ইজৰাইলে হামাছ উগ্ৰপন্থীক কৰা আক্ৰমণৰ বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

লেখক: সোহম শ্বাহ
নৱেম্বৰ 3 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইলে হামাছ উগ্ৰপন্থীক কৰা আক্ৰমণৰ বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

ভিডিঅ'ত ইজৰাইলে হামাছ উগ্ৰপন্থীক আক্ৰমণ কৰা দেখা গৈছে বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীনশ্বট (উৎস:X/লজিকেলি ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ’টো ছিৰিয়াৰ হয় আৰু কমেও ২০১৪ চনৰ পৰাই অনলাইন যোগে উপলব্ধ । হামাছৰ আক্ৰমণৰ বিৰুদ্ধে চলিত ইজৰাইলৰ প্ৰতিক্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ।

ক্লেইম আইডি 0f6aa095

দাবী কি?

সামৰিক পোছাক পৰিহিত কিছু যোদ্ধাৰ ওপৰত হোৱা এক আক্ৰমণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে আৰু ইয়াত ২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলী সৈন্যই হামাছৰ উগ্ৰপন্থীৰ ওপৰত কৰা আক্ৰমণ দেখা গৈছে বুলি দাবী কৰা হৈছে। তেনে এটা ভিডিঅ’, “অমূল্য! ইজৰাইলে হত্যাকাণ্ডৰ প্ৰতিজন অংশগ্ৰহণকাৰীক চিকাৰ কৰি আছে। চাওকচোন হাঁহিটো কিমান সোনকালে নাইকীয়া হৈ যায় ...” কেপচন সহিত শ্বেয়াৰ কৰা হৈছিল । পোষ্টটোৰ আন এটা পুনৰাবৃত্তিত লিখা আছিল, “হত্যাকাণ্ডত জঢ়িত হামাছৰ প্ৰতিজন অংশগ্ৰহণকাৰীক ইজৰাইলে চিকাৰ কৰি আছে।”

পোষ্টবোৰৰ আৰ্কাইভ লিংক ইয়াত আৰু ইয়াত চাব পাৰিব।

ভিডিঅ’টোত ইজৰাইলে হামাছৰ উগ্ৰপন্থীক হত্যা কৰা দেখা গৈছে বুলি দাবী কৰা পোষ্ট। (উৎস:X)

এনে ধৰণৰ পোষ্ট অসমীয়াটো ফেচবুকৰ যোগেদি প্ৰচাৰ হোৱা দেখা গৈছে । এনে পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰিব।

ভিডিঅ’টোত ইজৰাইলে হামাছৰ উগ্ৰপন্থীক হত্যা কৰা দেখা গৈছে বুলি দাবী কৰা অসমীয়া পোষ্ট। (উৎস:X)

কিন্তু আমি দেখিলোঁ যে ভিডিঅ’টো পুৰণি আৰু শেহতীয়া ইজৰাইল-হামাছৰ সংঘাতৰ সৈতে কোনো সম্পৰ্ক নাই।

সত্য কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চ ব্যৱহাৰ কৰি আমি দেখিলোঁ যে ভিডিঅ’টো কমেও ২০১৪ চনৰ নৱেম্বৰৰ পৰা অনলাইন যোগে উপলব্ধ আৰু বিভিন্ন দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ ২০১৭ চনৰ ৬ আগষ্টত ইউটিউবত পোষ্ট কৰা হৈছিল, য’ত ভিডিঅ’টোৰ আৰম্ভণিতে যুঁজাৰুজনে “অ’হ জাহৰা” বুলি চিঞৰি উঠা শুনা যায়। ২০২০ চনৰ জানুৱাৰী মাহৰ এএফপিৰ এক আৰবী ফেক্ট-চেক অনুসৰি "অ' জাহৰা" হৈছে ছিয়া শ্লোগান। ইয়াৰ ফলত ভিডিঅ’টোত হামাছৰ যোদ্ধা দেখা পোৱাৰ সম্ভাৱনা ক্ষীণ, কিয়নো হামাছ এটা চুন্নী সংগঠন।

২০১৭ চনৰ আগষ্ট মাহত ইউটিউবত প্ৰকাশ কৰা ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ (উৎস: ইউটিউব)

আমি এইটোও দেখিলোঁ যে ভিডিঅ’টোৰ এটা ষ্টিল ২০১৪ চনৰ ১০ ডিচেম্বৰত তুৰ্কীৰ বাতৰি ৱেবছাইট হাকছ’জ হাবেৰত পোষ্ট কৰা হৈছিল, য’ত কোৱা হৈছে যে ইয়াত উত্তৰ ছিৰিয়াৰ নুবুল আল-জাহৰা অঞ্চলত ছিৰিয়া শাসনৰ পক্ষত যুঁজি থকা “ছিয়া উগ্ৰপন্থী”ক দেখা গৈছে ।

গুগল ট্ৰেন্সলেট ব্যৱহাৰ কৰি অনুবাদ কৰা তুৰ্কী বাতৰি প্ৰতিবেদনৰ স্ক্ৰীণশ্বট (উৎস: হাকছ'জ হাবেৰ)

ছিৰিয়াৰ আলেপ্পো চহৰৰ পৰা নুবল আৰু জাহৰা চহৰ ২৫ কিলোমিটাৰৰ অলপ বেছি দূৰত্বত অৱস্থিত । ২০১৬ চনৰ ৩ ফেব্ৰুৱাৰীত ৰয়টাৰে প্ৰকাশ এক প্ৰতিবেদন অনুসৰি ছিৰিয়াৰ গৃহযুদ্ধৰ সময়ত বিদ্ৰোহীৰ তিনি বছৰীয়া ঘেৰাওৰ পৰা এই চহৰ দুখন মুক্ত হৈছিল। প্ৰতিবেদনত লগতে কোৱা হৈছে যে লেবাননৰ শ্বিয়া হিজবুল্লাহ আৰু ইৰাণ সমৰ্থিত মিলিচীয়াই এই যুদ্ধত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদক সমৰ্থন কৰিছিল।

আমি ভাইৰেল ভিডিঅ’টোত জনপ্ৰিয় সংগঠন ইউনিটৰ ইৰাকী ছিয়া যোদ্ধা আৰু যোদ্ধাসকলে পিন্ধা ইউনিফৰ্মৰ সাদৃশ্য চিনাক্ত কৰিলোঁ। এআই মনিটৰে ব্যৱহাৰ কৰা ৰয়টাৰৰ এখন ছবিত দেখা গৈছে যে ২০১৬ চনৰ জেৰুজালেম দিৱসত এই যোদ্ধাসকলে ইউনিফৰ্মৰ বাহু আৰু বুকুত একেধৰণৰ চিহ্ন আৰু লিখা লৈ এক সমদল উলিয়াইছে।

জনপ্ৰিয় সংগঠন ইউনিটৰ ইৰাকী ছিয়া যোদ্ধাৰ ইউনিফৰ্ম আৰু ভাইৰেল ভিডিঅ’ত দেখা ইউনিফৰ্মৰ মাজত সাদৃশ্য। (উৎস: ৰয়টাৰ/খালিদ আল মৌচিলি (বাওঁ)/ইউটিউব (সোঁ)/লজিকেলি ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এএফপি আৰবীয়েও লক্ষ্য কৰিছে যে ভিডিঅ’টোত দেখা যুঁজাৰুজনে ইৰাকী উপভাষাত কথা কৈছিল।

যদিও লজিকেলি ফেক্টছে ভিডিঅ’টোৰ উৎপত্তি আৰু ইয়াত কি দেখুওৱা হৈছে সেই বিষয়ে স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব নোৱাৰিলেও, যিহেতু ভাইৰেল ভিডিঅ’টো অন্ততঃ ২০১৪ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ, সেইবাবে ই ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত ইজৰাইলে হামাছৰ উগ্ৰপন্থীক আক্ৰমণ কৰা দেখুৱাব নোৱাৰে।

সিদ্ধান্ত

আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো কাৰণ ভাইৰেল ভিডিঅ’টোত থকা ইউনিফৰ্মটো ইৰাকৰ ছিয়া সৈনিকৰ সৈতে মিল আছে, আৰু ই কমেও ২০১৪ চনৰ পৰাই অনলাইনত যোগে উপলব্ধ, গতিকে ইজৰাইলৰ ওপৰত হামাছে শেহতীয়াকৈ আক্ৰমণ কৰা আৰু তাৰ ফলত যুদ্ধৰ আৰম্ভণিৰ পূৰ্বৰ হয়।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।