ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী বিপ্লৱ দেবৰ পৈতৃক ঘৰত অগ্নিসংযোগ কৰা বুলি মিছাকৈ দাবী কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী বিপ্লৱ দেবৰ পৈতৃক ঘৰত অগ্নিসংযোগ কৰা বুলি মিছাকৈ দাবী কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

দেৱৰ ঘৰত আক্ৰমণ বা জুই লগোৱা হোৱা নাছিল । এই ভাইৰেল ছবিসমূহত ওচৰৰ দুটা ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত কিছু দোকান জ্বলি যোৱা দেখা গৈছে ।

ক্লেইম আইডি 71099795

পৃষ্ঠভূমি

২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যোৱা ৪ জানুৱাৰীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই ত্ৰিপুৰাৰ খিলঞ্জীয়া মৰ্চাৰ (IPFT) চৰকাৰৰ 'ৰিপ'ৰ্ট কাৰ্ড' মুকলি কৰি দিয়ে । পাছদিনা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিবলৈ ৰাজ্যত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

ইয়াৰ মাজতে একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ত্ৰিপুৰাৰ গোমটি জিলাত অৱস্থিত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পৈতৃক ঘৰটো ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআইএম)ৰ সৈতে সম্পৰ্ক থকা এদল আক্ৰমণকাৰীয়ে আক্ৰমণ কৰি জ্বলাই দিয়ে । বাতৰিসমূহত ইয়াকো কোৱা হৈছে যে বিপ্লৱ দেৱৰ আত্মীয়ই দেৱৰ পিতৃৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ সময়তে এই "অপ্ৰৰোচিত" আক্ৰমণ সংঘটিত হয় । টুইটাৰতো একেধৰণৰ দাবী দেখা গৈছিল, আৰু একাংশ প্ৰতিষ্ঠিত সাংবাদিকে একেই দাবীৰে এই ঘটনাৰ ভিডিঅ’ টুইট কৰিছিল।আনফালে, দেৱে ৰিপাব্লিক টিভিৰ সৈতে হোৱা কথা-বতৰাত কমিউনিষ্টসকল এই কাণ্ডৰ বাবে দায়ী বুলি উল্লেখ কৰে আৰু লগতে তেওঁৰ ঘৰত আক্ৰমণ সংঘটিত হোৱা নাই বুলি স্পষ্ট কৰা দেখা নগ'ল । 

প্ৰকৃত তথ্য

ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত যোৱা ৪ জানুৱাৰীত এই ঘটনা সন্দৰ্ভত দিয়া এক বিবৃতি আমি বিচাৰি পাইছিলোঁ । বিবৃতি অনুসৰি ৰাজধানী নগৰত বিজেপি আৰু চিপিআই(এম) সমৰ্থকৰ মাজত এক ৰাজনৈতিক সংঘৰ্ষ সংঘটিত হয়, য’ত তিনিখন দোকান আৰু একাধিক বাহনৰ ক্ষতিসাধন হয় । আৰক্ষীৰ বিবৃতিত স্পষ্ট কৰি দিয়া হৈছে যে দেৱৰ পৈতৃক ঘৰত আক্ৰমণ হোৱা নাছিল ।

'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ এক প্ৰতিবেদনত আৰক্ষী অধিক্ষক অজিত প্ৰতাপ সিঙৰ উদ্ধৃতি দি কোৱা হৈছে যে এই সংঘৰ্ষ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৈতৃক ঘৰৰ পৰা বহু দূৰৈত সংঘটিত হৈছে । আনহাতে ইষ্টম'জ'ৱে এক বাতৰি প্ৰকাশ কৰিছে যে জুই জ্বলি থকা ছবিখন ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৈতৃক ঘৰৰ নহয় । আচলতে সংঘৰ্ষৰ সময়ত জ্বলি যোৱা ওচৰৰ দোকানৰ হে হয় । 

প্ৰতিবেদনত আৰু কোৱা হৈছে যে, ২০২৩ চনৰ ৪ জানুৱাৰীৰ পৰা দেৱৰ পিতৃৰ চাৰিদিনীয়া মৃত্যু বাৰ্ষিকী অনুষ্ঠান আৰম্ভ হ’বলগীয়া আছিল, আৰু বিজেপি কৰ্মীসকলে ঘৰটো আৰু ওচৰৰ অঞ্চলটো সজাই তুলিছিল । এই ঠাইৰ কাষতে আকৌ চিপিআই(এম)ৰ সমৰ্থকৰ এটা দলে বেলেগ কাৰ্যসূচীৰ বাবে দলৰ পতাকা লগাইছিল। চিপিআই(এম)ৰ কিছু পতাকা নষ্ট কৰি পেলোৱাৰ ফলত দুয়োটা দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়, যাৰ ফলত অঞ্চলটোত অগ্নিসংযোগ আদি হয় । বাতৰিটোত আৰু কোৱা হয় যে আৰক্ষীয়ে এক নিজা গোচৰ ৰুজু কৰিছে, এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত চলি আছে ।

সিদ্ধান্ত

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ ঘৰত আক্ৰমণ বা অগ্নিসংযোগ কৰা হোৱা নাছিল । একেটা অঞ্চলতে দুটা ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল যদিও দেৱৰ ঘৰত কোনো প্ৰভাৱ পৰা নাছিল । জুই জ্বলি থকা ছবিসমূহ সংঘৰ্ষৰ সময়ত জ্বলি যোৱা কিছু দোকানৰ ছবি হে হয় । সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।