ৰাম মন্দিৰ পূৰ্বৰ বাবৰি মছজিদৰ পৰা ৩ কিঃমিঃ দূৰত নিৰ্মাণ কৰা হৈছে বুলি মিছাকৈ দাবী কৰা হৈছে

লেখক: মহম্মদ চলমান
জানুৱাৰী 19 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাম মন্দিৰ পূৰ্বৰ বাবৰি মছজিদৰ পৰা ৩ কিঃমিঃ দূৰত নিৰ্মাণ কৰা হৈছে বুলি মিছাকৈ দাবী কৰা হৈছে

ছ'চিয়েল মিডিয়াত ৰাম মন্দিৰ বাবৰি মছজিদ থকা স্থানৰ পৰা ৩ কিঃমিঃ দূৰত নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰি হৈছে। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

অযোধ্যাৰ ৰাম মন্দিৰটো বিবাদমান স্থানৰ পৰা তিনি কিঃমিঃ দূৰত নিৰ্মাণ কৰা হোৱা নাই, বাবৰি মছজিদটো য'ত আছিল সেই স্থানতে মন্দিৰটো নিৰ্মাণ কৰা হৈছে।

ক্লেইম আইডি 96bd10d6

কি দাবী কৰা হৈছে?

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন ওচৰ চাপি অহাৰ লগে লগে ইণ্টাৰনেটত সন্দেহজনক দাবী আৰু বাখ্যাৰে বিভিন্ন ফটো আৰু ভিডিঅ’ প্ৰচাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ গুগল মেপছৰ পৰা লোৱা এটা স্ক্ৰীণশ্বটে ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি বহুতেই দাবী কৰিছে যে ৰাম মন্দিৰটো বাবৰি মছজিদ আগতে য’ত আছিল সেই স্থানত নিৰ্মাণ কৰা হোৱা নাই, বৰঞ্চ তাৰ পৰা তিনি কিঃমিঃ দূৰত নিৰ্মাণ কৰা হৈছে। 

ইয়াৰ পিছতে প্ৰশ্ন উঠিছে যে ৰাম মন্দিৰ যদি অন্য ঠাইতে নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল তেন্তে বাবৰি মছজিদটো কিয় ভঙা হৈছিল। ভাইৰেল স্ক্ৰীণশ্বটটোত বৰ্তমানৰ ৰাম মন্দিৰৰ স্থান আৰু পূৰ্বৰ বাবৰি মছজিদৰ স্থান বুলি দাবী কৰি দুটা সেউজীয়া ৰঙৰ বৃত্ত দেখুওৱা হৈছে।

এক্সত এজন ব্যৱহাৰকাৰীয়ে এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) এইদৰে লিখিছে,“গুগল মেপে দুটা নিৰ্দিষ্ট স্থান দেখুৱাইছে য’ত এসময়ত বাবৰি মছজিদ থিয় হৈ আছিল আৰু য’ত ৰাম মন্দিৰটো নিৰ্মাণ কৰা হৈছে। গতিকে মন্দিৰটো সেই স্থানত নিৰ্মাণ কৰা হোৱা নাই যেন লাগিছে।” একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব ৷

ভাইৰেল ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আনহাতে এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে একেধৰণৰ দাবী কৰি অসমীয়াত এটা পোষ্ট দিছে য’ত তেওঁ এইদৰে লিখিছে, ‘‘ৰাম মন্দিৰ বাবৰি মছজিদৰ উপৰত নহয় তাৰ পৰা বহু নিলগত নিৰ্মাণ কৰা হৈছে। শতিকাৰ সৰ্বশ্ৰেষ্ঠ ঝুমলা 🤣’’ পোষ্টটোৰ তলত কমেণ্টত তেওঁঁ ভাইৰেল স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰিছে। ইয়াত আৰ্কাইভ কৰা হৈছে।

এটা অসমীয়া ফেচবুৰক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

শিৱসেনাৰ (উদ্ধৱ থাকৰে ফৈদৰ) নেতা সঞ্জয় ৰাউতেও এই সন্দৰ্ভত মন্তব্য কৰি কয় যে,  ‘য’ত আমি মন্দিৰ নিৰ্মাণৰ কথা কৈছিলো, তাত মন্দিৰ নিৰ্মাণ কৰা হোৱা নাই। সেই বিবাদমান ঠাইখিনি এতিয়াও একেই আছে। তাৰ পৰা তিনি কিলোমিটাৰ দূৰত মন্দিৰটো নিৰ্মাণ কৰা হৈছে।”

ৰাউতৰ এই বক্তব্য হাৰিয়ানাৰ কংগ্ৰেছ নেতা বিকাশ বঞ্চালে এক্সত শ্বেয়াৰ কৰিছে। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব৷

সঞ্জয় ৰাউতৰ মন্তব্য উল্লেখ কৰা ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

কিন্তু আমাৰ অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে গুগল মেপত ‘বাবৰ মছজিদ’ বুলি উল্লেখিত গাঁথনিটো আচলতে এটা সীতা ৰাম মন্দিৰ হে হয়, অযোধ্যাৰ ৰাম মন্দিৰটো পূৰ্বৰ বাবৰি মছজিদৰ স্থানতে নিৰ্মাণ কৰা হৈছে।

আমি সত্যটো কিদৰে জানিব পাৰিলোঁ?

আমি গুগল মেপত দুয়োটা স্থানেই বিচাৰি চালোঁ: এটাত ‘শ্ৰী ৰাম জন্মভূমি মন্দিৰ,’ আৰু আনটোত ‘শ্ৰী সীতা ৰাম মন্দিৰ’ লিখা আছে। পিছৰটোক ভুলকৈ ‘বাবৰ মছজিদ’ বুলি চিহ্নিত কৰা হৈছে।

ভাইৰেল স্ক্ৰীণশ্বট আৰু গুগল মেপত দৃশ্যমান সীতা ৰাম মন্দিৰটো। (উৎস: এক্স/ গুগল মেপ/স্ক্ৰীণশ্বট)

গুগল মেপত ভাইৰেল স্ক্ৰীণশ্বটটোত দেখা ‘বাবৰ মছজিদ’টো জুম কৰি চাই আমি দেখিলোঁ যে তাৰ পৰা ‘শ্ৰী সীতা ৰাম মন্দিৰ’ নামৰ এটা মন্দিৰলৈ যোৱা বাট আছে। গুগল মেপত দেখা গাঁথনিটো যে সীতা ৰাম মন্দিৰৰ সৈতে একে সেয়া আমি গুগল আৰ্থত চাই নিশ্চিত কৰিলোঁ। 

গুগল মেপত দৃশ্যমান শ্ৰী সীতা ৰাম মন্দিৰ (উৎস: গুগল মেপ/স্ক্ৰীণশ্বট)

‘বাবৰ মছজিদ’টো সুকীয়াকৈ সন্ধান কৰাত বাবৰি মছজিদৰ এখন পুৰণি ফটো পোৱা গ’ল, যিটো ভাইৰেল পোষ্টটোত থকা গাঁথনিটোৰ সৈতে একে নহয়। ইয়াৰ পৰা বুজা যায় যে নতুন ৰাম মন্দিৰৰ স্থানৰ পৰা কিছু দূৰৈত অৱস্থিত সীতা ৰাম মন্দিৰটোক ভুলকৈ ‘বাবৰ মছজিদ’ বুলি টেগ কৰা হৈছে।

'বাবৰ মছজিদ'ৰ ছবি আৰু গুগল ছেটেলাইট ইমেজৰ ছবিৰ মাজত থকা পাৰ্থক্য। (উৎস: গুগল মেপ/স্ক্ৰীণশ্বট)

ইয়াৰ পিছত আমি গুগল আৰ্থ প্ৰ’ত ৰাম মন্দিৰটোৰ স্থান নিৰীক্ষণ কৰিলোঁ আৰু ২০২৩ চনত লোৱা মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি থকা দেখুওৱা এখন ছেটেলাইট ইমেজ দেখা পালোঁ। যেতিয়া আমি গুগল আৰ্থ প্ৰ’ত থকা হিষ্টৰিকেল ইমেজেৰি টুলৰ সহায়ত একেখন ঠাইৰ পুৰণি ছেটেলাইট ইমেজসমূহ চোৱাৰ চেষ্টা কৰিলোঁ, তেতিয়া ২০১১ চনৰ এখন ছেটেলাইট ইমেজ পালোঁ য’ত দেখা গ’ল যে সেই সময়ত তাত কোনোধৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নাছিল।

২০১১ আৰু ২০২৩ চনৰ ৰাম মন্দিৰৰ ছেটেলাইট ইমেজ। (উৎস: গুগল আৰ্থ প্ৰ’/স্ক্ৰীণশ্বট)

বাবৰি মছজিদৰ পুৰণি ফটোসমূহ গুগল আৰ্থ প্ৰ’ৰ ২০১১ চনৰ ছেটেলাইট ইমেজৰ সৈতে তুলনা কৰাত নিশ্চিত হোৱা গ’ল যে তেতিয়ালৈকে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাছিল।

সিদ্ধান্ত

আমাৰ অনুসন্ধানৰ পৰা দেখা গৈছে যে শ্ৰী ৰাম জন্মভূমি মন্দিৰটো এসময়ত বাবৰি মছজিদ থকা ঠাইতে নিৰ্মাণ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।