মেইটেইৰ ওপৰত কুকি উগ্ৰপন্থীৰ গুলীচালনা বুলি ইথিওপিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 21 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মেইটেইৰ ওপৰত কুকি উগ্ৰপন্থীৰ গুলীচালনা বুলি ইথিওপিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

ইথিওপিয়াৰ এটা ভিডিঅ'ক মণিপুৰৰ হিংসাৰ বুলি মিছাকৈ দাবী কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক)

ফেক্ট চেক

ৰায়দান মিছা

এইটো এটা পুৰণি ভিডিঅ' আৰু মণিপুৰৰ সৈতে সম্পৰ্কিত নহয়। ভিডিঅ’টোত ইথিওপিয়াৰ টিগ্ৰে অঞ্চলত সশস্ত্ৰ গোটৰ গুলীচালনা দেখা গৈছে।

ক্লেইম আইডি 856f2587

২০২৩ চনৰ মে’ত মণিপুৰত মেইটেই আৰু কুকিৰ মাজত আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষই চাৰি মাহ অতিক্ৰম কৰিলে। শেহতীয়া খবৰ অনুসৰি, যোৱা চাৰি মাহত হিংসা জৰ্জৰিত ৰাজ্য়খনত ১৭৫ জন লোকৰ মৃত্যু হোৱাৰ উপৰি  ৪৭০০ৰো অধিক ঘৰত অগ্নি সংযোগ আৰু ৩৮৬টা উপাসনাস্থলী ভাঙি পেলোৱা হৈছে।

কি দাবী কৰা হৈছে?

মণিপুৰত মেইটেই গাঁওঁবাসীৰ ওপৰত কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰা দেখা গৈছে বুলি দাবী কৰি ওখ ঠাইৰ পৰা এদল লোকে বন্দুক চলাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ ওপৰত "কাঠৰ কেটেপাৰে কুকি উগ্ৰপন্থীয়ে মেইটেই গাওঁবাসীৰ ওপৰত গুলীচালনা কৰিছে।" বুলি লিখা আছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি দিয়া এটা পোষ্টৰ কেপচনত এইদৰে লিখা আছে, “এনডিটিভি ইণ্ডিয়া অৰ্ণব গোস্বামী নৰেন্দ্ৰ মোডী অমিত শ্বাহ ভাৰতীয় সেনা সাধাৰণ মেইটেই লোকে কুকি উগ্ৰপন্থীৰ পৰা যথেষ্ট কষ্ট পাইছিল... #kukiterrorists #KukiLies #kukiexposed pliz pray for meitei।” পোষ্টটোৰ এটা আৰ্কাইভড ভাৰ্ছন ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইয়া সঁচা নহয়। ২০২৩ চনৰ জানুৱাৰী মাহৰ এই ভিডিঅ’টোত ইথিওপিয়াৰ টিগ্ৰে অঞ্চলৰ সশস্ত্ৰ উগ্ৰপন্থীক দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

আমি ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চাওঁ আৰু ফেচবুকত ফুটেজটোৰ এটা দীঘলীয়া সংস্কৰণ এটা লাভ কৰোঁ। ৩.৩১ মিনিটৰ এই ভিডিঅ’টো ৭ ছেপ্টেম্বৰত আমিন কামুছ আকিদ নামৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে “টিগ্ৰে ডিফেন্স ফৰ্চছ টিডিএফ” শীৰ্ষক কেপচনেৰে আপলোড কৰিছিল। ৮৬ হাজাৰৰো অধিক ‘ফল’ৱাৰ’ থকা আমিন কামুছ আকিদে ফেচবুক বায়’ত নিজকে সাংবাদিক বুলি পৰিচয় দিছে।

টিগ্ৰে ডিফেন্স ফৰ্চ বা টিডিএফ হৈছে ইথিওপিয়াৰ এটা সশস্ত্ৰ বিদ্ৰোহী গোট যি ২০২০ চনৰ পৰা আবি আহমেদ আলী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলাই আহিছে।

ভাইৰেল ভিডিঅ’ (বাওঁফালে) আৰু ফেচবুকৰ মূল ভিডিঅ’টোৰ (সোঁফালে) তুলনা। (উৎস: ফেচবুক)

ইয়াক এক ইংগিত হিচাপে লৈ আমি ইউটিউবত অনুসন্ধান কৰি চাওঁ আৰু ৮ মিনিট ৩৪ ছেকেণ্ডৰ এটা ভিডিঅ’ লাভ কৰোঁ য’ত ভাইৰেল ক্লিপটো আছিল। আংশিকভাৱে আমহাৰিক আৰু আংশিকভাৱে ক্ৰীঅ’ ভাষাত (ইথিওপিয়া আৰু ছিয়েৰা লিয়নত প্ৰচলিত) শিৰোনাম লিখা এই ভিডিঅ’টো টিগ্ৰে ২৪বি ভট (TIGRAY 24B VOT) নামৰ এটা ইউটিউব চেনেলত ২০২৩ চনৰ ১৪ জানুৱাৰীত আপলোড কৰা হৈছিল। ভিডিঅ’টোৰ শিৰোনামৰ পৰা ইয়াত ইৰিত্ৰিয়া আৰু টিগ্ৰেৰ সেনাবাহিনীৰ মাজত গুলীচালনা দেখা গৈছে বুলি অনুমান কৰিব পাৰি। চেনেলটোত একে ধৰণৰ লেণ্ডস্কেপত সশস্ত্ৰ গোটে গুলীচালনা কৰা একাধিক এনে ভিডিঅ’ আছে।

ভাইৰেল ভিডিঅ’ আৰু ইউটিউবৰ ভিডিঅ’টোৰ তুলনা। (উৎস: ফেচবুক(বাওঁফালে)/ইউটিউব(সোঁফালে))

ইয়াৰ উপৰি, ইউটিউবৰ ভিডিঅ'টোত আমি ইথিওপিয়াত দেখিবলৈ পোৱা পৰম্পৰাগত আফ্ৰিকান খেৰৰ ঘৰ লক্ষ্য কৰিছিলোঁ।

ইউটিউব ভিডিঅ’টোত দেখা খেৰৰ ঘৰ আৰু ইথিওপিয়াৰ পৰম্পৰাগত খেৰৰ ঘৰৰ তুলনা। (উৎস: ইউটিউব(বাওঁফালে)/গেটি ইমেজেছ(সোঁফালে/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত))

লজিকেলী ফেক্টছে এজন স্থানীয় কুকি বক্তাৰ সৈতে যোগাযোগ কৰাত তেওঁ ভাইৰেল ভিডিঅ’টোত ব্য়ৱহৃত ভাষাটো কুকি ভাষা নহয় বুলি নিশ্চিত কৰে। পিছত আমি আফ্ৰিকান ফেক্ট-চেক সংস্থা পেছাচেকৰ সৈতে যোগাযোগ কৰোঁ, তেওঁলোকে ভিডিঅ’টো ইথিওপিয়াৰ বুলি নিশ্চিত কৰে। পেছাচেকৰ এজন ফেক্ট চেকাৰে লজিকেলী ফেক্টছক এইদৰে কয়, "আমি ভিডিঅ'টো চাইছো। এইটো ইথিওপিয়াৰ হয়, ভিডিঅ'টোত কোৱা ভাষাটো হৈছে টিগ্ৰিনিয়া, আৰু সাজ-পোছাক ইথিওপিয়াৰ টিগ্ৰে অঞ্চলৰ সৈতে সামঞ্জস্যপূৰ্ণ।" আমি লগতে লক্ষ্য কৰোঁ যে ইউটিউব ভিডিঅ’টোৰ বৰ্ণনা আৰু চেনেলটোৰ বায়’ ইথিওপিয়াৰ টিগ্ৰে অঞ্চলত কথিত ইথিও-চেমিটিক ভাষা টিগ্ৰিনিয়াত আছে।

তদুপৰি, উক্ত ভিডিঅ’টো ২০২৩ চনৰ জানুৱাৰী, অৰ্থাৎ মণিপুৰত গোষ্ঠীগত সংঘৰ্ষ আগৰে পৰা ইন্টাৰনেটত উপলব্ধ, এইটোৱে প্ৰমাণ কৰে যে মণিপুৰত বৰ্তমান চলি থকা সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

উল্লেখযোগ্য় যে ২০২০ চনৰ নৱেম্বৰত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদে টিগ্ৰেৰ আঞ্চলিক বাহিনীসমূহৰ বিৰুদ্ধে সামৰিক অভিযান চলাবলৈ নিৰ্দেশ দিয়াৰ পিছৰে পৰা ইৰিত্ৰিয়াৰ সীমান্তৱৰ্তী ইথিওপিয়াৰ টিগ্ৰে অঞ্চলত বৰ্তমান চলি থকা সংঘৰ্ষ আৰম্ভ হয়। অৱশ্য়ে এই সংঘৰ্ষৰ মূল কাৰণ জানিবলৈ হ’লে দশক ধৰি চলি অহা ইৰিত্ৰিয়া-ইথিওপিয়াৰ সীমান্ত সংঘাতলৈ পিছোৱাই যাব লাগিব। ইৰিত্ৰিয়াৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ ২০১৮ চনত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰীয়ে বিবাদমান অঞ্চলসমূহৰ ওপৰত ইথিওপিয়াৰ দাবী ত্যাগ কৰাৰ পিছতে টিগ্ৰেত সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হয়। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি ইৰিত্ৰিয়া সেনাবাহিনীয়ে টিগ্ৰেত ইথিওপিয়া চৰকাৰে চলোৱা সামৰিক অভিযানত সহযোগ কৰিছে।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ'টো ২০২৩ চনৰ জানুৱাৰীৰ পৰা ইন্টাৰনেটত উপলব্ধ আৰু মণিপুৰত চলি থকা হিংসাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। কেইবাটাও সূত্ৰৰ মতে, ইয়াত ইথিওপিয়াৰ টিগ্ৰে অঞ্চলত সংঘটিত এক গুলীচালনাৰ ঘটনা দেখা গৈছে। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।