মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছানিয়া মিৰ্জাৰ পুত্ৰক ভাৰতৰ নাগৰিকত্ব দিয়া নহয় বুলি কোৱা নাই

লেখক: সোহম শ্বাহ
জানুৱাৰী 23 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছানিয়া মিৰ্জাৰ পুত্ৰক ভাৰতৰ নাগৰিকত্ব দিয়া নহয় বুলি কোৱা নাই

হিমন্ত বিশ্ব শৰ্মাই ছানিয়া মিৰ্জাৰ পুত্ৰক ভাৰতৰ নাগৰিকত্ব দিয়া নহয় বুলি কৈছিল বুলি সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত দাবী কৰা হৈছে। (উৎস: এক্স/নিউজ১৮ গুজৰাটী, নৱভাৰত হিন্দী/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল উক্তিটো এক্সৰ এটা পেৰডি একাউণ্টত পোষ্ট কৰা হৈছিল, হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল ছ'চিয়েল মিডিয়া একাউণ্টত এনে কোনো পোষ্ট শ্বেয়াৰ কৰা নাই।

ক্লেইম আইডি bddccaf1

কি দাবী কৰা হৈছে?

পাকিস্তানৰ ক্ৰিকেটাৰ শ্বোৱেইব মালিকৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ পুত্ৰক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব নালাগে বুলি অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা বুলি নৱভাৰত হিন্দী আৰু নিউজ ১৮ গুজৰাটীকে ধৰি একাংশ সংবাদ মাধ্যমত এক বাতৰি প্ৰকাশ পাইছে। এই প্ৰতিবেদনসমূহৰ আৰ্কাইভ কৰা সংস্কৰণসমূহ ইয়াত আৰু ইয়াত উপলব্ধ।

নিউজ১৮ গুজৰাটী আৰু নৱভাৰত হিন্দীৰ বাতৰি (উৎসঃ নিউজ১৮ গুজৰাটী, নৱভাৰত হিন্দী)

একেটা দাবী ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স আৰু ইউটিউবতো প্ৰচাৰ হোৱা দেখা গৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। 

ভাইৰেল দাবীটো শ্বেয়াৰ কৰা এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স)

উল্লেখযোগ্য যে শেহতীয়াকৈ মালিকে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ঘোষণা কৰাৰ পিছতে এই দাবীটো কৰা হৈছে। ২০২৪ চনৰ ২১ জানুৱাৰীত ছানিয়া মিৰ্জাৰ পৰিয়ালে এক বিবৃতিৰ জৰিয়তে মালিক আৰু মিৰ্জাৰ কেইমাহমান আগতে বিবাহ বিচ্ছেদ হোৱা বুলি নিশ্চিত কৰিছিল।

ইছলামবিদ্বেষী মন্তব্যৰ বাবে হিমন্ত বিশ্ব শৰ্মা বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হয় যদিও আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে উক্ত ভাইৰেল উক্তিটো আচলতে তেওঁৰ নামত থকা এটা পেৰডি একাউণ্টৰ পৰাহে দিয়া হৈছিল।

প্ৰকৃত সত্য কি?

নৱভাৰত হিন্দী আৰু নিউজ ১৮ গুজৰাটীৰ প্ৰতিবেদনত উক্ত পোষ্টটো @HimantaBishwaa নামৰ এটা এক্স একাউণ্টৰ পৰা কৰা হৈছিল বুলি কোৱা হৈছে। বৰ্তমান ডিলিট কৰা একাউণ্টটোৰ নাম আছিল ‘হিমন্ত বিশ্ব শৰ্মা ছেটায়াৰ’, ইয়াৰ দ্বাৰা স্পষ্টকৈ বুজা যায় যে সেইটো আচলতে এটা পেৰডি একাউণ্টহে আছিল। আমি একাউণ্টটোৰ এটা কেচড ভাৰ্ছনত দেখা পাওঁ যে ইয়াৰ বায়'ত “̌मुख्यमंत्री असम प्रदेश - हिन्दू, राष्ट्र सर्वप्रथम l Satire, Bharat 🇮🇳," বুলি লিখা আছিল, যাৰ দ্বাৰা এইটো এটা পেৰডি একাউণ্ট বুলি অধিক নিশ্চিত হোৱা যায়। 

পেৰডি একাউণ্টটোত শ্বেয়াৰ কৰা ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স)

২২ লাখ ফল’ৱাৰ থকা শৰ্মাৰ অফিচিয়েল একাউণ্ট (@himantabiswa)-ত ছানিয়া মিৰ্জাৰ সম্বন্ধে এনে কোনো পোষ্ট দিয়া দেখা নাযায়। 

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত একাউণ্ট আৰু তেওঁৰ নামত থকা পেৰডি একাউণ্টটোৰ তুলনা। (উৎস: এক্স)

শৰ্মাৰ অ’এছডি (পি আৰ, প্ৰট’কল আৰু যোগাযোগ) নবজিত পাটগিৰীয়ে উক্ত ভাইৰেল দাবীটো মুখ্য মন্ত্ৰী গৰাকীৰ নামত থকা এটা পেৰডি একাউণ্টৰ পৰা দিয়া হৈছিল আৰু ইয়াৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলি লজিকেলী ফেক্টছক নিশ্চিত কৰে।

তদুপৰি আমি এই উক্তিটো সঁচা বুলি প্ৰমাণ কৰিব পৰাকৈ আন কোনো বিশ্বাসযোগ্য উৎস বিচাৰি পোৱা নাই।

২০১৮ চনত প্ৰকাশিত ডেকান ক্ৰনিকলৰ এটা প্ৰতিবেদনত তেলেংগানাৰ হায়দৰাবাদত জন্মগ্ৰহণ কৰা ছানিয়া মিৰ্জা আৰু শ্বোৱেইব মালিকৰ পুত্ৰ ইজহানে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে বুলি কোৱা হৈছে। ২০২১ চনৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত ইজহানৰ ভিছাৰ বাবে ভাৰত চৰকাৰে ব্ৰিটেইন চৰকাৰক  অনুৰোধ কৰাৰ কথাও উল্লেখ কৰিছিল, ইয়াৰ দ্বাৰা তেওঁৰ যে ভাৰতীয় নাগৰিকত্ব আছে সেয়া অধিক স্পষ্ট হয়।

সিদ্ধান্ত

অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত থকা এটা পেৰডি এক্স একাউণ্টৰ পৰা ভাইৰেল দাবীটো কৰা হৈছিল। ছানিয়া মিৰ্জা আৰু তেওঁৰ পুত্ৰৰ ভাৰতীয় নাগৰিকত্ব সন্দৰ্ভত শৰ্মাৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা কোনো পোষ্ট কৰা হোৱা নাই। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।