এই তালিকাখনত চিৰাম ইনস্টিটিউটে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিক ‘৫২ কোটি টকা বৰঙণি' দিয়া দেখুওৱা হোৱা নাই

লেখক: ৰাহুল অধিকাৰী
মাৰ্চ 21 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এই তালিকাখনত চিৰাম ইনস্টিটিউটে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিক ‘৫২ কোটি টকা বৰঙণি' দিয়া দেখুওৱা হোৱা নাই

চিৰাম ইনস্টিটিউটে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিক ‘৫২ কোটি টকা বৰঙণি' দিয়া বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্ট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ছবিখনত চিৰাম ইনস্টিটিউটে নিৰ্বাচনী ন্যাসৰ জৰিয়তে বিজেপিক দিয়া ধনৰ পৰিমাণ দেখা গৈছে। কোম্পানীটোৱে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৫২ কোটি টকা দিয়া নাছিল।

ক্লেইম আইডি 09ebcc4f

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই (এছআইআই) নিৰ্বাচনী বণ্ডৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিলৈ ৫২ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। "প্ৰুডেন্ট" আৰু তাৰ পিছত বিজেপিলৈ ধন হস্তান্তৰ কৰা বুলি অভিযোগ কৰি কোম্পানীৰ নামৰ লগতে ধনৰ পৰিমাণ আৰু তাৰিখ সন্নিৱিষ্ট উক্ত তালিকাখন শ্বেয়াৰ কৰি দৰৱ নিৰ্মাতা কোম্পানীটোৱে বিজেপিক নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৫০২.৫ মিলিয়ন (৫০.২৫ কোটি) টকা দিয়া বুলি দাবী কৰা হৈছে।

এক্সত যথেষ্ট ভাইৰেল হৈ পৰা ছবিখন শ্বেয়াৰ কৰি এটা পোষ্টত লিখা হৈছে, "🚨🚨বিগ এক্সপোজ: চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই নিৰ্বাচনী বণ্ড হিচাপে বিজেপিক এদিনতে ৫২ কোটি টকা দান কৰিলে। এতিয়া আপুনি বুজিব পাৰিব যে কিয় ভাৰতত বেলেগ ভেকচিনৰ অনুমতি দিয়া হোৱা নাছিল।🤯🤯 #নিৰ্বাচনীবণ্ডকেলেংকাৰী।”

ছবিখনৰ সৈতে ২০২১ চনৰ ছেপ্টেম্বৰত ৰয়টাৰত প্ৰকাশিত এটা বাতৰিৰ স্ক্ৰীণশ্বট আছে। "স্থানীয় উৎপাদন থকাৰ বাবে ভাৰত চৰকাৰে ফাইজাৰ, মডাৰ্না ভেকচিন ক্ৰয় নকৰে -সূত্ৰ," শীৰ্ষক প্ৰতিবেদনটো শ্বেয়াৰ কৰি নিৰ্বাচনী বণ্ডৰ বৰঙণি আৰু ভেকচিনৰ অনুমোদনৰ মাজত কিবা সম্পৰ্ক আছে বুলি বুজাব খোজা হৈছে। এনে এটা পোষ্টে ৬৭ হাজাৰৰো অধিক ভিউ আৰু ৩৫০০ লাইক লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। 

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

নিৰ্বাচনী বণ্ডকলৈ ‘দ্য ক্ৰছ কাৰেণ্ট’ নামৰ এটা অসমীয়া সংবাদ মাধ্যমত প্ৰকাশিত এক ভিডিঅ’ প্ৰতিবেদনতো চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিলৈ ৫২ কোটি ৫ লাখ টকা ‘চান্দা’ আগবঢ়াইছিল বুলি কোৱা হৈছে। প্ৰতিবেদনটোত চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ উপৰি আন একাংশ প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰা হৈছে।

অৱশ্যে দাবীটোত প্ৰকৃত তথ্যক ভুলকৈ উপস্থাপন কৰা হৈছে। পুনেস্থিত জৈৱ প্ৰযুক্তি আৰু ভেকচিন নিৰ্মাতা কোম্পানীটোৱে নিৰ্বাচনী বণ্ডৰ জৰিয়তে নহয় 'প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্ট'ৰ জৰিয়তেহে বৰঙণি আগবঢ়াইছিল। তদুপৰি ভাৰতত এছআইআইৰ বাহিৰে অন্য ভেকচিনৰ অনুমতি নাছিল বুলি কোৱাটো ভুল, কিয়নো ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতে কেইবাটাও ভেকচিনৰ অনুমোদন জনাইছিল।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ছবিখন ভালদৰে চোৱাত দেখা গ'ল যে চিৰাম ইনষ্টিটিউটে ২০২২ চনৰ আগষ্ট মাহত তিনিটা কিস্তিত ১৮ আগষ্টৰ ভিতৰত "প্ৰুডেন্ট"লৈ মুঠ ৫০২.৫ মিলিয়ন টকা হস্তান্তৰ কৰিছিল। নথিখনৰ এটা টোকাত উল্লেখ কৰা মতে প্ৰুডেণ্ট ইলেক্ট'ৰেল ট্ৰাষ্টলৈ দিয়া বৰঙণি তৎক্ষণাৎ বিজেপিলৈ বিতৰণ কৰা হৈছিল, ছবিখনৰ বাবে ৰয়টাৰক কৃতিত্ব দিয়া হৈছে।

ইয়াৰ ভিত্তিত অনুসন্ধান কৰি আমি ২০২৪ চনৰ ১৪ মাৰ্চত ৰয়টাৰত প্ৰকাশিত ' স্বল্পখ্যাত ন্যাসৰ জৰিয়তে মোডীৰ নিৰ্বাচনী ৰণত ভাৰতৰ শীৰ্ষ ব্যৱসায়ীক গোষ্ঠীৰ সংযোগ স্থাপন' শীৰ্ষক এটা প্ৰতিবেদন লাভ কৰোঁ য’ত উক্ত ছবিখন ব্যৱহাৰ কৰা হৈছে।

ৰয়টাৰৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: ৰয়টাৰ/স্ক্ৰীণশ্বট)

প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্ট কি হয়?

ৰয়টাৰৰ প্ৰতিবেদনত উল্লেখ কৰা মতে নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা নিৰ্বাচনী ন্যাস প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্ট হৈছে বিজেপিক আটাইতকৈ বেছি বৰঙণি আগবঢ়োৱা হিচাপে পৰিচিত এটা ন্যাস। ২০১৩ চনত গঠন হোৱা উক্ত ন্যাসটোৱে প্ৰায় ২৭.২ কোটি টকা সংগ্ৰহ কৰিছে আৰু ইয়াৰে প্ৰায় ৭৫ শতাংশ ধন বিজেপিক দান কৰিছে। 

প্ৰতিবেদনটোত কিদৰে ব্যক্তিগত কৰ্পৰেট দাতাৰ পৰা অনুদান আবণ্টন কৰা হয় সেই কথা প্ৰকাশ কৰি প্ৰুডেণ্টৰ স্বচ্ছতাৰ অভাৱৰ ওপৰত আলোকপাত কৰা হৈছে। ৰয়টাৰে মতে এছআইআই, ভাৰতী এয়াৰটেল, আৰু আৰ্চেলৰমিত্তল নিপ্পন ষ্টীল ইণ্ডিয়াৰ দৰে কেইবাটাও আগশাৰীৰ কোম্পানীয়ে নিৰ্বাচনী ন্যাসৰ জৰিয়তে বিজেপিলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ২০১৮ চনৰ পৰা ২০২২ চনলৈকে ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ বিশ্লেষণত দেখা গৈছে যে আঠটা কোম্পানীয়ে ন্যাসটোলৈ যথেষ্ট পৰিমাণৰ ধন আগবঢ়াইছিল। পৰৱৰ্তী সময়ত ন্যাসে এই কোম্পানীসমূহৰ লাভ কৰা সমমূল্যৰ চেক বিজেপিক প্ৰদান কৰিছিল।

নিৰ্বাচনী বণ্ড বনাম নিৰ্বাচনী ন্যাস

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ মতে, একাংশ প্ৰতিষ্ঠানে অন্য কোম্পানী আৰু ব্যক্তিৰ পৰা লাভ কৰা বৰঙণি ৰাজনৈতিক দলসমূহলৈ আবণ্টন দিয়াৰ উদ্দেশ্যে নিৰ্বাচনী ন্যাসৰ গঠন কৰা হৈছিল। এই ন্যাসসমূহে তেওঁলোকৰ আয়ৰ ৯৫ শতাংশ ৰাজনৈতিক দললৈ বৰঙণি হিচাপে বিতৰণ কৰিব লাগে। ২০১৩ চনত তদানীন্তন কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ‘নিৰ্বাচনী ন্যাস আঁচনি’ আৰম্ভ কৰিছিল, য’ত নিৰ্বাচনী ন্যাস পঞ্জীয়নৰ যোগ্যতা আৰু পদ্ধতিৰ ৰূপৰেখা দাঙি ধৰা হৈছিল আৰু সেইসমূহৰ পঞ্জীয়নৰ ফৰ্মেট নিৰ্দিষ্ট কৰা হৈছিল।

দাতা কোম্পানীসমূহৰ নাম আৰু বৰঙণিৰ তাৰিখকে ধৰি বৰঙণিৰ তথ্য ভাৰতৰ নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ। নিৰ্বাচন আয়োগৰ ২০১৪ চনৰ নিৰ্দেশনা অনুসৰি নিৰ্বাচনী ন্যাসসমূহে নিজৰ বৰঙণিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।

২০১৮ চনত নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এনডিএ) চৰকাৰে নিৰ্বাচনী বণ্ড (ইবি) আঁচনি প্ৰৱৰ্তন কৰে। নিৰ্বাচনী বণ্ড হৈছে সুতমুক্ত বাহক আহিলা যিবোৰ কোম্পানী আৰু ব্যক্তিয়ে ভাৰতীয় ষ্টেট বেংকৰ অনুমোদিত শাখাৰ পৰা ক্ৰয় কৰিব পাৰে। বণ্ডত দাতাৰ পৰিচয় আৰু অন্যান্য তথ্য লিপিবদ্ধ কৰা নহয়, যাৰ ফলত দাতাৰ নাম প্ৰকাশ কৰিব নোৱাৰি। ৰাজনৈতিক দলসমূহে এই বণ্ডসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত নগদ ধনলৈ সলনি কৰিব লাগে।

প্ৰুডেণ্টৰ তথ্যই কি দেখুৱাইছে?

আমি প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টে ভাৰতীয় নিৰ্বাচন আয়োগক দাখিল কৰা বাৰ্ষিক প্ৰতিবেদন (আয়োগৰ ৱেবছাইটত উপলব্ধ) পৰ্যালোচনা কৰিলোঁ।

প্ৰতিবেদন অনুসৰি চিৰাম ইনস্টিটিউটে ২০২২ চনৰ ১ আগষ্টত ৪০ কোটি টকা, ২০২২ চনৰ ২ আগষ্টত ১০ কোটি টকা আৰু ২০২২ চনৰ ১৭ আগষ্টত ২৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছিল। সকলো লেনদেন এক্সিছ বেংকৰ জৰিয়তে কৰা হৈছিল। বিজেপিৰ উপৰিও আম আদমী পাৰ্টি, যুৱজন শ্ৰমিক ৰৃথু কংগ্ৰেছ পাৰ্টি (ৱাইএছআৰচিপি), আৰু বৰ্তমান ভাৰত ৰাষ্ট্ৰ সমিতি নামেৰে পৰিচিত তেলেংগানা ৰাষ্ট্ৰ সমিতি (টিআৰএছ)ক ধন দিয়া হৈছিল। মন কৰিবলগীয়া যে বৰঙণিৰ প্ৰধান অংশই বিজেপিলৈ আগবঢ়োৱা হৈছিল।

চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰুডেন্ট ইলেক্টৰেল ট্ৰাষ্টলৈ আগবঢ়োৱা অনুদান। (উৎস: ইচিআই/লজিকেলী ফক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তদুপৰি ২০২২ চনৰ ১৮ আগষ্টত ন্যাসটোৱে বিজেপিক একে পৰিমাণৰ ধনৰ এখন চেক প্ৰদান কৰিছিল বুলিও নথিখনত লগতে ​​উল্লেখ কৰা হৈছে।

তথ্য অনুসৰি ৫০২.৫ মিলিয়ন টকাৰ চেক বিজেপিলৈ হস্তান্তৰ কৰা হৈছিল। (উৎস: উৎস: ইচিআই/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

ভাৰতত চিৰাম ইনস্টিটিউটে ভেকচিনৰ অনুমতি লাভ কৰা একমাত্ৰ প্ৰতিষ্ঠান আছিল নেকি?

২০২১ চনৰ জুলাইত লোকসভাত দিয়া এক উত্তৰত কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ’) নিয়ন্ত্ৰিত জৰুৰীকালীন অৱস্থাত ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে কেইবাটাও ভেকচিন অনুমোদন জনোৱাৰ বাতৰি কথা উল্লেখ কৰা হৈছিল। উক্ত অনুমোদনত অন্যান্য ভেকচিনৰ লগতে মডাৰ্না আৰু স্পুটনিক-ভিৰ দৰে ভেকচিন অন্তৰ্ভুক্ত কৰা হৈছিল।

অধিক তদন্তত চিডিএছচিঅ’ৰ এক অতিৰিক্ত তালিকা লাভ কৰা যায় য’ত এছআইআইৰ কভিশ্বিল্ডৰ উপৰিও ভাৰত বায়’টেকৰ ক’ভাক্সিনৰ বিক্ৰী বা বিতৰণৰ বাবেও অনুমোদন জনোৱা হৈছে। ইয়াৰ উপৰিও আন ১৬টা ভেকচিন নিয়ন্ত্ৰিত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা হৈছিল। এই তথ্যই নিশ্চিত কৰে যে এছআইআইৰ ভেকচিন ভাৰতত অনুমোদন জনোৱা একমাত্ৰ ভেকচিন নাছিল।

ভাৰতত অনুমোদিত কভিড-১৯ ভেকচিনৰ তালিকা। (উৎস: চিডিএছচিঅ’/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

নিৰ্বাচনী ন্যাসলৈ ধন প্ৰদান কৰা দেখুওৱা এখন তালিকাৰ ছবি প্ৰচাৰ কৰি চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিলৈ ৫২ কোটি টকাৰ অনুদান আগবঢ়োৱা বুলি মিছাকৈ দাবী কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।