২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ প্ৰতিবাদৰ ফটো মণিপুৰ হিংসাৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে

লেখক: ৰজনী কে জি
ছেপ্তেম্বৰ 20 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ প্ৰতিবাদৰ ফটো মণিপুৰ হিংসাৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে

নিৰ্ভয়া কাণ্ডৰ প্ৰতিবাদৰ ফটো মণিপুৰ হিংসাৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

২০১২ চনত নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত এক প্ৰতিবাদৰ কিছু ফটো মণিপুৰৰ হিংসাৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে ।

ক্লেইম আইডি 83566098

পৃষ্ঠভূমি

যোৱা মে’ মাহত মণিপুৰত দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ এটা ভিডিঅ’ কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশজুৰি ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু দেশৰ বিভিন্ন চহৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰা হৈছিল। যোৱা ২২ জুলাইত টিভি অভিনেতা এগৰাকীৰ এটা ফেন একাউণ্টে নতুন দিল্লীত হোৱা এক প্ৰতিবাদৰ বহুকেইখন ফটো পোষ্ট কৰি মণিপুৰত সংঘটিত যৌন নিৰ্যাতনৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰা বুলি দাবী কৰিছিল।

পোষ্টটোত শ্বেয়াৰ কৰা চাৰিখন ফটোৰ ভিতৰত তিনিখনত প্ৰতিবাদকাৰীৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰা দেখা গৈছে, আৰু আন এখনত এক বিশাল জনসমাগমৰ মাজত এখন বাছত একাংশ লোকক থিয় হৈ থকা দেখা গৈছে। এই প্ৰতিবেদনটো প্ৰস্তুত কৰি থকাৰ সময়লৈকে পোষ্টটোৱে ১৭,৪০০ দৰ্শন আৰু ১৫৭ লাইক লাভ কৰিছিল। পোষ্টটোৰ এটা আৰ্কাইভড ভাৰ্ছন ইয়াত চাব পাৰে। একেখিনি ফটো ফেচবুকতো শ্বেয়াৰ কৰা হৈছিল। 

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: X,ফেচবুক)

অৱশ্যে এইসমূহ এতিয়াৰ নহয়, বৰঞ্চ ২০১২ চনত সংঘটিত নিৰ্ভয়া দলবদ্ধ ধৰ্ষণকাণ্ডৰ প্ৰতিবাদৰ ফটোহে হয়।

প্ৰকৃত তথ্য়

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ফটোকেইখন মণিপুৰত অব্য়াহত হিংসাৰ আগৰে পৰি ইন্টাৰনেটত উপলব্ধ বুলি জানিব পাৰোঁ।

প্ৰতিবাদকাৰীসকলৰ উপৰত দুটা পানীৰ কামান নিক্ষেপ কৰা প্ৰথমখন ৰয়টাৰৰ ফটো গেলেৰীত পোৱা গৈছিল। ফটোখনৰ কেপচন আছিল, "২২ ডিচেম্বৰ, ২০১২ তাৰিখে নতুন দিল্লীত এক প্ৰতিবাদী সমদলৰ সময়ত ৰাষ্ট্ৰপতি ভৱনৰ সমীপত প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰে। এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়া আৰু ৰাজপথত অব্য়াহত ব্য়াপক প্ৰতিবাদৰ মাজতে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ দিশে প্ৰতিবাদী যাত্ৰা উলিওৱা হাজাৰ হাজাৰ লোকৰ ওপৰত ভাৰতীয় আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু পানীৰ কামান ব্যৱহাৰ কৰে।" ২০১২ চনত হোৱা উক্ত প্ৰতিবাদৰ বহুকেইখন ফটো ৰয়টাৰে প্ৰকাশ কৰিছিল।

প্ৰতিবাদকাৰীৰ উপৰত দুটা পানীৰ কামান নিক্ষেপ কৰা ভাইৰেল ফটোৰ সৈতে মূল ফটোখনৰ তুলনা। (উৎস: X(বাওঁফালে)/ৰয়টাৰ(সোঁফালে))

বেৰিকেড আৰু পুলিচ ভানৰ ওচৰত আৰক্ষী জোৱান থিয় হৈ থকা দ্বিতীয়খন ফটো ২০১২ চনৰ ২২ ডিচেম্বৰত প্ৰকাশিত নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত দেখিবলৈ পোৱা যায়। ‘‘শনিবাৰে ভাৰতৰ ৰাজধানী চহৰত সমবেত হোৱা বিক্ষোভকাৰীৰ ওপৰত আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰিছিল" বুলি কেপচন দিয়া ফটোখনৰ কৃতিত্ব অনিন্দিটো মুখাৰ্জী নামৰ এজন ফটোগ্ৰাফাৰ আৰু ইউৰোপিয়ান প্ৰেছফটো এজেন্সীক দিয়া হয়। বাতৰিটোত উল্লেখ কৰা মতে দলবদ্ধ ধৰ্ষণকাণ্ডৰ ন্য়ায়ৰ দাবীত ২২ ডিচেম্বৰত নতুন দিল্লীত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈছিল। 

বেৰিকেড আৰু পুলিচ ভানৰ ওচৰত আৰক্ষী জোৱান থিয় হৈ থকা ভাইৰেল ফটোৰ সৈতে মূল ফটোখনৰ তুলনা। (উৎস: X(বাওঁফালে)/নিউয়ৰ্ক টাইমছ (সোঁফালে))

তৃতীয়খন ফটো য’ত এখন বাছত একাংশ মানুহ থিয় হৈ থকা দেখা গৈছে উক্ত ফটোখন ২০২০ চনত টাইমছ নাওত প্ৰকাশিত এক প্ৰতিবেদনত পোৱা যায়। প্ৰতিবেদনটোত ২০১২ চনৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ সৈতে সম্পৰ্কিত ১১খন ফটো সন্নিবিষ্ট কৰা হৈছে। ফটোকেইখনৰ কেপচনত এইদৰে লিখা আছে- "২০১২ চনৰ ১৬ ডিচেম্বৰত পেৰামেডিকেলৰ ছাত্ৰীগৰাকীক কৰা নিৰ্মম দলবদ্ধ ধৰ্ষণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে দেশজুৰি বিক্ষোভৰ সৃষ্টি হৈছিল।" ফটোকেইখনৰ কৃতিত্ব বিচিচিএলক দিয়া হৈছিল।

বাছত এখনত মানুহ থিয় হৈ থকা ভাইৰেল ফটোৰ সৈতে মূল ফটোখনৰ তুলনা। (উৎস: X(বাওঁফালে)/টাইমছ নাও(সোঁফালে))

চতুৰ্থ ছবিখন নিৰ্ভয়া কাণ্ডৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সন্দৰ্ভত ২০২০ চনত প্ৰকাশিত দ্য নিউজ মিনিটৰ এক প্ৰতিবেদনত পোৱা গৈছিল। মহিলাৰ ওপৰত সংঘটিত হিংসাৰ বিৰোধিতাৰ লগতে আইন পৰিৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। গতিকে ই নিশ্চিত কৰে যে ফটোকেইখন পুৰণি আৰু নিৰ্ভয়াকাণ্ডৰ সৈতে সম্পৰ্কিত।

নিৰ্ভয়া কাণ্ডৰ প্ৰতিবাদৰ আন এখন ফটো আৰু ভাইৰেল ফটোৰ তুলনা। (উৎস: X(বাওঁফালে)/দ্য নিউজ মিনিট (সোঁফালে))

২০১২ চনৰ ১৬ ডিচেম্বৰত দিল্লীত এখন চলন্ত বাছৰ ভিতৰত ছয়জন লোকে এগৰাকী ২৩ বছৰীয়া মহিলাক নিৰ্মমভাৱে আক্ৰমণ আৰু দলবদ্ধ ধৰ্ষণ কৰিছিল আৰু তাৰ কিছুদিন পিছত তেওঁৰ মৃত্যু হৈছিল, উক্ত ঘটনাৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল।

২০২৩ চনৰ ২২ জুলাইত এ পি নিউজত প্ৰকাশিত এক প্ৰতিবেদনৰ মতে মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত হোৱা নিৰ্যাতনক গৰিহণা জনাই দেশৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰা হয়। আমি এই প্ৰতিবাদসমূহৰ দৃশ্য়সমূহ তুলনা কৰি চাই কোনোটোৰেই ভাইৰেল ফটোবিলাকৰ সৈতে মিল নাই বুলি নিশ্চিক হওঁ।

সিদ্ধান্ত

নিৰ্ভয়াকাণ্ডৰ প্ৰতিবাদৰ ১১ বছৰ পুৰণি ফটো মণিপুৰৰ ভাইৰেল ভিডিঅ’ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ফটো বুলি মিছাকৈ দাবী কৰা হৈছে। গতিকে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।