জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ নিহত বুলি পাকিস্তানৰ পুৰণি বিস্ফোৰণৰ ক্লিপ প্ৰচাৰ

লেখক: ৰজনী কে জি
জানুৱাৰী 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ নিহত বুলি পাকিস্তানৰ পুৰণি বিস্ফোৰণৰ ক্লিপ প্ৰচাৰ

অনলাইন যোগে প্ৰচাৰিত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত ২০২৩ চনৰ ৩ নৱেম্বৰত পাকিস্তানৰ ডেৰা ইছমাইল খান চহৰত সংঘটিত হোৱা এক বোমা বিস্ফোৰণ দেখা গৈছে।

ক্লেইম আইডি dc65f984

কি দাবী কৰা হৈছে?

জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক হত্যা কৰা বুলি দাবী কৰি এক বোমা বিস্ফোৰণৰ ভিডিঅ’ অনলাইন যোগে প্ৰচাৰ কৰা হৈছে। জইছ-ই-মহম্মদ হৈছে পাকিস্তানত অৱস্থিত এটা উগ্ৰপন্থী গোট যিটোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকে (ডিএনআই) এক সন্ত্ৰাসবাদী গোট হিচাপে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে।

এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰী এজনে ১ জানুৱাৰীত ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচন দিছিল, “পাকিস্তান : ভৱালপুৰ মছজিদৰ পৰা উভতি অহাৰ পথত অজ্ঞাত লোকে কৰা বোমা আক্ৰমণত মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী মৌলানা মাছুদ আজহাৰ নিহত হোৱা বুলি কোৱা হৈছে।” ১৩ ছেকেণ্ডৰ ভিডিঅ’টোত এটা ব্যস্ত ৰাস্তা দেখা গৈছে আৰু ভিডিঅ’টোৰ দুই ছেকেণ্ডৰ ভিতৰতে এক বিস্ফোৰণ ঘটে আৰু মানুহবোৰে আশ্ৰয় বিচাৰি দৌৰিবলৈ আৰম্ভ কৰে। পোষ্টটোত (ইয়াত আৰ্কাইভ কৰা হৈছে) প্ৰকাশৰ সময়ত প্ৰায় ৩,৭০০ লাইক আৰু ৩,৬০,০০০ তকৈ অধিক দৰ্শন আছিল। একেধৰণৰ পোষ্টৰ আৰ্কাইভ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

ছচিয়েল মিডিয়াত দিয়া পোষ্টবোৰৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমীয়া ছেটেলাইট নিউজ চেনেল, এন কে টিভিয়েও উক্ত ভাইৰেল ক্লিপটো, একেধৰণৰ দাবীৰে, এক বাতৰিৰ অংশ হিচাবে ফেচবুকত জানুৱাৰী ২, ২০২৪, তাৰিখে আপলোড কৰা দেখা যায় । উক্ত ভিডিঅ’টোত বৰ্তমানলৈকে ২০ হাজাৰ বাৰ দৰ্শন কৰা হৈছে । 

অৱশ্যে, এই দাবী মিছা।

  • ২০২৩ চনৰ নৱেম্বৰ মাহত বন্দী হোৱা এই ভাইৰেল ভিডিঅ’টোত পাকিস্তানৰ ডেৰা ইছমাইল খান চহৰত সংঘটিত হোৱা এক বিস্ফোৰণ দেখা গৈছে।
  • মাছুদ আজহাৰৰ মৃত্যু হোৱা বুলি কোনো সুনিৰ্দিষ্ট প্ৰমাণ বৰ্তমানলৈকে উপলব্ধ নাই।

ইয়াত তথ্যসমূহ উল্লেখ কৰা হৈছে

গুগল চাৰ্চৰ জৰিয়তে আমি প্ৰতিষ্ঠা কৰিলোঁ যে ভিডিঅ’টো পুৰণি। আমি দেখিলোঁ যে ২০২৩ চনৰ ৪ নৱেম্বৰত জাপানী নিউজ চেনেল ‘টিবিএছ নিউজ ডিআইজি পাৱাৰড বাই জেএনএন’ৰ ইউটিউব চেনেলত একেটা ভিডিঅ’ পোষ্ট কৰা হৈছিল। ভিডিঅ’টোৰ শিৰোনামটো জাপানী ভাষাৰ পৰা মোটামুটিভাৱে অনুবাদ কৰিলে লিখা আছিল: “উত্তৰ-পশ্চিম পাকিস্তানত, আফগান সীমান্তৰ সমীপত, এক বিস্ফোৰণত ৫ জন আৰক্ষীৰ মৃত্যু হয় আৰু ২১ জন আহত হয় l টিবিএছ নিউজ ডিগ।” জাপানী ভাষাত ভিডিঅ’ৰ বৰ্ণনা অনুসৰি, ফুটেজটোত ২০২৩ চনৰ ৩ নৱেম্বৰত আফগানিস্তানৰ সীমান্তৰ ওচৰৰ উত্তৰ-পশ্চিম পাকিস্তানৰ এখন চহৰত বহু লোকে খোজ কাঢ়ি যোৱা আৰু গাড়ী চলাই যোৱা এটা ৰাস্তাত এক বিশাল শিখাৰ আবিৰ্ভাৱ হোৱা দেখা গৈছে।

২০২৩ চনৰ নৱেম্বৰ মাহত পাকিস্তানত সংঘটিত হোৱা বিস্ফোৰণৰ ইউটিউব ভিডিঅ’ৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/স্ক্ৰীণশ্বট)

ইয়াৰ উপৰিও আমি দেখিলোঁ যে ৩ নৱেম্বৰৰ ভিডিঅ’টোৰ এটা স্ক্ৰীণগ্ৰেব ২০২৩ চনৰ ৩ নৱেম্বৰত ইণ্ডিয়া টুডেয়ে প্ৰকাশ কৰা এটা বাতৰিৰ প্ৰতিবেদনতো প্ৰকাশ পাইছে।প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিস্ফোৰণটো এখন আৰক্ষীৰ গাড়ীক লক্ষ্য কৰি খাইবাৰ পখতুনখোৱা প্ৰদেশৰ ডেৰা ইছমাইল খান চহৰত সংঘটিত হোৱা বুলি কোৱা হৈছে।

আৰক্ষী বিষয়া গুল শ্বেৰ খানে এ পি নিউজক নিশ্চিত কৰিছে যে এই ঘটনা ডেৰা ইছমাইল খান চহৰত সংঘটিত হৈছে। উদ্ধাৰকাৰী বিষয়া আইজাজ মেহমুদে ৰয়টাৰৰ সৈতে হোৱা কথা-বতৰাত নিশ্চিত কৰে যে বোমা বিস্ফোৰণত ৫ জন স্থানীয় সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে আৰু  সাধাৰণ নাগৰিক আৰু আৰক্ষী কনিষ্টবলকে ধৰি ২১ জন ব্যক্তি আহত হৈছে। হতাহতিৰ তালিকাত মাছুদ আজহাৰ নিহত হোৱাৰ কথা বা জইছ-ই-মহম্মদৰ কোনো সদস্যৰ উল্লেখ নাছিল।

মাছুদ আজহাৰৰ মৃত্যুক লৈ উৰাবাতৰি

জইছ-ই-মহম্মদৰ নেতা মাছুদ আজহাৰক আল কায়দাৰ সৈতে সম্পৰ্ক আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সংগঠিত, পুঁজি, আৰু সমৰ্থনৰ সৈতে জড়িত হোৱাৰ বাবে ৰাষ্ট্ৰসংঘৰ ২০২০ চনৰ বিশ্ব সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। পাকিস্তানে আজহাৰক আশ্ৰয় দি নিৰাপদ আশ্ৰয় প্ৰদান কৰাৰ অভিযোগ ভাৰত চৰকাৰে প্ৰায়ে উত্থাপন কৰি আহিছে। বৰ্তমান ছ’চিয়েল মিডিয়াত এজন “অচিনাকি লোকে” “বোমা বিস্ফোৰণত আটাইতকৈ ৱান্টেড সন্ত্ৰাসবাদী আজহাৰক হত্যা কৰা” বুলি দাবী কৰা হৈছে। আজহাৰৰ মৃত্যুৰ সন্দৰ্ভত পাকিস্তান চৰকাৰ বা পাকিস্তান আইন প্ৰয়োগকাৰী সংস্থাই কোনো বিবৃতি বা এনে কোনো নিশ্চয়তা প্ৰকাশ কৰা নাই। লগতে কোনো বিশ্বাসযোগ্য সংবাদ মাধ্যমত আজহাৰক হত্যা কৰা বুলি একো খবৰ প্ৰকাশ হোৱা নাই। সেয়েহে আজহাৰৰ মৃত্যু হোৱাৰ কোনো নিৰ্ভৰযোগ্য প্ৰমাণ উপলব্ধ নাই । 

লজিকেলী ফেক্টছে আগতেও একেধৰণৰ মৃত্যুৰ ভুৱা দাবী সম্বলিত কেইবাটাও পোষ্ট মিছা বুলি নিৰূপণ কৰিছে। মৃত্যুৰ ভুৱ বাতৰি কিয় ভাইৰেল হয় সেই সম্পৰ্কে আমাৰ এক বিশ্লেষণ ইয়াত পঢ়িব পাৰিব।

সিদ্ধান্ত

যোৱা বছৰৰ নৱেম্বৰ মাহত ডেৰা ইছমাইল খান চহৰত সংঘটিত হোৱা বিস্ফোৰণৰ ফুটেজক পাকিস্তানত শেহতীয়াকৈ সংঘটিত হোৱা এক ঘটনাৰ সৈতে সম্পৰ্কিত কৰা হৈছে য’ত মাছুদ আজহাৰৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। আজহাৰ মৃত বুলি কোনো প্ৰমাণ পোৱা নাই আৰু সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰোঁ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।