পুৰণি, অসংলগ্ন ভিডিঅ’ 'বালাচোৰ ষ্টেচন মাষ্টাৰ শ্বৰীফক মাৰপিট' কৰা ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা
আগষ্ট 22 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পুৰণি, অসংলগ্ন ভিডিঅ’ 'বালাচোৰ ষ্টেচন মাষ্টাৰ শ্বৰীফক মাৰপিট' কৰা ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

লজিকেলি ফেক্টছে ইতিপূৰ্বে ষ্টেচন মাষ্টাৰৰ ধৰ্মীয় পৰিচয় সম্পৰ্কীয় দাবীৰ ফেক্ট চেক কৰিছে। তদুপৰি ভিডিঅ’টো ২০২১ চনৰ বুলি আমি জানিব পাৰিছোঁ।

ক্লেইম আইডি 2684556c

(সম্পাদকীয় টোকা: ভিডিঅ’টো থকা আপত্তিজনক দৃশ্য়ৰ বাবে আমি লেখাটোক ইয়াৰ কোনো লিংক ব্য়ৱহাৰ কৰা নাই)

পৃষ্ঠভূমি

২০২৩ চনৰ ২ জুনত বালাচোৰ ট্ৰেইন দুৰ্ঘটনাৰ পটভূমিত হোৱাটছএপ আৰু টুইটাৰ আদি প্লেটফৰ্মত এটা ভিডিঅ’ যথেষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোত পিছফালে হাত বন্ধা অৱস্থাত মজিয়াত পৰি থকা এজন উলংগ লোকক কোনোবাই কাঠৰ তক্তাৰে প্ৰহাৰ কৰি থকা দেখা যায়।

ভিডিঅ’ শ্বেয়াৰ কৰি ইয়াত দেখিবলৈ পোৱা লোকজনক বালাচোৰ ষ্টেনৰ মাষ্টাৰ তথা ট্ৰেইন দুৰ্ঘটনাটোৰ "মূল অভিযুক্ত মহম্মদ শ্বৰীফ" বুলি দাবী কৰা হৈছে। তদুপৰি এইবুলিও দাবী কৰা হৈছে যে তেওঁক পশ্চিমবংগৰ এখন মাদ্ৰাছাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। কমেও ২৯১ জন লোকে প্ৰাণ হেৰুৱা  আৰু ১১০০ তকৈ অধিক লোক আহত হোৱা মৰ্মান্তিক দুৰ্ঘটনাটোৰ পিছত ভাইৰেল হৈ পৰা বিভিন্ন তত্ত্ব আৰু ভুৱা দাবীৰ অংশ হিচাপে এই দাবী শ্বেয়াৰ কৰা হৈছে।

অৱশ্যে, এই দাবীসমূহ শুদ্ধ নহয় আৰু এজন "ষ্টেচন মাষ্টাৰৰ" বুলি শ্বেয়াৰ কৰি থকা এই ভিডিঅ’টোৰ বালাচোৰ দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই। ভিডিঅ’টো ২০২১ চনৰ তথা মেক্সিকোৰ বুলি জানিব পৰা গৈছে। লজিকেলী ফেক্টছে ইয়াৰ আগতে ষ্টেচন মাষ্টাৰৰ ধৰ্মীয় পৰিচয় সম্পৰ্কীয় মিছা দাবীসমূহ সত্যতা নিৰূপন কৰিছে।

প্ৰকৃত তথ্য

ভাইৰেল ভিডিঅ'টোৰ কীফ্ৰেমত আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২১ চনৰ ৩০ অক্টোবৰত ৰেডিটত আপলোড কৰা এটা ভিডিঅ’ লাভ কৰোঁ। উক্ত ভিডিঅ’ ‘নাৰ্কফুটেজ’ নামৰ এটা ৰেডিট কমিউনিটিত আপলোড কৰা হৈছিল, উক্ত নিজকে কমিউনিটিটোৱে নিজকে মেক্সিকান কাৰ্টেলৰ বিষয়ে আলোচনা কৰা এটা কমিউনিটি বুলি বৰ্ণনা কৰিছে। ৰেডিট পোষ্টটোত ভিডিঅ’টোত কাৰ্টেলৰ পৰা চুৰি কৰাৰ অপৰাধত এজন চোৰক পেডেলেৰে প্ৰহাৰ কৰা দেখা গৈছে বুলি উল্লেখ কৰা হৈছে।

আমি একেটা ভিডিঅ’ আন কিছুমান ভিডিঅ’ শ্বেয়াৰিং ৱেবছাইটতো দেখিবলৈ পাওঁ য’ত একেখিনি তথ্যই উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি ভিডিঅ’টোত প্ৰহাৰ কৰি থকা লোককেইনে স্পেনিছ ভাষাত কথা কৈ থকা শুনা যায়।

ভিডিঅ’টোত দেখুওৱা ঘটনা আমি নিজাববীয়াকৈ নিশ্চিত কৰিব পৰা নাই বা এই সম্পৰ্কে কোনো বাতৰি বিচাৰি পোৱা নাই যদিও মেক্সিকোৰ কাৰ্টেলসমূহে আইন হাতত তুলি লৈ সৰু-সুৰা চোৰ ডকাইতৰ ওপৰত এনেদৰে শাস্তি বিহা সম্পৰ্কীয় স্পেনিছ আৰু ইংৰাজীত প্ৰকাশিত একাধিক বাতৰি আমি দেখিবলৈ পাইছোঁ। 

ষ্টেচন মাষ্টাৰৰ পৰিচয় সম্পৰ্কে কি ক’ব পাৰি?

লজিকেলী ফেক্টছে ইতিপূৰ্বে ষ্টেচন মাষ্টাৰৰ নাম "মহম্মদ শ্বৰীফ" আৰু তেওঁ পলাতক আছিল বুলি প্ৰচাৰ হোৱা দাবীৰ সত্যতা নিৰূপন কৰিছে।  

দক্ষিণ-পূব ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া আদিত্য কুমাৰ চৌধুৰীয়ে আমাক পূৰ্বে জনোৱা মতে শ্বৰীফ নামৰ কোনো কৰ্মচাৰী বাহানাগা ৰে’লৱে ষ্টেচনত কাম কৰা নাই, তদুপৰি ষ্টেচনটোৰ কোনো বিষয়া বা কৰ্মচাৰীয়ে পলাই থকা নাই বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। 

সিদ্ধান্ত

যদিও আমি ভাইৰেল ভিডিঅ'টোৰ মূল উৎসটো নিজাববীয়াকৈ পৰীক্ষা কৰিব পৰা নাই, এইটো স্পষ্ট যে বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। ভিডিঅ’টো ২০২১ চনৰ অক্টোবৰৰ আৰু উপলব্ধ তথ্য অনুসৰি এইটো এটা 'মেক্সিকান কাৰ্টেল'ৰ ভিডিঅ’ হ’ব লাগে। তদুপৰি, ষ্টেচন মাষ্টাৰজনৰ নাম দাবী কৰাৰ দৰে মহম্মদ শ্বৰীফ নহয় এছ.বি. মোহান্তিহে আছিল।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।