এই ভিডিঅ'টোত মালদ্বীপৰ সংসদত ৰাষ্ট্ৰপতি মুইজুক প্ৰহাৰ কৰা দেখা গৈছে বুলি মিছাকৈ দাবী কৰা হৈছে

লেখক: ৰাজেশ্বৰী পৰাশা
ফেব্ৰুৱাৰী 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এই ভিডিঅ'টোত মালদ্বীপৰ সংসদত ৰাষ্ট্ৰপতি মুইজুক প্ৰহাৰ কৰা দেখা গৈছে বুলি মিছাকৈ দাবী কৰা হৈছে

মালদ্বীপৰ ৰাষ্ট্ৰপতিক প্ৰহাৰ কৰা বুলি দাবী কৰি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত সংসদৰ মজিয়াত দেখা পোৱা লোকজন মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজু নহয়, বৰঞ্চ দেশখনৰ সাংসদ আব্দুল্লা শ্বহীম আব্দুল হাকিম হয়।

ক্লেইম আইডি 5839bb84

কি দাবী কৰা হৈছে?

কেইজনমান লোকে নিজৰ মাজতে মাৰপিট লগা এটা ভিডিঅ’ অলপতে ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টো শ্বেয়াৰ কৰি একাধিক লোকে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুক দেশখনৰ সংসদৰ ভিতৰতে আক্ৰমণ কৰা হয় বুলি দাবী কৰে। ভিডিঅ’টোত এজন উত্তেজিত লোকে আন এজনক চুলিত ধৰি মজিয়াত বগৰাই প্ৰহাৰ কৰি থকাৰ মাজতে আন কেইজনমান লোকে তেওঁক ৰখাবলৈ চেষ্টা কৰা দেখা যায়।

যোৱা ২৯ জানুৱাৰীত উক্ত ভিডিঅ'টো এক্সত পোষ্ট কৰি কেপচনত লিখা হৈছিল, "আজি মালদ্বীপৰ মহম্মদ মুইজুক সংসদত প্ৰহাৰ কৰা হয়। ভাৰতৰ বৰ্জনৰ বাবে অৰ্থনীতি লৰচৰ কৰিছে (sic)।"

এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, আৰু ইয়াত চাব পাৰিব৷

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে ভিডিঅ’ত দেখা এই ঘটনা ভাৰত আৰু মালদ্বীপৰ মাজত আৰম্ভ হোৱা কুটনৈতিক বিবাদৰ কিছুদিন পিছতে সংঘটিত হয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লক্ষদ্বীপ ভ্ৰমণৰ পিছত মালদ্বীপৰ একাংশ মন্ত্ৰীয়ে ভাৰত তথা মোডীক লৈ কৰা আপত্তিজনক মন্তব্যৰ কেন্দ্ৰ কৰি দেশ দুখনৰ মাজত কুটনৈতিক বিবাদ আৰম্ভ হৈছিল।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত একাংশ ব্যৱহাৰকাৰীয়ে মাৰপিটৰ উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি দেশ দুখনৰ মাজত চলা কুটনৈতিক বিবাদৰ সৈতে ইয়াক সম্পৰ্কিত কৰা দেখা গৈছে। এইসকল লোকে দাবী কৰিছে যে মালদ্বীপৰ অৰ্থনীতি ‘ভাঙি পৰাৰ’ বাবেই ৰাষ্ট্ৰপতি মুইজুৰ ওপৰত আক্ৰমণ কৰা হৈছিল। অৱশ্যে এই দাবী সঁচা নহয়।  

আমি কি বিচাৰি পালোঁ?

ভাইৰেল দাবীটোৰ বিপৰীতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ ওপৰত আক্ৰমণ চলাৰ কোনোধৰণৰ বিশ্বাসযোগ্য বাতৰি প্ৰকাশ পোৱা নাই। সংবাদ মাধ্যমৰ বাতৰি সমূহত ২০২৪ চনৰ ২৮ জানুৱাৰীত মালদ্বীপৰ সংসদৰ ভিতৰত সংঘটিত মাৰপিটৰ কথাহে উল্লেখ কৰা হৈছে।

যোৱা ৩০ জানুৱাৰীত দ্য টেলিগ্ৰাফৰ এক প্ৰতিবেদনত বিতংভাৱে উল্লেখ কৰা হৈছে যে বিৰোধী দল মালদ্বীপ ডেম’ক্ৰেটিক পাৰ্টিয়ে ৰাষ্ট্ৰপতি মুইজুৰ মন্ত্ৰীসভাত চাৰিজন নতুন সদস্যক অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰাক কেন্দ্ৰ কৰি উক্ত কাজিয়া সূত্ৰপাত ঘটে। এই মতানৈক্যই সদস্যসকলৰ মাজত মাৰপিটৰ ৰূপ পায়।

দ্য টেলিগ্ৰাফত উক্ত মাৰপিটৰ ঘটনাত জড়িত লোক কেইজনক সাংসদ ইছা আৰু আব্দুল্লা শ্বহীম আব্দুল হাকিম বুলি চিনাক্ত কৰা হৈছে। প্ৰতিবেদনটোত আৰু উল্লেখ কৰা মতে ইছাক "শ্বহীমৰ ডিঙিত গোৰ মৰা আৰু তেওঁৰ চুলি টনা" দেখা গৈছিল, আনহাতে অন্য সদস্যসকলে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰিছিল।

"মালদ্বীপত সংসদ অধিৱেশনৰ সময়তে কাজিয়াৰ সূত্ৰপাত" শীৰ্ষক শিৰোনামেৰে  ২০২৪ চনৰ ৩০ জানুৱাৰীত দ্য টেলিগ্ৰাফৰ ইউটিউব চেনেলত উক্ত কাজিয়াৰ এটা ভিডিঅ' আপলোড কৰা হৈছিল। উক্ত ভিডিঅ’ প্ৰতিবেদনৰ ০:২৮-ৰ পৰা ০:৪০ টাইমষ্টাম্পত ভাইৰেল দৃশ্যখিনি দেখা যায়।

মালদ্বীপৰ আন এটা স্থানীয় ৱেবছাইট উৰেডুৱে ভাইৰেল ভিডিঅ’টোৰ এখন ফটো প্ৰকাশ কৰিছে, য’ত লিখা আছিল, “২০২৩ চনৰ ২৮ জানুৱাৰীত চৰকাৰ পন্থী সাংসদ আৰু বিৰোধী সাংসদৰ মাজত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত কান্দিথীমুৰ সাংসদ আব্দুল্লা শ্বহীম আব্দুল হাকিম আঘাতপ্ৰাপ্ত হোৱা ভিডিঅ’ৰ স্ক্ৰীংগ্ৰেব।”

ভাইৰেল ভিডিঅ’, দ্য টেলিগ্ৰাফৰ ভিডিঅ’ আৰু ৰাষ্ট্ৰপতি মুইজুৰ ফটোৰ মাজত তুলনা কৰিলে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত দাবীটো যে সঁচা নহয় সেয়া ধৰিব পাৰি। উক্ত কাজিয়াত মালদ্বীপৰ ৰাষ্ট্ৰপতি নহয় বৰঞ্চ সাংসদ হাকিমহে আঘাতপ্ৰাপ্ত হৈছিল।

ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজন আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ফটোৰ তুলনা। (উৎস: এক্স/দ্য টেলিগ্ৰাফ/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

মালদ্বীপৰ সংসদৰ ভিতৰত সাংসদে কাজিয়াত লিপ্ত হোৱা ভিডিঅ’ দেশখনৰ ৰাষ্ট্ৰপতি মুইজুৰ ওপৰত আক্ৰমণ চলা বুলি ভুলকৈ উপস্থাপন কৰা হৈছে। সেয়েহে এই দাবীটো আমি মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।