বিজেপি সমৰ্থকে কানাডাৰ বিৰুদ্ধে কানাৰা বেংকৰ সন্মুখত প্ৰতিবাদ কৰা বুলি পুৰণি, সম্পাদিত ফটো প্ৰচাৰ

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 26 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিজেপি সমৰ্থকে কানাডাৰ বিৰুদ্ধে কানাৰা বেংকৰ সন্মুখত প্ৰতিবাদ কৰা বুলি পুৰণি, সম্পাদিত ফটো প্ৰচাৰ

বিজেপি সমৰ্থকে কানাৰা বেংকৰ সন্মুখত প্ৰতিবাদ কৰা বুলি দাবী কৰি শ্বেয়াৰ কৰা ভাইৰেল পোষ্ট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এইখন ২০২০ চনত তামিলনাডুৰ উটিত বিজেপিয়ে কৰা এক প্ৰতিবাদৰ ফটো হে হয়। তদুপৰি ফটোখনত থকা কানাৰা বেংকৰ ব’ৰ্ডখন সম্পাদনা কৰি সংযোজন কৰা হৈছে।

ক্লেইম আইডি 7daf12b4

কি দাবী কৰা হৈছে?

শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যা আৰু পৰৱৰ্তী সময়ত ট্ৰুডো চৰকাৰৰ দ্বাৰা ভাৰতৰ বিৰুদ্ধে অনা অভিযোগক লৈ ভাৰত আৰু কানাডাৰ মাজত চলি থকা কূটনৈতিক সংঘাতৰ মাজতে বিজেপি সমৰ্থকে কানাৰা বেংকৰ বাহিৰত কানাডাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰা বুলি দাবী কৰি এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

যোৱা ২৪ ছেপ্টেম্বৰত এক্স (পূৰ্বৰ টুইটাৰ)ত প্ৰাক্তন ক্ৰিকেটাৰ তথা তৃণমূল কংগ্ৰেছ নেতা কীৰ্তি আজাদে ভাইৰেল ফটোখন পোষ্ট কৰিছিল। ফটোখন শ্বেয়াৰ কৰি হিন্দীত লিখা কেপচনটোৰ অসমীয়া অনুবাদ এনেধৰণৰ “বিজেপি সংঘীবোৰে কানাৰা বেংকক ভুলতে কানাডা বুলি ভাবি ইয়াৰ সন্মুখতে প্ৰতিবাদ বহিছে।” পোষ্টটোৱে ৪,৫৩,৭০০ৰো অধিক ভিউ আৰু ২৭০০ৰো অধিক ৰিপোষ্ট লাভ কৰিছে। পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফটোখন একেধৰণৰ দাবীৰে ফেচবুকতো ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। ফটোখন শ্বেয়াৰ কৰা এটা অসমীয়া ফেচবুক পোষ্টৰ কেপচনত এইদৰে লিখা আছে, “কানাডাত RSSক নিষিদ্ধ কৰাৰ বাবে কানাডাৰ বিপক্ষে ভক্তসকলৰ তীব্ৰ প্ৰতিবাদ কানাড়া বেংকৰ সন্মুখত। ভক্তসকলক বুজাই দিয়ক হে কানাড়া মানে কানাডা নহয়।এইটো আমাৰ দেশৰে এক ৰাষ্ট্ৰীয়কৃত বেংক।’’ ইয়াত আৰ্কাইভ সংস্কৰণটো পঢ়িব পাৰে।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্য়ে এইয়া সঁচা নহয়। এইখন এখন পুৰণি ফটো আৰু কানাৰা বেংকৰ বৰ্ডখন ইয়াত সম্পাদনা কৰি সংযোজন কৰা হৈছে। ইয়াৰ উপৰি কানাডাত আৰএছএছক নিষিদ্ধ কৰা বুলি প্ৰচাৰিত দাবীসমূহ মিছা, লজিকেলী ফেক্টছে ইতিমধ্যেই এই দাবীৰ এক ফেক্ট-চেক কৰিছে।

আমি কি তথ্য লাভ কৰিলোঁ?

আমি ফটোখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ আৰু ২০২০ চনৰ ৩০ আগষ্টত তামিল দৈনিক কাকত মালাই মালাৰৰ ৱেবছাইটত প্ৰকাশিত “ধ্বজদণ্ড আঁতৰোৱাকলৈ বিজেপিৰ প্ৰতিবাদ” (তামিলৰ পৰা অনূদিত) শীৰ্ষক এটা বাতৰি লাভ কৰোঁ। বাতৰিটোৰ মতে পৌৰসভাৰ মাটিত অনুমতি অবিহনে পোতা এখন বিজেপি পতাকা সেই ঠাইৰ পৰা আঁতৰাই দিয়াৰ বিৰুদ্ধে স্থানীয় একাংশ বিজেপি কৰ্মীয়ে উটিৰ এটিচি এলেকাত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ভাইৰেল ফটো আৰু প্ৰকৃত ফটোখনৰ তুলনা। (উৎস: এক্স(বাওঁফালে)/মালাই মালাৰ(সোঁফালে)/স্ক্ৰীণশ্বট)

অৱশ্য, আমি মন কৰোঁ যে প্ৰকৃত ফটোখনত ভাইৰেল ফটোখনত দেখাৰ দৰে কানাৰা বেংকৰ বৰ্ডখন নাই।

তদুপৰি ভাইৰেল ফটোখনত আমি প্ৰতিবাদকাৰীসকলৰ পিছফালে এখন জিয়াওমিৰ ষ্ট’ৰ দেখা পাওঁ। ইয়াক ইংগিত হিচাপে লৈ আমি গুগলত উটিত জিয়াওমিৰ ষ্ট’ৰৰ সন্ধান কৰোঁ উটিৰ এটিচি কমপ্লেক্সত থকা এখন ষ্ট’ৰৰ ফেচবুক পেজ লাভ কৰোঁ, উক্ত ষ্ট’ৰখনৰ ঠিকনাটো ২০২০ চনত হোৱা প্ৰতিবাদৰ ঠাইখিনিৰ ঠিকনাৰ সৈতে মিলে।

উক্ত ফেচবুক পেজটোত আমি ২০১৯ চনৰ অক্টোবৰত আপলোড এটা ভিডিঅ’ দেখা পাওঁ য’ত দোকানখনৰ বাহিৰৰ দৃশ্য দেখুওৱা হৈছে। ভিডিঅ’টোক ভাইৰেল ফটোখনৰ সৈতে তুলনা কৰি আমি দেখিবলৈ পাওঁ যে জিয়াওমি ষ্ট’ৰখনৰ সন্মুখভাগ একেবাৰে মিলি গৈছে। তদুপৰি ভাইৰেল ফটোখনত জিয়াওমি ষ্ট’ৰৰ কাষত থকা ৰঙীন চাইনব’ৰ্ডখন ফেচবুক ভিডিঅ’ত দেখা শ্ৰী শ্ৰীনিবাস ষ্ট’ৰৰ চাইনব’ৰ্ডৰ সৈতে একে। এই ভিডিঅ'টোতো কানাৰা বেংকৰ ব'ৰ্ডখন দেখা পোৱা নাযায়। ২০২১ চনৰ অক্টোবৰত পোষ্ট কৰা একেখন ষ্ট’ৰৰ সন্ধিয়া তোলা এখন ফটোতো কানাৰা বেংকৰ ব’ৰ্ডখনৰ কোনো চিন-মোকাম দেখা নাযায়।

ভাইৰেল ফটো আৰু জিয়াওমি ষ্ট’ৰখনৰ সন্মুখভাগ দেখুওৱা এটা ভিডিঅ’ৰ তুলনা। (উৎস: এক্স(বাওঁফালে)/ফেচবুক(সোঁফালে)/স্ক্ৰীণশ্বট)

আমি উটিৰ একেখন এমআই ষ্ট’ৰৰ ফটো জাষ্ট ডায়েল ৱেবছাইটত লাভ কৰোঁ, ২০২৩ চনৰ মাৰ্চত উক্ত ফটোখন আপলোড কৰা হৈছিল। ভাইৰেল ফটোখনৰ সৈতে একে দিশৰ পৰা লোৱা এই ফটোখনতো ভাইৰেল ফটো তথা ফেচবুক ভিডিঅ’টোত দেখা শ্ৰী শ্ৰীনিবাস ষ্ট’ৰখন দেখিবলৈ পোৱা যায়। অৱশ্য়ে এইবাৰ এমআই ষ্ট’ৰৰ সন্মুখৰ বৰ্ডখন তামিলত লিখা আছে, ২০১৯, ২০২০ আৰু ২০২১ চনত তোলা তিনিখন ফটোত থকা একমাত্ৰ পাৰ্থক্য, কিন্তু ইয়াতো কানাৰা বেংকৰ বৰ্ড নাই। 

ভাইৰেল ফটো আৰু জিয়াওমি ষ্ট’ৰৰ ভিডিঅ’ৰ সৈতে জাষ্ট ডায়েলত থকা ফটোৰ তুলনা। (উৎস: এক্স(বাওঁফালে ওপৰত)/ফেচবুক(বাওঁফালে তলত)/জাষ্ট ডায়েল(সোঁফালে)/স্ক্ৰীণশ্বট)

উটিত বিজেপিৰ প্ৰতিবাদ সম্পৰ্কীয় আমি শেহতীয়া কোনো বাতৰি লাভ কৰা নাই। ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে ২০২০ চনৰ প্ৰতিবাদৰ এখন ফটো সম্পাদনা কৰি ভাৰত-কানাডাৰ শেহতীয়া সংঘাতৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে।

সিদ্ধান্ত

ভাইৰেল ফটোখন তিনিবছৰ পুৰণি আৰু ইয়াত উটিত বিজেপিৰ একাংশ স্থানীয় সদস্যই তেতিয়া সাব্য়স্ত কৰা এক প্ৰতিবাদৰ দৃশ্য দেখা গৈছে। ভাৰত-কানাডাৰ মাজত চলি থকা কূটনৈতিক বিবাদৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰাৰ উদ্দেশ্য়ে ফটোখনত কানাৰা বেংকৰ এখন ব’ৰ্ড ডিজিটেলভাৱে সংযোগ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।