ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে গাজাত মৃতদেহৰ ভাও জোৰা বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ ভাইৰেল

লেখক: এৰন উইলিয়ামছ
অক্টোবৰ 30 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে গাজাত মৃতদেহৰ ভাও জোৰা বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ ভাইৰেল

আৰবী সংবাদ মাধ্য়মে প্ৰকাশ কৰা ভিডিঅ'ত গাজাত মৃতদেহৰ ভাও জোৰা দেখা গৈছে বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ২০১৩ চনত ইজিপ্তত হোৱা এক প্ৰতিবাদৰ ভিডিঅ’ হয়, ইজৰাইল আৰু হামাছৰ মাজত বৰ্তমান চলি থকা সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 71eccbe9

পৃষ্ঠভূমি

২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ উগ্ৰপন্থীয়ে গাজা ষ্ট্ৰীপৰ পৰা ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলাই পৰ্যটককে ধৰি বহু সংখ্য়ক সাধাৰণ লোকক হত্য়া কৰিছিল। এই আক্ৰমণৰ প্ৰত্য়ুত্তৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি গাজাত ভয়ংকৰ বিমান আক্ৰমণ আৰম্ভ কৰে। এছ’চিয়েটেড প্ৰেছৰ তথ্য অনুসৰি ১৮ অক্টোবৰলৈকে মৃত্যুৰ সংখ্যাই ৪ হাজাৰ অতিক্ৰম কৰে, দুয়োটা পক্ষৰ হাজাৰ হাজাৰ লোক আহত হৈছে আৰু গাজাৰ ৪ লাখ ২৩ হাজাৰতকৈ অধিক লোক গৃহহীন হৈছে।

ইজৰাইল-হামাছৰ যুদ্ধক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন ভুল তথ্য বিয়পি পৰিছে। এক্স (পূৰ্বতে টুইটাৰ)-ত পোষ্ট কৰা এটা ভিডিঅ'ত শৱৰ দৰে বগা কাপোৰেৰে ঢাকি মাটিত পৰি থকা একাধিক মানৱ শৰীৰ দেখিবলৈ পোৱা যায়। ভিডিঅ’টোত মাজতে ‘মৃতদেহ’ কেইটাই লৰচৰ কৰাও দেখিবলৈ পোৱা যায়। ভিডিঅ’টো শ্বেয়াৰ কৰি এইবুলি দাবী কৰিব খোজা হৈছে যে ইজৰাইল-হামাছৰ সংঘৰ্ষত মানুহৰ মৃত্য়ু হোৱা বুলি দেখুওৱাবলৈ একাংশই এইদৰে মৃতদেহৰ ভাও কৰি দেখাইছে। ২০০,০০০-তকৈ অধিক ভিউ লাভ কৰা উক্ত পোষ্টটোৰ কেপচনত লিখা হৈছে, "আৰু এনেদৰেই তেওঁলোকে [অস্কাৰ] জিকিব নোৱাৰিলে।" পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত পাব। অসমীয়া জিয়ৰী নামৰ, প্ৰায়ে ইছলাম বিদ্বেষী পোষ্ট কৰা, আন এগৰাকী এক্স ব্য়ৱহাৰকাৰীয়ে একেটা ভিডিঅ’ শ্বেয়াৰ কৰি কেপচনত এইদৰে লিখে, ‘‘কেৱল গাজাতহে মৃতদেহ ওপৰলৈ উঠিব পাৰে। মৰমৰ @AJEnglish অনুগ্ৰহ কৰি উত্তৰ দিয়ক, আৰু @zoo_bear আপোনাৰ মূল কাৰ্যালয়ত সিহঁতৰ প্ৰদৰ্শনী কৰক।’’ (ইংৰাজীৰ পৰা অনূদিত)। ইয়াত আৰ্কাইভ সংস্কৰণটো চাব পাৰে।

ভাইৰেল ভিডিঅ'ত গাজাত মৃতদেহৰ ভাও জোৰা দেখা গৈছে বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰকৃত তথ্য়

এই ফুটেজটো ২০১৩ চনৰ পৰাই ইন্টাৰনেটত উপলব্ধ আৰু বৰ্তমান চলি থকা ইজৰাইল-হামাছৰ যুদ্ধৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। এক্সত দিয়া পোষ্টটোৰ সৈতে সংলগ্ন এটা কমিউনিটি নোটত ইউটিউবত থকা মূল ভিডিঅ’টো লিংক কৰা আছে। ২০১৩ চনৰ ২৮ অক্টোবৰত ভিডিঅ’টো ইজিপ্তৰ সংবাদ মাধ্য়ম এলবাডিলৰ দ্বাৰা ইউটিউবত আপলোড কৰা হৈছিল। ইউটিউব ভিডিঅ'টোত এক্সত শ্বেয়াৰ কৰা ভিডিঅ'টোৰ দৰে একে দৃশ্য দেখা পোৱা যায়। 

ভিডিঅ'টোৰ বৰ্ণনা অনুসৰি, আল-আজহাৰ বিশ্ববিদ্যালয়ত তোলা এই ভিডিঅ’টোত মুছলিম ব্ৰাদাৰহুডৰ ছাত্ৰ-ছাত্ৰীৰ এক প্ৰতিবাদৰ অংশ হিচাপে এইদৰে মৃতদেহৰ প্ৰতীকী ধৰ্মঘট প্ৰদৰ্শন কৰা হৈছিল। প্ৰতিবাদী ধৰ্মঘটটো মহাবিদ্যালয় প্ৰশাসন ভৱনৰ সন্মুখত হৈছিল।

ইউটিউব ভিডিঅ'টোত ওপৰৰ সোঁ কোণত এলবাডিলৰ ল’গ’ আছে। এক্সত শ্বেয়াৰ কৰা ভিডিঅ'টোত এই একেটা ৱাটাৰমাৰ্ক দেখা যায়। সেয়েহে, এই ফুটেজটো ২০১৩ চনত এলবাডিলে আপলোড কৰা একেটা ফুটেজ বুলি নিশ্চিত হ’ব পাৰি। ভিডিঅ'টো গাজাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুলি ভুলকৈ দাবী কৰা হৈছে।

উল্লেখযোগ্য় যে ইয়াৰ পূৰ্বেও এই ভিডিঅ'টো গাজাৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছিল। এএফপিত প্ৰকাশিত এক ফেক্ট-চেক প্ৰতিবেদন অনুসৰি ২০২১ চনতো এই একেটা ভিডিঅ’ শ্বেয়াৰ কৰি একাংশই দাবী কৰিছিল যে হামাছে সহানুভূতি আদায়ৰ স্বাৰ্থত ভূৱা মৃতদেহ প্ৰদৰ্শন কৰি এনেদৰে প্ৰচাৰ চলাইছিল। নাইজেৰিয়াৰ ইংৰাজী ভাষাৰ ফ’ৰাম নাইৰালেণ্ডত ২০১৪ চনৰ পৰা ইছলাম বিদ্বেষী একাধিক পোষ্টত উক্ত ফুটেজটো শ্বেয়াৰ কৰি ইয়াত গাজাৰ দৃশ্য় দেখুৱাইছে বুলি দাবী কৰা হৈছিল। গাজাৰ পৰিস্থিতিৰ সৈতে ভিডিঅ’টো মিছাকৈ সংলগ্ন কৰি শ্বেয়াৰ কৰা ঘটনা নতুন কথা নহয়। 

সিদ্ধান্ত

এইটো ২০১৩ চনত ইজিপ্তত হোৱা এক প্ৰতিবাদৰ ভিডিঅ’ হয়, ইজৰাইল আৰু হামাছৰ মাজত বৰ্তমান চলি থকা সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।