মণিপুৰত আইটিএলএফ-এ আফিং ফুলৰ মেলা অনুষ্ঠিত কৰিব বুলি ভুৱা প্ৰেছ বিজ্ঞপ্তি প্ৰচাৰ

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 28 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মণিপুৰত আইটিএলএফ-এ আফিং ফুলৰ মেলা অনুষ্ঠিত কৰিব বুলি ভুৱা প্ৰেছ বিজ্ঞপ্তি প্ৰচাৰ

আইটিএলএফৰ বুলি দাবী কৰা ভুৱা ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখনৰ ফটো। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইখন এখন ভুৱা প্ৰেছ বিজ্ঞপ্তি। আইটিএলএফটি-এ মণিপুৰত কোনোধৰণৰ আফিং ফুলৰ মেলা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা নাই।

ক্লেইম আইডি 651c74ed

ইন্টাৰনেটত শেহতীয়াকৈ ভাইৰেল হৈ পৰা দুগৰাকী শিক্ষাৰ্থীৰ মৃতদেহৰ ফটোক কেন্দ্ৰ কৰি হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতি পুনৰ অস্থিৰ হৈ উঠিছে। সংবাদ মাধ্য়মত প্ৰকাশিত তথ্য় মতে যোৱা ৬ জুলাইৰ পৰা সন্ধানহীন হৈ থকা মেইটেই সম্প্ৰদায়ৰ নিহত শিক্ষাৰ্থী দুগৰাকী ফটোৰ ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্য়খনত পুনৰ প্ৰতিবাদ আৰু সংঘাতৰ ঘটনা সংঘটিত হৈছে। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য় ৰাখি দীৰ্ঘ বিতৰতিৰ মূৰত যোৱা ২৩ ছেপ্টেম্বৰত আৰম্ভ কৰা মোবাইল ইন্টাৰনেট সেৱা পুনৰ বন্ধ কৰি দিয়াৰ লগতে অন্ততঃ অহা ২৯ ছেপ্টেম্বৰলৈকে বিদ্য়ালয়সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।   

কি দাবী কৰা হৈছে?

এই অস্থিৰতাৰ মাজতে, মণিপুৰৰ জনগোষ্ঠীয় সংগঠন ইণ্ডিজিনাছ ট্ৰাইবেল লিডাৰ্ছ ফৰাম চমুকৈ আইটিএলএফ-এ জাৰি কৰা বুলি প্ৰকাশিত এখন প্ৰেছ বিজ্ঞপ্তিৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা মতে আইটিএলএফ-এ অহা ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চুৰাচান্দপুৰ জিলাৰ লামকাৰ ‘পীচ গ্ৰাউণ্ড’ত তিনিদিনীয়াকৈ আফিং ফুলৰ এখন বিক্ৰী মেলা "মেগা পপী ফ্লাৱাৰ চেল" অনুষ্ঠিত কৰিছে। উক্ত প্ৰেচ বিজ্ঞপ্তিটো ফেচবুক আৰু এক্স(X)ত ভাইৰেল হৈ পৰিছে। প্ৰেছ বিজ্ঞপ্তিৰ ফটো শ্বেয়াৰ কৰা পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখন শ্বেয়াৰ কৰা দুটা পোষ্ট। (উৎস:X/ফেচবুক/স্ক্ৰীণশ্বট) 

উল্লেখযোগ্য় যে মণিপুৰৰ বিধায়ক এল এম খাউতে কিছুদিন পূৰ্বে এটা সাক্ষাৎকাৰত একাংশ কুকি লোকে, তেওঁলোকে নাজানে কাৰণে, আফিং গছৰ ফুল দেখিবলৈ ধুনীয়া বুলি ভাবি ইয়াৰ খেতি কৰে বুলি কৈছিল, আৰু কেইদিনমান পিছতে উক্ত বিজ্ঞপ্তিটো ভাইৰেল হোৱা দেখা যায়। প্ৰাপ্ত তথ্য় মতে মণিপুৰত বিভিন্ন সম্প্ৰদায়ৰ মাজত কানি তৈয়াৰ কৰা আফিং গছৰ খেতি কৰা হয়।

চুৰাচান্দপুৰৰ বিধায়কগৰাকীৰ এখন ফটোৰ সৈতে ভাইৰেল প্ৰেছ বিবৃতিটো শ্বেয়াৰ কৰি এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে, "এল এম খোউটে (অৱসৰপ্ৰাপ্ত ডি জি পি আৰু বৰ্তমানৰ বিধায়ক)-এ 🍪সকলে কেৱল ফুলৰ বাবে আফিঙৰ খেতি কৰে বুলি কৰা দাবীক সমৰ্থন কৰিবলৈ শীৰ্ষ সংগঠনটোৱে আফিং ফুল বিক্ৰীৰ এক বৃহৎ মেলা আয়োজন কৰিবলৈ সাজু হৈছে!(sic)" (ইংৰাজীৰ পৰা অনূদিত)

ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখন শ্বেয়াৰ কৰা এটা পোষ্ট। (উৎস:X/স্ক্ৰীণশ্বট) 

অৱশ্য়ে, উক্ত ভাইৰেল প্ৰেছ বিবৃতিটো  ভুৱা। আইটিএলএফ-এ এনে কোনোধৰণৰ প্ৰেছ বিবৃতি জাৰি কৰা নাই।

প্ৰকৃত সত্য় কি?

আমি আইটিএলএফৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া পেজসমূহ চাওঁ, কিন্তু তেনে কোনো প্ৰেছ বিজ্ঞপ্তি দেখা নাপালোঁ। ভাইৰেল প্ৰেছ বিবৃতিটো ২৬ ছেপ্টেম্বৰত প্ৰকাশ পোৱাৰ বিপৰীতে আইটিএলএফৰ ৱেবছাইটত উপলব্ধ শেহতীয়া প্ৰেছ বিবৃতিটো যোৱা ২৫ ছেপ্টেম্বৰত প্ৰকাশ পাইছিল আৰু ইয়াত মণিপুৰত গোষ্ঠীগত সংঘাতৰ মাজত অচিনাক্ত মৃতদেহসমূহৰ ব্য়ৱস্থা গ্ৰহণৰ সম্পৰ্কে প্ৰকাশিত এক বাতৰিক লৈ মন্তব্য় কৰা হৈছিল। 

আমি এইটোও উল্লেখ কৰিছিলো যে আইটিএলএফৰ সকলো প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ ল’গ’ৰ ৱাটাৰমাৰ্ক থাকে; কিন্তু ভাইৰে প্ৰেছ বিজ্ঞপ্তিটোৰ ছবিত এনে কোনো ৱাটাৰমাৰ্ক দেখা নাযায়।

ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখনৰ সৈতে আইটিএলএফ-এ জাৰি কৰা প্ৰকৃত প্ৰেছ বিজ্ঞপ্তিৰ তুলনা । (উৎস:X(বাওঁফালে)/আইটিএলএফৰ ৱেবছাইট(সোঁফালে))

লজিকেলী ফেক্টছে আইটিএলএফৰ মুখপাত্ৰ গিঞ্জা ভুৱেলজঙৰ লগত যোগাযোগ কৰে, যি প্ৰেছ বিজ্ঞপ্তিখনত জাৰি কৰা বুলি তাত উল্লেখিত আছে। আইটিএলএফে "মেগা পপী ফ্লাৱাৰ চেল" আয়োজন কৰিব বুলি কৰা দাবীক খাৰিজ কৰি ভুৱেলজঙে কয়, "এইয়া এক ভুৱা প্ৰেছ বিজ্ঞপ্তি। আইটিএলএফে তেনে কোনো বিবৃতি দিয়া নাই। আইটিএলএফৰ দ্বাৰা সকলো প্ৰকৃত প্ৰেছ বিজ্ঞপ্তি ইয়াৰ ৱেবছাইটত উপলব্ধ; যিকোনো প্ৰেছ বিজ্ঞপ্তি যি আমাৰ ৱেবছাইটত নাই সেয়া ভুৱা।"

সিদ্ধান্ত

আইটিএলএফে মণিপুৰত এখন আফিং ফুলৰ বিক্ৰী মেলা আয়োজন কৰা হ’ব বুলি কোনোধৰণৰ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰা নাই। ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে শ্বেয়াৰ কৰা ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখন 'ভুৱা' বুলি সংগঠনটোৱে স্পষ্ট কৰি দিছে। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।