নাছাৰ মংগল গ্ৰহৰ ছবি চন্দ্ৰযান-৩য়ে সংগ্ৰহ কৰা বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: ৰাহুল অধিকাৰী
ছেপ্তেম্বৰ 7 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নাছাৰ মংগল গ্ৰহৰ ছবি চন্দ্ৰযান-৩য়ে সংগ্ৰহ কৰা বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

নাছাৰ ৰ'ভাৰে বন্দী কৰা মংগল গ্ৰহৰ তিনিখন অসংলগ্ন ছবি চন্দ্ৰযান-৩য়ে সংগ্ৰহ কৰা দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।

ক্লেইম আইডি 5a013ce6

কি দাবী কৰা হৈছে?

ভাৰতীয় মহাকাশযান চন্দ্ৰযান-৩ য়ে ২৩ আগষ্টত চন্দ্ৰত সফলভাৱে অৱতৰণ কৰে। ইয়াক পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল আৰু মানুহে অৱতৰণৰ মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি এই সাফল্যক উদযাপন কৰিছিল। ইয়াৰ মাজতে, একাধিক লোকে ছ’চিয়েল মিডিয়াত পুৰণি আৰু অসংলগ্ন ভিডিঅ' শ্বেয়াৰ কৰি সেইসমূহ চন্দ্ৰযান-৩ৰ দৃশ্য বুলি দাবী কৰা দেখা যায়। ফেচবুকত ভাইৰেল হৈ পৰা তেনে তিনিটা ভিডিঅ'ত সেই ফুটেজসমূহ ভাৰতীয় চন্দ্ৰ অভিযানৰ বুলি মিছাকৈ উল্লেখ কৰা হৈছে। আটাইকেইটা ভাইৰেল ভিডিঅ'তে ধূলিৰে ভৰা মৰুভূমি সদৃশ শিলাময় দৃশ্য দেখা যায়। এটা ভিডিঅ'ত টায়াৰৰ চিন আছে, এটাত ট্ৰেক আৰু কিছুমান শিল দেখা গৈছে, আৰু আন এটা ভিডিঅ'ত এখন ৰ'ভাৰ দেখা গৈছে। ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীসকলে বাংলাত একেটা কেপচনৰ সৈতে উক্ত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছে য'ত এইদৰে লিখা আছে- "চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থিত চন্দ্ৰযানৰ সুন্দৰ দৃশ্য, দিনৰ পোহৰত লোৱা চন্দ্ৰৰ কিছুমান সুন্দৰ ভিডিঅ'। (বাংলাৰ পৰা অনুবাদিত)"

ফুটেজকেইটা শ্বেয়াৰ কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এই ভিডিঅ'কেইটা নাছাৰ ৰ'ভাৰৰ দ্বাৰা সংগ্ৰহ কৰা ছবি জুম ইন কৰি সৃষ্টি কৰা হৈছে আৰু চন্দ্ৰযান-৩ অভিযানৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ৰ'ভাৰ দেখুওৱা ভিডিঅ’

এই ভিডিঅ'টোত মৰুভূমি সদৃশ শিলাময় এক দৃশ্য দেখা গৈছে য’ত মাজত কেমেৰা সংলগ্ন এখন ডাঙৰ ৰ'ভাৰ আছে। ভিডিঅ'টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি নাছাৰ ৱেবছাইটত উপলব্ধ এখন ছবি লাভ কৰোঁ আৰু ভাইৰেল ভিডিঅ'টোত দেখুওৱা ৰ'ভাৰখন ২০১১ চনৰ ২৬ নৱেম্বৰত উৎক্ষেপন কৰা আৰু ২০১২ চনৰ ৫ আগষ্টত মংগল গ্ৰহত অৱতৰণ কৰা কিউৰিঅ’চিটি ৰ'ভাৰৰ বুলি জানিব পাৰোঁ।

অধিক অনুসন্ধানৰ দ্বাৰা নাছাৰ মংগল ৰ'ভাৰ কিউৰিঅ’চিটিয়ে ২০১৪ চনৰ এপ্ৰিলৰ পৰা মে’ মাহৰ ভিতৰত উইণ্ডজানা ড্ৰিলিং ক্ষেত্ৰত উক্ত ‘ছেল্ফ-পৰ্ট্ৰেইট’ ধৰি ৰাখিছিল বুলি জানিব পৰা যায়। ৰ'ভাৰখনে ইয়াৰ বাহুৰ আনটো মূৰত থকা কেমেৰাৰ দ্বাৰা এই ‘ছেল্ফ-পৰ্ট্ৰেইট’ত একত্ৰিত কেইবা ডজন উপাদান আবদ্ধ কৰিছিল। ২০১৪ চনৰ ২৩ জুনত নাছাই ইয়াৰ ৱেবছাইটত এই ছবিখন প্ৰকাশ কৰে আৰু তাৰ পিছত ২৪ জুনত কিউৰিয়অ’চিটি ৰ'ভাৰে ৬৮৭ দিন (মংগল গ্ৰহৰ এটা বছৰ) সম্পূৰ্ণ কৰাৰ পিছত নাছাৰ এক প্ৰেছ বিজ্ঞপ্তিত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল। 

ভাইৰেল ভিডিঅ' আৰু নাছাৰ কিউৰিঅ'চিটি ৰ'ভাৰৰ ছবিৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/নাছা/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

নাছাই ২০১৫ চনৰ ছেপ্টেম্বৰত ইয়াৰ এক্স (X) (পূৰ্বৰ টুইটাৰ) একাউণ্ট, নাছা ৩৬০ ৰ পৰাও এই ছবিখন প্ৰকাশ কৰিছিল। তদুপৰি, নাছাই ২০১৫ চনৰ আগষ্টত কিউৰিঅ'চিটি ৰ'ভাৰখনে মংগল গ্ৰহত তিনি বছৰ কটোৱাৰ পিছত ৰ'ভাৰখনৰ ওপৰত এটা ভিডিঅ' প্ৰতিবেদন প্ৰকাশ কৰিছিল। ভাইৰেল পোষ্টত ব্যৱহৃত ছবিখন ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ইয়াক ১.২৪ টাইমষ্টাম্পত দেখা পোৱা যায়।

নাছাৰ ২০১৫ কিউৰিঅ’চিটি ৰ'ভাৰৰ ২০১৫ চনৰ ভিডিঅ’ ৰিপৰ্ট (উৎস: ইউটিউব)

ট্ৰেক আৰু শিলৰ ভিডিঅ’

এই ভিডিঅ'টোত টায়াৰৰ চিন আৰু সিঁচৰিত হৈ থকা শিলৰ টুকুৰাৰ সৈতে এক ধূলিময় দৃশ্য দেখুওৱা হৈছে। আমাৰ অনুসন্ধানত এই ভিডিঅ'টো নাছাৰ ৰ'ভাৰে বন্দী কৰা মংগল গ্ৰহৰ ছবি ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল বুলি জানিব পৰা যায়। একেখন ছবি ২০০৮ চনৰ ৩ জানুৱাৰীত নাছাৰ মংগল গ্ৰহ অন্বেষণ ৱেবছাইটত প্ৰকাশ পাইছিল, ইয়াৰ শিৰোনাম আছিল "ডি-ষ্টাৰ পেনোৰামা বাই অপৰচুনিটি।" তলত দেখুওৱা তুলনাত কেইবাটাও দৃশ্যগত সাদৃশ্য দেখা গৈছে।

ভাইৰেল ভিডিঅ’ আৰু নাছাই প্ৰকাশ কৰা ছবিৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/নাছা/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

নাছাই জনোৱা মতে, ছবিখনে মংগল গ্ৰহৰ ৰ'ভাৰে আন যিকোনো অভিযানত ব্যৱহাৰ কৰাতকৈ অধিক অনবৰ্ড স্বতন্ত্ৰতাৰে কাৰ্যকৰী কৰা অভিযানে এৰি থৈ যোৱা ট্ৰেকসমূহ প্ৰদৰ্শন কৰে। ৱেবছাইটটোত লগতে উল্লেখ কৰা মতে ২০০৩ চনত উৎক্ষেপণ কৰা আৰু ২০০৪ চনৰ জানুৱাৰীত মংগল গ্ৰহত অৱতৰণ কৰা আৰু ২০১৮ চনৰ জুন মাহলৈকে গ্ৰহটোত সক্ৰিয় হৈ ‘অপৰচুনিটি ৰ'ভাৰ’-এ এই ছবিখন আবদ্ধ কৰিছিল। মংগল গ্ৰহত সৃষ্টি হোৱা ধুলিৰ তীব্ৰ ধুমুহাই ৰ'ভাৰখনৰ অৱস্থান ঢাকি পেলোৱাৰ পিছত ইয়াৰ সৈতে যোগাযোগ ব্যাহত হৈছিল।

টায়াৰ ট্ৰেকৰ ভিডিঅ’

তৃতীয়টো ভাইৰেল ভিডিঅত ধূলিময় সমতল ভূমিত টায়াৰৰ চিন দেখা গৈছে। এই ভিডিঅ’টোও নাছাৰ এখন ৰ'ভাৰে ধৰা মংগল গ্ৰহৰ ছবি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে। ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত নাছাৰ মংগল অন্বেষণ ৱেবছাইটত ছবিখন প্ৰকাশ পাইছিল।

ভাইৰেল ভিডিঅ’ আৰু নাছাই প্ৰকাশ কৰা ছবিখনৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/নাছা/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ছবিখনৰ কেপচন অনুসৰি নাছাৰ ‘পাৰ্চেভাৰেন্স মাৰ্চ ৰ'ভাৰ’-এ ২০২৩ চনৰ ৩১ জানুৱাৰীত ইয়াৰ মাষ্টকেম-জেড কেমেৰা ব্যৱহাৰ কৰি ইয়াৰ শেহতীয়াকৈ সম্পূৰ্ণ হোৱা নমুনা ডিপোৰ এই ছবিখন বন্দী কৰিছিল।  ২০২০ চনৰ ৩০ জুলাইত ‘পাৰ্চেভাৰেন্স ৰ'ভাৰ’ উৎক্ষেপণ কৰা হৈছিল, আৰু ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীত ই মংগল গ্ৰহত অৱতৰণ কৰিছিল।

আমি ইছৰ’ৰ দ্বাৰা পোষ্ট কৰা এনে কোনো ভিডিঅ' বিচাৰি নাপালোঁ। ২৩ আগষ্টত অৱতৰণৰ পিছত, ইছৰ’ৱে চন্দ্ৰৰ কেইবাখনো ছবি শ্বেয়াৰ কৰিছে, যাৰ ভিতৰত প্ৰজ্ঞান ৰ'ভাৰ, বিক্ৰম লেণ্ডাৰ আৰু চন্দ্ৰপৃষ্ঠত থকা এটা ক্ৰেটাৰৰ ছবিও আছে।

সিদ্ধান্ত

চন্দ্ৰযান-৩ য়ে ভাইৰেল ভিডিঅ'কেইটা সংগ্ৰহ কৰা বুলি কৰা দাবীসমূহ মিছা। বিগত বছৰকেইটাত নাছাৰ মংগল ৰ'ভাৰে সংগ্ৰহ কৰা মংগল গ্ৰহৰ ছবি ভাৰতৰ চন্দ্ৰ অভিযানৰ শেহতীয়া ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। এই দৃশ্য বিলাকৰ ইছৰ’ বা চন্দ্ৰযান-৩ৰ সৈতে কোনো সম্পৰ্ক নাই। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।