মহুৱা মৈত্ৰক আৰক্ষীয়ে টানি নিয়া এটা পুৰণি ভিডিঅ' তেওঁক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ দৃশ্য হিচাপে প্ৰচাৰিত

লেখক: উম্মে কুলচুম
ডিচেম্বৰ 15 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মহুৱা মৈত্ৰক আৰক্ষীয়ে টানি নিয়া এটা পুৰণি ভিডিঅ' তেওঁক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ দৃশ্য হিচাপে প্ৰচাৰিত

মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক টানি উলিয়াই নিয়াৰ দৃশ্য বুলি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো অক্টোবৰত টিএমচিয়ে সাব্যস্ত কৰা এক অৱস্থান ধৰ্মঘটৰ সময়ৰ ভিডিঅ’ হয়, মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰা ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 48774220

কি দাবী কৰা হৈছে?

তৃণমূল কংগ্ৰেছৰ লোকসভা সাংসদ মহুৱা মৈত্ৰক আৰক্ষীয়ে টানি নিয়া এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি টিএমচিৰ সাংসদ গৰাকীক অসদাচৰণৰ অভিযোগত সংসদৰ পৰা কেনেকৈ বাহিৰ কৰা হৈছিল সেয়া দেখা গৈছে বুলি দাবী কৰা হয়।  এক্স (পূৰ্বৰ টুইটাৰ)-ত শ্বেয়াৰ কৰা এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। আৰক্ষীয়ে মৈত্ৰক বলপূৰ্বকভাৱে দাঙি বাহিৰলৈ টানি নিয়া দেখুওৱা উক্ত ভিডিঅ’টো একেধৰণৰ দাবীৰে ফেচবুকতো যথেষ্ট ভাইৰেল হোৱা দেখা গৈছে। (ইয়াত আৰ্কাইভ কৰা হৈছে।)

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি অসমীয়াত (ইয়াত আৰ্কাইভ কৰা হৈছে) এইদৰে লিখিছে, “ভিডিঅ'টোত দেখা এওঁ ৱে নেকি মহুৱা মইত্র ? পৌৰ বিভাগৰ মানুহে যেন কোনোবা কুকুৰক ডাঙি লৈ গৈছে 😂😂 টিএমচি”

উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ নিশিকান্ত দুবেয়ে মৈত্ৰাৰ বিৰুদ্ধে সংসদত প্ৰশ্ন সোধাৰ বিনিময়ত ব্যৱসায়ী দৰ্শন হিৰাানন্দনীৰ পৰা দামী উপহাৰসহ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছত সংসদৰ এখন এথিক্স কমিটিয়ে মহুয়াক বহিষ্কাৰৰ প্ৰস্তাৱ দিছিল, আৰু উক্ত প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতে ৮ ডিচেম্বৰত লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

মৈত্ৰক বহিষ্কাৰ কৰাৰ পিছত আৰক্ষীয়ে সংসদৰ বাহিৰলৈ টানি নিছিল বুলি দাবী কৰা পোষ্টবোৰ ভিত্তিহীন। এনে দাবীৰ প্ৰমাণ হিচাপে শ্বেয়াৰ কৰা ভিডিঅ'টো তেওঁক বহিষ্কাৰ কৰাৰ আগৰ ভিডিঅ’ হয়। 

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ক্লিপটোৰ এটা কীফ্ৰেমত ৰিভাৰ্চ-ইমেজ চাৰ্চ কৰি আমি চলিত বৰ্ষৰ ৪ অক্টোবৰত সংবাদ প্ৰতিষ্ঠান দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ দ্বাৰা প্ৰকাশিত এটা ইউটিউব ভিডিঅ' লাভ কৰোঁ। ভিডিঅ' প্ৰতিবেদনটোৰ বিৱৰণত উল্লেখ কৰা হৈছে যে নতুন দিল্লীৰ কৃষি ভৱনৰ ভিতৰত এক ধৰ্ণা কাৰ্যসূচীৰ সময়ত টিএমচিৰ আন নেতাসকলৰ আৰক্ষীয়ে মৈত্ৰক আটক কৰিছিল আৰু তেওঁলোকক কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী সাধ্বী নিৰঞ্জন জ্যোতিক সাক্ষাৎ কৰিবলৈ দিয়া নাছিল। টিএমচিৰ নেতাসকলে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন, ২০০৫ (এমএনৰেগা)ৰ অধীনত পশ্চিমবংগৰ শ্ৰমিকসকলৰ পাবলৈ বাকী থকা প্ৰাপ্য ধনৰ বিষয়ে আলোচনা কৰিবলৈ মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিব বিচাৰিছিল।  

৩ অক্টোবৰত মৈত্ৰই তেওঁৰ অফিচিয়েল এক্স একাউণ্টত একেটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ভিডিঅ' পোষ্টটোৰ কেপচনত লিখা আছিল, "ভাৰত চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ সৈতে সাক্ষাতৰ অনুমতি পোৱাৰ পিছত (যি আমাক ৩ ঘণ্টা ধৰি ৰখাই থৈ পিছত নিজৰ কথা নাৰাখিল) বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নিৰ্বাচিত সাংসদসকলক এনে ব্যৱহাৰ কৰা হয়।"

একাধিক মূলসুঁতিৰ সংবাদ মাধ্যমেও এই ঘটনাটোক লৈ বাতৰি প্ৰকাশ কৰিছিল। হিন্দুস্তান টাইমছে ৩ অক্টোবৰত এই কাণ্ডৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছিল, য'ত ভাইৰেল ক্লিপটোৰ লগতে মহুৱাৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট আছে। 

মহুৱা মৈত্ৰক কিয় সংসদৰ পৰা বহিষ্কাৰ কৰা হৈছিল?

এথিক্স কমিতিৰ প্ৰতিবেদনক লৈ সংসদত তীব্ৰ বিতৰ্কৰ পিছত, মৈত্ৰক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিল। পিছত তেওঁ উক্ত সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু আদালতক তেওঁৰ বিষয়টো জৰুৰীভাৱে শুনানি ল’বলৈ আবেদন জনায়। ১৩ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে সাংসদগৰাকীৰ আবেদনৰ জৰুৰী শুনানিৰ অনুৰোধ নাকচ কৰে। 

সিদ্ধান্ত

ভাইৰেল ভিডিঅ'টো মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ আগৰ হয়। যোৱা অক্টোবৰত আৰক্ষীয়ে নতুন দিল্লীত এক অৱস্থান ধৰ্মঘটৰ সময়ত তেওঁকে ধৰি টিএমচিৰ একাংশ নেতাক আটক কৰা সময়ত ভিডিঅ’টো লোৱা হৈছিল। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।