ইজৰাইল-হামাছৰ যুদ্ধৰ শেহতীয়া দৃশ্য় বুলি অসমীয়া সংবাদ মাধ্য়মত পুৰণি ভিডিঅ’ প্ৰচাৰ

লেখক: চন্দন বৰগোহাঁই
অক্টোবৰ 11 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইল-হামাছৰ যুদ্ধৰ শেহতীয়া দৃশ্য় বুলি অসমীয়া সংবাদ মাধ্য়মত পুৰণি ভিডিঅ’ প্ৰচাৰ

নিউজ এট এন ইৰ পোষ্টৰ এটা স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

লজিকেলী ফেক্টছে অনুসন্ধান কৰি নিউজ এট এনই (News AT NE)ৰ ভিডিঅ’টোত সন্নিৱিষ্ট প্ৰায়সমূহ ক্লিপ ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ আগৰ বুলি জানিব পাৰে।

ক্লেইম আইডি 707f2a0e

পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে যোৱা ৭ অক্টোবৰত গাজা ষ্ট্ৰীপৰ পৰা ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায়। প্ৰত্য়ুত্তৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সংগঠনটোৰ বিৰুদ্ধে “যুদ্ধ” ঘোষণা কৰি গাজাত বিমান আক্ৰমণ আৰম্ভ কৰে। শেহতীয়া খবৰ অনুসৰি উক্ত সংঘৰ্ষত দুয়োপক্ষৰ কমেও ১৯০০ লোকৰ মৃত্যু হৈছে।

কি দাবী কৰা হৈছে? 

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত এই সংঘৰ্ষৰ বুলি মিছাকৈ দাবী কৰা বিভিন্ন পুৰণি আৰু অসংলগ্ন ভিডিঅ’ প্ৰচাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে। অসমৰ নিউজ এট এন ই (News AT NE) নামৰ এটা পৰ্টেলৰ ফেচবুক পে’জত যোৱা ৮ অক্টোবৰত প্ৰকাশিত এক ভিডিঅ’ প্ৰতিবেদনত হামাছৰ শেহতীয়া ইজৰাইল আক্ৰমণৰ দৃশ্য় দেখুওৱা বুলি দাবী কৰি ৬টা বেলেগ বেলেগ ক্লিপ ব্য়ৱহাৰ কৰা হৈছে। ভিডিঅ’টোৱে এই প্ৰতিবেদন লিখাৰ সময়লৈকে ৬৮,০০০ ভিউ আৰু ৯৮০ লাইক লাভ কৰিছে। ফেচবুক পোষ্টটোৰ কেপচনত এইবুলি লিখা আছে, ‘‘ৰক্তাক্ত ইজৰাইল//২৫ মিনিটত ধাৰাসাৰে ৫ হাজাৰ ৰকেট নিক্ষেপ হামাছৰ।” ভিডিঅ’টো ইয়াত চাব পাৰে।

নিউজ এট এন ইৰ পোষ্টৰ এটা স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে, উক্ত ভিডিঅ’ প্ৰতিবেদনটোত থকা কমেও চাৰিটাকৈ ক্লিপ পুৰণি আৰু বৰ্তমান চলি থকা যুদ্ধৰ আগৰ সময়ৰ।

আমি কি বিচাৰি পালো?

ক্লিপ ১: মানুহৰ সমাগমৰ দৃশ্য়

ভিডিঅ' প্ৰতিবেদনটোৰ প্ৰায় ২২ ছেকেণ্ডত, এক মুকলি ঠাইত গোট খোৱা একাধিক লোকৰ ওপৰত বিস্ফোৰক সামগ্ৰী নিক্ষেপ কৰা দেখিবলৈ পাওঁ। এই ক্লিপটো ভিডিঅ' প্ৰতিবেদনৰ পিছৰ অংশবোৰতো দেখা যায়। আমি ক্লিপটোৰ এটা স্ক্ৰীণশ্বটৰ ওপৰত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰোঁ আৰু ২০২১ চনৰ 8 মে’ত ইউটিউবত আপলোড কৰা এটা ৪০ ছেকেণ্ডৰ ভিডিঅ’ লাভ কৰোঁ। ইউটিউব ভিডিঅ'টোৰ ওপৰত সোঁফালে এটা ল’গ’ দেখা যায় য’ত আৰবীত "ميدان القدس" বুলি লিখা আছে। 

২০২১ চনৰ ভাইৰেল ভিডিঅ’ ৰিপ’ৰ্ট আৰু ইউটিউব ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ তুলনা।(উৎস: ফেচবুক/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি মেডান আলকুডছ নামৰ এটা মিডিয়া/বাতৰি কোম্পানীৰ ফেচবুক পে’জ লাভ কৰো য’ত একেটা ল’গ’ ব্য়ৱহাৰ কৰা হৈছে, ফেচবুক পে’জটোত ইয়াৰ ৱেবছাইটৰ এটা লিংকও দিয়া আছে। ফে’চবুক পে’জটোৰ ভিডিঅ’সমূহ ভালদৰে পৰীক্ষা কৰাত আমি নিশ্চিত হওঁ যে প্ৰতিবেদনটোত ব্য়ৱহৃত ফুটেজটো ইয়াত ২০২১ চনৰ ৮ মে’ত আপলোড কৰা এটা লাইভ ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰা লোৱা হৈছিল। ভাইৰেল ফুটেজটো ফেচবুক লাইভ ভিডিঅ'টোৰ ২৭:০০ টাইমষ্টাম্পৰ সমীপত দেখিবলৈ পোৱা যায়। ফেচবুক পোষ্টটোৰ কেপচনত লিখা আছে,  "পবিত্ৰ আল-আকছা মছজিদত দখলকাৰী সেনাই সংঘটিত কৰা গণহত্যাৰ লাইভ কভাৰেজ অব্যাহত আছে।"  ৫১.৪৫ মিনিটৰ ফেচবুক লাইভ ভিডিঅ’টোত দেখা গৈছে যে জেৰুজালেমৰ আল-আকছা মছজিদৰ বাহিৰত বহু বহুসংখ্য়ক সাধাৰণ নাগৰিক আৰু অস্ত্ৰধাৰী লোকক দেখা যায়, তেওঁলোকে অঞ্চলটোৰ চাৰিওফালে ঘূৰি ভিৰ বান্ধি থকা ঠাইখিনিত গোট খাইছিল।  

ভিডিঅ’ প্ৰতিবেদন আৰু মূল ফেচবুক লাইভ ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: নিউজ এট এন ই/ميدان القدس/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি ২০২১ চনৰ ৮ মে'ত প্ৰকাশিত দ্য গাৰ্ডিয়ানৰ এটা ভিডিঅ' প্ৰতিবেদনও লাভ কৰোঁ, য'ত আল আকছা মছজিদত ইজৰাইলী আৰক্ষীয়ে পেলেষ্টাইনীসকলক আক্ৰমণ কৰাৰ দৃশ্য আছে। ইজৰাইলী আৰক্ষীয়ে ২০২১ চনৰ ৭ মে'ত মছজিদৰ প্ৰাৰ্থনা গৃহত প্ৰৱেশ কৰি উচ্ছেদৰ বিৰোধীসকল দমন কৰাৰ উদ্দেশ্য়ে পেলেষ্টাইনীসকলৰ ওপৰত আক্ৰমণ কৰিছিল। প্ৰতিবেদনটোত উল্লেখ কৰা মতে তাত বসতি কৰি থকা ইহুদীসকলে দাবী কৰা ভূমিৰ পৰা পেলেষ্টাইনীসকলৰ সম্ভাব্য় উচ্ছেদৰ বিৰোধিতাত এই প্ৰতিবাদ কৰা হৈছিল। 

৭ মে’ত আল জাজিৰায়ে প্ৰকাশ কৰা আন এক প্ৰতিবেদনত কোৱা হৈছে যে আল আকছা মছজিদৰ চৌহদত নিশা সংঘটিত সংঘৰ্ষত কমেও ২০৫ জন পেলেষ্টাইনী আৰু ১৭ জন বিষয়া আহত হৈছিল। প্ৰতিবেদনটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ইজৰাইলে পূব জেৰুজালেমৰ শ্বেইখ জাৰাহ চুবুৰীৰ পৰা কেইবা ডজন পেলেষ্টাইনীক উচ্ছেদ কৰাৰ ভাবুকি দিয়াৰ বিৰোধিতাত প্ৰতিবাদ হৈছিল।

ক্লিপ ২: হেলিকপ্টাৰ এখনক গুলীয়াই ধ্বংস কৰা দৃশ্য

ভিডিঅ’ প্ৰতিবেদনটোৰ ০:৩৫ আৰু ১:৫২ টাইমষ্টাম্পত এজন লোকে মাটিৰ পৰা আকাশলৈ এটা মিছাইল গুলীয়াই এখন হেলিকপ্টাৰ ধ্বংস কৰা দেখুওৱা এটা ক্লিপ দেখা যায়। লজিকেলী ফেক্টছে ক্লিপটোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰে আৰু দেখে যে ইয়াক ২৭ ফেব্ৰুৱাৰীত 'ৰিমষ্টুডিঅ' (RIMStudio) নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা হৈছিল। ভিডিঅ'টোৰ বিৱৰণ অনুসৰি ইয়াত আৰ্মা ৩ নামৰ এটা ভিডিঅ’ গেমৰ দৃশ্য় দেখুওৱা হৈছে, ক্লিপটো ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ দৃশ্য নহয়। 

ভাইৰেল ভিডিঅ’ আৰু ইউটিউবত শ্বেয়াৰ কৰা আৰ্মা ৩ ভিডিঅ’ গেমৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ফেচবুক/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

লজিকেলী ফেক্টছে ইতিপূৰ্বে উক্ত ভিডিঅ’টো ফেক্ট-চেক কৰিছে। ইয়াত পঢ়িব পাৰে।

ক্লিপ ৩: আকাশ পোহৰাই তোলা মিছাইলৰ ভিডিঅ’

নিউজ এট এন ইৰ ভিডিঅ’টোৰ ১:২৩ টাইমষ্টামত ১২ ছেকেণ্ডৰ এটা ক্লিপত আকাশলৈ এলানি ৰকেট নিক্ষেপ কৰা দেখা যায়। উক্ত ক্লিপটোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০২১ চনৰ ১২ মে'ত প্ৰকাশিত দ্য টেলিগ্ৰাফৰ এটা ভিডিঅ' প্ৰতিবেদন পোৱা গ'ল। ‘‘টেল আভিভ: আইৰণ ডোমে ইজৰাইলৰ ওপৰত কৰা ৰকেটৰ আক্ৰমণ প্ৰতিহত কৰাৰ দৃশ্য়’’ শীৰ্ষক প্ৰতিবেদনটোৰ মতে ভিডিঅ’টোত ইজৰাইলৰ প্ৰতিৰক্ষা ব্য়ৱস্থা আইৰণ ডোমে গাজা ষ্ট্ৰীপৰ পৰা টেল আভিভৰ ওপৰত কৰা এলানি ৰকেট আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।

ভাইৰেল ক্লিপ আৰু দ্য টেলিগ্ৰাফৰ ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ফেচবুক/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এই ক্লিপটো ২০২১ চনৰ ১২ মে’ত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ (আইডিএফ) অফিচিয়েল ফেচবুক পে’জটো শ্বেয়াৰ কৰা হৈছিল। পোষ্টটোৰ কেপচনত লিখা আছে, "ৰ' ফুটেজ: এই মুহূৰ্তত আইৰণ ডোমে টেল আভিভ আৰু মধ্য ইজৰাইলৰ ওপৰত ৰকেটৰ এক প্ৰচণ্ড আক্ৰমণ প্ৰতিহত কৰিছিল।" 

ভাইৰেল ভিডিঅ’ আৰু আইডিএফৰ ফেচবুক ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ তুলনা । (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ দ্বাৰা এইটো নিশ্চিত হয় যে উক্ত ক্লিপটো বৰ্তমানে চলি থকা ইজৰাইল-হামাছৰ যুদ্ধৰ আগৰ ভিডিঅ’ হয়।

ক্লিপ ৪: নিশাৰ সময়ৰ আৰক্ষীৰ ভিডিঅ'

ভিডিঅ' প্ৰতিবেদনৰ ২:০৯ টাইমষ্টাম্পৰ আশে পাশে প্ৰায় ২৭ ছেকেণ্ডৰ এটা ক্লিপত নিশা উদ্য়ান যেন লগা এক ঠাইত সাধাৰণ মানুহৰ লগতে আৰক্ষীৰ দল দেখিবলৈ পোৱা যায়। অৱশ্যে, আমি ভালদৰে চাই এই ক্লিপটো ২০২১ চনৰ ৮ মে’ৰ বুলি নিশ্চিত হওঁ, ১ নম্বৰ ক্লিপটো থকা একেটা ফেচবুক লাইভ ভিডিঅ’ত এই ক্লিপটো দেখিবলৈ পোৱা যায়। ফেচবুক ভিডিঅ'টোৰ ২৭:৩৫ বজাৰ পৰা ২৮:০৪ টাইমষ্টামপত এই ফুটেজটো দেখা যায়। 

ভাইৰেল ভিডিঅ’ আৰু মূল ফেচবুক লাইভ ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: নিউজ এট এন ই/ميدان القدس/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

গতিকে এই ক্লিপটোও ইজৰাইল-সামাছৰ শেহতীয়া যুদ্ধৰ নহয়।

আন দুটা ক্লিপৰ বিষয়ে আমি কি জানো?

লজিকেলী ফেক্টছে প্ৰতিবেদনটোৰ ০:৫৩ আৰু ০:৫৭ টাইমষ্টাম্পত দেখা বাকী ভিডিঅ’ ক্লিপ দুটাও পৰীক্ষা কৰে।

ভিডিঅ’ প্ৰতিবেদনটোত দেখা ক্লিপ দুটাৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/নিউজ এট এন ই/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰতিবেদনটোৰ ০:৫৩ টাইমষ্টেম্পত এটা ওখ বিল্ডিঙৰ পৰা ৰেকৰ্ড কৰা এটা চমু ক্লিপত এটা ক্ৰছ-ৱে ৰোড আৰু সমীপত পানীৰ এটা ফোয়াৰা দেখা যায়। আমি ক্লিপটোৰ এটা কিফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি এটা এক্স পোষ্ট দেখা পালোঁ য’ত দাবী কৰা হৈছে যে ক্লিপটোৱে ইজৰাইলৰ আচকেলন চহৰৰৰ এক স্থান দেখুৱাইছে। ইয়াৰ পৰা এটা ইংগিত লৈ লজিকেলী ফেক্টছেও গুগল ষ্ট্ৰীট ভিউত অঞ্চলটোৰ ভূ-অৱস্থান নিৰ্ণয় কৰে আৰু দক্ষিণ ইজৰাইলৰ আচকেলনৰ উক্ত স্থানখিনি চিনাক্ত কৰে। আমি ক্লিপটোৰ পটভূমি তথা মূল উৎস নিজাববীয়াকৈ পৰীক্ষা কৰিব নোৱাৰিলেও ছ’চিয়েল মিডিয়াত আমি পোৱা ভিডিঅ’টোৰ আটাইতকৈ পুৰণি পোষ্টটো ৭ অক্টোবৰত (১০:৫৭ বজাত) শ্বেয়াৰ কৰা হৈছিল। সাংবাদিক নেৰিয়া ক্ৰাউছে ইয়াক এক্সত পোষ্ট কৰিছিল।

০:৫৭ টাইমষ্টাম্পত থকা দ্বিতীয় ক্লিপটোত এদল সশস্ত্ৰ লোকে এটা হালধীয়া ৰঙৰ ঘৰত প্ৰৱেশ কৰা দেখা গৈছে। এই ভিডিঅ’টোও ইজৰাইল আৰু হামাছৰ মাজত চলি থকা শেহতীয়া যুদ্ধৰ মাজতে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে আৰু ইয়াত হামাছৰ উগ্ৰপন্থীয়ে "ঘৰে ঘৰে গৈ মানুহক হত্যা কৰা" দেখা গৈছে বুলি দাবী কৰা হৈছে। সশস্ত্ৰ দলটোৱে পৰিধান কৰা পোছাক ভালদৰে চালে তেওঁলোকক হামাছৰ উগ্ৰপন্থীৰ পৰিৱৰ্তে ইজৰাইলী নিৰাপত্তা বাহিনীৰ দল যেন লাগে।

ভাইৰেল ভিডিঅ’টোত থকা সশস্ত্ৰ জোৱানসকলৰ ইউনিফৰ্মৰ ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ ইউনিফৰ্মৰ সৈতে মিল আছে। (উৎস: এক্স/গেটি ইমেজ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এই কথা এক্স (পূৰ্বতে টুইটাৰ)ত বিবিচিৰ সাংবাদিক আৰু ফেক্ট-চেকাৰ ছায়ান চৰ্দাৰীজাদেহকে ধৰি কেইবাজনো লোকে উল্লেখ কৰিছিল, তেওঁ কৈছিল যে ভিডিঅ'টোত ইজৰাইলী আৰক্ষীক দেখুওৱা হৈছে। লজিকেলী ফেক্টছে ফুটেজটো ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ হয় নে নহয় সেই কথা নিজাববীয়াকৈ নিশ্চিত কৰিব পৰা নাই, আমি লাভ ভিডিঅ'টোৰ আটাইতকৈ পুৰণি সংস্কৰণটো মালয়েছিয়াৰ এজন সোঁপন্থী ইনফ্লুয়েনচাৰ ইয়ান মাইলচ চেয়ঙে এক্সত পোষ্ট কৰিছিল। ৭ অক্টোবৰত আবেলি ৩:৩৯ বজাত শ্বেয়াৰ কৰা তেওঁৰ পোষ্টত চেয়ঙে ভিডিঅ'টোত হামাছৰ উগ্ৰপন্থী দেখুওৱা হৈছে বুলি দাবী কৰিছিল, কিন্তু পোষ্টটোৰ কমিউনিটি নোটছত উল্লেখ কৰা মতে ক্লিপটোত লোকসকলে পিন্ধা পোছাকৰ ইজৰাইলৰ সশস্ত্ৰ আৰক্ষী/বিশেষ বাহিনীৰ ইউনিফৰ্মৰ সৈতে মিল আছে। এই প্ৰতিবেদন প্ৰকাশৰ সময়ত চেয়ঙৰ পোষ্টটোত (ইয়াত আৰ্কাইভ কৰা আছে) ১২.৮ নিযুততকৈও অধিক ভিউ আছিল।

সিদ্ধান্ত

অসমীয়া নিউজ পৰ্টেল নিউজ এট এন ই-এ প্ৰকাশ কৰা ভিডিঅ’ প্ৰতিবেদনটোত কেইবাটাও পুৰণি ভিডিঅ’ ব্য়ৱহাৰ কৰি সেইসমূহক ইজৰাইল আৰু হামাছৰ মাজৰ শেহতীয়া যুদ্ধৰ দৃশ্য় হিচাপে দেখুওৱা হৈছে। 

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।