আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেলিকপ্টাৰ প্ৰশিক্ষণৰ ভিডিঅ' ইৰাণৰ ৰাষ্ট্ৰপতিৰ সন্ধানত তুৰ্কীৰ অভিযান হিচাপে প্ৰচাৰ

লেখক: তাহিল আলী
মে’ 22 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেলিকপ্টাৰ প্ৰশিক্ষণৰ ভিডিঅ' ইৰাণৰ ৰাষ্ট্ৰপতিৰ সন্ধানত তুৰ্কীৰ অভিযান হিচাপে প্ৰচাৰ

ইৰাণৰ ৰাষ্ট্ৰপতিৰ সন্ধানত নিশা হেলিকপ্টাৰেৰে চলোৱা উদ্ধাৰ অভিযানৰ ভিডিঅ' বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ইয়াত ইৰাণৰ ৰাষ্ট্ৰপতিৰ সন্ধানত তুৰ্কীয়ে চলোৱা অভিযান দেখুওৱা নাই। এইটো ২০১২ চনত আফগানিস্তানত লোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেলিকপ্টাৰ প্ৰশিক্ষণৰ ভিডিঅ'।

ক্লেইম আইডি 6d183761

কি দাবী কৰা হৈছে?

১৯ মে’ত ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছিকে ধৰি দেশখনৰ কেইবাগৰাকী বিষয়া নিহত হয়। ইয়াৰ মাজতে ইউটিউবকে আৰু বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত এটা ভিডিঅ’ত ৰাতি এখন হেলিকপ্টাৰৰ দেখা পোৱা যায়, ভিডিঅ’টো শ্বেয়াৰ কৰা সকলে এইখন ৰইছিৰ উদ্ধাৰ অভিযানত ব্যৱহৃত নাইট ভিজন হেলিকপ্টাৰ বুলি দাবী কৰে।  

ভিডিঅ’টোত দেখা গৈছে যে এখন হেলিকপ্টাৰ লঞ্চপেডৰ পৰা উৰা মাৰিছে আৰু হেলিকপ্টাৰখনৰ ভিতৰত থকা এজন জোৱানে ৰছীত ধৰি মাটিত থকা কাৰোবাক সংকেত দিয়া দেখা গৈছে।

ভিডিঅ'টোৱে অনলাইনত যথেষ্ট চৰ্চা লাভ কৰিছে। চুলাইমান আহমেদ নামৰ এজন সাংবাদিকে এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “ব্ৰেকিং: ইৰাণৰ ৰাষ্ট্ৰপতি ৰইছিৰ সন্ধানত তুৰ্কীয়ে নাইট ভিজন হেলিকপ্টাৰ নিয়োগ কৰিছে #iran #raisi।” এই প্ৰতিবেদন লিখাৰ সময়লৈকে ভিডিঅ’টোৱে প্ৰায় ৫৭১,৬০০ ভিউ আৰু ২৮০০ লাইক লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ ইয়াত আৰু ইয়াত পোৱা যাব৷ 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে লজিকেলী ফেক্টছে এইটো ২০১২ চনৰ এপ্ৰিলত আফগানিস্তানত ৰেকৰ্ড কৰা এটা হেলিকপ্টাৰ প্ৰশিক্ষণৰ ভিডিঅ’ বুলি জানিব পাৰে।  

প্ৰকৃত তথ্য কি?

আমি ভিডিঅ’টোৰ কিফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু ভিডিঅ’টো পুৰণি আৰু অপ্ৰাসংগিক বুলি নিশ্চিত হোৱাকৈ কেইবাটাও উৎস বিচাৰি পালোঁ। আমি ভাইৰেল ভিডিঅ'টোৰ এটা দীঘলীয়া সংস্কৰণ ইউনাইটেড ষ্টেটছ মেৰিন কৰ্পছৰ (ইউএছএমচি) অফিচিয়েল ৱেবছাইটত লাভ কৰোঁ। ২০১২ চনৰ ১৩ এপ্ৰিলত ইউ এছএমচিয়ে তেওঁলোকৰ ৱেবছাইটত পোষ্ট কৰা ৭:৩০ মিনিটৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ’টোৰ ৪: ২২ৰ পৰা ৪:৫৬ টাইমষ্টেম্পত ভাইৰেল ভিডিঅ’টো চাব পাৰি, চাৰ্জেণ্ট ফাৰ্ষ্ট ক্লাছ এৰিক পাহোনক ইয়াৰ কৃতিত্ব দিয়া হৈছে।

মূল ফুটেজটোৰ স্ক্ৰীণশ্বট। (উৎস: hqmc.marines.mil./ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ’টোৰ শিৰোনাম হৈছে “MEDEVAC Night Flight and Hoist Training”, আৰু ভিডিঅ’টোৰ বিৱৰণিত কোৱা হৈছে যে ইয়াত ‘৮২ নং কম্বেট এভিয়েচন ব্ৰিগেড MEDVAC’ হেলিকপ্টাৰ দলটোৱে নিশাৰ সময়ত অনুশীলন কৰা দেখা গৈছে। বিৱৰণিত আৰু কোৱা হৈছে যে প্ৰশিক্ষণত হেলিকপ্টাৰ উৰণ, অৱতৰণ, টেক অফ, আৰু নিশাৰ পৰিস্থিতিত আহত সৈনিকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিমান চিকিৎসকলক হ’ইষ্ট কেবলৰ জৰিয়তে তললৈ নমা আৰু ওপৰলৈ উঠা ইত্যাদিৰ  অনুশীলন অন্তৰ্ভুক্ত। 

ভাইৰেল ভিডিঅ'টোৰ এটা দীঘলীয়া সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) দেশ-বিদেশত সেৱা আগবঢ়োৱা আমেৰিকাৰ সামৰিক বাহিনীৰ সৈতে সংবাদ মাধ্যমৰ সংযোগ স্থাপন কৰোৱা ডিফেন্স ভিজুৱেল ইনফোৰ্মেচন ডিষ্ট্ৰিবিউচন ছাৰ্ভিচ (ডিভিআইডিএছ)ৰ ৱেবছাইটতো উপলব্ধ। ইউএছএমচিৰ ৱেবছাইটত কোৱাৰ দৰেই এই ভিডিঅ’টো ২০১২ চনৰ ১৩ এপ্ৰিলত পোষ্ট কৰা হৈছিল। ইয়াৰ উপৰিও ডিভিআইডিএছে উল্লেখ কৰিছিল যে এই ভিডিঅ’টো আফগানিস্তানৰ শ্বেংকৰ এটা ফৰৱাৰ্ড অপাৰেটিং বেছত তোলা হৈছিল।

ভিডিঅ'টো শ্বেয়াৰ কৰা ভাইৰেল পোষ্ট আৰু ডিভিডিএছে আপলোড কৰা প্ৰকৃত ফুটেজৰ স্ক্ৰীণশ্বটৰ মাজত তুলনা। (উৎস: এক্স/ডিভিআইডিএছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

উদ্ধাৰ অভিযান 

ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছিৰ দুৰ্ঘটনাগ্ৰস্ত চপাৰখন বিচাৰি উলিয়াবলৈ ১৯ মে’ দেওবাৰে বিয়লিৰ ভাগত উদ্ধাৰ অভিযান আৰম্ভ হয়। ইৰাণৰ ষষ্ঠ বায়ুসেনাৰ উপৰিও ইৰাক, আজাৰবাইজান, তুৰ্কী আদি দেশে এই উদ্ধাৰ অভিযানত সহায় আগবঢ়ায়। তুৰ্কীয়ে হেলিকপ্টাৰ আৰু ৩২ জন পৰ্বতাৰোহী উদ্ধাৰকাৰীসহ এটা নাইট-ভিজন অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সোমবাৰে ইৰাণৰ ৰেড ক্ৰিচেণ্টে ৰইছি আৰু দুৰ্ঘটনাত নিহত আন লোককেইজনৰ অৱশিষ্ট পোৱা গৈছে বুলি নিশ্চিত কৰাত উদ্ধাৰ অভিযান সমাপ্ত কৰা হয়।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত তুৰ্কীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছিৰ সন্ধানত নাইট ভিজন হেলিকপ্টাৰ নিয়োগ কৰা দেখা গৈছে বুলি কৰা দাবীটো মিছা। এইটো আচলতে ২০১২ চনৰ এপ্ৰিলত আফগানিস্তানত শ্বুট কৰা এটা প্ৰশিক্ষণৰ ভিডিঅ’ হয় আৰু ৰইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।