গাজাৰ চিকিৎসালয়ত ‘হামাছৰ মিছাইলে খুন্দা মৰা দৃশ্য' বুলি অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

লেখক: ঈশিতা গোৱেল জে
অক্টোবৰ 25 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গাজাৰ চিকিৎসালয়ত ‘হামাছৰ মিছাইলে খুন্দা মৰা দৃশ্য' বুলি অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

ফেচবুক/এক্স পোষ্ট য'ত সংলগ্ন ভিডিঅ'টোত গাজা হস্পিটেলত হামাছৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰা দেখা গৈছে বুলি দাবী কৰা হৈছে । (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছেৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত ২০২৩ চনৰ ১৭ অক্টোবৰত গাজা হস্পিটেল বিস্ফোৰণৰ পূৰ্বে সংঘটিত হোৱা এক ৰকেট আক্ৰমণ দেখা গৈছে।

ক্লেইম আইডি 7dd0f665

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ২০২৩ চনৰ ১৭ অক্টোবৰত গাজাৰ আল-আহলী বেপ্টিষ্ট হস্পিটেলত এক আক্ৰমণ সংঘটিত হয়। গাজাত পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতিৰে চিএনএনে প্ৰকাশ কৰা এক বাতৰি অনুসৰি এই চিকিৎসালয়খন গাজা চহৰৰ মাজমজিয়াত অৱস্থিত আৰু ইয়াত শৰণাৰ্থীসকলক আশ্ৰয় দিয়া হৈছিল। এছ’চিয়েটেড প্ৰেছে প্ৰকাশ কৰা বাতৰি অনুসৰি দুয়োপক্ষৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে, হামাছে এই বিমান আক্ৰমণৰ বাবে ইজৰাইলক দোষাৰোপ কৰিছে, আনহাতে ইজৰাইলে দাবী কৰিছে যে ইয়াৰ কাৰণ হৈছে আন পেলেষ্টাইনী উগ্ৰপন্থীয়ে ভুলকৈ নিক্ষেপ কৰা এক ৰকেট।

দাবী কি?

এটা ভাইৰেল ভিডিঅ’ত আকাশত নিক্ষেপ কৰা এক ক্ষেপণাস্ত্ৰ দেখা গৈছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰে যে উক্ত ভিডিঅ’ত গাজাৰ চিকিৎসালয়খনত হামাছৰ ক্ষেপণাস্ত্ৰই খুন্দা মৰা দেখা গৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰা এজন এক্স ইউজাৰে লিখিছে, "ইয়াতকৈ স্পষ্ট একোৱেই নাই!!! গাজাৰ চিকিৎসালয়ত হামাছৰ ক্ষেপণাস্ত্ৰই আঘাত কৰে..." আন এজন ব্যৱহাৰকাৰীয়ে কয়, "গাজাৰ চিকিৎসালয়খনত আঘাত কৰা মিছাইলটো গাজাৰ পৰা অহা এক মিছাইল আছিল আৰু ইজৰাইল ইয়াৰ লক্ষ্য আছিল, কিন্তু ভুলবশতঃ ই গাজাৰ ভিতৰত পৰিল, আৰু দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয়খনত খুন্দা মাৰিলে।" এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে, “হামাছৰ ক্ষেপণাস্ত্ৰৰ ব্যৰ্থ নিক্ষেপ গাজাৰ এখন চিকিৎসালয়ত আঘাত হানিছে।” লিংকবোৰৰ আৰ্কাইভ ইয়াত আৰু ইয়াত আছে।

অনলাইন যোগে প্ৰচাৰিত দাবীৰ স্ক্ৰীণশ্বট (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সত্যটো কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চ ব্যৱহাৰ কৰি আমি দেখিলোঁ যে ভিডিঅ’টো ২০২২ চনৰ আগষ্ট মাহত ছ’চিয়েল মিডিয়াত পোষ্ট কৰা হৈছিল । ইজৰাইলী সাংবাদিক, X বায়’ অনুসৰি সামৰিক সংবাদদাতা, ইটাই ব্লুমেণ্টেলে ২০২২ চনৰ ৭ আগষ্টত এই ভিডিঅ’টো Xত পোষ্ট কৰিছিল আৰু হিব্ৰু ভাষাত লিখিছিল , "গাজা ষ্ট্ৰিপত ইছলামিক জেহাদৰ ব্যৰ্থ নিৎক্ষেপণ এনেকোৱাই যেন দেখি।" (গুগল ট্ৰেঞ্চলেটৰ দ্বাৰা অনুবাদ কৰা হৈছে)

একেদৰে ইজৰাইলৰ ৰাষ্ট্ৰীয় হিব্ৰু ভাষাৰ কাকত ইজৰাইল হায়মৰ এজন জ্যেষ্ঠ কূটনৈতিক মন্তব্যকাৰী এৰিয়েল কাহানাইও ২০২২ চনৰ ৭ আগষ্টত Xত ভিডিঅ’টো পোষ্ট কৰিছিল আৰু লিখিছিল- “গাজা ষ্ট্ৰিপৰ #জেবলিয়া শিবিৰৰ পৰা ৰকেটটো নিক্ষেপ কৰা হৈছিল, ই ওপৰলৈ উঠি যায় আৰু পিছত নামি আহি অট্টালিকাবোৰৰ মাজত পৰি বিস্ফোৰিত হয়।”

২০২২ চনৰ আগষ্ট মাহত এক্সত সাংবাদিকসকলে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অষ্ট্ৰেলিয়াৰ দ্য টাইমছ অৱ ইজৰাইলৰ স্থানীয় অংশীদাৰ দ্য অষ্ট্ৰেলিয়ান ইহুদী নিউজে ২০২২ চনৰ ৭ আগষ্টত এই আক্ৰমণৰ ওপৰত এটা লেখা প্ৰকাশ কৰিছিল আৰু ভাইৰেল ভিডিঅ’টোৰ এটা ফ্ৰেম শ্বেয়াৰ কৰিছিল। তেওঁলোকে ইয়াৰ কেপচনত লিখিছে: “গাজাৰ পৰা নিক্ষেপ কৰা ৰকেট এটাৰ বিফল উৎক্ষেপণ দেখা গৈছে, যিটো ঘূৰি আহি, ২০২২ চনৰ ৬ আগষ্টত, ষ্ট্ৰিপৰ ভিতৰত পৰি বিস্ফোৰণ ঘটে।” ভিডিঅ’টোৰ সৈতে ইজৰাইলৰ সামৰিক সাংবাদিক নোয়াম আমিৰৰ X পোষ্টো বহন কৰা প্ৰতিবেদনখনত কোনে ৰকেটটো নিক্ষেপ কৰিছিল সেই বিষয়ে কোনো নিশ্চিতকৰণ হোৱা নাই বুলি উল্লেখ কৰা হৈছে আৰু লগতে এই আক্ৰমণৰ ফলত উত্তৰ গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰৰ এটা ঘৰত আঘাত হানি, সাধাৰণ নাগৰিক আৰু শিশুৰ মৃত্যুৰ হৈছিল বুলি উল্লেখ আছে । প্ৰতিবেদনত আৰু কোৱা হৈছে যে ইজৰাইলৰ সামৰিক বিষয়াসকলে দাবী কৰিছে যে “এইটো (পেলেষ্টাইনত) ইছলামিক জেহাদে নিক্ষেপ কৰা ব্যৰ্থ ৰকেট” বুলি নিৰ্দ্বিধায় প্ৰমাণিত হৈছে।

স্পেনিছ ভাষাৰ ইহুদী কাকত চেমানাৰিঅ' হেব্ৰেওয়ে ২০২২ চনৰ ৬ আগষ্টত এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল য'ত লিখা আছিল, "ইছলামিক জেহাদৰ ৰকেট এটা বিচ্যুত হৈ এটা ঘৰত খুন্দা মাৰিলে।"

আমি অৱশ্য স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নাই যে ভাইৰেল ভিডিঅ’টোত গাজাৰ জাবালিয়াত নিক্ষেপ কৰা ৰকেটটো দেখা গৈছে নে বা আক্ৰমণৰ আঁৰত কোন আছিল। কিন্তু যিহেতু এই ভিডিঅ’টো অন্ততঃ ২০২২ চনৰ আগষ্ট মাহৰ হয়, সেয়েহে ই স্পষ্টভাৱে চলি থকা যুদ্ধৰ পূৰ্বৰ।

সিদ্ধান্ত

২০২২ চনৰ আগষ্ট মাহত গাজাৰ শৰণাৰ্থী শিবিৰত এটা ৰকেটে খুন্দা মৰা, বিভিন্ন ৰিপোৰ্ট অনুসৰি, দৃশ্য বন্দী হোৱা এক পুৰণি ভিডিঅ’ গাজাৰ আল-আহলী বেপ্টিষ্ট হস্পিটেলত হামাছে কৰা মিছাইল আক্ৰমণৰ ভিডিঅ' হিচাপে মিছাকৈ শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।