ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ হোটেলে মৰক্কোৰ ভূমিকম্প পীড়িতসকলক আশ্ৰয় দিয়া বুলি মিছাকৈ দাবী কৰা হৈছে

লেখক: এৰন উইলিয়ামছ
ছেপ্তেম্বৰ 13 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ হোটেলে মৰক্কোৰ ভূমিকম্প পীড়িতসকলক আশ্ৰয় দিয়া বুলি মিছাকৈ দাবী কৰা হৈছে

প্ৰাগ নিউজ আৰু মাদ্ৰিদ জোনত প্ৰকাশিত 'ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ হোটেলে মৰক্কোৰ ভূমিকম্প পীড়িতসকলক আশ্ৰয় দিয়া' বুলি মিছাকৈ দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট I (উৎস:ফেচবুক/X

ফেক্ট চেক

ৰায়দান মিছা

ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ যুটীয়া মালিকীস্বত্ব থকা মাৰাকেছৰ পেষ্টানা চি আৰ৭ হোটেলখনে ভূমিকম্পৰ শৰণাৰ্থীসকলক আশ্ৰয় দিয়াৰ কথা অস্বীকাৰ কৰিছে।

ক্লেইম আইডি 8b3a8cca

পৃষ্ঠভূমি

২০২৩ চনৰ ৮ ছেপ্টেম্বৰত নিশা ১১:১১ বজাত মধ্য মৰক্কোত ৬.৮ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হৈছিল। বিবিচিৰ মতে, ভূমিকম্পৰ ফলত দেশখনৰ মাৰাকেছত ২,০০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ-দুৱাৰ আদিৰ ব্যাপক ক্ষতিসাধন হয়। উক্ত দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই দেশৰ ৰাজপ্ৰসাদত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক প্ৰকাশ কৰা হয়।

ভূমিকম্পৰ পিছতে টিকটক আৰু এক্স (X) (পূৰ্বতে টুইটাৰ)ৰ একাধিক ব্যৱহাৰকাৰীয়ে পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ মালিকানাধীন এখন হোটেলত ভূমিকম্পৰ ভুক্তভোগীসকলক আশ্ৰয় দিয়া হৈছে বুলি দাবী কৰে। তেওঁলোকে দাবী কৰা মতে, ৰোনাল্ডোৱে মাৰাকেছৰ হোটেলখনলৈ ফোন কৰি তেওঁলোকক ভূমিকম্পত পীড়িতসকলক বিনামূলীয়া আশ্ৰয়ৰ ব্য়ৱস্থা কৰি দিবলৈ কৈছিল। এই দাবীটো ব্যাপকভাৱে ভাইৰেল হৈ পৰাৰ লগতে বিভিন্ন অনলাইন সংবাদ মাধ্য়মে ইয়াক লৈ বাতৰিও পৰিৱেশন কৰিছে। পোষ্টটোৰ আৰ্কাইভড ভাৰ্চন এটা ইয়াত চাব পাৰে।

ভাইৰেল X পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমৰ প্ৰাগ নিউজতো একেধৰণৰ দাবীৰে “মৃত্যু উপত্যকাত পৰিণত মৰক্কো: আশ্ৰয় শিবিৰৰ বাবে ৰোনাল্ডোই মুকলি কৰি দিলে বিলাসী হোটেল” শীৰ্ষক বাতৰি প্ৰকাশ কৰিছে। ১১ ছেপ্টেম্বৰত প্ৰকাশিত প্ৰতিবেদনটোত প্ৰাগ নিউজে “ৰোনাল্ডোৱে তেওঁৰ হোটেল পোষ্টানা চিআৰ7 প্ৰয়োজন হোৱা লোকসকলৰ বাবে মুকলি ৰাখিছে” বুলি উল্লেখ কৰিছে। প্ৰাগ নিউজৰ ফেচবুক পেজটো এই বাতৰিটো শ্বেয়াৰ কৰা হয়। ফেচবুক পোষ্টটোৰ আৰ্কাইভড ভাৰ্চন ইয়াত চাব পাৰে।

প্ৰাগ নিউজত প্ৰকাশিত বাতৰিৰ স্ক্ৰীণশ্বট (উৎস: ফেচবুক)

প্ৰকৃত তথ্য়

হোটেলখনৰ মেনেজাৰে জনোৱা মতে হোটেলখনত ভূমিকম্পৰ শৰণাৰ্থীসকলক আশ্ৰয় দিয়া হোৱা নাই, তদুপৰি ভূমিকম্পত পীড়িতসকলক বিনামূলীয়াকৈ কোঠা প্ৰদান কৰাৰ সন্দৰ্ভত আমি ৰোনাল্ডোৰ কোনো বিবৃতি লাভ কৰা নাই।

পেষ্টানা চি আৰ ৯ নামৰ মাৰাকেছৰ হোটেলখনত পেষ্টানা হোটেল গ্ৰুপ আৰু ৰোনাল্ডোৰ যুটীয়া অংশীদাৰিত্ব আছে বুলি পেষ্টানা চিআৰ৭ ৱেবছাইটে নিশ্চিত কৰিছে। ২০১৬ চনৰ ফৰ্বছৰ এক প্ৰতিবেদনৰ মতে পৰ্তুগাল, স্পেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত এক হোটেল ব্য়ৱসায়ৰ সহস্বত্বাধিকাৰী হ'বলৈ ৰোনাল্ডোৱে ৪০ নিযুত মাৰ্কিন ডলাৰতকৈ অধিক বিনিয়োগ কৰিছিল। পেষ্টানা হোটেল গ্ৰুপে হোটেলৰ ব্য়ৱসায়টো পৰিচালনা কৰে, যাক ৰোনাল্ডোৰ আন কোম্পানীবোৰৰ নামেৰে চি আৰ ৭ নাম দিয়া হৈছে। পেষ্টানা হোটেল গ্ৰুপৰ ৱেবছাইট বা X একাউণ্টত মাৰাকেছৰ হোটেলখন ভূমিকম্পৰ পীড়িতসকলৰ আশ্ৰয়ৰ বাবে মুকলি কৰা হৈছে বুলি কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।  

ফৰাচী সংবাদ মাধ্যম ‘লিবাৰেচন’-এ দাবীসমূহৰ সত্য়তা জানিবলৈ ১০ ছেপ্টেম্বৰত হোটেলখনৰ সৈতে যোগাযোগ কৰাত হোটেলখনে এইদৰে কয়, "এইয়া ভুৱা তথ্য। এই মুহূৰ্তত আমাৰ সকলো গ্ৰাহকে স্বাভাৱিক প্ৰক্ৰিয়াৰে ৰিজাৰ্ভেচন কৰিছে।" ইজৰাইলৰ সংবাদ প্ৰতিষ্ঠান ৱাইনেটনিউজেও ১০ ছেপ্টেম্বৰত হোটেল শৃংখলটোৰ সৈতে কথা পাতিছিল, যিয়ে তেওঁলোকক কয় যে, "আমি শৰণাৰ্থী আৰু ভুক্তভোগীসকলক আশ্ৰয় দিছো বুলি কোৱাটো সঠিক নহয়।" তেওঁলোকে আৰু কয় যে হোটেলখনত ভূমিকম্পৰ প্ৰভাৱ পৰা নাছিল আৰু ৱাইনেটনিউজৰ মতে হোটেলখনৰ অপাৰেচন মেনেজাৰ এই দাবীত আচৰিত হৈছিল। লজিকলী ফেক্টছে পেষ্টানা হোটেল গ্ৰুপৰ সৈতে যোগাযোগ কৰিছিল যদিও কোনো সহাঁৰি পোৱা নাই।

লিবাৰেচন আৰু ৱাইনেটনিউজৰ মতে, মাৰাকেছৰ এগৰাকী স্পেনিছ পৰ্যটকৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ভিত্তিত এই দাবীবোৰ কৰা হৈছিল। স্থানীয় সংবাদ মাধ্য়মৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰ্যটক গৰাকীয়ে কৈছিল যে হোটেলসমূহ ভুক্তভোগীসকলৰ বাবে আশ্ৰয় শিবিৰত পৰিণত হৈছে আৰু ৰাস্তাত কেইবা ৰাতি কটোৱাৰ পিছত তেওঁ ৰোনাল্ডোৰ হোটেলত এটা বিনামূলীয়া কোঠা লাভ কৰিছিল। হোটেলখনত পৰ্যটক গৰাকীয়ে বিনামূলীয়া কোঠা পাইছিল নে নাই সেয়া নিশ্চিত হোৱা নাই যদিও হোটেলখনে ভূমিকম্পত পীড়িতসকলক আশ্ৰয় প্ৰদান কৰা বুলি প্ৰচাৰিত দাবীসমূহ খণ্ডন কৰিছে।

সিদ্ধান্ত

হোটেলখনে মৰক্কোৰ ভূমিকম্পৰ ভুক্তভোগীক আশ্ৰয় প্ৰদান কৰাৰ কথা অস্বীকাৰ কৰিছে, তদুপৰি হোটেলখনত বিনামূলীয়া আশ্ৰয়ৰ ব্য়ৱস্থা কৰাৰ সন্দৰ্ভত ৰোনাল্ডোৱে কোনোধৰণৰ বিবৃতি প্ৰদান কৰা নাই। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।