নিৰ্বাচনী বণ্ডৰ ওপৰত মহান্যায়াভিকৰ্তাই যুক্তি দি থকাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে আসন এৰি উঠি যোৱা নাছিল

লেখক: সোহম শ্বাহ
মাৰ্চ 20 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নিৰ্বাচনী বণ্ডৰ ওপৰত মহান্যায়াভিকৰ্তাই যুক্তি দি থকাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে আসন এৰি উঠি যোৱা নাছিল

নিৰ্বাচনী বণ্ডৰ ওপৰত মহান্যায়াভিকৰ্তাই যুক্তি দি থকাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে আসন এৰি উঠি যোৱা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো এটা ক্লিপ কৰা ভিডিঅ’। সম্পূৰ্ণ ভিডিঅ'টোত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে চকীখনত অলপ লৰচৰ কৰাহে দেখা যায়, তেওঁ আসনৰ পৰা উঠি যোৱা নাছিল।

ক্লেইম আইডি 252dc9eb

কি দাবী কৰা হৈছে?

ভাৰতীয় ষ্টেট বেংকে উচ্চতম ন্যয়ালয়ৰ নিৰ্দেশ অনুযায়ী নিৰ্বাচনী বণ্ডক লৈ সকলো তথ্য জমা দিবলৈ ব্যৰ্থ হোৱা সন্দৰ্ভত অনুষ্ঠিত এক শুনানিৰ সময়ত দেশৰ মহান্যায়াভিকৰ্তা তুষাৰ মেহতাই যুক্তি আগবঢ়াই থকাৰ অৱস্থাত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰকে ধৰি শুনানি গ্ৰহণ কৰি আটাইকেইগৰাকী ন্যায়াধীশে তেওঁলোকৰ আসন এৰি উঠি গৈছিল বুলি দাবী কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

প্ৰায়ে ভুল তথ্য আৰু ঘৃণাসূচক বক্তব্য প্ৰচাৰৰ বাবে পৰিচিত অজিত ভাৰতীকে ধৰি একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে উক্ত দাবীটো শ্বেয়াৰ কৰে। এই লোকসকলে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় আৰু তেওঁৰ সতীৰ্থ ন্যায়াধীশসকলক সমালোচনা কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। কেইবাজনো ব্যৱহাৰকাৰীয়ে মুখ্য ন্যায়াধীশে ‘অধিক সত্যতা এৰাই চলাৰ’ শ্বাৰ্থত ‘পলাই যোৱা’ বুলিও অভিযোগ কৰে। অজিত ভাৰতী নামৰ ব্যক্তিগৰাকীয়ে পিছত নিজৰ পোষ্টটো ডিলিট কৰে যদিও তেওঁৰ আৰু এনেধৰণৰ অন্যান্য পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

মহান্যায়াভিকৰ্তা তুষাৰ মেহতাই ভাষণ দি থকাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে আসন এৰি উঠি যোৱা বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমি এই দাবীটো মিছা বুলি জানিব পাৰোঁ। তুষাৰ মেহতাই যুক্তি আগবঢ়াই থকাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে চকীৰ পৰা উঠি গুচি যোৱা নাছিল।

প্ৰকৃত সত্য কি?

আমি উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ইউটিউব চেনেলত ২০২৪ চনৰ ১৮ মাৰ্চত সম্প্ৰচাৰিত শুনানিৰ লাইভষ্ট্ৰিমটো লাভ কৰোঁ।

লাইভষ্ট্ৰিমটোৰ ২৭:০০ টাইমষ্টেম্পত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত নিৰ্দিষ্ট অংশখিনি দেখা পোৱা যায়। উক্ত সময়খিনিত এছ জি মেহতাই নিৰ্বাচনী বণ্ডৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰি আছিল। সেই সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে তেওঁৰ সতীৰ্থ বিচাৰকসকলৰ সৈতে আলোচনা কৰি থকাৰ মাজতে চকীখনত নিজৰ বহি থকা অৱস্থানটো কিছু সলনি কৰিছিল, কিন্তু ছ’চিয়েল মিডিয়াত তেওঁ বহাৰ পৰা উঠি গুচি যায় বুলি দাবী কৰিবলৈ ভাইৰেল ক্লিপটো তাতে কাটি দিয়া হয়। ইয়াৰ বিপৰীতে মূল ভিডিঅ’টোত মুখ্য ন্যায়াধীশগৰাকীক নিজৰ আসনত বহি শুনানিৰ সম্পূৰ্ণ পৰ্ব চলাই নিয়াহে দেখা যায়। 

উল্লেখযোগ্য যে ভাইৰেল ভিডিঅ’টো কাটি দিয়া অংশৰ পৰা প্ৰায় ২০ মিনিট পিছত ৪৭:২৭ টাইমষ্টেম্পত ইউটিউবত উপলব্ধ শুনানিৰ মূল ভিডিঅ’টো অন্ত পৰে। শুনানি শেষ হোৱাৰ পিছত মুখ্য ন্যায়াধীশ .চন্দ্ৰচূড়ে পূৰ্বে নমস্কাৰ জনাই কোৰ্ট ৰূমৰ পৰা প্ৰস্থান কৰা দেখা পাওঁ, এছ জি মেহতা আৰু অন্যান্য অধিবক্তাসকলেও একেদৰে নমস্কাৰ জনায়।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নমস্কাৰ জনাই আদালতৰ পৰা প্ৰস্থান কৰা দেখা যায় । (উৎস: স্ক্ৰীণশ্বট/ইউটিউব)

ইয়াৰ দ্বাৰা এয়া নিশ্চিত হোৱা যায় যে তুষাৰ মেহতাই বক্তব্য প্ৰদান কৰি থকাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় বা আন ন্যায়াধীশসকলে শুনানিৰ পৰা ওলাই যোৱা নাছিল, তেওঁলোকে শুনানি সম্পূৰ্ণ হোৱাৰ পিছতহে আসন ত্যাগ কৰিছিল।

ভাৰতত নিৰ্বাচনী বণ্ডকলৈ চৰ্চা

এই দাবীটোৰ পটভূমি হৈছে ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড সন্দৰ্ভত দিয়া এক বিশেষ ৰায়দান। ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা নিৰ্বাচনী বণ্ড ব্যৱস্থাক অসাংবিধানিক বুলি ঘোষণা কৰিছিল।

আদালতে এছ বি আইক ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ৬ মাৰ্চলৈকে এই বণ্ডসমূহৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰা বৰঙণিৰ বিস্তৃত বিৱৰণ ভাৰতীয় নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। ২০২৪ চনৰ ১২ মাৰ্চত ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচন আয়োগক আদালতৰ ভাষাত “নিৰ্বাচিত আৰু অসম্পূৰ্ণ” তথ্য প্ৰদান কৰিছিল; ২০২৪ চনৰ ১৪ মাৰ্চত নিৰ্বাচন আয়োগে তেওঁলোকে লাভ কৰা তথ্য প্ৰকাশ কৰিছিল।

ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা পাৰম্ভিক তথ্যত মুখ্য ন্যায়ালয়ৰ নিৰ্দেশৰ বিপৰীতে নিৰ্বাচনী বণ্ডৰ আলফা-নিউমেৰিক চিহ্ন সন্নিৱিষ্ট নকৰা বাবে আদালতে যোৱা ১৮ মাৰ্চত উক্ত শুনানি গ্ৰহণ কৰে। এছবিআইয়ে তেওঁলোকক দিয়া নিৰ্দেশনা পালন নকৰা বিষয়টোক আদালতে সমালোচনা কৰাৰ লগতে বাকী থকা তথ্য দাখিল কৰিবলৈ পুনৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বণ্ড আৰু ৰাজনৈতিক বৰঙণি সন্দৰ্ভত বিভিন্ন ভুল তথ্যৰ উত্থান ঘটিছে। লজিকেলী ফেক্টছে ইয়াত আৰু ইয়াত এনে একাংশ ভাইৰেল পোষ্টৰ সত্যতা নিৰূপণ কৰিছে।

সিদ্ধান্ত

আদালতত অনুষ্ঠিত শুনানিৰ মূল ভিডিঅ’ৰ পৰা এইটো স্পষ্ট হয় যে মহান্যায়াভিকৰ্তাই তেওঁৰ বক্তব্য ৰখাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে আসনৰ পৰা উঠি গুচি যোৱা নাছিল। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।