কংগ্ৰেছে চলিত নিৰ্বাচনত '২৭২ গৰাকী প্ৰাৰ্থীয়ে থিয় কৰোৱা নাই' বুলি মোদীয়ে ভুল দাবী কৰিছিল

লেখক: মহম্মদ চলমান
মে’ 7 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কংগ্ৰেছে চলিত নিৰ্বাচনত '২৭২ গৰাকী প্ৰাৰ্থীয়ে থিয় কৰোৱা নাই' বুলি মোদীয়ে ভুল দাবী কৰিছিল

ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

'ইণ্ডিয়া' মিত্ৰজোঁটৰ দলসমূহে মনোনীত কৰা প্ৰাৰ্থীৰ উপৰিও কংগ্ৰেছে অকলেই ৩০০ৰো অধিক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

ক্লেইম আইডি 68ccb85e

দাবী কি?

১ মে’ত গুজৰাটৰ বানাস্কান্তত ৰাজহুৱা সমাৱেশত ভাষণ দি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে কংগ্ৰেছে লোকসভাৰ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় নূন্যতম আসনৰ সংখ্যা ২৭২ গৰাকীকো মনোনীত কৰা নাই আৰু তথাপিও তেওঁলোকে কেন্দ্ৰত চৰকাৰ গঠন কৰিব বিচাৰিছে।

ভাৰতীয় জনতা পাৰ্টিৰ ‘জানুৱাৰী বিশ্বাস সভা’ (জনসাধাৰণৰ আস্থা সভা)ত বানাস্কান্তত সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এইবাৰ কংগ্ৰেছৰ অৱস্থা এনেকুৱা যে, আপোনালোকে আচৰিত হ’ব, চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হোৱা নূন্যতম ২৭২খন আসনতেই তেওঁলোকে প্ৰাৰ্থী মনোনীত কৰিব পৰা নাই। আমাৰ (বিজেপি)ৰ বাহিৰে আন কোনো ৰাজনৈতিক দল, আনকি কংগ্ৰেছেও ২৭২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা নাই।  আপোনালোকে নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰা নাই আৰু তাৰ পিছত চৰকাৰ গঠন কৰিব বিচাৰিছে?" (পিএম মোডীৰ মন্তব্য ভিডিঅ’টোত ৩২:২২ টাইমষ্টেম্পৰ পৰা ৩৬:০৪ টাইমষ্টেম্পলৈকে শুনা যায়।)

মোডীৰ বক্তব্যৰ ভিত্তিত পিটিআই, এএনআইকে ধৰি কেইবাটাও সংবাদ মাধ্যমে বাতৰি আৰু ছ’চিয়েল মিডিয়াত পোষ্ট হিচাবে প্ৰকাশ কৰিছে।

মন কৰিবলগীয়া যে লোকসভাত সৰ্বমুঠ ৫৪৫খন আসন থাকে, তাৰে সংখ্যাগৰিষ্ঠতা আৰু কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ ২৭২খন আসনৰ প্ৰয়োজন হয়।

মোদীয়ে পিছদিনা অৰ্থাৎ ২ মে’ত গুজৰাটৰ জামনগৰতো একেটা দাবী পুনৰাবৃত্তি কৰে। (মুছলমানৰ বাবে সংৰক্ষণ সম্পৰ্কে তেওঁৰ বক্তব্য এই ভিডিঅ’টোত ৩৮:২০-৩৯:০৮ টাইমষ্টাম্পৰ মাজত শুনা যাই।)

অৱশ্যে এই দাবী মিছা। আমি কংগ্ৰেছে প্ৰকাশ কৰা সকলো তালিকা পৰীক্ষা কৰি দেখিলোঁ যে দলটোৱে এতিয়ালৈকে ৩২০ জনতকৈ অধিক প্ৰাৰ্থীক মনোনীত কৰিছে। বিৰোধী ‘INDIA’ মিত্ৰজোঁটৰ অংশ হিচাপেও কংগ্ৰেছ দলটোৱে বহু ৰাজ্যৰ আন দলৰ সৈতে মিলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

আমি এই কথা কেনেকৈ পৰীক্ষা কৰিলোঁ?

আমি কংগ্ৰেছৰ অফিচিয়েল ৱেবছাইট আৰু লোকসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পোৱা প্ৰাৰ্থীৰ তালিকা পৰীক্ষা কৰিলোঁ। ৮ মাৰ্চৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত কংগ্ৰেছে সমগ্ৰ দেশতে কেইবাজনো নেতাৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে। (আমি মাত্ৰ ৩০ এপ্ৰিললৈকে মনোনীত প্ৰাৰ্থীৰ কথা বিবেচনা কৰিছো, কিয়নো প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ১ মে’ত উক্ত প্ৰশ্ন উত্থাপন কৰিছিল।)

১৩ এপ্ৰিললৈকে কংগ্ৰেছে বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীৰ বাবে ১৯খন তালিকা প্ৰকাশ কৰিছিল। এই পৰ্যন্ত দলটোৱে মনোনীত কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ২৭৫ জন। অৰ্থাৎ ১ মে’ত যেতিয়া গুজৰাটৰ বানাস্কান্তত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ প্ৰাৰ্থীৰ বিষয়ে উক্ত দাবী কৰিছিল, কংগ্ৰেছে ইতিমধ্যে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ জনতকৈ অধিক প্ৰাৰ্থীক মনোনীত কৰিছিল।

৩০ এপ্ৰিললৈকে কংগ্ৰেছে মনোনীত কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা হ’ল ৩২৯ জন।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰাই লজিকলি ফেক্টছক নিশ্চিত কৰে যে তেওঁৰ দলে এতিয়ালৈকে ৩২৯ জন প্ৰাৰ্থী ঘোষণা কৰিছে, ইয়াৰে যদি চুৰাট আৰু ইন্দোৰৰ প্ৰাৰ্থী গণনা কৰা নহয় তেন্তে সংখ্যা ৩২৭ লৈ নামিব। ছুৰাটত কংগ্ৰেছ প্ৰাৰ্থী নীলেশ কুম্ভনীৰ মনোনয়ন বাতিল কৰাৰ বিপৰীতে ইন্দোৰত কংগ্ৰেছ প্ৰাৰ্থী অক্ষয় বামে মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান কৰে।

পৱন খেৰাইও ২ মে’ত এক্সত (ইয়াত আৰ্কাইভ) মোডীৰ দাবী অস্বীকাৰ কৰিছিল। পোষ্টটোৰ কেপচনত লিখা আছিল- "কংগ্ৰেছ দলে এতিয়ালৈকে ৩২৬খন আসনত প্ৰাৰ্থী ঘোষণা কৰিছে, কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈছে যে যদি কংগ্ৰেছে ২৭২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা নাই তেন্তে চৰকাৰ কেনেকৈ গঠন কৰিব....(হিন্দীৰ পৰা অনুবাদ)।"

কংগ্ৰেছ নেতা পৱন খেৰাৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ স্ক্ৰীণশ্বট)

উল্লেখযোগ্য যে কংগ্ৰেছ ভাৰতৰ মিত্ৰজোঁটৰ সৰ্ববৃহৎ দল আৰু আন বিৰোধী দলৰ সৈতে অংশীদাৰিত্বৰে বহু ৰাজ্যত নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

উত্তৰ প্ৰদেশৰ ৮০খন লোকসভা আসনৰ ভিতৰত কংগ্ৰেছে ১৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বাকী ৬৩খন আসনৰ পৰা সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিহাৰৰ লোকসভাৰ ৪০খন আসনৰ ভিতৰত ২৬খন আসনৰ পৰা ৰাষ্ট্ৰীয় জনতা দলে, ৯খন আসনৰ পৰা কংগ্ৰেছে, বাকী পাঁচখন আসনৰ পৰা বাওঁপন্থী দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। একেদৰে দিল্লী, তামিলনাডু, কেৰালা, গুজৰাটৰ দৰে ৰাজ্যত কংগ্ৰেছ দলে আন বিৰোধী দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

ভাষণত মোদীয়ে গুজৰাটৰ ভাৰুচ আৰু ভাৱনগৰৰ কথাও উল্লেখ কৰি কয় যে এই আসনসমূহৰ বাবে কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাই, আৰু সেয়েহে আহমেদ পেটেলৰ (প্ৰয়াত কংগ্ৰেছ নেতা)ৰ পৰিয়ালৰ ভোট দিবলৈ কোনো প্ৰাৰ্থী নাথাকিব। ইয়াত আম আদমী পাৰ্টিয়ে এই দুয়োখন আসনৰ বাবে প্ৰাৰ্থী মনোনীত কৰিছে। আপ 'ইণ্ডিয়া' মিত্ৰতাৰ এটা অংশ, কংগ্ৰেছে এই দুখন আসন নিজৰ মিত্ৰজোঁটৰ সদস্য দলক এৰি দিছে।

সিদ্ধান্ত

বিজেপিৰ বাহিৰে আন কোনো দলে, আনকি কংগ্ৰেছেও ২৭২খন আসনৰ, লোকসভাৰ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় নূন্যতম আসনৰ সংখ্যা, পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা দাবী মিছা। কংগ্ৰেছে এই পৰ্যন্ত ৩২০ জনৰো অধিক প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।