মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ বুলি সংবাদ মাধ্যমত পুৰণি ফটো ভাইৰেল

লেখক: অনুৰাগ বৰুৱা
ছেপ্তেম্বৰ 13 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ বুলি সংবাদ মাধ্যমত পুৰণি ফটো ভাইৰেল

মৰক্কোৰ ভূমিকম্পৰ বুলি পুৰণি ফটো প্ৰচাৰ কৰা ডা নিউজ প্লাছৰ সম্প্ৰচাৰৰ স্ক্ৰীণশ্বট । (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

ছবিবোৰ যোৱা দশকৰ ভিতৰত বিশ্বৰ বিভিন্ন ঠাইত সংঘটিত ভূমিকম্পৰ হয় ।

ক্লেইম আইডি ef86b8ca

৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে মৰক্কোত এক ৬.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও ২৮০০ লোকৰ মৃত্যু হয় । এতিয়ালৈকে প্ৰায় ২৫০০ লোক আহত হোৱাৰ সন্ধান পোৱা গৈছে । উদ্ধাৰ কৰ্মীসকলে জীৱিত লোকক বিচাৰিবলৈ ঘড়ীৰ কাঁটাৰ বিপৰীতে যুঁজি আছে ।

দাবী কি?

যোৱা ১০ ছেপ্টেম্বৰত, অসমীয়া বাতৰি সম্প্ৰচাৰক ডা নিউজ প্লাছৰ ফেচবুক পেজত এক বাতৰিৰ প্ৰতিবেদনত মৰক্কোৰ ভূমিকম্পৰ বুলি দাবী কৰি কিছু ধ্বংস আৰু ক্ষয়-ক্ষতিৰ ভিজুৱেল পোষ্ট কৰিছিল। পোষ্টটোৰ এটা 'আৰ্কাইভড ভাৰ্চন' ইয়াত চাব পাৰিব।

ভালদৰে চাই আমি দেখিলোঁ যে প্ৰতিবেদনত অন্তৰ্ভুক্ত তিনিখন ছবি আচলতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পূৰ্বৰ ভূমিকম্পৰ হয়। ইয়াৰে এখন ছবি হিন্দী ভাষাৰ বাতৰি কাকত পঞ্জাৱ কেছৰী আৰু আন এখন ছবি অসমীয়া সংবাদ ফটো এজেন্সী ইউ বি ফ’ট’ছকে ধৰি আন কিছু ছবি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে । এই ছবিসমূহ শেহতীয়াকৈ মৰক্কোত সংঘটিত হোৱা ভূমিকম্পৰ বুলি দাবী কৰা হৈছে ।

আন এজন ফেচবুক ব্যৱহাৰকাৰীৰ এটা পোষ্টত গাড়ী থকা এখন ছবি আৰু এটা ছিন্নভিন্ন অট্টালিকাৰ ধ্বংসাৱশেষৰ আন এখন ছবি অন্তৰ্ভুক্ত কৰা দেখা গৈছে । এই পোষ্টটো প্ৰায় ১৮০০ বাৰ শ্বেয়াৰ কৰা হৈছে । ইয়াত আৰ্কাইভ কৰা হৈছে ।

ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক)

আমি কি বিচাৰি পাইছিলোঁ?

আমি ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমছ ব্যৱহাৰ কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰাত ইয়াৰে তিনিখন ছবি পৃথিৱীৰ বিভিন্ন ঠাইত পূৰ্বে সংঘটিত হোৱা পুৰণি ভূমিকম্পৰ বুলি নিৰ্ণয় কৰিব পাৰিলো।

ধ্বংসপ্ৰাপ্ত জাহাজ থকা ছবিখন

এই ছবিখনৰ বিষয়ে অনুসন্ধান কৰি আমি ২০২১ চনৰ ১১ মাৰ্চত জাপানী সংবাদ সংস্থা কিয়’ড' নিউজৰ ৱেবছাইটত প্ৰকাশিত এখন ফটো ৰচনা পালোঁ, যাৰ শিৰোনাম আছিল “IN PHOTOS: Recalling devastation of Great East Japan Earthquake”। ধ্বংসপ্ৰাপ্ত জাহাজৰ ভাইৰেল ছবিখন এই ফটো ৰচনাত অন্তৰ্ভুক্ত কৰা হৈছে । বৰ্ণনাত লিখা আছে, “২০১১ চনৰ ১২ মাৰ্চত হেলিকপ্টাৰৰ পৰা লোৱা ফটোত দেখা গৈছে যে আগদিনা জাপানত ৯.০ প্ৰাবল্যৰ আটাইতকৈ শক্তিশালী ভূমিকম্প সংঘটিত হোৱাৰ পিছত মিয়াগি প্ৰিফেকচাৰৰ কেচেননুমা চহৰত ছুনামীৰ ফলত জাহাজবোৰ পাৰলৈ উটি গৈছিল।” এই ছবিখনৰ কৃতিত্ব কিয়’ড’ক দিয়া হৈছিল।

ধ্বংসপ্ৰাপ্ত জাহাজ থকা ভাইৰেল ছবিৰ মূল ছবিখনৰ সৈতে তুলনা। (উৎস: ফেচবুক(বাওঁফালে)/কিয়’ড' নিউজ(সোঁফালে))

এই ছবিখন ২০১১ চনৰ ১২ মাৰ্চত এনবিচি নিউজৰ ৱেবছাইটতো একেধৰণৰ কেপচনৰ সৈতে প্ৰকাশ কৰা হৈছিল আৰু এপি ফটোজ তথা কিয়'ড' নিউজক ক্ৰেডিট দিয়া হৈছিল।

২০১১ চনৰ ১১ মাৰ্চত জাপানত এক ৯.০ প্ৰাবল্যৰ ভূমিকম্প হয়, যিটো ইয়াৰ লিপিবদ্ধ ইতিহাসৰ আটাইতকৈ শক্তিশালী ভূমিকম্প আছিল আৰু ইয়াৰ ফলত ছুনামীৰ সৃষ্টি হয়। এই ঘটনাত ১৫ হাজাৰৰো অধিক লোকৰ মৃত্যু, আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত, ঘৰ-দুৱাৰ ধ্বংস হয়।

ওখ অট্টালিকা আৰু এখন বগা গাড়ী

এই ফটোখন অনুসন্ধান কৰি ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীৰ তুৰস্ক-চিৰিয়া ভূমিকম্পৰ বিষয়ে প্ৰকাশিত চিএনএনৰ এটা বাতৰিৰ প্ৰতিবেদন পোৱা গ’ল । এই ভাইৰেল ছবিখন এই প্ৰতিবেদনত “তুৰস্কৰ আডানাত হোৱা ভূমিকম্পৰ পিছত কুকুৰোভা জিলাৰ ইউৰ্ট চুবুৰীত এটা ধ্বংসপ্ৰাপ্ত এপাৰ্টমেণ্ট আৰু এখন ক্ষতিগ্ৰস্ত বাহন দেখা গৈছে,” কেপছন সহিত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ কৃতিত্ব ওমেৰ য়িল্ডিজ/আনাড’লু এজেন্সী/গেট্টি ইমেজক দিয়া হৈছে ।

ওখ অট্টালিকা আৰু এখন বগা গাড়ী থকা ভাইৰেল ছবিৰ মূল ছবিখনৰ সৈতে তুলনা । (উৎস: ফেচবুক (বাওঁফালে)/গেটি ইমেজ (সোঁফালে))

আমি গেট্টি ইমেজৰ ৱেবছাইটত একেখন ফটো পাইছিলোঁ, য’ত লিখা আছিল যে এই ফটোখন ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰ পিছত কুকুৰোভা জিলাৰ ইউৰ্ট চুবুৰীত তোলা হৈছে ।

ভাঙি যোৱা ঘৰ আৰু ধ্বংসাৱশেষ

এই ফটোখন অনুসন্ধান কৰি উক্ত ফটোখন প্ৰকাশ কৰা একাধিক ৱেবছাইট পোৱা গ'ল, য’ত পিক্সাবেৰ দৰে ষ্টক ইমেজ ৱেবছাইটও আছিল। এই ফটোখনৰ মূল উৎস আমি স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব নোৱাৰিলেও আমি ছবিখন অতীতলৈ ২০১০ চনৰ ২০ এপ্ৰিল তাৰিখলৈকে বিচাৰি উলিয়াব পাৰিলোঁ, যেতিয়া ইয়াক geoengineer.org নামৰ এক ৱেবছাইটত প্ৰকাশ কৰা হৈছিল। এই ফটোখন ২০১০ চনৰ চিলিৰ ভূমিকম্পৰ ওপৰত লিখা এটা লেখাৰ বাবে প্ৰতিনিধিত্বমূলক ছবি হিচাপে ব্যৱহাৰ কৰা হৈছিল ।

ছিন্নভিন্ন ঘৰ আৰু ধ্বংসাৱশেষ থকা ভাইৰেল ছবিখনৰ পুৰণি ছবিখনৰ সৈতে তুলনা ।  (উৎস: ফেচবুক (বাওঁফালে), পিক্সাবে/জিঅ’ইঞ্জিনিয়াৰ (সোঁফালে))

এই ছবিখনৰ অস্তিত্ব স্পষ্টভাৱে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত মৰক্কোত হোৱা ভূমিকম্পৰ পূৰ্বৰ হয়।

সিদ্ধান্ত

বিভিন্ন বাতৰিৰ প্ৰতিবেদনত তথা এটা ভাইৰেল ফেচবুক পোষ্টত মৰক্কোৰ ভূমিকম্পৰ বুলি ব্যৱহাৰ কৰা তিনিওখন ছবি পুৰণি ভূমিকম্পৰ হয় । আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো কাৰণ শেহতীয়াকৈ সংঘটিত হোৱা মৰক্কোৰ ভূমিকম্পৰ সৈতে ছবি তিনিখনৰ কোনো সম্পৰ্ক নাই ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।