নগাঁৱত শেহতীয়া বাঘৰ আক্ৰমণৰ ফুটেজ বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰিত

লেখক: অনুৰাগ বৰুৱা
জানুৱাৰী 12 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নগাঁৱত শেহতীয়া বাঘৰ আক্ৰমণৰ ফুটেজ বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰিত

নগাঁৱৰ ননৈত সন্ত্ৰাস সৃষ্টি কৰা বাঘটোৰ ফুটেজ বুলি ছ’চিয়েল মিডিয়াত পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ' দুটা পুৰণি হয় আৰু নগাঁও জিলাৰ ননৈত শেহতীয়াকৈ সংঘটিত বাঘৰ আক্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি d388a7a9

(সতৰ্কবাণী: প্ৰতিবেদনটোত সংবেদনশীল দৃশ্য থকাৰ লগতে আক্ৰমণৰ কথা বৰ্ণনা কৰা হৈছে।)

যোৱা ৫ জানুৱাৰীত নগাঁৱত এটা ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত এজন ৫৫ বছৰীয়া কৃষকে প্ৰাণ হেৰোৱাব লগীয়া হয়। জিলাখনৰ ননৈত সংঘটিত এই শোকাৱহ ঘটনাই অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে ছ’চিয়েল মিডিয়াতো ইয়াক লৈ যথেষ্ট চৰ্চা হোৱা দেখা যায়। বিভিন্নজনে ছ’চিয়েল মিডিয়াত নগাঁৱত মানুহৰ ওপৰত আক্ৰমণ কৰা উক্ত বাঘটোৰ দৃশ্য বুলি দাবী কৰি কিছু ভিডিঅ’ শ্বেয়াৰ কৰি থকা দেখা গৈছে।   

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ক্লিপত এজন লোকক চাৰিটা বাঘে আক্ৰমণ কৰা আৰু বাঘ কেইটাক খেদি পঠাবলৈ গুলীচালনা আৰু আতচবাজি ফুটুৱা দেখা হৈছে। আন এটা ক্লিপত বাহনৰ হেডলাইটৰ পোহৰত এটা বাঘে ডাঙৰকৈ ডাঙৰকৈ গৰ্জন কৰি ৰাতি এটা ৰাস্তা পাৰ কৰি থকা দেখা গৈছে। যোৱা ৬ জানুৱাৰীত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে দুয়োটা ক্লিপৰ এটা ৰিল শ্বেয়াৰ কৰিছিল, ৰিলটোৰ ওপৰত ‘নগাঁও ননৈত বাঘৰ আতংক’ বুলি লিখা আছে।

ভিডিঅ’টোৰ সৈতে শ্বেয়াৰ কৰা কেপচনত নগাঁৱৰ ননৈত বাঘে বহুকেইজন লোকক আক্ৰমণ কৰা বুলি খবৰ বিয়পী পৰাৰ পিছতে জিলাখনৰ বিভিন্ন প্ৰান্তত বাঘৰ আতংকই বিৰাজ কৰিছে বুলি কোৱা হৈছে। উক্ত ভিডিঅ’টোৱে প্ৰায় ১৬,০০০ ভিউ লাভ কৰিছে। একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে একেধৰণৰ দাবীৰে দুয়োটা ক্লিপ আপলোড কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব ৷

ভাইৰেল ভিডিঅ’টো দুটা শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰকৃত সত্য কি?

দুয়োটা ক্লিপেই পুৰণি আৰু নগাঁৱৰ ননৈত শেহতীয়াকৈ সংঘটিত বাঘৰ আক্ৰমণৰ ঘটনাৰ লগত কোনো সম্পৰ্ক নাই। চাৰিটা বাঘে এজন লোকক আক্ৰমণ কৰা ভিডিঅ’টো চীনৰ হয়, আনহাতে ৰাতি এটা বাঘে ৰাস্তা পাৰ কৰা ভিডিঅ’টো হৈছে মধ্যপ্ৰদেশৰ।

বাঘৰ আক্ৰমণৰ ভিডিঅ’

বাঘৰ আক্ৰমণৰ ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৭ চনৰ ৩০ জানুৱাৰীত চিনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান চাইনা গ্ল’বেল টেলিভিছন নেটৱৰ্ক (চিজিটিএন)ৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশ পোৱা এটা ভিডিঅ’ প্ৰতিবেদন লাভ কৰোঁ। প্ৰতিবেদনটোৰ মতে পইচা দি টিকট সংগ্ৰহ কৰাৰ পৰিৱৰ্তে এখন দেৱাল বগাই চিৰিয়াখানাত প্ৰৱেশ কৰা এজন লোকক বাঘে আক্ৰমণ কৰি হত্যা কৰিছিল। ভিডিঅ'টোৰ বৰ্ণনাত উল্লেখ কৰা মতে এই ঘটনাটো পূব চীনৰ নিংবো চহৰৰ এখন চিৰিয়াখানাত সংঘটিত হৈছিল। প্ৰতিবেদনটোত থকা দৃশ্যৰ পৰা এই কথা স্পষ্ট হয় যে ইয়াত ভাইৰেল ভিডিঅ’টোত দেখা পোৱা একেটা ঘটনাৰ বিষয়ে আলোচনা কৰা হৈছে।

ভাইৰেল ভিডিঅ’টো আৰু চিজিটিএনৰ ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ফেচবুক/ইউটিউব/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

চাউথ চাইনা মৰ্ণিং পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, য'ত ভাইৰেল ভিডিঅ'টোত দেখা একেধৰণৰ দৃশ্য দেখুওৱা এটা স্ক্ৰীণশ্বট আছে, লি উপাধিৰ নিহত ব্যক্তিজনে ঝাং উপাধিৰ এজন বন্ধুৰ সৈতে প্ৰৱেশ মাচুল আদায় কৰি প্ৰৱেশ কৰাৰ পৰিৱৰ্তে দেৱাল বগাই চিৰিয়াখানাখনত প্ৰৱেশ কৰিছিল। 

ৰাস্তা পাৰ হোৱা বাঘটো

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২২ চনৰ ৬ এপ্ৰিলত দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰোঁ য’ত ৰাস্তা পাৰ হোৱা বাঘটোক দেখুওৱা  ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আছে। প্ৰতিবেদনটোৰ মতে এই ভিডিঅ’টো মধ্যপ্ৰদেশৰ পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ হয় আৰু শেহতীয়াকৈ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভুৱা দাবীৰে ভাইৰেল হৈ পৰিছে।

ইয়াক এটা ইংগিত হিচাপে লৈ আমি এটা কীৱৰ্ড চাৰ্চ কৰিলোঁ আৰু ২০২২ চনৰ ২৮ আগষ্টত পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ ফেচবুক পেজত আপলোড কৰা "কিছুদিন পূৰ্বে ভাইৰেল হোৱা এটা বাঘে ৰাস্তা পাৰ কৰা দেখুওৱা ভিডিঅ'টোৰ মূল ঠিকনা’’ শীৰ্ষক এটা ভিডিঅ' লাভ কৰোঁ। এই ভিডিঅ'টোৰ প্ৰথম অংশত ভাইৰেল ভিডিঅ' ক্লিপটো দেখা যায় য'ত "ভাইৰেল ভিডিঅ'টোৰ মূল স্থান" বুলি লিখা আছে, আনহাতে দ্বিতীয় অংশটোত এখন বনাঞ্চলৰ মাজেৰে যোৱা এটা পথ দেখুওৱা হৈছে।

ভাইৰেল ভিডিঅ’টো আৰু পেঞ্চ টাইগাৰ ৰিজাৰ্ভ ফেচবুক পেজৰ ভিডিঅ’ৰ তুলনা। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ভিডিঅ’টো আৰু পেঞ্চ টাইগাৰ ৰিজাৰ্ভ ফেচবুক পেজৰ ভিডিঅ’ৰ তুলনা। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি ৰাস্তাটোৰ দুয়োকাষে থকা কংক্ৰিটৰ সৰু খুঁটাবোৰ, অলপ দূৰৈত ৰাস্তাৰ বাওঁফালে থকা এজোপা গছ, আৰু ৰাস্তাৰ সোঁফালে আন এজোপা গছৰ কাষত থকা আন এটা ভঙা খুঁটা ইত্যাদি কিছুমান সাদৃশ্য দুয়োটা ভিডিঅ’তে দেখিবলৈ পাওঁ। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে এইসমূহ একেটা মূল ভিডিঅ’ৰে ভিজুৱেল হয়।

সিদ্ধান্ত

নগাঁও জিলাৰ ননৈ অঞ্চলত এটা বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰা ঘটনাটো সঁচা হয় যদিও ভাইৰেল ভিডিঅ’বোৰ পুৰণি আৰু এই ঘটনাৰ লগত সেইসমূহৰ কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।