টকাৰ মাজত শুই থকা ব্যক্তিজন 'বিজেপি'ৰ মিত্ৰ দল 'ইউপিপিএল'ৰ মুৰব্বী প্ৰমোদ বড়ো নহয়

লেখক: চন্দন বৰগোহাঁই
মাৰ্চ 29 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
টকাৰ মাজত শুই থকা ব্যক্তিজন 'বিজেপি'ৰ মিত্ৰ দল 'ইউপিপিএল'ৰ মুৰব্বী প্ৰমোদ বড়ো নহয়

'ইউপিপিএল'ৰ মুৰব্বী প্ৰমোদ বড়োক টকাৰ ওপৰত শুই থকা দেখা গৈছে বুলি মিছা দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীনশ্বট । (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ফটোখনত থকা ব্যক্তিজন বেঞ্জামিন বসুমতাৰী, প্ৰমোদ বড়ো নহয়। 'ইউপিপিএল'ৰ মতে, চলিত বৰ্ষৰ জানুৱাৰী মাহত বসুমতাৰীক দলৰ পৰা নিলম্বন কৰা হৈছিল।

ক্লেইম আইডি af6cfa5e

দাবী কি?

১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে দেশ সাজু হোৱাৰ সময়তে ছ’চিয়েল মিডিয়া ৰাজনৈতিক ভুল/মিছা তথ্য বিয়পোৱাৰ উদ্দেশ্যেৰে বিভিন্ন অসত্য ছবি আৰু ভিডিঅ’ৰে ভৰি পৰিছে।

এনে এখন বহুলভাৱে প্ৰচাৰিত ফটোত শৰীৰৰ ওপৰৰ অংশত বস্ত্ৰহীন এজন মানুহ এখন বিচনাত পৰি আছে আৰু তেওঁৰ ওপৰত আৰু চাৰিওফালে ৫০০ টকীয়া নোট বিয়পি আছে। ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি কেইবাজনো ইউজাৰে দাবী কৰিছে যে ফটোখনত অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল)ৰ সভাপতি প্ৰমোদ বড়োক দেখা গৈছে। বড়োৱে অসমৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ফটোখন এক্সত শ্বেয়াৰ কৰি ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে জনাজাত তৃণমূল কংগ্ৰেছী নেতা তথা প্ৰাক্তন সংসদ সদস্য মহুৱা মৈত্ৰাৰ এক ফেন একাউণ্টে লিখিছে, "বিজেপিৰ #অসম মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএলৰ মুৰব্বী বিটিআৰৰ প্ৰমোদ বড়োক ৫০০ টকাৰ নোটৰ ওপৰত শুই থকা অৱস্থাত উদ্ধাৰ কৰা হয়।" কিন্তু @dir_ed এ তেওঁৰ বাসগৃহত অভিযান নকৰে। #NDA #Modi." এই পোষ্টটোৱে (ইয়াত আৰ্কাইভ কৰা হৈছে) প্ৰকাশৰ সময়ত ১৮,০০০ তকৈ অধিক দৰ্শন আৰু ৬৮১ টা ৰিশ্বেয়াৰ লাভ কৰিছে। এনে একেধৰণৰ দাবীৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট)

অৱশ্যে ফটোত এই মানুহজন প্ৰমোদ বড়ো নহয়। ফটোখনত থকা ব্যক্তিজন হৈছে বেঞ্জামিন বসুমতাৰী, যাক জানুৱাৰী মাহৰ আৰম্ভণিতে দলৰ পৰা নিলম্বিত কৰা বুলি ইউপিপিএলে দাবী কৰিছে।

ফটোখনত থকা ব্যক্তিজন কোন?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কেইবাটাও ৰিপৰ্ট পোৱা গ’ল য’ত ফটোখনত থকা ব্যক্তিজনক ইউপিপিএলৰ প্ৰাক্তন সদস্য বেঞ্জামিন বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। অসম ট্ৰিবিউনৰ তথ্য অনুসৰি বসুমতাৰীয়ে অসমৰ উদালগুৰি জিলাৰ ভৈৰাগুৰিত গাঁও পৰিষদ উন্নয়ন সমিতিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল যদিও পিছত "হিতাধিকাৰীৰ পৰা উৎকোচ বিচৰাৰ অভিযোগ"ত তেওঁক পদৰ পৰা অপসাৰণ কৰা হয়।

ইউপিপিএলে ২৭ মাৰ্চত এক্স (ইয়াত আৰ্কাইভ কৰা হৈছে)ৰ ওপৰতো স্পষ্টীকৰণ জাৰি কৰি কয় যে ফটোখনত দেখা মানুহজন বসুমতাৰী, যিজন পূৰ্বে দলটোৰ সৈতে জড়িত আছিল।

ভাইৰেল ফটোখন বড়ো আৰু বসুমতাৰীৰ ফটোৰ সৈতে তুলনা কৰিলে স্পষ্টকৈ দেখা যায় যে ভাইৰেল ফটোখনত থকা ব্যক্তিজনেই বসুমতাৰী হয়।

প্ৰমোদ বড়ো আৰু বেঞ্জামিন বসুমতাৰীৰ ছবিৰ সৈতে ভাইৰেল ফটোখনৰ তুলনা। (উৎস: দ্য হিন্দু/এক্স/প্ৰতিদিন টাইম)

এই বিতৰ্কক লৈ বসুমতাৰীয়ে কি কৈছে?

যদিও বসুমতাৰীয়ে স্বীকাৰ কৰিছে যে ভাইৰেল ফটোখনত তেওঁক দেখা গৈছে, তেওঁ দাবী কৰিছে যে এই ফটোখন পুৰণি হয় আৰু তেওঁক বদনাম কৰিবলৈ শ্বেয়াৰ কৰা হৈছে।

অসমীয়া চেটেলাইট নিউজ চেনেল প্ৰতিদিন টাইমৰ এটা ভিডিঅ’ ৰিপ’ৰ্টত বসুমতাৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ফটোখন পাঁচ বছৰ পুৰণি বুলি তেওঁ দাবী কৰিছে। অসমীয়া ভাষাত কেমেৰাৰ আগত কথা পাতি বেঞ্জামিনে কয় যে ফটোখন শ্বেয়াৰ কৰাটো তেওঁৰ বিৰুদ্ধে "ৰাজনৈতিক ষড়যন্ত্ৰ"ৰ এক অংশ হয়, আৰু সেই একেখন ছবিয়েই পূৰ্বেও তেওঁক "ব্লেকমেইলিং আৰু বদনাম"ৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

ভাইৰেল ফটোখনক লৈ কি ক’লে বড়োৱে?

ভাইৰেল ফটোখনে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰাৰ পিছত বড়োৱে এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) এটা পোষ্ট প্ৰকাশ কৰি কয় যে বসুমতাৰী এতিয়া ইউ পি পি এলৰ সৈতে জড়িত নহয়। তেওঁ দলীয় যোগাযোগ পত্ৰও শ্বেয়াৰ কৰে, সকলোবোৰ ২০২৪ চনৰ জানুৱাৰী তাৰিখৰ, ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ হিচাপে দুৰ্নীতি আৰু ধনৰ অপব্যৱহাৰৰ দোষত বসুমতাৰীক ১০ জানুৱাৰীত দলৰ পৰা নিলম্বিত কৰা বুলি উল্লেখ কৰে।

আন এটা এক্স পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) বড়োৱে দুটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল, যিটো কথিতভাৱে @INC_Television আৰু @INCKerala দ্বাৰা শ্বেয়াৰ কৰা হৈছে, য’ত পিছৰ একাউণ্টটোৱে ভাইৰেল ফটোখন ইউপিপিএলৰ মুৰব্বীৰ বুলি দাবী কৰে। এই পোষ্টসমূহ শ্বেয়াৰ কৰি বড়োৱে লিখিছে যে তেওঁক ফটোখনৰ সৈতে মিছাকৈ লিংক কৰাৰ বাবে তেওঁ অসমৰ নিৰ্বাচন আয়োগক "কংগ্ৰেছ & তেওঁলোকৰ ভুৱা বাতৰিৰ ছ'চিয়েল মিডিয়া পেজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ" অভিযোগ দাখিল কৰিছে। অৱশ্য, এই স্ক্ৰীণশ্বটবোৰৰ বৈধতা আমি স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব পৰা নাছিলো।

বড়োৱে সংবাদ সংস্থা পিটিআইক দিয়া সাক্ষাৎকাৰটোত কয়, "প্ৰথমে কংগ্ৰেছৰ মনোভাৱ দেখি মই স্তম্ভিত হৈছো। ইউপিপিএলৰ দলৰ সভাপতি হিচাপে মোৰ নাম লৈ এখন সম্পৰ্কহীন ছবি প্ৰচাৰ কৰিছে। তেওঁলোকে নিজৰ ৰাজনৈতিক মাইলেজৰ বাবে এইয়া ৰচনা কৰিছে।" 

সিদ্ধান্ত

ভাইৰেল ফটোখনত অসমৰ ইউ পি পি এল দলৰ প্ৰাক্তন সদস্য বেঞ্জামিন বসুমতাৰীক দেখা গৈছে । কিছু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ছবিখন শ্বেয়াৰ কৰি ছবিখনত বিজেপিৰ মিত্ৰ ইউপিপিএলৰ বৰ্তমানৰ মুৰব্বী প্ৰমোদ বড়োক দেখা গৈছে বুলি ভুল দাবী কৰিছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।