লেবানন সীমান্তত ভাৰতীয় সৈন্যই হামাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলি অসমীয়া সংবাদ মাধ্যমত মিছা বাতৰি প্ৰচাৰ

লেখক: অনুৰাগ বৰুৱা
অক্টোবৰ 19 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
লেবানন সীমান্তত ভাৰতীয় সৈন্যই হামাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলি অসমীয়া সংবাদ মাধ্যমত মিছা বাতৰি প্ৰচাৰ

টাইম৮ ৰ এটা ভিডিঅ’ প্ৰতিবেদনৰ ফেচবুক পোষ্টত ভাৰতীয় সৈন্যই হামাছৰ বিৰুদ্ধে যুঁজিবলৈ ইজৰাইলত থকা বুলি মিছাকৈ দাবী কৰা হৈছে। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/যৌক্তিক ভাৱে তথ্যৰ দ্বাৰা সংশোধিত)

ফেক্ট চেক

ৰায়দান মিছা

ইজৰাইলত ভাৰতীয় সেনাই সৈন্য মোতায়েন কৰা নাই। তদুপৰি ভিডিঅ’টোত ভাৰতীয় সৈন্যক দেখুওৱা বুলি উল্লেখ এটা ক্লিপত আইডিএফৰ সৈন্যহে দেখা গৈছে।

ক্লেইম আইডি 0e61293a

ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধত ইজৰাইলত কমেও ১৪০০ গৰাকী আৰু গাজাত ২৭৭৮ গৰাকী লোক নিহত হোৱাৰ লগতে দুয়োপক্ষৰ কেইবা শহস্ৰাধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে। ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা আৰু দুয়োপক্ষৰ আক্ৰমণ, প্ৰতি-আক্ৰমণত দ্ৰুতগতিত পূৰ্ণাংগ যুদ্ধলৈ পৰিণত হোৱা এই সংঘৰ্ষকলৈ ছ’চিয়েল মিডিয়া বিভিন্ন ভুৱা তথ্যৰে ভৰি পৰিছে। লজিকেলী ফেক্টছৰ এক অনুসন্ধানত পোহৰলৈ আহিছে যে ভাৰতৰ একাউণ্টসমূহে এই যুদ্ধকলৈ ছ’চিয়েল মিডিয়াত ভুল আৰু অসত্য় তথ্য় বিয়পোৱাত যথেষ্ট অৰিহণা যোগাইছে। 

কি দাবী কৰা হৈছে?

অসমীয়া নিউজ পৰ্টেল টাইম৮ আৰু টাইম৮ লাইভৰ ফেচবুক পেজত ১৫ অক্টোবৰত এটা ভিডিঅ’ প্ৰতিবেদন প্ৰকাশ কৰি হামাছৰ বিৰুদ্ধে যুঁজিবলৈ ইজৰাইলত শেহতীয়াকৈ ৯০০ ভাৰতীয় সেনা জোৱান মোতায়েন কৰা হৈছে বুলি দাবী কৰা হৈছিল। বাতৰি পৰিৱেশক গৰাকীয়ে অসমীয়াত কোনা শুনা যায় যে ভাৰতীয় সৈন্যই লেবানন সীমান্তত হামাছৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হোৱাৰ লগতে ভাৰতে দেশখনৰ পৰিস্থিতিৰ প্ৰতি চোকা দৃষ্টি আছে। প্ৰতিবেদনটোত ব্য়ৱহাৰ কৰা গ্রাফিক্সতো একেখিনি কথাই কোৱা হৈছে৷ কেইবাটাও ক্লিপ থকা এই প্ৰতিবেদনটোত ধূলিৰে আবৃত এটা পথেৰে আগবাঢ়ি যোৱা দুখনমান যুদ্ধ টেংকৰ এটা ক্লিপ বাৰে বাৰে দেখুওৱাই ইজৰাইলত ভাৰতীয় সৈন্য যুদ্ধৰ বাবে সাজু বুলি দাবী কৰা হৈছে। ভিডিঅ’ ৰিপ’ৰ্টটোৱে এই পৰ্যন্ত দুয়োটা পেজতে ক্ৰমে ৩ লাখ ৮৫ হাজাৰ আৰু ৬৯ হাজাৰতকৈ অধিক ভিউ লাভ কৰিছে। আৰ্কাইভ কৰা সংস্কৰণসমূহ ইয়াত আৰু ইয়াত চাব পাৰি ।

দুটাকৈ পোষ্টত শ্বেয়াৰ কৰা টাইম৮-ৰএটা ভিডিঅ’ প্ৰতিবেদনত ভাৰতীয় সৈন্যই হামাছৰ বিৰুদ্ধে যুঁজিবলৈ ইজৰাইলত থকা বুলি মিছাকৈ দাবী কৰিছিল। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ভিডিঅ’টোত দাবী কৰাৰ দৰে ইজৰাইলত শেহতীয়াকৈ ভাৰতীয় সেনা মোতায়েন কৰা হোৱা নাই, তদুপৰি সংশ্লিষ্ট ক্লিপটোত প্ৰকৃততে বৰ্তমান চলি থকা সংঘৰ্ষৰ মাজত ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ (আইডিএফ) টেংকহে দেখা গৈছে। 

ভাৰতীয়া সেনাই কি কয়?

আমি ভাৰত বা আন কোনো বিদেশী দেশে হামাছৰ বিৰুদ্ধে যুঁজত দেশখনক সহায় কৰিবলৈ ইজৰাইললৈ সৈন্য প্ৰেৰণ কৰাৰ বিষয়ে কোনো বাতৰি লাভ কৰা নাই। 

লজিকেলী ফেক্টছে ভাৰতীয় সেনাৰ মুখপাত্ৰ কৰ্ণেল সুধীৰ চামোলিৰ সৈতে যোগাযোগ কৰাত তেওঁ আমাক এনে কোনোধৰণৰ মোতায়েন হোৱা নাই বুলি জনায়। চামোলিয়ে কয়, ‘এয়া মিছা, এনে কোনো মোতায়েন হোৱা নাই। এই অঞ্চলত ভাৰতীয় সৈনিকৰ একমাত্ৰ উপস্থিতি লেবাননত ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনী (ইউনিফিল)ৰ অংশ স্বৰূপে শান্তিৰক্ষী হিচাপে আছে। উক্ত মোতায়েন বহু আগতেই কৰা হৈছিল, প্ৰায় ৩০ বছৰ হ’ল, আৰু শেহতীয়া ইজৰাইল-হামাছ যুদ্ধৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।”

৯০০ ভাৰতীয় জোৱান আৰু ইউনিফিল 

টাইম৮-এ কৰা দাবীটো সম্ভৱতঃ যোৱা ১১ অক্টোবৰত দ্য় টাইমছ অৱ ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনৰ ভিত্তিত যুগুত কৰা হৈছিল, উক্ত প্ৰতিবেদনটোৰ শিৰোনাম আছিল, "৯০০ জনক শান্তিৰক্ষী হিচাপে মোতায়েন, ভাৰতে লেবাননৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।" প্ৰতিবেদনটোত ভাৰতে দক্ষিণ লেবাননৰ পৰিস্থিতি ওচৰৰ পৰা নিৰীক্ষণ কৰি আছে বুলি কোৱা হৈছিল, ইউনিফিলৰ অংশ হিচাপে প্ৰায় ৯০০ ভাৰতীয় সৈন্য তাত নিয়োজিত হৈ আছে। প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে ভাৰতীয় দলটো উপস্থিত থকা অঞ্চলটোৰ পৰা আক্ৰমণৰ কোনো খবৰ পোৱা হোৱা নাই যদিও ইউনিফিলৰ অৱস্থিতি থকা আন অঞ্চলৰ পৰা ইজৰাইল আৰু লেবাননৰ মাজত ৰকেট আৰু ক্ষেপণাস্ত্ৰ চালনৰ লগতে আক্ৰমণ তীব্ৰতৰ হোৱাৰ খবৰ আহিছে।

লেবানন চৰকাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্মুখত প্ৰতিবাদ কৰাৰ পিছত ইজৰাইলে সেনা প্ৰত্যাহাৰ কৰাৰ পিছত লেবাননত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ ৰাষ্ট্ৰসংঘই ১৯৭৮ চনৰ মাৰ্চ মাহত ইউনিফিলৰ সৃষ্টি কৰিছিল। বৰ্তমান ইউনিফিল ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ব্লু লাইন’ৰ কাষত নিয়োজিত হৈ আছে, য’ত পূৰ্বতে ইজৰাইল আৰু হিজবুল্লাহ বাহিনীৰ মাজত সংঘৰ্ষ হৈছিল। 

যোৱা ১০ অক্টোবৰত ইউনিফিলে এক্সত দিয়া এক বিবৃতিত তেওঁলোকৰ মুখ্য লক্ষ্য লেবানন আৰু ইজৰাইলৰ মাজত সংঘৰ্ষ এৰাই চলাত সহায় কৰা বুলি উল্লেখ কৰি দুয়োপক্ষক পৰিস্থিতিৰ তীব্ৰতা হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছিল। "আমাৰ মূল লক্ষ্য হৈছে লেবানন আৰু ইজৰাইলৰ মাজত সংঘৰ্ষ পৰিহাৰ কৰাত সহায় কৰা, আৰু সংঘৰ্ষক ওচৰ চপাই অনা যিকোনো যিকোনো পৰিঘটনাই এক চিন্তাৰ বিষয়। আমাৰ লক্ষ্য় হৈছে অঞ্চলটোত নিৰাপত্তা আৰু স্থিৰতা বজাই ৰখা," ইউনিফিলৰ এক বিবৃতিত কোৱা হয়। ইউনিফিলৰ ৱেবছাইটৰ মতে, ২০২৩ চনৰ ৩০ আগষ্টলৈকে, ৪৯খন দেশৰ ৯,৯৯৪ গৰাকী শান্তিৰক্ষী ইউনিফিলৰ অংশ হিচাপে নিয়োজিত আছে, যাৰ ভিতৰত ৮৯৩ গৰাকী হৈছে ভাৰতীয় সৈনিক।

আইডিএফৰ ক্লিপ ভাৰতীয় সেনাৰ বুলি মিছাকৈ দাবী কৰা হৈছে

ক্লিপটোত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ভিডিঅ'টোৰ এটা দীঘলীয়া আৰু স্পষ্ট সংস্কৰণ আপলোড কৰা এটা এক্স (পূৰ্বতে টুইটাৰ)ত পোষ্ট লাভ কৰোঁ। ইজৰাইলস্থিত আন্তঃৰাষ্ট্ৰীয় বাতৰি চেনেল i24নিউজৰ সাংবাদিক পিয়েৰ ক্লচেণ্ডলাৰে ১৫ অক্টোবৰত কৰা পোষ্টটোত কোৱা হৈছে যে ভিডিঅ'টোত গাজা ষ্ট্ৰীপৰ সমীপৰ দক্ষিণ ইজৰাইলৰ এক স্থান দেখুওৱা হৈছে।

পিয়েৰ ক্লচেণ্ডলাৰৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/এক্স)

লজিকেলী ফেক্টছে, এক্সত ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ এনে একাধিক ভিডিঅ’ ক্লিপৰ লগতে ইজৰাইলৰ i24নিউজৰ বাবে তেওঁ কৰা বাতৰিৰ ক্লিপ পোষ্ট কৰা ক্লচেণ্ডলাৰৰ সৈতো যোগাযোগ কৰে। ক্লচেণ্ডলাৰে আমাক নিশ্চিত কৰে যে উক্ত ক্লিপটো শেহতীয়াকৈ তেওঁ কেমেৰাত আৱদ্ধ কৰিছিল, আৰু ইয়াত ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ (আইডিএফ) হোম ফ্ৰণ্ট কমাণ্ডৰ সৈন্য দেখা গৈছে। 

সিদ্ধান্ত

হামাছৰ বিৰুদ্ধে যুঁজিবলৈ শেহতীয়াকৈ ইজৰাইলত সৈন্য় মোতায়েন কৰা নাই বুলি ভাৰতীয় সেনাই লজিকেলী ফেক্টছক নিশ্চিত কৰিছে। ইয়াৰ উপৰিও ইজৰাইলত ভাৰতীয় সৈন্যক দেখুওৱা বুলি কোৱা ভিডিঅ’ ক্লিপটোত প্ৰকৃততে আইডিএফৰ হোম ফ্ৰণ্ট কমাণ্ডৰ সৈন্যহে দেখা গৈছে। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।