পুৰণি, অসংলগ্ন ছবি 'ইৰাণৰ ৰাষ্ট্ৰপতি ৰইছিৰ হেলিকপ্টাৰৰ ধ্বংসাৱশেষ' হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: অংকিতা কুলকাৰ্ণী
মে’ 22 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পুৰণি, অসংলগ্ন ছবি 'ইৰাণৰ ৰাষ্ট্ৰপতি ৰইছিৰ হেলিকপ্টাৰৰ ধ্বংসাৱশেষ' হিচাপে শ্বেয়াৰ কৰা হৈছে

ইৰাণৰ ৰাষ্ট্ৰপতি ৰইছিৰ হেলিকপ্টাৰৰ ধ্বংসাৱশেষৰ ফটো বুলি দাবী কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

আমি অনুসন্ধান কৰি তিনিখন ছবি ২০২০ চনত ইৰাণত সংঘটিত বিমান দুৰ্ঘটনাৰ, আৰু চতুৰ্থখন ছবি ২০১৯ চনৰ মৰক্কোৰ ফটো বুলি নিশ্চিত হওঁ।

ক্লেইম আইডি 75a5be91

কি দাবী কৰা হৈছে?

১৯ ​​মে’ত দুৰ্ঘটনাগ্ৰস্ত হোৱা ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছিৰ হেলিকপ্টাৰৰ ধ্বংসাৱশেষৰ ছবি বুলি ছ’চিয়েল মিডিয়াত এখন হেলিকপ্টাৰৰ জ্বলি যোৱা ধ্বংসাৱশেষৰ একাধিক ছবি শ্বেয়াৰ কৰা হৈছে। ইৰাণ-আজাৰবাইজান সীমান্তৰ ওচৰত সংঘটিত দুৰ্ঘটনাত ৰইছিৰ লগতে ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাব্দোল্লাহিয়ান আৰু আন ছয়জন যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। উদ্ধাৰকাৰীসকলে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছে। ভাইৰেল ছবিসমূহ শ্বেয়াৰ কৰা পোষ্টসমূহৰ আৰ্কাইভ সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত  চাব পাৰিব। 

ছচিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে উক্ত ভাইৰেল ফটোসমূহ পুৰণি আৰু ৰইছিৰ মৃত্যুৰ সৈতে কোনো সম্পৰ্ক নাই।

প্ৰকৃত তথ্য কি?

ৰিভাৰ্ছ ইমাজ চাৰ্চ কৰাত দেখা গ’ল যে ৰইছিৰ দুৰ্ঘটনাৰ সৈতে উক্ত ফটোকেইখনৰ কোনো সম্পৰ্ক নাই।

ফটো ১

একাধিক পোষ্টত (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) তিনিখন ফটো শ্বেয়াৰ কৰি ৰইছিৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ফটো বুলি দাবী কৰা হৈছে। এখন ফটোত ৰেড ক্ৰিচেণ্টৰ কৰ্মীয়ে টৰ্চ লৈ অঞ্চলটো পৰিদৰ্শন কৰা দেখা গৈছে, এই ফটোখন একাংশ অসমীয়া সংবাদ মাধ্যমেও (ইয়াত আৰ্কাইভ কৰা হৈছে) উক্ত দুৰ্ঘটনাক লৈ প্ৰকাশিত তেওঁলোকৰ বাতৰিত ব্যৱহাৰ কৰিছে। আনখন ফটোত ‘১১৩৬’ লিখা হেলিকপ্টাৰৰ পিছৰ অংশটো দেখা যায়, আনহাতে তৃতীয়খনত হেলিকপ্টাৰৰ পিছৰ অংশৰ সন্মুখত ৰঙা আৰু বগা চুট পিন্ধা এজন ব্যক্তিক দেখা যায়। উল্লেখযোগ্যভাৱে এই ভাইৰেল ছবিকেইখন শ্বেয়াৰ কৰা একাংশ একাউণ্ট ছ’চিয়েল মিডিয়াত প্ৰায়ে মিছা আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰাৰ বাবে পৰিচিত, তেনে দুটা একাউণ্ট হৈছে মেট ৱালেছ (@MattWallace888) আৰু চুলেমান আহমেদ (@ShaykhSulaiman)।

এক্সত শ্বেয়াৰ কৰা এনে এটা পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে)ৰ কেপচনত লিখা আছে, "হেলিকপ্টাৰ দুৰ্ঘটনাস্থলীৰ ছবি। আছুৰা কৰ্পছৰ কমাণ্ডাৰ: 'দুৰ্ভাগ্যজনকভাৱে কেইজনমান শ্বহীদৰ মৃতদেহ জ্বলি গৈছে আৰু চিনাক্ত কৰিব পৰা অৱস্থাত নাই।'" এই প্ৰতিবেদন লিখাৰ সময়লৈকে পোষ্টটোৱে ৫ লাখ ভিউ লাভ কৰিছে।"

ছচিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল ফটোকেইখনৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তদন্তৰ অন্তত আমি দেখিলোঁ যে আটাইকেখন ছবি ২০২০ চনৰ এপ্ৰিলৰ হয়, যেতিয়া ইৰাণৰ মাজাণ্ডাৰান প্ৰদেশত আৰক্ষী বাহিনীৰ এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ২০২০ চনৰ এপ্ৰিলত ইৰাণৰ সংবাদ সংস্থা ৰোকনা প্ৰেছৰ এক প্ৰতিবেদনত এই ছবিসমূহ প্ৰকাশ পাইছিল, য’ত মুতালাক অঞ্চলৰ সমীপত বিছেহ কোলাৰ পৰা তেহৰাণলৈ উৰাজাহাজেৰে যোৱা নাজা প্ৰশিক্ষণ বিমান দুৰ্ঘটনাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছিল। এই দুৰ্ঘটনাত আৰক্ষী বাহিনীৰ দুজন বিষয়াই প্ৰাণ হেৰুৱায়, আৰু বিমানখনৰ ধ্বংসাৱশেষ হাবিত উদ্ধাৰ কৰা হয়।

আমোলনিউজ নামৰ আন এটা স্থানীয় সংবাদ মাধ্যমেও এই ঘটনাৰ বাতৰি প্ৰকাশ কৰিছিল য’ত ভাইৰেল ক্লিপত দেখা "১১৩৬" নম্বৰৰ হেলিকপ্টাৰখন দেখা যায়। প্ৰতিবেদনটোত নিহত লোক দুজনক মেজৰ পাইলট আলী ঈদি আৰু কেপ্তেইন পাইলট আলী ইছলামী বুলি চিনাক্ত কৰা হৈছে।

এই তিনিখন ছবি ইৰাণৰ ৰেড ক্ৰিচেণ্ট ছ’চাইটিয়ে ২০২০ চনৰ ২২ এপ্ৰিলত এক্সত শ্বেয়াৰ কৰা এটা পোষ্টতো (ইয়াত আৰ্কাইভ কৰা হৈছে) দেখা পোৱা যায়, মাজাণ্ডাৰান প্ৰদেশত উক্ত দুৰ্ঘটনা সংঘটিত হৈছিল বুলি পোষ্টটোত কোৱা হয়। ৰেড ক্ৰিচেণ্ট হৈছে দুৰ্যোগ আৰু সংকটৰ সময়ত উদ্ধাৰ অভিযানত সহায় কৰা এটা বেচৰকাৰী স্বেচ্ছাসেৱক সংস্থা।

ছবি ২

এই ছবিখনত (ইয়াত আৰ্কাইভ কৰা হৈছে) এখন হেলিকপ্টাৰৰ সন্মুখ ভাগৰ ধ্বংসাৱশেষ দেখা গৈছে, পাৰ্চী ভাষাত লিখা পোষ্টোৰ মোটামুটি অনুবাদ হৈছে, "চৈয়দ ইব্ৰাহিম ৰইছিৰ বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছে।" পোষ্টটোৱে এক্সত ৪৮০,০০০ তকৈ অধিক ভিউ লাভ কৰিছে। একেধৰণৰ আৰ্কাইভ কৰা পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব।

ছচিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল ফটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ছবিখন ৰইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ সৈতে সম্পৰ্কিত নহয় বৰঞ্চ এই ফটোখন ২০১৯ চনৰ পৰা ইণ্টাৰনেটত আছে আৰু এইখন মৰক্কোৰ ফটো হয়। ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত দেশখনৰ এক সংবাদ সংস্থা মৰক্কো ৱৰ্ল্ড নিউজৰ এক প্ৰতিবেদনত মৰক্কোৰ আছিলাহৰ সমীপৰ ছাবত আল-জিনাটত কোকেইন কঢ়িয়াই অনা বিমান দুৰ্ঘটনাৰ ইংগিত দিয়া একেধৰণৰ ছবি প্ৰকাশ পাইছিল। ২০১৯ চনৰ ৮ ছেপ্টেম্বৰত বাল্ডি.নেট-ত প্ৰকাশিত প্ৰতিবেদন মতে দুৰ্ঘটনাটোত পাইলটজন সামান্য আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

২০১৯ চনৰ ৮ ছেপ্টেম্বৰত বাল্ডি ডটনেটে প্ৰকাশ কৰা এক প্ৰতিবেদনত এতিয়া ভাইৰেল হোৱা ছবিখনো সন্নিবিষ্ট কৰা হৈছে। ইয়াত দুৰ্ঘটনাৰ কাৰণ তেতিয়ালৈকে জনা হোৱা নাছিল আৰু ইয়াৰ তদন্ত কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল।

তদুপৰি, ৰয়টাৰ্ছ আৰু এনবিচি নিউজৰ প্ৰতিবেদনত ৰইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ প্ৰকৃত স্থানৰ ছবি আৰু দৃশ্যসমূহৰ ভাইৰেল ফটোখনৰ সৈতে মিল নাই।

উপৰোক্ত প্ৰমাণসমূহে নিৰ্দ্বিধায় প্ৰতিষ্ঠা কৰে যে ভাইৰেল ছবিসমূহ পুৰণি আৰু ইয়াত ৰইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পিছৰ দৃশ্য দেখুওৱা হোৱা নাই।

সিদ্ধান্ত

২০১৯ আৰু ২০২০ চনৰ পুৰণি, অসংলগ্ন ছবি ইৰাণৰ ৰাষ্ট্ৰপতি ৰইছিৰ হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।