২০১৭ চনৰ সম্পাদিত ফটো ইণ্ডিয়া এলায়েন্সৰ শেহতীয়া ৰেলীৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: সোহম শ্বাহ
মাৰ্চ 6 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০১৭ চনৰ সম্পাদিত ফটো ইণ্ডিয়া এলায়েন্সৰ শেহতীয়া ৰেলীৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

পাটনাত অনুষ্ঠিত ইণ্ডিয়া এলায়েন্সৰ 'জন বিশ্বাস মহাৰেলী’ৰ বৃহৎ জনসমাগমৰ ফটো বুলি দাবী কৰি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

২০১৭ চনত পাটনাত অনুষ্ঠিত ৰেলী এখনৰ ফটো সম্পাদনা কৰি একে স্থানতে অলপতে অনুষ্ঠিত ইণ্ডিয়া এলায়েন্সৰ 'জন বিশ্বাস মহাৰেলী’ৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে।

ক্লেইম আইডি c218c1fa

কি দাবী কৰা হৈছে?

ভাৰতৰ প্ৰধান বিৰোধী গোটৰ উদ্যোগত আয়োজিত এক সমাৱেশৰ দৃশ্য হিচাপে ছ’চিয়েল মিডিয়াত বৃহৎ জন সমাগম দেখুওৱা এখন কম ৰিজ’লিউচনৰ ফটো যথেষ্ট ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ইয়াত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সৰ ‘জন বিশ্বাস মহাৰেলী’ত সমবেত হোৱা “১০ লাখতকৈ অধিক লোক” দেখা গৈছে। 

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত একাধিক পোষ্টত ফটোখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ইয়াত বিহাৰৰ ৰাজধানী পাটনাত অৱস্থিত গান্ধী ময়দানত যোৱা ৩ মাৰ্চত অনুষ্ঠিত ইণ্ডিয়া এলায়েন্সৰ সমাৱেশৰ সময়ত বৃহৎ সংখ্যক মানুহৰ সমাগমৰ দৃশ্য দেখা গৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা লিংক ইয়াত আৰু ইয়াত চাব পাৰিব।

ফটোখন শ্বেয়াৰ কৰা এটা অসমীয়া ফেচবুক পোষ্টৰ কেপচনত লিখা হৈছে, ‘‘#স্পষ্ট_পৰিৱৰ্তনৰ_ইংগিত বিহাৰৰ  পাটনাত মহাগঠবন্ধন INDIA ৰ জন বিশ্বাস ৰেলীত লাখ লাখ জনতাৰ সমৰ্থন।’’ ইয়াত আৰ্কাইভ কৰা হৈছে।

উল্লেখযোগ্য যে ‘জন বিশ্বাস মহাৰেলী’ত ২৬টা বিৰোধী দলৰে গঠিত ইণ্ডিয়া এলায়েন্সে আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে তেওঁলোকৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ৩ মাৰ্চৰ উক্ত ৰেলী ৰাষ্ট্ৰীয় জনতা দলে আয়োজন কৰা বুলি জানিব পৰা গৈছে আৰু ইয়াত দেশৰ বহু শীৰ্ষ বিৰোধী নেতাই অংশগ্ৰহণ কৰিছিল। 

অৱশ্যে ভাইৰেল ছবিখন ২০১৭ চনত তোলা এখন ফটোৰ এক সম্পাদিত সংস্কৰণ হে হয়। 

ভাইৰেল ফটোখন পুৰণি

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি দেখিলোঁ যে ভাইৰেল ফটোখন আৰজেডিৰ প্ৰধান তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে ২০১৭ চনৰ আগষ্টত নিজৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰিছিল। ফটোখন শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) লালু প্ৰসাদে শাসকিয় বিজেপিৰ বিৰুদ্ধে পাটনাৰ গান্ধী ময়দানত ‘‘বিজেপি ভাগাও, দেশ বাচাও’’ শ্লোগানেৰে অনুষ্ঠিত ৰেলীত তেওঁৰ সমৰ্থনত গোট খোৱা মানুহৰ দৃশ্য প্ৰদৰ্শন কৰিছিল। 

ইয়াৰ দ্বাৰা উক্ত ফটোখন যে পুৰণি হয় সেয়া গম পোৱা যায়।

ভাইৰেল ফটোখন সম্পাদিত

তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে সংবাদ মাধ্যমে যাদৱে শ্বেয়াৰ কৰা ছবিখন সম্পাদনা কৰা বুলি একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছিল বুলি বাতৰি প্ৰকাশ কৰিছিল। একাধিক লোকে সংবাদ সংস্থা এ এন আইয়ে বিভিন্ন সময়ত প্ৰকাশ কৰা জনসমাগমৰ ছবি যাদৱে টুইট কৰিছিল বুলি কৈ ফটোখনৰ সত্যতাক লৈ প্ৰশ্ন তুলিছিল বুলি বাতৰি কাকতখনে কয়। ২০১৭ চনত যাদৱে শ্বেয়াৰ কৰা এতিয়াৰ ভাইৰেল হোৱা ফটোখনতকৈ এএনআইৰ ফটো কেইখনত কম ভিৰ দেখা গৈছিল।

আমি পিটিআইয়ে প্ৰকাশ কৰা অনুষ্ঠানটোৰ একেধৰণৰ ছবি পৰীক্ষা কৰিলোঁ। পিটিআইৰ ছবিবোৰতো ভাইৰেল ফটোখনত দেখাৰ দৰে বৃহৎ সংখ্যক মানুহৰ সমাগম দেখা নাযায়, ইয়াৰ দ্বাৰা উক্ত ফটোখন সম্পাদনা কৰা বুলি অনুমান কৰিব পাৰি। 

আমি নিজাববীয়াকৈ ভাইৰেল ফটোখন বিশ্লেষণ কৰি ফটোখন যে ডিজিটেলভাৱে সম্পাদনা কৰি তাত বৃহৎ জনসমাগমৰ দৃশ্য দেখুওৱা হৈছে সেয়া নিশ্চিত হওঁ। ফটোখনৰ ওপৰৰ সোঁফালৰ চুকটোৰ ওচৰত মানুহৰ সমাগমে কিছু অস্বাভাৱিকভাৱে আকৃতি গ্ৰহণ কৰা দেখা যায়, যাৰ দ্বাৰা ফটোখন যে সম্পাদনা কৰা হৈছে সেয়া ধৰিব পাৰি।

মানুহৰ সমাগম দেখুওৱা ভাইৰেল ফটোখনৰ এই অংশখিনি সম্পাদিত বুলি ধৰিব পাৰি। (উৎস: এক্স/ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

মূল ফটোখনৰ সন্দৰ্ভত

অধিক অনুসন্ধানৰ অন্তত আমি মূল ফটোখন বিচাৰি উলিয়াব পাৰিলোঁ, যিখন ফটো ব্যৱহাৰ কৰি পূৰ্বতে যাদৱে শ্বেয়াৰ কৰা আৰু এতিয়া ইণ্ডিয়া এলায়েন্সৰ ‘জন বিশ্বাস মহাৰেলী’ৰ ফটো হিচাপে ভাইৰেল হৈ পৰা সম্পাদিত ফটোখন প্ৰস্তুত কৰা হৈছিল। মূল ফটোখন ২০১৭ চনৰ ২৮ আগষ্টত কোনো কেপচন নোহোৱাকৈ শ্বামশ্বিৰ আহমেদ নামৰ এজন ব্যৱহাৰকাৰীয়ে ফেচবুকত শ্বেয়াৰ কৰিছিল। 

ফেচবুকৰ উক্ত ছবিখন আমি ২০১৭ চনৰ আগষ্টত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ দলৰ দ্বাৰা আয়োজিত ৰেলীৰ পিটিআই ফটোৰ সৈতে তুলনা কৰিলোঁ। দুয়োখন ফটোতে একে আৰ্হিত মানুহৰ সমাগম দেখা যায় আৰু পথাৰখনৰ সোঁফালে একেধৰণৰ গছৰ শাৰী ৰেখা দেখা যায়। দুয়োখন ফটোতে মঞ্চৰ ওচৰত হালধীয়া আৰু নীলা ৰঙৰ টাৰ্পলিনেৰে আবৃত তম্বু বা শিবিৰৰ দৰে আকৃতি দেখা যায়। এই সকলোবোৰে নিশ্চিত কৰে যে ফেচবুকৰ ছবিখন ২০১৭ চনত পাটনাত অনুষ্ঠিত আৰু পিটিআই তথা অন্যান্য সংবাদ সংস্থাই বাতৰি পৰিৱেশন কৰা একেটা ৰেলীৰ ফটো হয়।

পিটিআইয়ে শ্বেয়াৰ কৰা ২০১৭ চনৰ পাটনা ৰেলীৰ ফটো আৰু ফেচবুকৰ ফটোখনৰ তুলনা। (উৎস: ফাইনেন্সিয়েল এক্সপ্ৰেছ/পিটিআই, ফেচবুক)

ইয়াৰ পিছত আমি ভাইৰেল ফটোখন আৰু ফেচবুকত পোষ্ট কৰা ফটোখনৰ তুলনা কৰিলোঁ আৰু প্ৰথম ফটোখনত দেখাত শিবিৰৰ দৰে একেধৰণৰ আকৃতি দেখা পালোঁ। দুয়োখন ফটোতে একাংশ বাহন আৰু পথত খোজ কঢ়া মানুহৰ অৱস্থান একেই আছিল যিয়ে ইংগিত দিয়ে যে ভাইৰেল ছবিখনত ডাঙৰ জনসমাগম দেখুওৱাৰ বাহিৰে ছবি দুখন প্ৰায় একে।

ভাইৰেল ফটো আৰু ফেচবুক ফটোৰ তুলনা। (উৎস:এক্স/ফেচবুক)

ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে ২০১৭ চনত ফেচবুকত শ্বেয়াৰ কৰা ফটোখন সম্পাদনা কৰি প্ৰথমে ২০১৭ চনৰ ২৭ আগষ্টত পাটনাৰ গান্ধী ময়দানত অনুষ্ঠিত লালু প্ৰসাদ যাদৱৰ ‘বিজেপি হাটাও, দেশ বাচাও’ ৰেলীৰ বৃহৎ জনসমাগম দেখুওৱা বুলি দাবী কৰা হৈছিল আৰু পিছত একেখন ফটোকে শ্বেয়াৰ কৰি বিহাৰত শেহতীয়াকৈ অনুষ্ঠিত ‘জন বিশ্বাস মহাৰেলী’ দৃশ্য বুলি দাবী কৰা হয়।

সিদ্ধান্ত

আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো কাৰণ ভাইৰেল ফটোখন ২০১৭ চনত পাটনাৰ গান্ধী ময়দানত অনুষ্ঠিত এক সমাৱেশৰ সময়ত তোলা ফটো এখনৰ সম্পাদিত সংস্কৰণ হয়। ইণ্ডিয়া এলায়েন্সে শেহতীয়াকৈ একে স্থানতে অনুষ্ঠিত কৰা সমাৱেশৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।