ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত মোডী সমৰ্থনত শ্লোগান দিয়া বুলি সম্পাদিত ভিডিঅ’ প্ৰচাৰ

লেখক: ৰজনী কে জি
নৱেম্বৰ 30 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত মোডী সমৰ্থনত শ্লোগান দিয়া বুলি সম্পাদিত ভিডিঅ’ প্ৰচাৰ

অনলাইন যোগে প্ৰচাৰিত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

কংগ্ৰেছৰ সভাত মুখ্যমন্ত্ৰী অশোক গেহলটে ভাষণ দিয়া ভিডিঅ’টো ডিজিটেলভাৱে সম্পাদনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপক্ষে শ্লোগান সন্নিৱিষ্ট কৰা হৈছিল ।

ক্লেইম আইডি e3a5227c

পৃষ্ঠভূমি

উত্তৰ ভাৰতৰ ৰাজ্য ৰাজস্থানত ২৫ নৱেম্বৰ শুকুৰবাৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল । বৰ্তমানৰ কংগ্ৰেছ আৰু মূল বিৰোধী দল ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ ৰাজ্যতে পূৰ্ণ শক্তিৰে প্ৰচাৰ চলাইছিল । ভোটগ্ৰহণৰ দিন ওচৰ চাপি অহাৰ লগে লগে কংগ্ৰেছৰ এখন সভাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপক্ষে শ্লোগান দিয়া বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ এটা ভিডিঅ’ প্ৰচাৰিত হৈছিল। মিছা আৰু বিভ্ৰান্তিকৰ দাবী শ্বেয়াৰ কৰাৰ ইতিহাস থকা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী ঋষি বাগ্ৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচন লিখে, “ৰাজস্থানৰ জনসাধাৰণে মুখ্যমন্ত্ৰী গেহলটক মোডী-মোডী শ্লোগান দি সম্ভাষণ জনালে।” ভিডিঅ’টোত মুখ্যমন্ত্ৰী গেহলটে কথা ক’বলৈ আৰম্ভ কৰাৰ লগে লগে ৰাইজে ‘মোডী মোডী’ ধ্বনি দিয়া যেন দেখা গৈছে, আৰু তেওঁ ৰাইজক সমালোচনা কৰা শুনা গৈছে। পোষ্টটো (ইয়াত আৰ্কাইভ কৰা হৈছে) প্ৰকাশৰ সময়ত ৩ লাখ ৮৫ হাজাৰৰো অধিক দৰ্শন আৰু ৪৯০০ লাইক আছিল। বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ফেচবুকতো একে দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

অনলাইনত যোগে প্ৰচাৰিত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেচবুকত এনে ধৰণৰ পোষ্ট একেই ধৰণৰ দাবীৰে অসমীয়াটো দেখা গৈছে । পোষ্টটো ইয়াত আৰ্কাইভ কৰা হৈছে । 

অসমীয়াত অনলাইনত যোগে প্ৰচাৰিত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে ভিডিঅ’টো ডিজিটেলভাৱে সম্পাদনা কৰা হৈছে; মোডী সমৰ্থনত 'মোডী-মোডী' ধ্বনিসমূহ ভিডিঅ’টোৰ মূল সংস্কৰণৰ ওপৰত সম্পাদনা কৰি যোগ কৰা হৈছে।

প্ৰকৃত তথ্য

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি অশোক গেহলটৰ ভাষণৰ দীঘলীয়া সংস্কৰণটো পোৱা গ’ল, যিটো তেওঁৰ অফিচিয়েল ইউটিউব চেনেলত ২২ নৱেম্বৰত প্ৰকাশ পাইছিল। ভিডিঅ’টোৰ শিৰোনাম আৰু বৰ্ণনা অনুসৰি গেহলটে ৰাজস্থানৰ টংক জিলাৰ মালপুৰাত অনুষ্ঠিত কংগ্ৰেছৰ সভাত ভাষণ দিছিল।

গেহলটে তোদৰাইসিংহ-মালপুৰাৰ কংগ্ৰেছ প্ৰাৰ্থী ঘচিলাল চৌধাৰীক সমৰ্থন জনাই ৰাজহুৱা সমাৱেশত ভাষণ দিছিল। গৰু পালকসকলক কংগ্ৰেছে প্ৰদান কৰা নিশ্চয়তা, গৃহ লক্ষ্মী আঁচনি, এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস, আদি বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। এই সমাৱেশত ৰাজ্যসভাৰ সাংসদ দীপেন্দ্ৰ সিং হুদাও উপস্থিত থাকে।

২:১৫ টাইমষ্টেম্পৰ আশে-পাশে আমি ভাইৰেল ক্লিপটোত দেখা যোৱা ভিজুৱেলটো চাব পাৰো। ইয়াত গেহলটে কংগ্ৰেছে পৰিয়ালৰ মহিলা মুৰব্বীক বছৰি ১০ হাজাৰ ₹ প্ৰদান কৰাৰ নিশ্চয়তাৰ কথা কৈছে। মঞ্চত তেওঁৰ কাষত থিয় হৈ আছে কংগ্ৰেছ প্ৰাৰ্থী ঘচিলাল চৌধুৰী। আমি ভিডিঅ’টো ভালদৰে শুনিলোঁ আৰু মোডী সমৰ্থক কোনো ধ্বনি শুনা নাপালোঁ।

ভিডিঅ’টোত দেখা গৈছে যে গেহলটে কথা কওঁতে কিছুমান মানুহে (ফ্ৰেমত দেখা পোৱা নাই) হয়তো চিঞৰি আছিল। চিঞৰ-বাখৰত বিচলিত হৈ গেহলটে সুধিছে: “তেওঁলোক কোন?” আৰু তাৰ পিছত ফ্ৰেমৰ বাহিৰলৈ চাই সুধিছে, “আপুনি তেওঁৰ সমৰ্থনত আহিছে নে নাই?” আৰু বহিবলৈও ইংগিত দিয়ে। কাষতে চৌধৰীয়েও হাতেৰে ইংগিত দিয়ে, মানুহক থিতাপি ল’বলৈ কয়। ভিডিঅ’টোত কিছুমান মানুহৰ হুটিং শুনা গৈছিল; অৱশ্যে কোনো ‘মোডী মোডী’ শ্লোগান শুনা নাযায়।

এই গেহলটৰ সমাৱেশৰ লাইভষ্ট্ৰিম ২২ নৱেম্বৰত কংগ্ৰেছৰ ইউটিউব চেনেল ‘আইএনচি টিভি’তো শ্বেয়াৰ কৰা হৈছিল । এতিয়া ভাইৰেল হোৱা এই ক্লিপটো উক্ত ভিডিঅ’টোত ২:৪০ টাইমষ্টেম্পৰ আশে-পাশে আৰম্ভ হয় । ইয়াতো নৰেন্দ্ৰ মোডীৰ সমৰ্থনত কোনো ধ্বনি শুনা নাযায়।

ফলাফল

কংগ্ৰেছৰ সভাত গেহলটে দিয়া ভাষণৰ মূল ভিডিঅ’ৰ পৰা স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোত ৰাইজে মোডী সমৰ্থনত কোনো শ্লোগান দিয়া নাছিল। ভিডিঅ’টোত শ্লোগানবোৰ ডিজিটেলভাৱে সংযোজন কৰা হৈছে, আৰু পিছত ভুৱা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।