ইমৰান খানৰ গ্ৰেপ্তাৰৰ পিছৰ বুলি পুৰণি ফটো মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: টইবাহ কিৰমানি
আগষ্ট 30 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইমৰান খানৰ গ্ৰেপ্তাৰৰ পিছৰ বুলি পুৰণি ফটো মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ফটোবোৰ ২০১৩ চনৰ মে মাহত ইমৰান খান লাহোৰত অনুষ্ঠিত এক নিৰ্বাচনী জনসভাত অস্থায়ী এলিভেটৰৰ পৰা পৰি আহত হোৱাৰ সময়ত তোলা হৈছিল।

ক্লেইম আইডি 3df7300e

পৃষ্ঠভূমি

দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ বাতৰি অনুসৰি ৯ মে'ত পাকিস্তানৰ দুৰ্নীতি বিৰোধী সংস্থাই দুৰ্নীতিৰ গোচৰত ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ কৰে, যাৰ ফলত তেওঁৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হয়, আৰু কমেও এজন প্ৰতিবাদকাৰীৰ মৃত্যু ঘটে। পাকিস্তানৰ চাৰিখন প্ৰদেশৰ তিনিখনে সকলোধৰণৰ সমাৱেশ নিষিদ্ধ কৰাৰ বাবে জৰুৰীকালীন আদেশ জাৰি কৰিছে, আৰু বহুতো অঞ্চলত ইণ্টাৰনেট স্থগিত ৰখা হৈছে। 

খান জিম্মাত থকা অৱস্থাৰ দৃশ্য বুলি দাবী কৰি বিভিন্ন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা হৈছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে খানক 'অত্যাচাৰ' কৰা হৈছে বা 'হত্যা কৰা হৈছে' বুলি দাবী উত্থাপন কৰিছে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মুৰত বেণ্ডেজ লগোৱা এখন ফটো পোষ্ট কৰি তেওঁক বেয়াকৈ অত্যাচাৰ আৰু ছুৰিকাঘাত কৰা হৈছে বুলি দাবী কৰে। টুইটটো ৪০,০০০তকৈ  অধিক দৰ্শন আৰু ৭৬৬ টা 'ৰিটুইট' কৰা হৈছে ।

ছ'চিয়েল মিডিয়াত ভাইৰেল আন এটা টুইটত পাকিস্তানৰ 'ফেচিষ্ট' সেনাবাহিনীৰ হাতত খানৰ  মৃত্যু হোৱা বুলি অভিযোগ কৰা হৈছে । এই প্ৰতিবেদনটো লিখাৰ সময়লৈকে টুইটটো ৭৮,৬০০ জন লোকে চাইছে আৰু ৭৩৫জন ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লাইক কৰিছে।

প্ৰকৃত তথ্য

ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি ফটো কেইখন ২০১৩ চনৰ ৭ মে’ৰ বুলি আমি জানিব পাৰো। বিবিচি, ৰয়টাৰ্ছ, ডন আৰু দ্য গাৰ্ডিয়ানত প্ৰকাশিত একাধিক প্ৰতিবেদনৰ মতে লাহোৰত এক নিৰ্বাচনী ৰেলীৰ সময়ত অস্থায়ী এলিভেটৰৰ পৰা পৰি খানে মূৰত আঘাত পাইছিল ।

তদুপৰি ২০১৩ চনৰ ৭ মে’ত তেওঁৰ প্ৰাক্তন পত্নী জেমিমা গোল্ডস্মিথে এটা টুইট কৰিছিল য’ত তেওঁ কৈছিল যে খান সেই সময়ত চিকিৎসালয়ত আছিল আৰু সচেতন অৱস্থাত আছিল। গতিকে, ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ফটোবোৰ বিভ্ৰান্তিকৰ আৰু তেওঁৰ শেহতীয়া গ্ৰেপ্তাৰৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

এলিভেটৰৰ পৰা পৰি মূৰত আঘাত পোৱা খানক চিকিৎসা কৰা হৈছিল আৰু চিকিৎসাৰ অন্তত ২০১৩ চনৰ ২২ মে’ত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল।

লক্ষণীয়ভাৱে, এনে কোনো বিশ্বাসযোগ্য প্ৰতিবেদন নাই যাৰ দ্বাৰা এইটো প্ৰমাণ কৰিব পাৰি যে শেহতীয়াকৈ তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত খান আঘাতপ্ৰাপ্ত হৈছিল বা দুয়োটা ঘটনাৰ কিবা সম্পৰ্ক আছে।

সিদ্ধান্ত

ইমৰান খানক মূৰত আঘাতপ্ৰাপ্ত অৱস্থাত দেখুওৱা ছ'চিয়েল মিডিয়াত ভাইৰেল ফটোবোৰ দৰাচলতে ২০১৩ চনৰ ৭ মে’ত তেওঁ লাহোৰত এক নিৰ্বাচনী জনসভাৰ সময়ত অস্থায়ী এলিভেটৰৰ পৰা পৰি আঘাত পোৱাৰ সময়ৰ হয়। উক্ত ফটোবোৰৰ সৈতে তেওঁৰ শেহতীয়া গ্ৰেপ্তাৰৰ কোনো সম্পৰ্ক নাই। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।