ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছিল

লেখক: ৰোহিত গুতা
জানুৱাৰী 24 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছিল

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা নাছিল বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ এগৰাকী নেতাৰ সৈতে যোৱা এটা প্ৰতিনিধি দলে ১২ জানুৱাৰীত ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনাইছিল।

ক্লেইম আইডি a1387920

কি দাবী কৰা হৈছে?

যোৱা ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত অনুষ্ঠিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নিমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি এটা দাবী ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত হৈ আছে। এই পোষ্টসমূহত দাবী কৰা হৈছে যে অভিনেত্ৰী কংগনা ৰাণাৱটৰ দৰে তাৰকাসকলক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও ৰাষ্ট্ৰপতি গৰাকীক নিমন্ত্ৰণ জনোৱা নহ’ল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব ৷ 

একাংশ ব্যৱহাৰকাৰীয়ে এইদৰেও ইংগিত কৰিছে যে মুৰ্মু আদিবাসী সম্প্ৰদায়ৰ হোৱাৰ বাবেই তেওঁক মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নহ’ল। (উল্লেখযোগ্য যে আদিবাসী আৰু দলিত সম্প্ৰদায়ৰ লোকক ঐতিহাসিকভাৱে হিন্দু মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয়, আৰু এই প্ৰথা ভাৰতৰ বহু ঠাইত এতিয়াও চলি আছে।)

ভাইৰেল ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমীয়াতো একেধৰণৰ দাবী কৰা দেখা গৈছে। তেনে এটা ফেচবুক পোষ্টৰ কেপচনত লিখা হৈছে, ‘‘দেশৰ প্ৰথম গৰাকী নাগৰিক তথা সৰ্বোচ্চ পদত অধিষ্ঠিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কিয় ৰামমন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত আমন্ত্ৰণ কৰা নহল কিয়? দলিতসকল কিয় চুপ হৈ আছে ? দলিত সকলে বিজেপি বা আৰ এচ এচ কৰাত লাজ নালাগে? কেবল দলিতসকলে উত্তৰ দিবচোন।’’

অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰা বুলি প্ৰচাৰ কৰি থকা দাবীটো সঁচা নহয়।

প্ৰকৃত সত্য কি?

প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া (পিটিআই), দ্য হিন্দু, দ্য টাইমছ অৱ ইণ্ডিয়া, চিএনএন-নিউজ ১৮ আদি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হৈছিল।

১২ জানুৱাৰীত দ্য হিন্দুত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰ, বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰী সভাপতি আলোক কুমাৰ, আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাধাৰণ সম্পাদক ৰাম লালক লৈ গঠিত এটা প্ৰতিনিধি দলে মুৰ্মুক সাক্ষাৎ কৰে আৰু প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানটোলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়। প্ৰতিবেদনটোত ৰাষ্ট্ৰপতি গৰাকীক আমন্ত্ৰণ জনোৱাৰ সময়ত তোলা এখন ফটোও প্ৰকাশ কৰা হৈছিল। আন আন সংবাদ মাধ্যমতো এই বাতৰি প্ৰকাশ পাইছিল।

বিশ্ব হিন্দু পৰিষদে ২০২৪ চনৰ ১২ জানুৱাৰীত এক্সত দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতিক তেওঁলোকে নিমন্ত্ৰণ জনোৱাৰ সময়ত তোলা এখন ফটো শ্বেয়াৰ কৰিছিল। ফটোখনৰ সৈতে দিয়া হিন্দী কেপচনত লিখা আছিল, “২২ জানুৱাৰীত শ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আজি ভাৰতৰ ৰাষ্ট্ৰপতি সন্মানীয় দ্ৰৌপদী মুৰ্মুজীক নিমন্ত্ৰণ জনোৱা হ’ল। ইয়াৰ বাবে যথেষ্ট আনন্দ প্ৰকাশ কৰি তেওঁ শীঘ্ৰেই অযোধ্যা অহাৰ বাবে সময় ঠিক কৰিব বুলি কয়।'' 

সিদ্ধান্ত

ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল বোলা দাবীটো সঁচা নহয়। মন্দিৰ নিৰ্মাণৰ দায়িত্বত থকা সমিতিৰ নেতা আৰু আন সংগঠনৰ একাংশ নেতাই যোৱা ১২ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰিছিল। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।