ভাৰতীয় মুছলমানৰ বাবে পাকিস্তানত নাগৰিকত্ব সংশোধনী আইন সদৃশ এখন আইন অনা হৈছে বুলি মিছা দাবী প্ৰচাৰিত

লেখক: উম্মে কুলচুম
মাৰ্চ 14 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভাৰতীয় মুছলমানৰ বাবে পাকিস্তানত নাগৰিকত্ব সংশোধনী আইন সদৃশ এখন আইন অনা হৈছে বুলি মিছা দাবী প্ৰচাৰিত

পাকিস্তানত ভাৰতীয় মুছলমানৰ বাবে চিএএ সদৃশ আইন অনা হ'ব বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

লজিকেলী ফেক্টছে দুগৰাকী পাকিস্তানী সাংবাদিকৰ সৈতে যোগাযোগ কৰে, তেওঁলোকে ভাইৰেল দাবীটো 'সম্পূৰ্ণ মিছা' আৰু ইয়াৰ 'কোনো ভিত্তি নাই' বুলি কয়।

ক্লেইম আইডি 92a8949b

পৃষ্ঠভূমি

২০২৪ চনৰ ১১ মাৰ্চত গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী জাৰি কৰে, ইয়াৰ জৰিয়তে ২০১৯ চনত গৃহীত নাগৰিকত্ব সংশোধনী আইনখন সমগ্ৰ দেশজুৰি কাৰ্যকৰী কৰা হয়। এই আইনে মুছলমান সংখ্যাগৰিষ্ঠ দেশ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানত যিসকল ধৰ্মীয় সংখ্যালঘু লোকে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বৰে পৰা ভাৰতত আছে তেওঁলোকক ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ যোগ্য কৰিব তুলিব।

কিন্তু এই আইনৰ অধীনত চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ পৰা অহা মুছলমান সম্প্ৰদায়ৰ লোকক অন্তৰ্ভুক্ত নকৰাক কেন্দ্ৰ কৰি আইনখনে দেশজুৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে। আইনখনক বিৰোধিতা কৰা একাংশই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আলমত এই নতুন আইনখনৰ জৰিয়তে ভাৰতীয় মুছলমানসকলৰ ওপৰত বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশংকা প্ৰকাশ কৰিছে।

কি দাবী কৰা হৈছে?

আইনখনক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ বুলি দাবী কৰা এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে। স্ক্ৰীণশ্বটটোৰ কেপচনত লিখা আছে, “ভাৰত চৰকাৰৰ অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক CAA (চিএএ) প্ৰতিহত কৰিবলৈ পাকিস্তান চৰকাৰে পাকিস্তানৰ নিজা CAA (চিএএ) জাৰি কৰাৰ সিদ্ধান্ত লৈছে, য’ত ভাৰতত নিৰ্যাতিত অনুভৱ কৰা ভাৰতীয় মুছলমানসকলক পাকিস্তানৰ নাগৰিকত্ব দিয়া হ’ব।” উক্ত স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰা এটা পোষ্টে এই ফেক্ট-চেক লিখা সময়লৈকে ৩,৬০,০০০ ভিউ আৰু ৪,০০০ ৰিশ্বেয়াৰ লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷

উক্ত দাবীটো ব্ৰেকিং নিউজৰ ৰূপতো শ্বেয়াৰ কৰা হৈছিল। এজন এক্স ব্যৱহাৰকাৰীয়ে স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি লিখিছে, “১৯৪৭ চনৰ বিভাজনৰ সময়ত ভাৰতত থকা ভাৰতীয়মুছলমান লোকসকলৰ বাবে পাকিস্তান চৰকাৰে চিএএৰ পাকিস্তানী সংস্কৰণ কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। পাকিস্তানী চিএএ ভাৰতত নিৰ্যাতিত অনুভৱ কৰা ভাৰতীয় মুছলমানসকলক পাকিস্তানৰ নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।~ বাতৰি উৎস অচিনাক্ত পাকিস্তান (sic).” এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্ট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি কি বিচাৰি পালোঁ?

লজিকেলী ফেক্টছৰ অনুসন্ধানত উক্ত এক্স পোষ্টটো "BHKslams" নামৰ এটা একাউণ্টৰ পৰা ২০২৪ চনৰ ১১ মাৰ্চৰ নিশা প্ৰায় ৮:০০ বজাত পোনপ্ৰথমে পোষ্ট কৰা হৈছিল বুলি জানিব পৰা গৈছে, একাউণ্টটোৱে মূলতঃ মিম আৰু ব্যংগ শ্বেয়াৰ কৰে। পোষ্টটোৰ ব্যংগাত্মক ধৰণৰ হোৱাৰ পিছতো ইয়াক এটা সঁচা বাতৰি হিচাপে ব্যাপকভাৱে শ্বেয়াৰ কৰা হয়।

তদুপৰি শ্বৰীফৰ অফিচিয়েল এক্স একাউণ্টটো পৰ্যবেক্ষণ কৰাত ভাইৰেল স্ক্ৰীণশ্বটত বৰ্ণনা কৰা পোষ্টটোৰ সৈতে মিল থকা কোনো পোষ্ট পোৱা নগ’ল। ২০২৪ চনৰ ১০ মাৰ্চত দিয়া তেওঁৰ অন্তিমটো পোষ্টটোত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুয়ে জনোৱা অভিনন্দন বাৰ্তাৰ ধন্যবাদ জনাইছিল।

আমি ৱেবেক মেচিনৰ সহায়ত শ্বৰীফৰ এক্স একাউণ্ট পৰীক্ষা কৰিলো যদিও তাত ৮, ১২ আৰু ১৩ মাৰ্চত দিয়া পোষ্টৰ আৰ্কাইভ সংস্কৰণ দেখা গ’ল যদিও ১০ বা ১১ মাৰ্চৰ কোনো পোষ্ট নাছিল। ছ’চিয়েল মিডিয়া বিশ্লেষণ টুল ছ’চিয়েল ব্লেডৰ এনালিটিক্সে ইংগিত দিয়ে যে শ্বৰীফে ১১ মাৰ্চত চাৰিবাৰ পোষ্ট কৰিছিল আৰু সেই সময়ছোৱাত দিয়া কোনো পোষ্ট ডিলিট কৰা নাছিল।

ছ'চিয়েল ব্লেডৰ এনালিটিক্সৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ছ'চিয়েল ব্লেড/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

পাকিস্তানে চিএএ সদৃশ আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে বুলি কোনো বিশ্বাসযোগ্য সূত্ৰ বা বাতৰি প্ৰকাশ পোৱা নাই। সঁচাকৈ এনেধৰণৰ কোনো ঘোষণা কৰা হ’লে তাক লৈ নিশ্চিতভাৱে বাতৰি প্ৰকাশ পালেহেতেন।

এই সন্দৰ্ভত লজিকেলী ফেক্টছে পাকিস্তানৰ দুগৰাকী সাংবাদিকৰ সৈতেও যোগাযোগ কৰে, তেওঁলোকে ছ’চিয়েল মিডিয়াত চৰ্চিত খবৰ “সম্পূৰ্ণ মিছা” আৰু ইয়াৰ “কোনো ভিত্তি নাই” বুলি নিশ্চিত কৰে। ইছলামবাগৰ সাংবাদিক নবীদ আকবৰে কয় যে পাকিস্তানত এনে কোনো আইন সম্পৰ্কে চিন্তা কৰা হোৱা নাই, “আনকি নিম্ন পৰ্যায়তো কৰা হোৱা নাই।”

সিদ্ধান্ত

পাকিস্তান চৰকাৰে ভাৰতীয় মুছলমানসকলৰ বাবে চিএএ সদৃশ আইন ৰূপায়ণৰ কোনো পৰিকল্পনাৰ কথা ঘোষণা কৰা নাই। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।