ৰাহুল আৰু ছোনিয়া গান্ধীৰ পিছফালে এইখন যীশুখ্ৰীষ্টৰ ছবি নহয়

লেখক: অংকিতা কুলকাৰ্ণী
মে’ 27 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল আৰু ছোনিয়া গান্ধীৰ পিছফালে এইখন যীশুখ্ৰীষ্টৰ ছবি নহয়

ৰাহুল গান্ধীৰ কোঠাত যীশুখ্ৰীষ্টৰ ছবি আঁৰি থোৱা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইখন 'মেডোনা অৰিফলাম্মা' শীৰ্ষক ৰাছিয়াৰ শিল্পী নিকোলাছ ৰোয়েৰিখে অংকন কৰা ছবি হয়।

ক্লেইম আইডি 39cb8d95

কি দবী কৰা হৈছে?

চলিত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত নতুন দিল্লীত হৈ যোৱা ভোটদানৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ এখন ফটো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। ফটোখনত দুয়োগৰাকীয়ে ভোটদানৰ চিন হিচাপে হাতৰ আঙুলিত লগোৱা চিয়াঁহীৰ দাগ দেখুওৱা দেখা যায়। একাধিক লোকে ফটোখন শ্বেয়াৰ কৰি তেওঁলোকৰ পিছফালে থকা দেৱালখনত যীশুখ্ৰীষ্টৰ ছবি লগাই থোৱা আছে বুলি দাবী কৰিছে। ফ্ৰেমৰ ভিতৰৰ ছবিখনত এজন ব্যক্তিয়ে তিনিটা ৰঙা বিন্দু আৰু এটা বৃত্ত থকা বগা ৰঙৰ বেনাৰ এখন দৰি থকা দেখা যায়।

ছ’চিয়েল মিডিয়াত মিছা আৰু বিভ্ৰান্তিকৰ কথা প্ৰচাৰ কৰা বুলি জনাজাত ‘মিষ্টাৰ সিনহা’ নামৰ এটা একাউণ্টে এক্সত শ্বেয়াৰ কৰা তেনে এটা পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে)-ত কোৱা হৈছে, “জ্ঞানেউধাৰী ব্ৰাহ্মণ (হিন্দু ব্ৰাহ্মণ আৰু ক্ষত্ৰীয় সম্প্ৰদায়ে পিন্ধা পবিত্ৰ সূতা) ৰাহুল গান্ধীৰ কোঠাত যীচুৰ ছবি। কোঠাটোত হিন্দু দেৱতাৰ কোনো ছবি নাই।” এই প্ৰতিবেদন লিখাৰ সময়লৈকে পোষ্টটোৱে ১২ লাখ ভিউ লাভ কৰিছে। আন কেইবা গৰাকী ব্যৱহাৰকাৰীয়ে একেধৰণৰ দাবীৰে ছবিখন শ্বেয়াৰ কৰিছে, এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত , ইয়াত আৰু ইয়াত চাব পাৰিব।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্যে লজিকেলী ফেক্টছে দেখিলে যে দেৱালত আঁৰি থোৱা ছবিখন প্ৰকৃততে ৰাছিয়ান শিল্পী নিকোলাছ ৰোয়েৰিখৰ ‘মেডোনা অৰিফ্লামা’ শীৰ্ষক এখন চিত্ৰহে হয়। 

প্ৰকৃত তথ্য কি?

গান্ধীৰ ভাইৰেল ফটোখনৰ পিছফালে থকা ছবিখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি উক্ত ছবিখন গেট্টি ইমেজত বিচাৰি পালোঁ, ছবিখনৰ কেপচনত লিখা আছিল, “মেডোনা অৰিফ্লামা, ১৯৩২। নিউয়ৰ্কৰ নিকোলাছ ৰোয়েৰিখ সংগ্ৰহালয়ৰ সংগ্ৰহত পোৱা গৈছে।”

ভাইৰেল ছবিখন আৰু নিকোলাছ ৰোয়েৰিখৰ এখন ছবিৰ মাজত তুলনা। (উৎস: এক্স/গেটি ইমেজ/স্ক্ৰীণশ্বট)

আমি শিল্পীজনৰ ৱেবছাইটটো চালোঁ আৰু ছবিখনৰ এক বিস্তৃত ব্যাখ্যা লাভ কৰোঁ। ৱেবছাইটটোত উপলব্ধ বাখ্যা মতে ছবিখনত বগা অংশখিনিত থকা ৰঙা ৰঙৰ বৃত্ত আৰু ৰঙা বিন্দু তিনিটাক ‘‘বেনাৰ অৱ পীচ’’ (শান্তিৰ বেনাৰ) বুলি কোৱা হয় আৰু ইয়াৰ দ্বাৰা সংস্কৃতিৰ মাজত নিহিত এক্যতাক প্ৰতীকী ৰূপত দেখুওৱা হৈছে। ইয়াৰ উপৰিও ইয়াত উল্লেখ কৰা হৈছে যে প্ৰথম বিশ্বযুদ্ধৰ ফলত হোৱা ধ্বংসৰ গৰাহৰ পৰা সৃষ্টিশীল কাৰ্য্য, বিশ্ববিদ্যালয়, পুথিভঁৰাল, চিকিৎসালয়, কনচাৰ্ট হল, থিয়েটাৰ আদি সংৰক্ষণৰ বাবে ‘‘বেনাৰ অৱ পীচ’’ৰ প্ৰস্তাৱ কৰা হৈছিল।

ইয়াৰ উপৰিও ইয়াত উল্লেখ কৰা মতে ৰোয়েৰিখে বৃত্তটোক সংস্কৃতিৰ সামগ্ৰিক ৰূপ হিচাপে বৰ্ণনা কৰিছিল, য’ত তিনিটা বিন্দুই শিল্প, বিজ্ঞান আৰু ধৰ্মক বুজাইছে। ৱেবছাইটটোত লগতে উল্লেখ কৰা মতে ১৯৬০ চনৰ পৰা এই ছবিখন নিকোলাছ ৰোয়েৰিখ সংগ্ৰহালয়লৈ ঋণত দি থোৱা হৈছে।

নিকোলাছ ৰোয়েৰিখ সংগ্ৰহালয়ৰ ফেচবুক পেজতো (ইয়াত আৰ্কাইভ কৰা হৈছে) ছবিখনৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে আৰু ইয়াৰ কেপনচত লিখা আছে, “তিনিটা বিন্দুৰ এই প্ৰতীকটোৱে কি বুজাইছে কেতিয়া ভাবি ছাইছেনে? এই ছবিখনত ইয়াক দেখা যায়, “মেডোনা অৰিফ্লামা” (১৯৩২), আৰু ৰোয়েৰিখ পেক্ট আৰু বেনাৰ অৱ পীচৰ প্ৰতীক হিচাপে।” 

নিউয়ৰ্কৰ নিকোলাছ ৰোয়েৰিখ মিউজিয়ামে শ্বেয়াৰ কৰা পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

গান্ধীৰ ভাইৰেল ফটোখনত থকা ছবিখন আচলতে ‘মেডোনা অৰিফ্লামা’ নামৰ এখন চিত্ৰহে হয়। চিত্ৰখন যীশুখ্ৰীষ্টৰ ছবি বুলি মিছাকৈ উল্লেখ কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।