টাইৱানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য হিচাপে পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰিত

লেখক: ৰাহুল অধিকাৰী
এপ্ৰিল 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
টাইৱানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য হিচাপে পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰিত

ছ’চিয়েল মিডিয়াত টাইৱানৰ শেহতীয়া ভূমিকম্প বুলি প্ৰচাৰিত ভিডিঅ’ৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ভিডিঅ’ তিনিটাৰ এটা টাইৱানৰ হয় যদিও আন দুটা জাপান আৰু তুৰ্কীৰ হয়, তদুপৰি তিনিওটা ভিডিঅ’ই পুৰণি আৰু শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি eaec27ca

কি দাবী কৰা হৈছে?

যোৱা ৩ এপ্ৰিলত টাইৱানৰ হুয়ালিয়েন প্ৰদেশত অহা ৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ৰো অধিক লোক আহত হয়। এই শোকাৱহ প্ৰাকৃতিক দুৰ্যোগৰ পিছতে ছ’চিয়েল মিডিয়াত টাইৱানৰ ভূমিকম্পৰ দৃশ্য বুলি বিভিন্ন ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। 

তেনে এটা ভিডিঅ’ত ষ্টেচনত ৰখি থকা এখন ট্ৰেইনক ভূমিকম্পই জোকাৰি যোৱাৰ লগতে প্লেটফৰ্মত থকা কেইজনমান যাত্ৰীৰ মাজত কিছু খৰ-খেদা লগা দেখা যায়। আন এটা ভিডিঅ’ শ্বেয়াৰ কৰি একাংশ লোকে ভূমিকম্পৰ ফলত টাইৱানৰ এখন নদীৰ দুয়োটা পাৰত পানীৰ ঢৌৱে কোবাই যায় বুলি দাবী কৰে। তৃতীয়টো ভিডিঅ’ত এটা বিল্ডিং খহি পৰাৰ দৃশ্য বন্দী কৰা হৈছে। উক্ত ভিডিঅ’ কেইটা শ্বেয়াৰ কৰা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। 

অৱশ্যে, এই ভিডিঅ’ তিনিটাৰ টাইৱানত সংঘটিত শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই। আগতে অহা ভূমিকম্পৰ সময়ত ভিডিঅ’ কেইটা কেমেৰাত বন্দী কৰা হৈছিল।

আমি কি বিচাৰি পালোঁ?

আমি ভিডিঅ’ তিনিটাৰ ওপৰত ৰিভাৰ্ছ ইমেজ চাৰ্চ আৰু প্ৰয়োজনীয় অনুসন্ধান কৰিলোঁ আৰু দেখিলোঁ যে তিনিওটা ভিডিঅ’ টাইৱানৰ শেহতীয়া ভূমিকম্পৰ বহু আগৰে পৰা ইণ্টাৰনেটত উপলব্ধ। 

ট্ৰেইন ষ্টেচনৰ ভিডিঅ'টো

যোৱা ৩ এপ্ৰিলত টাইৱানত ভূমিকম্প অহা দিনাখন এজন ব্যৱহাৰকাৰীয়ে এই ভিডিঅ'টো এক্সত শ্বেয়াৰ কৰি কেপচনত লিখিছিল, "এয়া #টাইৱানৰ #ভূমিকম্পৰ ভয়ংকৰ দৃশ্য।" এই ফেক্ট-চেকটো লিখাৰ সময়লৈকে পোষ্টটোৱে ৪৬ হাজাৰৰো অধিক ভিউ আৰু ১১৮ টা লাইক লাভ কৰিছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ৰিভাৰ্ছ ইমেজ চাৰ্চত দেখা গ’ল যে ভিডিঅ’টো আচলতে ২০২২ চনৰ হয়। চীনৰ সংবাদ মাধ্যম চিজিটিএনে ২০২২ চনৰ ১৮ ছেপ্টেম্বৰত ইউটিউবত এই ক্লিপটো প্ৰকাশ কৰিছিল, যাৰ শিৰোনাম আছিল “এম৬.৯ ভূমিকম্পই টাইৱানৰ হুয়ালিয়ানত খুন্দা মাৰে: চিইএনচি”। ভিডিঅ’টোৰ বৰ্ণনাত কোৱা হৈছে যে ২০২২ চনৰ ১৮ মাৰ্চত টাইৱানৰ দক্ষিণ-পূব উপকূলত অহা ৬.৯ প্ৰাবল্যৰ ভূমিকম্পত ৰে’ল বাগৰি পৰাৰ লগতে সা-সম্পত্তিৰ ক্ষতিসাধন হৈছিল আৰু চুনামীৰ সতৰ্কবাণীৰ জাৰি কৰা হৈছিল। ভাইৰেল ভিডিঅ’টোত উক্ত ভূমিকম্পৰ সময়ত এটা ৰে’ল ষ্টেচনৰ দৃশ্য দেখা গৈছে।

২০২২ চনৰ ১৮ মাৰ্চত এনডিটিভিয়ে টাইৱানত সংঘটিত ৬.৯ প্ৰাবল্যৰ ভূমিকম্পক লৈ প্ৰকাশ কৰা এক বাতৰিত ভাইৰেল ভিডিঅ’টোৰ দৃশ্যৰ সৈতে মিল থকা এখন ফটো ব্যৱহাৰ কৰিছিল। উক্ত ভূমিকম্পৰ অভিকেন্দ্ৰ টাইটুঙৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ উত্তৰে ১০ কিলোমিটাৰ গভীৰতাত আছিল।

ইয়াৰ দ্বাৰা স্পষ্ট হৈ যে ভাইৰেল ভিডিঅ’টো টাইৱানৰ হয় যদিও শেহতীয়া ভূমিকম্পৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

এখন নদীৰ জলপৃষ্ঠ লৰি থকা দেখুওৱা ভিডিঅ'

 ৩ এপ্ৰিলত এই ভিডিঅ'টো শ্বেয়াৰ কৰি এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছিল, "ভিডিঅ': আজিৰ ভূমিকম্পৰ সময়ত টাইৱানৰ এজন গাড়ীচালকে তেওঁৰ গাড়ীখন ৰাখি নদীৰ পানী আগলৈ পিছলৈ লৰি খাই থকা দেখিছিল।" এক্সত ভিডিঅ’টোৱে ৩১৩,০০০ ভিউ আৰু ১১০০ লাইক লাভ কৰে। 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অনুসন্ধান কৰি আমি দেখিলোঁ যে টাইৱানত শেহতীয়াকৈ অহা ভূমিকম্পৰ পূৰ্বে যোৱা জানুৱাৰী মাহত কেইবাটাও সংবাদ মাধ্যমে এই ভিডিঅ’টো প্ৰকাশ কৰিছিল। ১ জানুৱাৰীত নিউজৱিকত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি উক্ত ভিডিঅ’টো পশ্চিম জাপানত অহা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ৰ হয়। ডাবলিনস্থিত সংস্থা ষ্ট’ৰীফুল নিউজ এণ্ড ৱেদাৰেও ৩ জানুৱাৰীত নিজৰ ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ প্ৰকাশ কৰি জাপানৰ ভূমিকম্পৰ ভূমিকম্পৰ ভিডিঅ’ বুলি কৈছিল। 

চিএনএনে প্ৰকাশ কৰা অনুসৰি ১ জানুৱাৰীত পশ্চিম জাপানত অহা ৭.৫ প্ৰাবল্যৰ ভূমিকম্পত কমেও ৫৭ জন লোকৰ মৃত্যু হয়। মধ্য ইছিকাৱা প্ৰিফেকচাৰৰ নোটো উপদ্বীপ কঁপাই যোৱা এই ভূমিকম্পৰ ফলত পূব ৰাছিয়ালৈকে চুনামীৰ সতৰ্কবাণীৰ জাৰি কৰা হৈছিল। 

এটা অট্টালিকা খহি পৰা দেখুওৱা ভিডিঅ’

এক্সৰ এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে ইয়াত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ সময়ত টাইৱানত এটা অট্টালিকা ভাঙি পৰা দেখা গৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু এই ভিডিঅ’টো প্ৰকৃততে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তুৰ্কীত হোৱা ভয়াৱহ ভূমিকম্পৰ সময়ত বন্দী কৰা হৈছিল। ভিডিঅ’টোৰ মূল আৰু দীঘলীয়া সংস্কৰণটো ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত ৰয়টাৰৰ ইউটিউব চেনেলত প্ৰকাশ পাইছিল, যাৰ শিৰোনাম আছিল ‘ ভিডিঅত তুৰস্কৰ ভূমিকম্পৰ পিছত বিল্ডিং পতনৰ দৃশ্য দেখা গৈছে’। ভিডিঅ’ প্ৰতিবেদনটোৰ মতে মধ্য তুৰ্কী আৰু উত্তৰ-পশ্চিম ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ ফলত উক্ত বিল্ডিংটো ভাঙি পৰিছিল। 

একেটা ভিডিঅ’ ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত বিবিচিয়ে প্ৰকাশ কৰি এইটো তুৰ্কীৰ ছানলিউৰফাৰ হালিলিয়ে জিলাৰ বুলি উল্লেখ কৰিছিল। ভিডিঅ’টোত অঞ্চলটোত বিধ্বংসী ভূমিকম্পই আঘাত কৰি যোৱাৰ কেইঘণ্টামানৰ পিছত এটা বহুমহলীয়া অট্টালিকা ভাঙি যোৱা দেখা গৈছে। দ্য গাৰ্ডিয়ানৰ মতে উক্ত ভূমিকম্পত ৫০ হাজাৰৰো অধিক লোকৰ মৃত্যু হয়।

সিদ্ধান্ত

বিভিন্ন দেশত অহা ভূমিকম্পৰ তিনিটা পুৰণি ভিডিঅ’ টাইৱানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে। ইয়াৰে এটা ভিডিঅ’ টাইৱানৰ যদিও বাকী দুটা জাপান আৰু তুৰ্কীৰ হয়। টাইৱানত শেহতীয়াকৈ সংঘটিত ভূমিকম্পৰ বহু আগতেই উক্ত ভিডিঅ’ কেইটা কেমেৰাত বন্দী কৰা হৈছিল। সেয়েহে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।