চিপিআই (এম)ৰ নেত্ৰী সুভাষিনী আলীয়ে ৰাহুল গান্ধীক সমালোচনা কৰা বুলি মিছা ভিডিঅ' প্ৰচাৰিত

লেখক: অংকিতা কুলকাৰ্ণী
মে’ 8 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চিপিআই (এম)ৰ নেত্ৰী সুভাষিনী আলীয়ে ৰাহুল গান্ধীক সমালোচনা কৰা বুলি মিছা ভিডিঅ' প্ৰচাৰিত

চিপিআই (এম)ৰ নেত্ৰী সুভাষিনী আলীৰ ভিডিঅ' বুলি প্ৰচাৰিত ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰিণশ্বট। (উৎস: ফেচবুক/স্ক্ৰিণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

চিপিআই(এম)ৰ নেত্ৰী সুভাষিনী আলীয়ে ভাইৰেল ক্লিপটোত দেখা মহিলা গৰাকী তেওঁ নহয় বুলি লজিকেলী ফেক্টছক নিশ্চিত কৰিছে।

ক্লেইম আইডি 2f228172

কি দাবী কৰা হৈছে?

২০২৪ চনৰ ভাৰতীয় লোকসভা নিৰ্বাচনৰ মাজতে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত এগৰাকী বয়সস্থ মহিলাই ৰাহুল গান্ধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক “শান্তিৰ দূত” বুলি উল্লেখ কৰা দেখা গৈছে। একাধিক ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভিডিঅ’টোত দেখা মহিলাগৰাকী হৈছে ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী (চিপিআই-এম)ৰ নেত্ৰী সুভাষিনী আলী।

ভিডিঅ'টোত মহিলাগৰাকীয়ে হিন্দীত কয়, "যদি দেশৰ উন্নতি হোৱাটো বিচাৰে তেন্তে অনুগ্ৰহ কৰি ৰাহুল গান্ধীৰ নাম নল’ব। কাৰণ এতিয়া তেওঁৰ ৰাজনীতি আৰু দেশৰ বিষয়ে কোনো জ্ঞান নাই।" আনহাতে মোডীক প্ৰশংসা কৰি তেওঁ কয়, "আপুনি যদি দেশক বচাব বিচাৰিছে তেন্তে আমি মোডীক ভোট দিয়া উচিত। তেওঁ গোটেই দেশখন চম্ভালিছে, আৰু আমি তেওঁৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। তেওঁ আমাক গোটেই বিশ্বতে চলি থকা যুদ্ধৰ পৰা ৰক্ষা কৰি আছে, আৰু মই ভাবো তেওঁ শান্তিৰ দূত হয়।"

ভিডিঅ'টো শ্বেয়াৰ কৰা এটা এক্স পোষ্টৰ কেপচনত লিখা হৈছে, "ভোটদানৰ পচন্দ সম্পৰ্কে অনুগ্ৰহ কৰি @SubhashiniAli জীৰ কথাখিনি শুনক (তেওঁ কোৱা বুলি ধৰি লওক)। জনসাধাৰণৰ বাবে তেওঁৰ এই পৰামৰ্শ! সকলোকে ভোটদান কৰিবলৈ অনুৰোধ, আৰু অনুগ্ৰহ কৰি ভাৰতৰ স্বাৰ্থত বিবেকেৰে ভোট দিয়ক।"

পোষ্টটোৱে (ইয়াত আৰ্কাইভ কৰা হৈছে) এই প্ৰতিবেদন লিখাৰ সময়লৈকে ২৬,০০০ ভিউ লাভ কৰিছে। এক্সত এনে একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। 

ছচিয়েল মিডিয়াত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একাধিক ফেচবুক ব্যৱহাৰকাৰীয়েও একেধৰণৰ দাবীৰে ক্লিপটো শ্বেয়াৰ কৰিছে; উক্ত আৰ্কাইভ কৰা পোষ্টসমূহ ইয়াত আৰু ইয়াত চাব পাৰিব। অসমীয়াত দিয়া এটা ফেচবুক পোষ্টৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখা হৈছে, ‘‘CPM ৰ নেত্ৰী সুহাসিনী আলিয়ে কি ক'লে ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদী সম্পৰ্কে -’’

অৱশ্যে, আমাৰ অনুসন্ধানত ভাইৰেল ক্লিপটোত থকা মহিলাগৰাকী চিপিআই-এমৰ নেত্ৰী সুভাষিনী আলী নহয় বুলি নিশ্চিত হোৱা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ'টো ভালদৰে চোৱাত আমি এটা মাইক্ৰ'ফোনটোত থকা "৯৯ খবৰ"ৰ ল'গ'টো লক্ষ্য কৰিলোঁ। গুগল চাৰ্চ কৰি আমি একে নামৰ ইউটিউব চেনেলটো বিচাৰি পাওঁ। আমি ভাইৰেল ক্লিপটোৰ দীঘলীয়া সংস্কৰণটো উক্ত চেনেলটোত লাভ কৰোঁ যিটো ২০২৪ চনৰ ২৯ জানুৱাৰীত আপলোড কৰা হৈছিল। হিন্দীত লিখা শিৰোনামটোৰ মোটামুটি অনুবাদ হৈছে, "ৰাহুল গান্ধীৰ ওপৰত ধুনীয়া ছোৱালীৰ খং কিয়? মোডী বনাম ৰাহুল গান্ধীৰ জনমত। লোকসভা নিৰ্বাচন ২০২৪।" ভিডিঅ’টোত ৬:৫৫ৰ পৰা ৮:০০ মিনিটৰ টাইমষ্টাম্পত একেগৰাকী মহিলাই নিজৰ মতামত প্ৰকাশ কৰা দেখা গৈছে।

আমি ৯৯ খবৰ নামৰ একেটা প্ৰতিষ্ঠানৰ ইনষ্টাগ্ৰাম একাউন্টত ২০২৪ চনৰ ১২ মাৰ্চত আপলোড কৰা আন এটা ভিডিঅ'ত (ইয়াত আৰ্কাইভ কৰা হৈছে) একেগৰাকী মহিলাই মোডীক প্ৰশংসা কৰি থকা দেখা পাওঁ।

অৱশ্যে কোনো এটা ভিডিঅ’তে মহিলাগৰাকীৰ নাম বা পৰিচয় প্ৰকাশ পোৱা নাই। দাবী কৰা ধৰণে যদি তেওঁ সঁচাকৈ চিপিআই-এমৰ নেত্ৰী সুভাষিনী আলী হয় তেন্তে ইউটিউবৰ ভিডিঅ’ ৰিপ’ৰ্টটোত সেই কথা নিশ্চয় উল্লেখ কৰিলে হয়। তদুপৰি আন সংবাদ মাধ্যমসমূহেও ইয়াক বাতৰি পৰিৱেশন কৰিলেহেঁতেন, কিন্তু আলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰা সন্দৰ্ভত এনে কোনো বাতৰি আমি বিচাৰি নাপালোঁ।

ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকীক দেখাত সুভাষিনী আলীৰ নিচিনা লাগে যদিও ভালদৰে চালে আলীৰ চেহেৰাৰ সৈতে থকা তেওঁৰ বৈসাদৃশ্য ধৰিব পৰা যায়।

ভাইৰেল ক্লিপটোত থকা মহিলাগৰাকী আৰু চিপিআই-এমৰ নেত্ৰী সুভাষিনী আলীৰ ফটোৰ তুলনা।
(উৎস: ইউটিউব/ফেচবুক/স্ক্ৰীণশ্বট)

আমি ভাইৰেল ক্লিপটোত থকা মহিলাগৰাকীৰ মাতটো সুভাষিনী আলীৰ পুৰণি সাক্ষাৎকাৰৰ সৈতেও তুলনা কৰি চোৱাত তেওঁৰ কণ্ঠস্বৰৰ সৈতে যথেষ্টখিনি পাৰ্থক্য থকা বুলি নিশ্চিত হওঁ।

তদুপৰি সুভাষিনী আলীয়ে (ইয়াত আৰ্কাইভ কৰা হৈছে) নিজৰ অফিচিয়েল এক্স একাউণ্টত এটা পোষ্ট দি এইটো তেওঁৰ ভিডিঅ’ নহয় বুলি স্পষ্ট কৰিছে। "মই বুলি এইটো ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হৈছে। মই নহয়। মোৰ মাত নহয়। মোৰ মতামত নহয়। মই ইচিআই (নিৰ্বাচনী আয়োগ) আৰু আৰক্ষীক অভিযোগ দাখিল কৰিছো। দেখা যাওক তেওঁলোকে কি কৰে," তেওঁ লিখে।

এই সন্দৰ্ভত লজিকেলী ফেক্টছে আলীৰ সৈতে যোগাযোগ কৰাত ভাইৰেল ভিডিঅ’টো তেওঁৰ নহয় বুলি তেওঁ পুনৰ স্পষ্ট কৰে। লজিকেলী ফেক্টছে ৯৯ খবৰৰ সৈতেও যোগাযোগ কৰিছে আৰু তেওঁলোকৰ পৰা সঁহাৰি পালে এই প্ৰতিবেদনটো আপডেট কৰা হ’ব।

সিদ্ধান্ত

চলিত লোকসভা নিৰ্বাচনৰ মাজতে এগৰাকী জ্যেষ্ঠ মহিলাই প্ৰধানমন্ত্ৰী মোডীক লৈ নিজৰ মতামত প্ৰকাশ কৰি ৰাহুল গান্ধীক সমালোচনা কৰা এটা ভাইৰেল ভিডিঅ’ চিপিআই-এম নেত্ৰী সুভাষিনী আলীৰ মন্তব্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।