অৱশ্যে এই দাবী শ্বেয়াৰ কৰা ভাইৰেল পোষ্ট আৰু ছ’চিয়েল মিডিয়াত প্ৰচলিত ফটোখনে এই স্পষ্টীকৰণ সন্নিবিষ্ট কৰিব পৰা নাই। সেয়েহে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিতিহীন ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।