ব্ৰাজিলৰ ফটো শ্বেয়াৰ কৰি মণিপুৰত বনাঞ্চল ধ্বংসৰ বাবে কুকিসকলক দোষাৰোপ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ফেব্ৰুৱাৰী 29 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ব্ৰাজিলৰ ফটো শ্বেয়াৰ কৰি মণিপুৰত বনাঞ্চল ধ্বংসৰ বাবে কুকিসকলক দোষাৰোপ কৰা হৈছে

ব্ৰাজিলৰ ফটো মণিপুৰৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ফটো দুখনত ফটোগ্ৰাফাৰ ছেবাষ্টিয়াও’ চালগাডো আৰু তেওঁৰ পত্নীয়ে ব্ৰাজিলত চলোৱা বনানিকৰণৰ প্ৰচেষ্টা দেখা গৈছে।

ক্লেইম আইডি de2e3c16

কি দাবী কৰা হৈছে?

মণিপুৰত দীৰ্ঘদিন ধৰি চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ মাজতে দুখন তুলনামূলক ফটোৱে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে, ইয়াৰে এখনত আপাতদৃষ্টিত এটা পাহাৰ আৰু আনখনত গছ-গছনিৰে ভৰা এটা সেউজীয়া পাহাৰ দেখা যায়। ফটো দুখনৰ ওপৰত "কুকি অহাৰ আগতে মণিপুৰৰ পাহাৰ। কুকি অহাৰ পিছত মণিপুৰ" বুলি লিখা আছে; ইয়াৰ দ্বাৰা কুকি সম্প্ৰদায়ৰ লোকে মণিপুৰৰ সেউজীয়া পাহাৰসমূহক শুকান ভূমিত পৰিণত কৰিলে বুলি বুজাব বিচৰা হৈছে। এনে এটা ফেচবুক পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব৷

এই দাবীৰ পটভূমি হৈছে যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰত মেইটি আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা গোষ্ঠীগত সংঘৰ্ষ য’ত এতিয়ালৈকে বহু সংখ্যক লোকে প্ৰাণ দিব লগীয়া হৈছে। মণিপুৰত কুকিসকলক প্ৰায়ে ম্যানমাৰৰ পৰা অহা ‘অবৈধ অনুপ্ৰৱেশকাৰী’ বুলি অভিহিত কৰা হয় যি পপি খেতিৰ জৰিয়তে ৰাজ্যখনৰ বনাঞ্চলসমূহক ধ্বংস কৰিছে।

ভাইৰেল ফটো দুখন শ্বেয়াৰ কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে ফটো দুখন মণিপুৰৰ নহয়, বৰঞ্চ ইয়াত ব্ৰাজিলত কিদৰে এক বনানিকৰণৰ প্ৰকল্পই এডোখৰ শুকান ভূমিখণ্ডক এক সেউজীয়া বৰ্ষাৰণ্যলৈ পৰিৱৰ্তন কৰিলে সেয়া দেখা গৈছে।

আমি কি বিচাৰি পালো?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২৩ চনৰ ৮ এপ্ৰিলত দিয়া 'আৰ্থলি এডুকেশ্যন' ৰ এটা ইনষ্টাগ্ৰাম পোষ্ট লাভ কৰোঁ য'ত ভাইৰেল ছবি দুখন সন্নিবিষ্ট কৰা হৈছে। পোষ্টটোৰ মতে, ফটো দুখনত ব্ৰাজিলৰ ফটোগ্ৰাফাৰ ছেবাষ্টিয়াও চালগাডো আৰু তেওঁৰ পত্নী লেলিয়া চালগাডোৱে এডোখৰ শুকান ভূমিক এখন সেউজীয়া অৰণ্যলৈ ৰূপান্তৰ কৰাৰ দৃশ্য দেখুওৱা হৈছে। জানিব পৰা মতে দম্পতীহালে তেওঁলোকৰ ইনষ্টিটিউট টেৰা পুনৰ বনানিকৰণ প্ৰকল্পৰ জৰিয়তে যোৱা দুটা দশকত লক্ষাধিক গছ ৰোপণ কৰিছে। ফটো দুখনত ২০০১ চনত দেখা এটা শুকান পাহাৰ আৰু ২০১৯ চনত সেই পাহাৰটোৰ পুনৰুজ্জীৱিত সেউজীয়া ৰূপৰ এক তুলনা কৰা হৈছে।   

এটা ইনষ্টাগ্ৰাম পোষ্ট য'ত ভাইৰেল ফটো দুখনে ব্ৰাজিলৰ এক পুনৰ বনানিকৰণ প্ৰকল্প দেখুওৱা বুলি কোৱা হৈছে। (উৎস: ইনষ্টাগ্ৰাম/আৰ্থলি এডুকেশ্যন/স্ক্ৰীণশ্বট) 

অধিক অনুসন্ধানত ২০১৯ চনৰ ১৮ জানুৱাৰীত ইনষ্টিটিউট টেৰাৰ এটা ফেচবুক পোষ্ট লাভ কৰা গ’ল য’ত এটা শুকান পাহাৰৰ এখন একেধৰণৰ ফটোৰ সৈতে এখন ঘন বনাঞ্চলৰ তুলনা কৰা হৈছে। পৰ্তুগীজৰ পৰা অনুবাদ কৰা কেপচনত লিখা আছে, “যেতিয়া পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ কথা আহে, প্ৰকৃতিক ১০ বছৰতকৈ অধিক সময়ৰ প্ৰয়োজন। চাওকচোন ইনষ্টিটিউট টেৰাই ১৮ বছৰত কি কৰিছে। আপোনাৰ মনোভাৱেই পাৰ্থক্য আনিব পাৰে, আমাৰ প্ৰত্যাহ্বানসমূহ অব্যাহত আছে, আৰু আপুনি আমাৰ ৱেবছাইটৰ জৰিয়তে অৰিহণা যোগাব পাৰে।”

ইয়াৰ উপৰি আমি ২০১৫ চনৰ ৩১ জুলাইত ইনষ্টিটিউট টেৰাই দিয়া এটা পোষ্ট লাভ কৰোঁ য’ত সেউজীয়া পাহাৰটোৰ ভাইৰেল ফটোখনৰ সৈতে হুবহু মিলা এখন ফটো শ্বেয়াৰ কৰা হৈছিল।

ভাইৰেল ফটো আৰু ইনষ্টিটিউট টেৰাৰ ফেচবুকৰ ফটোৰ তুলনা। (উৎস: ফেচবুক/ইনষ্টিটিউট টেৰা/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

২০০৮ চনৰ জানুৱাৰীত ফৰ্বছে চালগাডোৰ জনসেৱামূলক ফাউণ্ডেশ্যন ইনষ্টিটিউট টেৰাৰ পুনৰ বনানিকৰণ প্ৰকল্পৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি এটা ফটো ষ্ট’ৰী প্ৰকাশ কৰিছিল। “ফটোত: ইনষ্টিটিউট টেৰাৰ পুনৰ বনানিকৰণ প্ৰকল্প” শীৰ্ষক প্ৰবন্ধটোত পুনৰ বনানিকৰণ প্ৰকল্পৰ অন্যান্য ছবিকে ধৰি শুকান পাহাৰটোৰ এখন ক’লা-বগা ফটো আৰু সেউজীয়া পাহাৰটোৰ এখন হুবহু একে ফটো সন্নিবিষ্ট কৰা হৈছে।

ব্ৰাজিলৰ ৰিঅ’ ড’চে অৱবাহিকাত পৰিৱেশ পুনৰুদ্ধাৰ আৰু বহনক্ষম গ্ৰাম্য উন্নয়নৰ ওপৰত কাম কৰি থকা ইনষ্টিটিউট টেৰা ১৯৯৮ চনৰ এপ্ৰিল মাহত ছেবাষ্টিয়াও আৰু তেওঁৰ পত্নী লেলিয়াই স্থাপন কৰিছিল। তেওঁলোকৰ ৱেবছাইটত দিয়া তথ্য মতে দক্ষিণ-পূব ব্ৰাজিলৰ মিনাছ গেৰাইছৰ আইম'ৰেছত অৱস্থিত প্ৰাইভেট ৰিজৰ্ভ অৱ নেচাৰেল হেৰিটেজ বুলকাও ফাৰ্মত থকা এই প্ৰকল্পই আটলাণ্টিক বনাঞ্চলৰ প্ৰায় ৭০০ হেক্টকৰ ভূমি আগুৰি আছে। 

আমি গুগল আৰ্থত ইনষ্টিটিউট টেৰাৰ জিঅ’লকেশ্যন সফলতাৰে নিৰ্ণয় কৰিলোঁ। গুগল আৰ্থৰ পৰা পোৱা দৃশ্যৰ সৈতে ভাইৰেল ফটো দুখন তুলনা কৰিলে ইয়াৰ অৱস্থান ব্ৰাজিল হয় বুলি নিশ্চিত হোৱা যায়। ভাইৰেল ফটো দুখনত ইনষ্টিটিউট টেৰাৰ ভৱন আৰু ইয়াৰ চাৰিওফালে থকা প্ৰাকৃতিক দৃশ্য দেখা গৈছে।

গুগল আৰ্থৰ চিত্ৰৰ সৈতে ভাইৰেল ফটোখনৰ তুলনা। (উৎস: ফেচবুক/গুগল আৰ্থ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ফটো দুখনৰ সন্দৰ্ভত মন্তব্যৰ বাবে আমি ইনষ্টিটিউট টেৰাৰ সৈতে যোগাযোগ কৰিছো, তেওঁলোকৰ পৰা উত্তৰ পালে এই ফেক্ট-চেকটো আপডেট কৰা হ'ব।

মণিপুৰত বনাঞ্চল ধ্বংস

উল্লেখযোগ্য যে মণিপুৰৰ পাহাৰত বনাঞ্চল ধ্বংস হোৱাটো এক বহুলভাৱে প্ৰকাশিত ঘটনা, ইয়াৰ এক অন্যতম প্ৰধান কাৰণ হিচাপে অবৈধ পপি খেতিৰ কথা সঘনাই উল্লেখ কৰা হয়। গ্ল’বেল ফৰেষ্ট ৱাটচৰ এক প্ৰতিবেদন অনুসৰি ২০০২ চনৰ পৰা ২০২২ চনৰ ভিতৰত মণিপুৰৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চলৰ আয়তন ৮.৫ শতাংশ হ্ৰাস পাইছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰী ৰাজ্যখনত চলি থকা বনাঞ্চল ধ্বংস আৰু পপি খেতিৰ বাবে প্ৰধানকৈ দায়ী বুলি দাবী কৰিছিল। এনে অভিযোগ সমূহত প্ৰায়ে ‘কুকি’ আৰু ‘অবৈধ অনুপ্ৰৱেশকাৰী’ শব্দ দুটা ব্যৱহাৰ কৰা হয়। তথাপি, মণিপুৰত বনাঞ্চল ধ্বংসৰ কাৰণ হিচাপে ঝুম খেতি আৰু মানুহৰ বসতিৰ সম্প্ৰসাৰণকে ধৰি আন একাধিক কাৰকৰ কথাও উল্লেখ কৰিব পাৰি।

সিদ্ধান্ত

ভাইৰেল ফটো দুখনত ফটোগ্ৰাফাৰ ছেবাষ্টিয়াও’ চালগাডো আৰু তেওঁৰ পত্নীয়ে ব্ৰাজিলত চলোৱা এক বনানিকৰণ প্ৰকল্প দেখা গৈছে। একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰাৰ দৰে ইয়াত মণিপুৰত কুকি লোকে পৰিৱেশ ধ্বংস কৰা দেখুওৱা নাই। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।