২০১৯ চনৰ ভিডিঅ' ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
নৱেম্বৰ 2 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০১৯ চনৰ ভিডিঅ' ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

হামাছৰ উগ্ৰপন্থীৰ ওপৰত ইজৰাইলী সেনাৰ বোমা আক্ৰমণৰ ভিডিঅ' বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো চিৰিয়াৰ ভিডিঅ' আৰু ২০১৯ চনৰ পৰা ইন্টাৰনেটত উপলব্ধ, ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

ক্লেইম আইডি 53793f37

কি দাবী কৰা হৈছে?

ইজৰাইল-হামাছৰ মাজত অব্যাহত যুদ্ধৰ মাজতে একাংশ লোকে এক্স (পূৰ্বৰ টুইটাৰ)ত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ইজৰাইল আক্ৰমণ কৰিবলৈ যোৱাৰ সময়তে হামাছৰ এদল সদস্যক ইজৰাইলী বোমাই আক্ৰমণ কৰা দেখা গৈছে বুলি দাবী কৰিছে। ভিডিঅ'টোত দেখা যায় যে এখন বাহনত গৈ থকা অৱস্থাত সামৰিক পোছাক পৰিহিত এজন লোকে এটা ছেল্ফি ভিডিঅ’ কৰি গৈ আছে, য’ত তেওঁৰ পিছফালে আন এজন অস্ত্ৰধাৰী লোক থিয় হৈ গৈছে। এনেতে তেওঁলোকৰ পিছত আহি থকা এখন বাহনৰ ওপৰত বোমাৰ আক্ৰমণ হয়।

এজন এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, "আই গ'প্ৰ'! সকলো কাপুৰুষ #HamasTerrorists অতি সোনকালে ইতিহাসৰ ডাষ্টবিনত থাকিব তেওঁলোক য'ৰ হয় #HamasislSIS।" তেনে এটা এক্স পোষ্টত এক লাখৰো অধিক ভিউ আছে। আৰ্কাইভ কৰা পোষ্ট ইয়াত আৰু ইয়াত পোৱা যাব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ভিডিঅ'টো ২০১৯ চনৰ হয় আৰু ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। 

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ'টোৰ কীফ্ৰেমত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি আমি ২০১৯ চনৰ ৪ মাৰ্চত চিৰিয়াৰ সংবাদ মাধ্য়ম অৰিয়েণ্টৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা এটা দীঘলীয়া সংস্কৰণ লাভ কৰোঁ। এই ভিডিঅ'টো ২৪ ছেকেণ্ড দীঘল আৰু ইয়াৰ শিৰোনাম হৈছে: "تطاير جثث عناصر ميليشيا أسد بعد انفجار استهدف رتلاً عسكرياً - سوريا", যাৰ অৰ্থ হৈছে "চিৰিয়া- সামৰিক কনভয়ক লক্ষ্য কৰি হোৱা বিস্ফোৰণৰ পিছত আছাদ সেনাৰ সদস্যৰ মৃতদেহ উৰি যায়।"

২০১৯ চনত প্ৰকাশিত একাধিক আৰবী সংবাদ মাধ্য়মে এই ভিডিঅ’টোক লৈ বহুকেইটা প্ৰতিবেদন প্ৰকাশ কৰিছিল। ৱাছিলাটিভিত প্ৰকাশিত এক প্ৰতিবেদনত ভিডিঅ’টোৰ স্ক্ৰীণশ্বট সন্নিবিষ্ট কৰা হৈছে আৰু ঘটনাটো পূব চিৰিয়াৰ দেইৰ-ইজ-জ'ৰত সংঘটিত হৈছিল বুলি ধাৰণা কৰা হৈছিল, যেতিয়া চিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদৰ শাসনৰ সৈতে সম্পৰ্কিত সামৰিক বাহনৰ এটা কনভয় বোমা বিস্ফোৰণৰ লক্ষ্য হৈ পৰিছিল।

ৱাছিলাটিভিত ২০১৯ চনত প্ৰকাশিত ভিডিঅ' প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: ৱাছিলাটিভি/স্ক্ৰীণশ্বট)

২০১৯ চনত প্ৰকাশইত অৰিয়েণ্টৰ  আন এটা প্ৰতিবেদনত ২৫ ছেকেণ্ডৰ এই ক্লিপটো সন্নিবিষ্ট কৰি বিস্ফোৰক সামগ্ৰীয়ে এখন বাহন বিস্ফোৰণ কৰাৰ ঠিক আগ মুহূৰ্তত ভিডিঅ’টো কেমেৰাত বন্দী কৰা হৈছিল বুলি কোৱা হৈছে। অৱশ্যে ঘটনাটোৰ সঠিক সময় ইয়াত জনোৱা হোৱা নাই। প্ৰতিবেদনটোত লগতে উল্লেখ কৰা মতে ক্লিপটো কেমেৰাত বন্দী কৰা এজন বিষয়াই “ঈশ্বৰ আৰু ছিৰিয়াৰ সেনা” বুলি উচ্চাৰণ কৰাৰ কিছু সময়ৰ পিছতে এই বিস্ফোৰণ সংঘটিত হৈছিল।

লজিকেলী ফেক্টছে ভাইৰেল ভিডিঅ'টোৰ উৎপত্তি বা প্ৰসংগ নিজাববীয়াকৈ নিৰ্ণয় কৰিব পৰা নাই। অৱশ্য়ে যিহেতু এই ভিডিঅ’টো কমেও ২০১৯ চনৰ পৰা ইন্টাৰনেটত উপলব্ধ, গতিকে এইটো স্পষ্ট যে ইয়াত ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ দৃশ্য় দেখুওৱা হোৱা নাই। 

২০১৯ চনত চিৰিয়াত আইএছআইএছৰ দুৰ্গৰ বিৰুদ্ধে অভিযান

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত চিটিভি নিউজে প্ৰকাশ কৰিছিল যে আমেৰিকা সমৰ্থিত কুৰ্দিশ নেতৃত্বাধীন চিৰিয়ান বাহিনীয়ে পূৱ চিৰিয়াত থকা ইছলামিক ষ্টেট গোটৰ বাকী ৰৈ যোৱা অন্তিম ঘাটিসমূহ নিৰ্মূল কৰিবলৈ চূড়ান্ত আক্ৰমণ আৰম্ভ কৰিছিল। ইউকে-ভিত্তিক যুদ্ধ নিৰীক্ষক চিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছে উল্লেখ কৰে যে আইছিছৰ বন্দুকধাৰীসকলে মাইন পুতি ৰখাৰ বাবে চিৰিয়ান ডেমক্ৰেটিক ফ'ৰ্চেছ (এছডিএফ)-এ সতৰ্কতাৰে আগবাঢ়িছে।

২০১৯ চনৰ ১০ মাৰ্চত এছডিএফে ইছলামিক ষ্টেটৰ বাঘৌজ এনক্লেভ খালী কৰিবলৈ এক অভিযান আৰম্ভ কৰে বুলি ৰয়টাৰে প্ৰকাশ কৰিছে। বাঘৌজ চিৰিয়াৰ দেইৰ-ইজ-জ'ৰৰ আবু কামাল জিলাৰ আল-বাঘুজ ফাউকানি চহৰত অৱস্থিত।

সিদ্ধান্ত

২০১৯ চনৰ এটা ভিডিঅ’ত ইজৰাইল-হামাছৰ শেহতীয়া সংঘাতৰ মাজতে ইজৰাইলক আক্ৰমণ কৰিবলৈ যোৱা হামাছৰ উগ্ৰপন্থীক বোমা বিস্ফোৰণ কৰা দেখা গৈছে বুলি ভুৱা দাবীৰে শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।