‘‘চীনৰ ভয়ত’’ কংগ্ৰেছে অৰুণাচল প্ৰদেশত প্ৰাৰ্থী থিয় নাই কৰোৱা নেকি? মিছা দাবী ভাইৰেল

লেখক: ৰোহিত গুতা
এপ্ৰিল 10 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
‘‘চীনৰ ভয়ত’’ কংগ্ৰেছে অৰুণাচল প্ৰদেশত প্ৰাৰ্থী থিয় নাই কৰোৱা নেকি? মিছা দাবী ভাইৰেল

কংগ্ৰেছে ‘‘চীনৰ ভয়ত’’ অৰুণাচল প্ৰদেশত প্ৰা্ৰ্থী থিয় কৰোৱা নাই বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

যোৱা মাৰ্চত কংগ্ৰেছে অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ৩৪ জনীয়া আৰু লোকসভা নিৰ্বাচনৰ বাবে ২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল।

ক্লেইম আইডি 17649a65

কি দাবী কৰা হৈছে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে একাংশ লোকে কংগ্ৰেছ দলে অৰুণাচল প্ৰদেশত কোনো প্ৰাৰ্থী থিয় কৰোৱা নাই বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিয়া দেখা গৈছে। উক্ত পোষ্টসমূহত ২০০৯ চনত চীনৰ কমিউনিষ্ট পাৰ্টি (চিচিপি) আৰু কংগ্ৰেছৰ মাজত স্বাক্ষৰিত এক বুজাবুজিৰ চুক্তিৰ বাবে দলটোৱে ৰাজ্যখনত প্ৰাৰ্থী থিয় কৰোৱা নাই বুলি কোৱা হৈছে।

উল্লেখযোগ্য যে ২০০৮ চনত প্ৰকাশিত ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি কংগ্ৰেছ আৰু চিচিপিয়ে “গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন”ৰ ওপৰত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল। ভাইৰেল দাবীটোত কংগ্ৰেছে চীনৰ স্বাৰ্থত অৰুণাচল প্ৰদেশত কোনো প্ৰাৰ্থী থিয় কৰোৱা নাই বুলি ইংগিত দিয়া হৈছে।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে, "কংগ্ৰেছে অৰুণাচল প্ৰদেশত কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই কাৰণ চীনৰ খং উঠিব পাৰে যিহেতু এনে কৰিলে কংগ্ৰেছে ২০০৯ চনত চীনৰ কমিউনিষ্ট পাৰ্টিৰ সৈতে কৰা বুজাবুজি চুক্তি উলংঘন হ'ব।* তদুপৰি উত্তৰ-পূবত আৰম্ভ হোৱাৰ পিছতো *পাপ্পুৰ ভাৰত অন্যায় যাত্ৰা* অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা নাছিল। কাৰণ একেটাই। নিলাজ কংগ্ৰেছে ভাৰতৰ শত্ৰুৰ সৈতে মিত্ৰতা কৰিছে। ২০২৪ চনত বিচাৰ বিবেচনা কৰি ভোটদান কৰিব। এইটো কথা পাহৰি নাযাব যে *কংগ্ৰেছ ভাৰতৰ এক নম্বৰ আভ্যন্তৰীণ শত্ৰু (sic)।" পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ  ইয়াত পাব ৷ একেধৰণৰ দাবী এক্সতো শ্বেয়াৰ কৰা হৈছে, আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত উপলব্ধ। 

ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্যে, ভাইৰেল দাবীটোত কংগ্ৰেছৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে। দলটোৱে ২০২৪ চনৰ অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ৩৪ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগতে অহা লোকসভা নিৰ্বাচনৰ বাবে দুজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।

প্ৰকৃত সত্য কি?

অৰুণাচল প্ৰদেশৰ লোকসভা সমষ্টিৰ সংখ্যা হৈছে  দুটা — অৰুণাচল পূব আৰু অৰুণাচল পশ্চিম, আনহাতে ৰাজ্যখনত ৬০টা বিধানসভা সমষ্টি আছে। ২০২৪ চনৰ ২১ মাৰ্চত ‘দ্য হিন্দু’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যোৱা ২১ মাৰ্চত কংগ্ৰেছে ৩৪টা বিধানসভা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল। অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ অফিচিয়েল এক্স একাউণ্টতো ২১ মাৰ্চত উক্ত প্ৰাৰ্থী তালিকাখন শ্বেয়াৰ কৰিছিল। তালিকাখনত দলে মনোনীত কৰা ৩৪ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে।

যোৱা ৩০ মাৰ্চত কংগ্ৰেছে অহা ১৯ ​​এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ১৯ গৰাকী প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰে।

একেদৰে যোৱা ৮ এপ্ৰিলত দ্য টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কংগ্ৰেছে অৰুণাচল প্ৰদেশৰ দুয়োটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী মনোনয়ন কৰিছে। এই তথ্য ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবছাইটতো উপলব্ধ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বছিৰাম ছিৰামে অৰুণাচল পূব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে নাবাম টুকিয়ে অৰুণাচল পশ্চিম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগে দুয়োৰে মনোনয়ন গ্ৰহণ কৰিছে। কংগ্ৰেছেও উক্ত তালিকাখন তেওঁলোকৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰিছিল।

ঠিক তেনেদৰে ৰাহুল গান্ধীৰ ‘ভাৰত ন্যায় যাত্ৰা’ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা নাছিল বুলিও পোষ্টসমূহত মিছাকৈ দাবী কৰা হৈছে। দ্য হিন্দু আৰু ইণ্ডিয়া টুডেৰ দৰে বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৪ চনৰ ২০ জানুৱাৰীত উক্ত যাত্ৰাই অসমৰ পৰা অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল।

সিদ্ধান্ত

অৰুণাচল প্ৰদেশত আগন্তুক সাধাৰণ আৰু বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰোৱা নাই বুলি মিছাকৈ দাবী কৰা হৈছে। দলটোৱে দুয়োটা লোকসভা সমষ্টিৰ লগতে বিধানসভাত ৩৪ খন আসনত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।