দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত নিজক প্ৰতিনিধিত্ব কৰিছে বুলি মিছা দাবী প্ৰচাৰিত

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
মাৰ্চ 26 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত নিজক প্ৰতিনিধিত্ব কৰিছে বুলি মিছা দাবী প্ৰচাৰিত

অৰবিন্দ কেজৰিৱালে ন্যায়ালয়ত নিজক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত জনোৱা তেওঁৰ আৱেদন প্ৰত্যাহাৰ কৰিছে। জ্যেষ্ঠ অধিবক্তা এ এম সিংভিয়ে তেওঁক প্ৰতিনিধিত্ব কৰিছে।

ক্লেইম আইডি 9586fb89

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক যোৱা ২১ মাৰ্চৰ নিশা প্ৰায় দুঘণ্টা সোধপোছৰ পিচত দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীত বলবৎকাৰী সঞ্চালকালয় (ইডি)-এ গ্ৰেপ্তাৰ কৰে।

কি দাবী কৰা হৈছে?

যোৱা ২২ মাৰ্চত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’বলগীয়া শুনানিৰ পূৰ্বে এক্সত একাধিক ব্যৱহাৰকাৰীয়ে এআইৰ দ্বাৰা সৃষ্টি কৰা এখন ছবি প্ৰচাৰ কৰিছিল য’ত কেজৰিৱালক চুট পিন্ধি আদালতত বহি থকা দেখা যায়। ছবিখনত উচ্চতম ন্যায়ালয়ৰ কেচ ডিটেইলছৰ ফৰ্মেটৰ সৈতে মিল থকা এটা স্ক্ৰীণশ্বট দেখুওৱা হৈছিল। স্ক্ৰীণশ্বচটোত উল্লেখিত কেচ ডিটেইলছত ২১ মাৰ্চ, ২০২৪ তাৰিখে নিশা ০৮:৫৭ বজাত দাখিল কৰা ডায়েৰী নম্বৰ ১৩৫৯৮/২০২৪ৰ সৈতে গোচৰৰ বিৱৰণ উল্লেখ কৰা হৈছিল, য'ত আবেদনকাৰী হিচাপে "অৰবিন্দ কেজৰিৱাল" আৰু আবেদনকাৰীৰ অধিবক্তাক ৰঙা ৰঙেৰে  "আবেদনকাৰী নিজে" (PETITIONER IN-PERSON) হিচাপে হাইলাইট কৰা হৈছে।

ছবিখন শ্বেয়াৰ কৰি উচ্চতম ন্যায়ালয়ত কেজৰিৱালে নিজৰ হৈ যুক্তি আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি দাবী কৰা হৈছে, আৰু এই সিদ্ধান্তৰ ফলত ‘‘কেজৰিৱালে দেশজুৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে বেজাৰ কৰিব’’ বুলি কোৱা হৈছে।

এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ছবিখন শ্বেয়াৰ কৰা এটা পোষ্টে এই বাতৰি লিখাৰ সময়লৈকে ১ লাখ ২১ হাজাৰৰো অধিক ভিউ লাভ কৰিছে। উক্ত পোষ্টটোৰ লগতে একেধৰণৰ দাবী কৰা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

অৱশ্যে কেজৰিৱালে নিজকে প্ৰতিনিধিত্ব কৰা নাই; জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়েহে আদালতত তেওঁক প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ উপৰিও কেজৰিৱালে ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনোৱা তেওঁৰ আবেদন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ অধিবক্তা মনু সিংভীয়ে শুকুৰবাৰে পুৱা শীৰ্ষ আদালতত অৱগত কৰে যে কেজৰিৱালৰ ৰিমাণ্ড সন্দৰ্ভত দিল্লীৰ ৰাউজ এভিনিউ আদালতত হ’বলগীয়া শুনানিত তেওঁ কেজৰিৱালৰ হৈ আদালতত যুক্তি আগবঢ়াব।

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সম্পৰ্কীয় প্ৰতিবেদনত কি কোৱা হৈছে?

কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু তেওঁৰ বিৰুদ্ধে চলা গোচৰৰ সন্দৰ্ভত প্ৰকাশিত কোনো এটা বাতৰিতে তেওঁ উচ্চতম ন্যায়ালয়ত নিজকে প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰা হোৱা নাই।

ইয়াৰ উপৰি ২২ মাৰ্চত কেজৰিৱালে ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন প্ৰত্যাহাৰ কৰে।

কেজৰিৱালৰ আবেদন প্ৰত্যাহাৰ সন্দৰ্ভত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি কেজৰিৱালৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তক অৱগত কৰে যে কেজৰিৱালে বিচাৰ আদালতত তেওঁৰ গোচৰ দাখিল কৰিব বিচাৰে। সিংভিয়ে কয়, ‘‘যিহেতু ৰিমাণ্ডৰ সৈতে সংঘাতত আছে, সেয়েহে তেওঁৰ মক্কেলে এই আবেদন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে আৰু ৰিমাণ্ডৰ বিৰুদ্ধে যুঁজ দিব… অন্যথা ৰিমাণ্ডৰ যুক্তি আগবঢ়োৱা হ’ব আৰু তাৰ পিছত উচ্চ ন্যায়ালয় আৰু তাৰ পিছত..’’ আৰু বিচাৰপীঠে তেওঁৰ অনুৰোধত অনুমোদন জনায়।

২২ মাৰ্চত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু মনোজ জৈনৰ খণ্ড বিচাৰপীঠে কেজৰিৱালৰ আবেদনত অন্তৱৰ্তীকালীন সকাহ প্ৰদানৰ কোনো আদেশ দিবলৈ অস্বীকাৰ কৰি কিয় তেওঁলৈ চমন জাৰি কৰাৰ পিছতো কেজৰিৱালে তদন্তকাৰী সংস্থাৰ সন্মুখত হাজিৰ হোৱা নাছিল বুলি প্ৰশ্ন কৰিছিল।

২২ মাৰ্চৰ আবেলি কেজৰিৱালক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱাই ইডিয়ে আপৰ মুৰব্বীগৰাকীক ১০ দিনৰ বাবে জিম্মাত বিচাৰিছিল। জ্যেষ্ঠ অধিবক্তা ৰমেশ গুপ্তা আৰু বিক্ৰম চৌধুৰীৰ সৈতে মনু সিংভীয়ে পুনৰ তেওঁৰ হৈ যুক্তি দাঙি ধৰে। 

ইয়াৰ দ্বাৰা এইটো নিশ্চিত হয় যে কেজৰিৱালে আদালতত নিজকে প্ৰতিনিধিত্ব কৰা নাই, বৰঞ্চ মনু সিংভীয়ে তেওঁক প্ৰতিনিধিত্ব কৰিছে।

ভাইৰেল কেছ ডিটেইলছত থকা বিসংগতি

উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আমি '১৩৫৯৮' নম্বৰৰ গোচৰটো বিচাৰিলোঁ আৰু দেখিলোঁ যে ভাইৰেল পোষ্টৰ ছবিখনত উল্লেখ কৰাৰ দৰে "অৰবিন্দ কেজৰিলাস বনাম বলৱৎকাৰী সঞ্চালকালয়" শীৰ্ষক গোচৰটো সঁচাকৈয়ে ২০২৪ চনৰ ২১ মাৰ্চত, নিশা ০৮:৫৭ বজাত দাখিল কৰা হৈছিল।

কিন্তু ছাইটত কেছ ডায়েৰীত ভাইৰেল ছবিখনত দেখা দৰে কেৱল ‘অৰবিন্দ কেজৰিৱাল’ বুলি থকাৰ বিপৰীতে "১ অৰবিন্দ কেজৰিৱাল এছ/ডি/ডব্লিউ/থ্ৰু:- জি আৰ কেজৰিৱাল, ৬, ফ্লেগ ষ্টাফ ৰোড, চিভিল লাইনছ, চেণ্ট্ৰেল*, দিল্লী" বুলি উল্লেখ কৰা আছে।

উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত থকা তথ্য আৰু ভাইৰেল কেছ ডিটেইলছৰ তুলনা। (উৎস: এক্স/উচ্চতম ন্যায়ালয়/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তদুপৰি ডায়েৰীখনত ভাইৰেল ছবিখনত "PETITIONER IN-PERSON"ৰ বিপৰীতে আবেদনকাৰীৰ অধিবক্তাৰ নাম 'বিবেক জৈন' বুলি উল্লেখ কৰা হৈছে। এই গোচৰত জৈনৰ নাম কেজৰিৱালৰ অধিবক্তা হিচাপে নথিভুক্ত কৰা হৈছে, কেইবাটাও সূত্ৰৰ দ্বাৰা এই কথা নিশ্চিত হোৱা যায়।

লজিকেলী ফেক্টছে জনৈক যোগাযোগ কৰাত তেওঁ কয়, “ড. সিংভি হৈছে জ্যেষ্ঠ অধিবক্তা আৰু তেওঁলোকে আবেদন দাখিল নকৰে। মই ‘অন ৰেকৰ্ড’ত থকা এজন অধিবক্তা আৰু উচ্চতম ন্যায়ালয়ৰ সন্মুখত বিষয় দাখিল কৰাৰ বাবে আইনগতভাৱে অধিকাৰ প্ৰাপ্ত।" কেজৰিৱালে নিজকে প্ৰতিনিধিত্ব কৰা বুলি প্ৰচাৰিত তথ্য শুদ্ধ নহয় বুলি উল্লেখ কৰি মনু সিংভিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক প্ৰতিনিধিত্ব কৰিছে বুলি তেওঁ কয়।

ধন সৰবৰাহৰ গোচৰ

২০২১-২২ বৰ্ষৰ দিল্লী আবকাৰী নীতিত অনিয়মৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ দ্বাৰা ২০২২ চনৰ ১৭ আগষ্টত পঞ্জীয়ন কৰা গোচৰৰ ভিত্তিত ইডি-এ দিল্লীৰ মুখ্য মন্ত্ৰীজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ)-ৰ প্ৰাক্তন নেত্ৰী কে কবিতাকে ধৰি একাংশ ৰাজনৈতিক নেতাই কেজৰিৱালৰ লগতে আপৰ নেতা মনীষ চিছোদিয়া আৰু সঞ্জয় সিঙৰ সৈতে উক্ত নীতি প্ৰণয়নৰ পৰ্যায়ত ষড়যন্ত্ৰ কৰিছিল।

দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক বলপূৰ্বক পদক্ষেপৰ পৰা কোনো অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ কেইঘণ্টামান পিছতে ২১ মাৰ্চৰ নিশা কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল ।

সিদ্ধান্ত

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে নিজকে প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লোৱা নাই। বৰঞ্চ তেওঁক জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে প্ৰতিনিধিত্ব কৰিছে, যি ২২ মাৰ্চত আদালতত তেওঁৰ হৈ হাজিৰ হৈছিল। তদুপৰি, ভাইৰেল পোষ্টটোত শ্বেয়াৰ কৰা গোচৰটোৰ বিৱৰণ সলনি কৰা হৈছে, উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত থকা প্ৰকৃত তথ্য পৃথক হয়।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।