২০২১ চনত অসমত ভোটকেন্দ্ৰত সংঘটিত অনিয়মৰ ঘটনা চলিত সাধাৰণ নিৰ্বাচনৰ হিচাপে প্ৰচাৰিত

লেখক: অংকিতা কুলকাৰ্ণী
মে’ 6 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২১ চনত অসমত ভোটকেন্দ্ৰত সংঘটিত অনিয়মৰ ঘটনা চলিত সাধাৰণ নিৰ্বাচনৰ হিচাপে প্ৰচাৰিত

ডিমা হাচাও জিলাত নিৰ্বাচনী অনিয়মৰ অভিযোগ উত্থাপন কৰা এটা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

উক্ত ঘটনাটো ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত হৈছিল আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 710800de

দেশত চলি থকা সাধাৰণ নিৰ্বাচনৰ মাজতে অসমত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ (ইভিএম) জৰিয়তে ভোটদানত অনিয়মৰ অভিযোগ ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা একাংশ পোষ্টত দাবী কৰা মতে যোৱা ২৬ এপ্ৰলিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা অসমৰ ডিমা হাচাও জিলাৰ এটা ভোট কেন্দ্ৰত অনিয়মৰ খবৰ পোহৰলৈ আহিছে। এনেধৰণৰ এটা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। 

এক্সত শ্বেয়াৰ কৰা এনে এটা পোষ্টত লিখিছে, "অসমৰ ডিমা হাছাও জিলাৰ এটা বুথত মাত্ৰ ৯০ জন ভোটাৰ আছিল, কিন্তু ইভিএমত ১৭১ টা ভোট পৰিল, নিৰ্বাচন আয়োগৰ ৫ জন বিষয়া নিলম্বিত(sic)।" পোষ্টটোত #LokSabhaElection2024ৰ দৰে হেচটেগ ব্যৱহাৰ কৰাৰ বিপৰীতে একেধৰণৰ আন পোষ্টত "ব্ৰেকিং নিউজ" হিচাপে দাবীটো উপস্থাপন কৰা হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷

ছচিয়েল মিডিয়াত প্ৰচাৰিত কিছুমান ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

কিন্তু আমি দেখিলোঁ যে দাবীটোত উল্লেখ কৰা ঘটনাটো ২০২১ চনৰ হয়, সেই সময়ত অসমত বিধানসভা নিৰ্বাচন চলি আছিল।

আমি কি বিচাৰি পালোঁ? 

আমি গুগলত ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে ডিমা হাচাওৰ নাম আৰু ভোটাৰৰ সংখ্যা চাৰ্চ কৰাত দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু দ্য টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি লাভ কৰোঁ ৷ ২০২১ চনৰ ৫ এপ্ৰিলত প্ৰকাশিত দুয়োটা প্ৰতিবেদন পিটিআই (প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া)ৰ পৰা লোৱা হৈছিল। বাতৰি অনুসৰি ডিমা হাছাও জিলাৰ হাফলং সমষ্টিৰ এটা বুথত মাত্ৰ ৯০ জন পঞ্জীয়নভুক্ত ভোটাৰ আছিল। কিন্তু ২০২১ চনৰ ১ এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ত ১৭১টা ভোট পৰে। ভোটাৰৰ সংখ্যাৰ উক্ত অনিয়মৰ পিছতে নিৰ্বাচন আয়োগৰ পাঁচজন বিষয়াক পৰৱৰ্তী ভোটগ্ৰহণত নিলম্বিত কৰা হয়। 

২০২১ চনৰ ৬ এপ্ৰিলত প্ৰকাশিত ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰৱৰ্তী প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বুথটোৰ পৰা ১৮১টা ভোট দিয়া হৈছিল, আৰু ছয় গৰাকী নিৰ্বাচনী বিষয়াক নিলম্বিত কৰা হৈছিল। ইয়াত অসমৰ তদানীন্তন মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাদেৰ উদ্ধৃতি দি কয়, "অধিষ্ঠাতা বিষয়াৰ ডায়েৰী আৰু অন্যান্য নথি-পত্ৰৰ তদন্তৰ সময়ত দেখা গ'ল যে ১০৭-এ খোথলিৰ এল পি স্কুলৰ অধিষ্ঠাতা বিষয়া আৰু নিৰ্বাচনী বিষয়াসকলে সেই ভোটগ্ৰহণ কেন্দ্ৰত থকা মুঠ ৯০ জন ভোটাৰৰ বিপৰীতে ১৮১ জন ব্যক্তিক ভোটদানৰ অনুমতি দিছিল।" একেদৰে ২০২১ চনৰ ৬ এপ্ৰিলত প্ৰকাশিত দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত একেখিনি কথা উল্লেখ কৰি হাফলঙৰ বাকী ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়া হৈছিল বুলি কোৱা হয়।

ইণ্ডিয়া টুডেৰ প্ৰতিবেদনত ২০২১ চনৰ ২০ এপ্ৰিলত হাফলং সমষ্টিৰ অন্তৰ্গত মুৱালদুম এল পি স্কুলত পুনৰ ভোটগ্ৰহণ জাৰি কৰা বুলিও পুনৰ উল্লেখ কৰা হৈছে। প্ৰতিবেদনটোত এই কথাও কোৱা হৈছে যে কেন্দ্ৰটোত মাত্ৰ ৯০ জন যোগ্য ভোটাৰ থকাৰ পিছতো অধিক ভোটদান পৰিছিল কাৰণ মুৱালদুম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভাটাৰসকলে ভুলবশতঃ খোথলিৰ এল পি স্কুলত ভোটদান কৰিছিল। ডিমা হাছাও জিলাৰ নিৰ্বাচনী বিষয়াগৰাকীয়ে উক্ত ভুলৰ কাৰণে ভোটগ্ৰহণ বিষয়াসকলৰ গাফিলতিক দায়ী কৰে বুলি প্ৰতিবেদনটোত কোৱা হয়।

তদুপৰি, অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ অফিচিয়েল এক্স একাউণ্টতো (ইয়াত আৰ্কাইভ কৰা হৈছে) ভাইৰেল দাবী সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰা হৈছে, য'ত কোৱা হৈছে, "উক্ত পোষ্টটোত উল্লেখ কৰা ঘটনাটোৱে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ঘটা এটা ঘটনাক বুজোৱা হৈছে।" সেই বিশেষ ভোটগ্ৰহণ কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ কৰা হৈছিল আৰু সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল (sic)।

লজিকেলী ফেক্টছে এই সন্দৰ্ভত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতেও যোগাযোগ কৰে আৰু তেওঁ উক্ত ঘটনাটো ২০২১ চনৰ বুলি উল্লেখ কৰাৰ লগতে চলিত লোকসভা নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই বুলি কয়।  

সিদ্ধান্ত

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ডিমা হাছাও জিলাত ভোটদানৰ অনিয়মৰ সৈতে জড়িত এটা ঘটনা চলিত লোকসভা নিৰ্বাচনৰ ঘটনা বুলি শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটোক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।