এই ভিডিঅ’টোত মণিপুৰৰ এক কুকি-মেইটেই যুটিয়ে একেলগে গান গোৱা নাই

লেখক: অনুৰাগ বৰুৱা
আগষ্ট 18 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এই ভিডিঅ’টোত মণিপুৰৰ এক কুকি-মেইটেই যুটিয়ে একেলগে গান গোৱা নাই

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত উত্তৰাখণ্ডৰ এক পিতৃ-কন্যাৰ গায়ক যুটিক দেখা গৈছে । তেওঁলোক কুকি বা মেইটেই জনগোষ্ঠীৰ নহয় ।

ক্লেইম আইডি 6b33d4d5

কি দাবী কৰা হৈছে? 

মণিপুৰত মেইটেই আৰু কুকিৰ মাজত জনগোষ্ঠীয় সংঘৰ্ষৰ জুই কিছু শাম কাটিছে যদিও অনিশ্চয়তা এতিয়াও আঁতৰি যোৱা নাই। জুলাই মাহত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ চক্ৰত পৰি একাধিক লোকৰ মৃত্যু হৈছে। চৰকাৰে সময়ে সময়ে দুয়োটা জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছে। ছ’চিয়েল মিডিয়াতো শান্তিৰ বিষয়ে কথা-বতৰা চলি আছে। তেনে কিছু পোষ্ট যোগে এক ভিডিঅ’ প্ৰচাৰিত হৈছে আৰু লগতে দাবী কৰা হৈছে যে উক্ত ভিডিঅ’ত এক কুকি-মেইটেই যুটিয়ে একেলগে গান গোৱা দেখা গৈছে। ভিডিঅ’টোত যুটিটোৱে এটা পুৰণি হিন্দী ছবিৰ গীত গাই থকাৰ বিপৰীতে পুৰুষজনে এখন গীটাৰ বজোৱা দেখা গৈছে ।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষনে ৬ আগষ্টত এক্স (পূৰ্বৰ টুইটাৰ)ত ভিডিঅ’টো পোষ্ট কৰিছিল, য’ত লিখা আছিল, “কিমান মৰমলগা আৰু সুৰীয়া 👏🏻👏🏻🎊🎼🎤 আমি প্ৰথমে মানুহ। বাকীবোৰ কাল্পনিক। তাৰে এজন কুকি, আৰু আনজন 'ছিজলিং' মণিপুৰৰ মেইটেই । বৈচিত্ৰ্যৰ সৌন্দৰ্য্য আৰু প্ৰেম”। একেধৰণৰ দাবীৰে আন কিছু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়েও ভিডিঅ’টো পোষ্ট কৰিছিল। ভূষণৰ এই পোষ্টটোৱে ৩৯৫.১ হেজাৰ দৰ্শন, ৩,১৪০টা ৰিপ’ষ্ট, আৰু ১১.৫ হেজাৰ লাইক লাভ কৰিছে। মণিপুৰৰ সাংবাদিক হোইহনু হাউজেলেও একেধৰণৰ দাবীৰে এক্সত ভিডিঅ’টো পোষ্ট কৰিছিল যদিও পিছত তাক ডিলিট কৰি দিয়ে। অৱশ্যে, আমি হাউজেলৰ টুইটৰ আৰ্কাইভ লিংক ৰাখিছো।

উৎস: (X/@pbhushan1, @hoihnu/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেচবুকতো এই ভিডিঅ’টো একেধৰণৰ দাবীৰে সমানে ভাইৰেল হৈছে । 

উৎস: (ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবী মিছা, আৰু ভিডিঅ’টোৰ মণিপুৰ তথা ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ সৈতে সম্পৰ্ক নাই।

আমি কি বিচাৰি পাইছিলোঁ?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেম ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত ২০২৩ চনৰ ২৫ মে’ত “শ্বেকিনা মুখিয়া” নামৰ চেনেল এটাত আপলোড কৰা ইউটিউব পোষ্ট এটা বিচাৰি পালোঁ, য’ত লিখা আছিল, “কভাৰ হাম আপকি আঁখো মেই :)"

চেনেলটোত উল্লেখিত বৰ্ণনাৰ পৰা, আমি দেখিলোঁ যে তেওঁ এগৰাকী প্ৰখ্যাত গায়িকা আৰু প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় টেলিভিছনত “দ্য ভইচ ইণ্ডিয়া কিডছ, ২০১৭” শ্ব’ত অংশগ্ৰহণ কৰিছিল ।

উৎসঃ (ইউটিউব/শ্বেকিনা মুখীয়া/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

২০১৮ চনৰ ১৭ জানুৱাৰীৰ এনডিটিভিৰ এটা প্ৰতিবেদনত “শ্বেকিনা মুখিয়া, ১১ বছৰীয়া গায়ক প্ৰডিজি ফ্ৰম ডেৰাডুন, উইনছ হাৰ্টছ অন ৰিয়েলিটি টিভি শ্ব’” শীৰ্ষক এটা ৰিপ’ৰ্টত তেওঁক উত্তৰাখণ্ডৰ ডেৰাডুনৰ এগৰাকী যুৱ গায়িকা হিচাপে উল্লেখ কৰা হৈছে আৰু উল্লেখ কৰা হৈছে যে তেওঁ ভইচ ইণ্ডিয়া কিডছৰ শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছিল। প্ৰতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে তেওঁৰ পিতৃ বিকাশ মুখিয়াই ‘তেওঁৰ অংশগ্ৰহণৰ সময়ত গীটাৰ বজাই তেওঁক সংগ দিছিল।'

আমিও একেটা ভাইৰেল ভিডিঅ’ ২০২৩ চনৰ ২৪ মে’ত শ্বেকিনা মুখীয়াৰ অফিচিয়েল ফেচবুক পেজত আপলোড কৰা দেখিলোঁ, য’ত পুৰণি গীতবোৰ চিৰ যুগমীয়া বুলি তেওঁ উল্লেখ কৰিছিল আৰু লগতে, "মই আৰু পাপাই এই সুন্দৰ গীতটো কভাৰ কৰাৰ সিদ্ধান্ত লৈছিলো Hum apki ankhon main (হাম আপকি আঁখো মেই) 🙂 আশাকৰোঁ আপোনালোকে এইটো ভাল পাব !!!” বুলি লিখিছিল । 

উৎসঃ (ফেচবুক/শ্বেকিনা মুখীয়া)

গায়কজনে কি ক’লে?

লজিকেলী ফেক্টছে শ্বেকিনা মুখিয়াৰ সৈতে যোগাযোগ কৰাত তেওঁ এইটো নিজৰ পিতৃৰ সৈতে গোৱা এটি গানৰ ভিডিঅ’ বুলি নিশ্চিত কৰে। ‘আমি মণিপুৰৰ বা কুকি বা মেইটেই জনগোষ্ঠীৰ নহয়।’ ছ’চিয়েল মিডিয়াত এই দাবী খণ্ডন কৰি তেওঁ লগতে কয়।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত গীত পৰিৱেশন কৰি থকা ব্যক্তি দুগৰাকী উত্তৰাখণ্ডৰ হয় আৰু তেওঁলোক সম্পৰ্কত পিতৃ-কন্য়া। একাংশ ছ’চিয়েল মিডিয়া ব্য়ৱহাৰকাৰীয়ে দাবী কৰাৰ দৰে তেওঁলোক কুকি বা মেইটেই সম্প্ৰদায়ৰ নহয় । গতিকে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।