প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত ‘সংৰক্ষণ বিলুপ্ত’ কৰিব বুলি কোৱা নাছিল

লেখক: ৰাহুল অধিকাৰী
মে’ 3 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত ‘সংৰক্ষণ বিলুপ্ত’ কৰিব বুলি কোৱা নাছিল

নিৰ্বাচনত জয়ী হোৱাৰ পাছত সংৰক্ষণ বিলুপ্ত কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীনশ্বট (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টো ক্ৰপ কৰা হৈছে। সম্পূৰ্ণ ভাষণটোত মোদীয়ে কয় যে কংগ্ৰেছে মিছাকৈ দাবী কৰিছে যে তেওঁ ‘সংৰক্ষণ বিলুপ্ত’ কৰাৰ মনস্থ কৰিছে।

ক্লেইম আইডি 77cdee8d

দাবী কি?

চলিত ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টি পুনৰ ক্ষমতালৈ আহিলে সংৰক্ষণ ব্যৱস্থা বিলুপ্ত কৰিব বুলি উল্লেখ কৰা দেখা গৈছে।

ভিডিঅ’টোত তিনিটা ক্লিপ আছে — দুটাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আৰু এটাত মোডীক দেখা গৈছে। ইয়াৰে এটা ক্লিপত মোদীক কোৱা দেখা যায়, “মোদী জয়ী হ’লে সংৰক্ষণ নাইকিয়া হৈ যাব।” দ্বিতীয় ক্লিপটোত গান্ধীয়ে দৃঢ়তাৰে কয়, “নৰেন্দ্ৰ মোদীয়ে সংবিধান ধ্বংস কৰাৰ চেষ্টা কৰিছে। তেওঁৰ সাংসদসকলে স্পষ্টভাৱে উল্লেখ কৰিছে যে যদি তেওঁলোকে নিৰ্বাচনত জয়ী হয় তেন্তে সংবিধান সলনি কৰি বিলুপ্ত কৰিব।” আনটো ক্লিপত তেওঁ ঘোষণা কৰিছে, “আনহাতে, বিৰোধী কংগ্ৰেছ দল আৰু ভাৰতৰ মিত্ৰজোঁটে সংবিধান ৰক্ষাৰ বাবে চেষ্টা কৰিছে।”

ৰিতম সিং নামৰ এজন X ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছিল, “যেতিয়া নৰেন্দ্ৰ মোদীয়ে নিজেই স্বীকাৰ কৰে যে তেওঁ ক্ষমতালৈ আহিলে সংৰক্ষণ আঁতৰাই পেলাব। ভাৰতৰ সংবিধান সলনি কৰিবলৈ বিজেপিয়ে বিচাৰে 'অব কি বাৰ ৪০০ পাৰ'। কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে কেতিয়াও তেনে হ’বলৈ নিদিয়ে! আমি শেষ উশাহলৈকে যুঁজিম! মোৰ কথা নহয় তেওঁৰ 👇।” (sic) এই পোষ্টটোৱে বাতৰি লিখাৰ সময়লৈকে ৪৮,০০০ৰো অধিক দৰ্শন লাভ কৰিছিল। উল্লেখযোগ্য যে সিং অসম কংগ্ৰেছৰ 'ৱাৰ ৰূম সমন্বয়ক' হয় আৰু শেহতীয়াকৈ এক অমিত শ্বাহ সংক্ৰান্তীয় ভুৱা ভিডিঅ' প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে । পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এই দাবী মিছা। মোদীয়ে কংগ্ৰেছ দলক সমালোচনা কৰা এটা ভিডিঅ’ নিৰ্বাচিতভাৱে সম্পাদনা কৰি প্ৰসংগ সংগতিহীনভাৱে শ্বেয়াৰ কৰা হৈছে।

আমি কেনেকৈ সত্য বিচাৰি পালোঁ?

আমি নৰেন্দ্ৰ মোদীৰ অফিচিয়েল ভাৰতীয় জনতা পাৰ্টিৰ ইউটিউব চেনেল (ইয়াত আৰ্কাইভ)ৰ পৰা লাইভ ষ্ট্ৰীম কৰা শেহতীয়া নিৰ্বাচনী সভাসমূহ পৰীক্ষা কৰিলোঁ। আমাৰ গৱেষণাই ইংগিত দিলে যে এই ক্লিপটোৰ উৎপত্তি উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত ২৫ এপ্ৰিলত অনুষ্ঠিত হোৱা মোদীৰ এক সমাৱেশৰ পৰা হৈছে। সম্পূৰ্ণ ভাষণটো ৪৪:১৬ মিনিটৰ আছিল, আৰু ভাইৰেল ফুটেজটো মূল ভিডিঅ'টোৰ ২৫:৩৩-২৫:৩৯ মিনিটৰ অংশৰ পৰা লোৱা হৈছিল।

উক্ত অংশটো প্ৰসংগ নোহোৱাকৈ শ্বেয়াৰ কৰা হৈছিল। তেওঁ আচলতে কংগ্ৰেছক ব্যংগ কৰি কৈছিল, “আকৌ এবাৰ কংগ্ৰেছে তেওঁলোকৰ ফ্লপ ছবিখন মুকলি কৰিছে। কংগ্ৰেছৰ ছবিখনত দুটা সংলাপ আছে। ওপৰৰ পৰা তললৈ সকলোৱে একেটা সংলাপৰ আওৰাই আছে। প্ৰথম আলোচনা হ’ল, মোদী জয়ী হ’লে একনায়কত্ববাদৰ সৃষ্টি হ’ব। এই কথাত আপুনি একমত নেকি? তাৰ পিছতো তেওঁলোকৰ ফ্লপ ছবিখন চলিয়েই আছে। দ্বিতীয়টো হ’ল মোদী জয়ী হ’লে সংৰক্ষণ নোহোৱা হৈ যাব।”

সংৰক্ষণ সন্দৰ্ভত শেষৰটো বক্তব্যৰ ঠিক পিছতেই মোদীয়ে ক’লে, “তেওঁলোকে এনে মিছা কথাৰ প্ৰচাৰ চলাই থাকে, কিন্তু আপুনি নিশ্চয় দেখিছে, তেওঁলোকৰ ইস্তাহাৰত এই কংগ্ৰেছ ছবিখনৰ ট্ৰেইলাৰ ওলোৱাৰ লগে লগে মানুহে ইয়াক বুজি উঠিল আৰু দেশে কংগ্ৰেছৰ আচল স্বৰূপটোৰ কথা জানিব পাৰি, তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য আৰু পৰ্দাৰ আঁৰত কংগ্ৰেছৰ লুকাই থকা এজেণ্ডা।”

মোদীয়ে কংগ্ৰেছৰ অ’বিচিৰ “কৰ্ণাটক মডেল”ক আৰু অধিক সমালোচনা কৰি দলটোক তেওঁলোকৰ “ভোট বেংক”ত সংৰক্ষণ পুনৰ আবণ্টন কৰাৰ চেষ্টা কৰাৰ বাবে তীব্ৰ সমালোচনা কৰে। আমি সম্পূৰ্ণ ভাষণটো চাই লক্ষ্য কৰিলোঁ যে তেওঁ সংৰক্ষণ বিলুপ্ত কৰাৰ বিষয়ে একো কোৱা নাছিল।

ৰাহুল গান্ধীয়ে কি কথা কৈ আছিল?

আমি আৱিষ্কাৰ কৰিলোঁ যে গান্ধীৰ ক্লিপ দুটা কৰ্ণাটকৰ বিজাপুৰত কংগ্ৰেছৰ নিৰ্বাচনী সমাৱেশৰ পৰা লোৱা হৈছে। মূল ভাষণটো ২৬ এপ্ৰিলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইউটিউব চেনেল (ইয়াত আৰ্কাইভ)ৰ পৰা লাইভ ষ্ট্ৰীম কৰা হৈছিল।

প্ৰথম ক্লিপটো মূল ভিডিঅ’টোৰ ১০:৩৪ মিনিটৰ পৰা ১০:৫০ মিনিটৰ অংশৰ পৰা লোৱা হৈছিল আৰু শেষৰ ক্লিপটো ১১:১০ মিনিটৰ পৰা ১১:২০ মিনিটৰ খণ্ডটোৰ পৰা লোৱা হৈছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানৰ নগৌৰৰ পৰা বিজেপি নেতা অনন্তকুমাৰ হেগড়ে আৰু বিজেপি লোকসভাৰ প্ৰাৰ্থী জ্যোতি মিৰ্ধাই কয় যে বিজেপিয়ে ক্ষমতা দখল কৰিলে তেওঁলোকে “সংবিধান সলনি” কৰিব। হেগডে দাবী কৰিছিল যে দলটোক “সংবিধান সলনি কৰিবলৈ” ৪০০খন আসনৰ প্ৰয়োজন হ’ব। মৃধাই কয়, “দেশৰ লাভৰ বাবে বহু কঠিন সিদ্ধান্ত ল’ব লাগিব। ইয়াৰ বাবে সংবিধান সংশোধন কৰিব লাগিব।”

ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি কেইবাগৰাকীও কংগ্ৰেছ নেতাই নিৰ্বাচনী সভাত এনে বক্তব্যৰ উল্লেখ কৰি মোদী চৰকাৰে পুনৰ ক্ষমতা লাভ কৰিলে সংবিধান বিলুপ্ত আৰু পৰিৱৰ্তন কৰিব বুলি অভিযোগ উত্থাপন কৰিছে।

কংগ্ৰেছৰ এনে অভিযোগৰ প্ৰত্যুত্তৰ দি মোদীয়ে উল্লেখ কৰিছে যে, ‘তেওঁলোকে ৰাইজক কৈছে যে বিজেপিয়ে সংবিধান সলনি কৰি সংৰক্ষণৰ অন্ত পেলাব। মই তেওঁলোকক ক’ব বিচাৰো যে বাবাছাহেবে নিজে আহি সংৰক্ষণৰ অন্ত পেলাবলৈ আৰু সংবিধান সলনি কৰিবলৈ আহ্বান কৰিলেও সেয়া নহ’ব।” তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহেও লোকসভা নিৰ্বাচনত জয়ী হ’লে বিজেপিয়ে সংবিধান সলনি কৰি সংৰক্ষণৰ অন্ত পেলোৱাৰ মনস্থ কৰিছে বুলি কংগ্ৰেছৰ “মিছা” দাবীক সমালোচনা কৰিছে।

এনে কেইবাটাও ভুৱা দাবী ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে, য’ত বিজেপি নেতাৰ সম্পাদিত ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। এই ভিডিঅ’বোৰে বিভ্ৰান্তিকৰভাৱে প্ৰকাশ কৰিছে যে দলৰ নেতাসকলে লোকসভা নিৰ্বাচনত জয়লাভ কৰিলে সংবিধান সলনি কৰি ভাৰতৰ সংৰক্ষণ ব্যৱস্থা বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। লজিকেলী ফেক্টছে এই দাবীসমূহক মিছা বুলি নিশ্চিত কৰিছে, আৰু আপুনি ইয়াত আৰু ইয়াত ইয়াৰ বিষয়ে অধিক পঢ়িব পাৰে।

সিদ্ধান্ত

সাধাৰণ নিৰ্বাচনত জয়ী হ’লে সংৰক্ষণ বিলুপ্ত কৰিব বুলি উল্লেখ কৰি মোদীৰ এক সম্পাদিত ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। বাস্তৱত প্ৰধানমন্ত্ৰীয়ে মূল ভাষণত কংগ্ৰেছক সমালোচনা কৰি কৈছিল যে তেওঁলোকে মিছাকৈয়ে দাবী কৰিছিল যে তেওঁ এনে পদক্ষেপ লোৱাৰ মনস্থ কৰিছে। ফলস্বৰূপে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।