বৰেলীৰ পুৰণি ভিডিঅ’ মুখতাৰ আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ ভিজুৱেল বুলি প্ৰচাৰ

লেখক: সোহম শ্বাহ
এপ্ৰিল 4 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বৰেলীৰ পুৰণি ভিডিঅ’ মুখতাৰ আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ ভিজুৱেল বুলি প্ৰচাৰ

মুখতাৰ আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ ভিডিঅ’ বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীনশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

বিভিন্ন বাতৰিৰ মতে ভিডিঅ’টোত বৰেলীত চুফী সন্ত সাকলাইন মিয়াৰ অন্ত্যেষ্টিক্ৰিয়া দেখা গৈছে আৰু ইয়াৰ মুখতাৰ আনছাৰীৰ মৃত্যুৰ সৈতে কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 5d0dd6e2

দাবী কি?

বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্ট যোগে এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যে এই ক্লিপটোত উত্তৰ প্ৰদেশৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ২০২৪ চনৰ ২৮ মাৰ্চত মৃত্যু হোৱা প্ৰাক্তন গেংষ্টাৰ ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা দেখা গৈছে। উল্লেখযোগ্য যে, পাঁচবাৰৰ বিধায়ক আনছাৰীৰ গাজীপুৰৰ বাসগৃহৰ কাষত যোৱা ৩০ মাৰ্চত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এক ডাঙৰ সমাৱেশ হৈছিল বুলি বিভিন্ন বাতৰিত প্ৰকাশ পাইছে । 

ভাইৰেল ভিডিঅ’টোত মুখতাৰ আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা দেখা গৈছে বুলি দাবী কৰা পোষ্ট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এক্সত আপলোড হোৱা প্ৰায় ৩৮ হাজাৰ ভিউ লাভ কৰা তেনে এটা পোষ্টৰ কেপচন দিয়া হৈছে, "এই দৃশ্যটো কোনো শ্বহীদ সেনা জোৱানৰ অন্ত্যেষ্টিক্ৰিয়াৰ নহয়, ডজন ডজন লোকক হত্যা কৰা সন্ত্ৰাসবাদী মুখতাৰ আনছাৰীৰ। হে ভাৰত, বিশেষকৈ হিন্দু, আজি যদি তুমি সাৰ নোপোৱা, তোমাৰ ভৱিষ্যত অন্ধকাৰ।" এই পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

মুখতাৰ আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা দেখা গৈছে বুলি দাবী কৰা অসমীয়া পোষ্ট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এনে ধৰণৰ এক পোষ্ট ফেচবুকত অসমীয়াতো দেখা গ'ল য'ত উক্ত ভাইৰেল ভিডিঅ’টোৰ এক স্ক্ৰীনশ্বট, "হ’ব পাৰে মুখটাৰ আনচাৰি  মাফিয়া ,গুণ্ডা  ,হত্যাকাৰী ৷কিন্তু তেওঁ যে এগৰাকী মুছলমান আছিল ,সেয়েহে লাখৰ ঘৰত স্বধৰ্মালম্বী আৰু ইণ্ডিয়া এলায়েন্সৰ নেতাসকল উবুৰি খাই পৰিল মুখটাৰক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ৷ ৷এখেতসকলৰ মতে ভাৰতত এতিয়ালৈকে এজনেই  হত্যাকাৰী  ,আতংকবাদী জন্ম হৈছে - তেওঁ হল নাথুৰাম গডছে৷" বুলি কেপছন সহিত পোষ্ট কৰা হৈছে । 

সত্য কি?

গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ ব্যৱহাৰ কৰি আমি ২০২৪ চনৰ ২০ মাৰ্চত পোষ্ট কৰা ‘অয়ান খান ৯৯’ (ইয়াত আৰ্কাইভ কৰা) নামৰ চেনেলত ভাইৰেল ক্লিপটোৰ এটা বৰ্ধিত সংস্কৰণ বিচাৰি কৰিলোঁ, য’ত #saiqlainmiya হেচটেগ দিয়া আছিল।

আমি এইটোও দেখিলোঁ যে ভিডিঅ’টো ২০২৪ চনৰ ১৯ জানুৱাৰীত, isaqlaini690 (ইয়াত আৰ্কাইভ কৰা হৈছে) দ্বাৰা আপলোড কৰা হৈছিল, যাৰ শিৰোনাম আছিল “হজৰত পিৰ মুৰ্ছিদ শ্বাহ চাকলেইন মিয়ান হুজুৰ আৰ.এ #জনাজা_শ্বৰীফ #২২অক্টোবৰ২০২৩ #বেৰেইলি_শ্বৰীফ #islamicpost #Muslims #sufi #india #reelsinstagram # r #janaza #viralreels #bareilly #islamiyagroud #instagram #share #মুছলমান #wisal #miyanHuzoor #।”

এই বিষয়ে আমি আৰু অনুসন্ধান কৰাত, অমৰ উজালাৰ এটা বাতৰিৰ সন্ধান উলিয়ালোঁ, যিটো শেষবাৰৰ বাবে ২০২৩ চনৰ ২২ অক্টোবৰত আপডেট কৰা হৈছিল, য’ত ২০২৩ চনৰ ২০ অক্টোবৰত চুফী সন্ত পীৰ-ই-মুৰ্ছিদ হজৰত সাকলাইন মিয়াৰ মৃত্যুৰ বাতৰি প্ৰকাশ পাইছিল। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া ২২ অক্টোবৰ, ২০২৩ত বৰেলীৰ ইছলামিয়া ইণ্টাৰ কলেজত সংঘটিত হৈছিল ।

আমি বৰেলীৰ ইছলামিয়া ইণ্টাৰ কলেজ খেলপথাৰৰ চিনাক্তকৰণযোগ্য বৈশিষ্ট্যসমূহ জিঅ’লকেটিং কৰি ভিডিঅ’টোৰ সত্যতা নিশ্চিত কৰিলোঁ। উল্লেখযোগ্য যে ইছলামিয়া খেলপথাৰৰ মাজত অৱস্থিত এটা গঠন ভাইৰেল ভিডিঅ’টোত টাইমষ্টেম্প ০:২৬ত দেখা গৈছে।

ভাইৰেল ভিডিঅ’ আৰু গুগলৰ পৰা ইছলামিয়া খেলপথাৰৰ ফটোৰ তুলনা। (উৎস: আব্দুল সুভান/গুগল ইমেজ, এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ উপৰিও ভিডিঅ’টোত টাইমষ্টেম্প ০:৩০ বজাত দেখা পোৱা গান্ধী মেডিকো ইছলামিয়া ইণ্টাৰ কলেজ খেলপথাৰৰ কাষৰ পথত অৱস্থিত হয়, যিয়ে ভিডিঅ’টোৰ অৱস্থান বৰেলীত বুলি আৰু অধিক প্ৰমাণ যোগান কৰে।

ভাইৰেল ভিডিঅ’ আৰু গুগল ষ্ট্ৰীট ভিউৰ তুলনা। (উৎস: গুগল ষ্ট্ৰীট ভিউ, এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ভিডিঅ’টোত চুফী সন্ত সাকলাইন মিয়াৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাক প্ৰকৃততে দেখা গৈছে নে নাই সেই সম্পৰ্কে আমি স্বতন্ত্ৰ পৰীক্ষণ কৰিব নোৱাৰিলেও, বাস্তৱিক প্ৰমাণে ইয়াক মুখতাৰ আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সৈতে জড়িত কৰা দাবীক নস্যাৎ কৰিছে। ২০২৪ চনৰ ২৮ মাৰ্চত বৰেলীৰ পৰা ২০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত গাজীপুৰত আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়া সংঘটিত হোৱা আৰু ভাইৰেল ভিডিঅ’টো জানুৱাৰী মাহৰ আৰম্ভণিতে ইউটিউবত আপলোড কৰা হোৱাৰ তথ্যৰ পৰা গম পোৱা যায় যে এইটো আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সৈতে জড়িত হোৱাটো সঁচা হব নোৱাৰে। তদুপৰি জিঅ’লকেটিংয়ে নিশ্চিত কৰিছে যে ভিডিঅ’টোৱে গাজীপুৰৰ নহয়, বৰেলীৰ এটা পৰিঘটনা বন্দী কৰিছে।

সিদ্ধান্ত

এই দাবীক মিছা বুলি চিহ্নিত কৰা হৈছে, কিয়নো এই ভিডিঅ’টো গাজীপুৰত মুখতাৰ আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ কেইবামাহো আগৰ আৰু ইয়াক বৰেলীলৈ জিঅ’ল’কেশ্যন কৰা হৈছে, যিয়ে এই দাবীক অসত্য বুলি অধিক নিশ্চয়তা প্ৰদান কৰিছে।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।