ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডী জিকিব বুলি স্বীকাৰ কৰা এই ভিডিঅ’টো সম্পাদিত

লেখক: ৰাহুল অধিকাৰী
মে’ 15 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডী জিকিব বুলি স্বীকাৰ কৰা এই ভিডিঅ’টো সম্পাদিত

২০২৪ চনৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডী জিকিব বুলি ৰাহুল গান্ধীয়ে কোৱা বুলি সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

প্ৰকৃত ভিডিঅ’টোত ৰাহুল গান্ধীয়ে ৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে বুলিহে কৈছিল।

ক্লেইম আইডি 4cdcd1b1

কি দাবী কৰা হৈছে?

একাধিক লোকে ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এখন সভাত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি কৈছিল বুলি দাবী কৰিছে। 

৫৬ ছেকেণ্ডৰ ভিডিঅ’টোত গান্ধীয়ে এখন সমাৱেশত ভাষণ দি অৱস্থাত এইদৰে কোৱা শুনা গৈছে, “নৰেন্দ্ৰ মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব। আৰম্ভণিতেই মই আপোনালোকক সঁচা কথাটো কৈ দিব বিচাৰোঁ, ২০২৪ চনৰ ৪ জুনত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হৈ থাকিব। আপোনালোকে লিখি ৰাখক; নৰেন্দ্ৰ মিত্ৰজোঁটে — কংগ্ৰেছে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰে মিত্ৰতা কৰিছে — এখনো আসন লাভ নকৰে। 

একাধিক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো এক্স, ইনষ্টাগ্ৰাম, আৰু ইউটিউবত শ্বেয়াৰ কৰিছিল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে ভাইৰেল ক্লিপটো সম্পাদনা কৰা হৈছে। প্ৰকৃততে ৰাহুল গান্ধীয়ে ২০২৪ চনৰ ৪ জুনৰ পিছত মোডী প্ৰধানমন্ত্ৰী হৈ নাথাকে বুলিহে কৈছিল। 

আমি কি বিচাৰি পালোঁ?

আমি ভাইৰেল ভিডিঅ'টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি যোৱা ১০ মে'ত কংগ্ৰেছ দলৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা মূল ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। উক্ত দিনা কংগ্ৰেছ নেতাগৰাকীয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকে ধৰি ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে কানপুৰত এক যৌথ ৰেলীত অংশগ্ৰহণ কৰিছিল।

ভিডিঅ’টোত এক মিনিটৰ সমীপত গান্ধীয়ে কোৱা শুনা যায়, “ আৰম্ভণিতে মই কৈ লওঁ, যিটো ভাৰতৰ সংবাদ মাধ্যমে আপোনালোকক কেতিয়াও নকয়, কিন্তু এইটোৱেই সঁচা। ৪ জুন ২০২৪-ত নৰেন্দ্ৰ মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ নাথাকে। এই কথাটো আপোনালোকে লিখি ৰাখক (২ বাৰ), নৰেন্দ্ৰ মোডীজী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। আমি যি কৰিব লাগিছিল, যিমান কাম আৰু পৰিশ্ৰম কৰিব লাগিছিল আমি কৰিলোঁ এতিয়া আপোনালোকে চাই থাকিব উত্তৰ প্ৰদেশত আমাৰ মিত্ৰজোঁটে ৫০ খনতকৈ এখন আসনো কম নাপায়।” 

সংবাদ মাধ্যমৰ কথা উল্লেখ কৰি ২:৩০-২:৪৯ মিনিটত তেওঁ কয়, ‘‘তেওঁলোকেও হাঁহিছে কাৰণ তেওঁলোকেও জানে যে ৰাহুল গান্ধীয়ে যি কৈছে সেয়া সঁচা আৰু নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে, কাহিনী খতম। ইংৰাজীত কোৱাৰ দৰে, গুডবাই, থেংকইউ ৷”

গান্ধীয়ে মোডীৰ সপক্ষে কোৱা বুলি ধাৰণা দিবলৈ ডাঠকৈ থকা অংশখিনি আৰু সম্পাদনা কৰা হৈছে। অৱশ্যে গোটেই ভাষণটোত তেওঁ নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে বুলিহে একাধিকবাৰ কৈছিল। 

সিদ্ধান্ত

ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত মোডী প্ৰধানমন্ত্ৰী হ’ব বুলি কোৱা বুলি দাবী কৰিবলৈ এটা সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰকৃততে ইয়াৰ বিপৰীত কথাহে কৈছিল। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।