ইজৰাইল-হামাছৰ যুদ্ধৰ শেহতীয়া দৃশ্য় বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ ভাইৰেল

লেখক: চন্দন বৰগোহাঁই
অক্টোবৰ 17 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইল-হামাছৰ যুদ্ধৰ শেহতীয়া দৃশ্য় বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ ভাইৰেল

ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধ দেখুওৱা বুলি বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

বাতৰি অনুসৰি উক্ত ভিডিঅ’ ২০২১ চনৰ আগষ্টৰ হয়, আৰু ইয়াত চীনত একাধিক ওখ বিল্ডিং ধ্বংস কৰা দেখা গৈছে।

ক্লেইম আইডি dc719392

২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ চলোৱাৰ পিছৰে পৰা ইন্টাৰনেটত বিভিন্ন অপ্ৰমাণিত আৰু পুৰণি ফটো তথা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। হামাছৰ আক্ৰমণৰ প্ৰত্য়ুত্তৰত ইজৰাইলে যুদ্ধ ঘোষণা কৰে আৰু গাজা ষ্ট্ৰীপত বিমান আক্ৰমণ আক্ৰমণ আৰম্ভ কৰে। চিএনবিচিৰ এক শেহতীয়া প্ৰতিবেদন অনুসৰি ১৬ অক্টোবৰলৈকে এই সংঘৰ্ষত দুয়োপক্ষৰ ৪ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে।

কি দাবী কৰা হৈছে?

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘাতৰ দৃশ্য় দেখুওৱা বুলি দাবী কৰি একাংশই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এনে এটা ভিডিঅ’ত একাধিক আকাশচুম্বী অট্টালিকা মাটিত খহি পৰা দেখা গৈছে। যোৱা ১২ অক্টোবৰত ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি এজন ব্য়ৱহাৰকাৰীয়ে অসমীয়াত লিখিছে, ‘‘আগন্তুক এশ বছৰলৈ গাজাত কোনো সন্ত্ৰাসবাদীৰ জন্ম নহ'ব। ইজৰাইলে অতি ভয়ঙ্কৰ ৰূপ লৈছে।’’ এই প্ৰতিবেদন লিখাৰ সময়লৈকে পোষ্টটোৱে ৭,৭০০ ভিউ লাভ কৰিছে। ইয়াত আৰ্কাইভ কৰা হৈছে।

 

ভাইৰেল ভিডিঅ’টোৰ এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেধৰণৰ দাবীৰে ভিডিঅ’টো এক্স (X)তো শ্বেয়াৰ কৰা হৈছে। ১১ অক্টোবৰত শ্বেয়াৰ কৰা এটা এক্স পোষ্টত লিখা আছে, “কোনোবাই অনুগ্ৰহ কৰি আইচিচিৰ মানুহক কওক যে বিশ্বকাপ অলপ পিছুৱাই দিয়ক। ইজৰাইলৰ ‘শ্বট’বিলাক আটাইতকৈ মনোৰঞ্জনদায়ক। #IsraelHamas #PalestineUnderAttack # #Gaza_under_attack।" আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত চাব পাৰে।

ভাইৰেল ভিডিঅ’টোৰ এটা X পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এইয়া সঁচা নহয়। ভিডিঅ'টো ২০২১ চনত চীনত কেমেৰাত আৱদ্ধ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

আমি কি বিচাৰি পালোঁ?

আমি ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ, আৰু ২০২৩ চনৰ ৯ জুলাইত Xত শ্বেয়াৰ কৰা একেটা ভিডিঅ’ৰ সৈতে এটা পোষ্ট লাভ কৰোঁ। আমেৰিকাৰ সাংবাদিক ব্রায়ান ক্ৰাচেনষ্টাইনে শ্বেয়াৰ কৰা X পোষ্টটোৰ কেপচন অনুসৰি ভিডিঅ’টোত চীনত “১৫টা ওখ অট্টালিকা ভাঙি পেলোৱা” দেখা গৈছে। তদুপৰি ভিডিঅ'টো যে এতিয়াৰ নহয় আৰু কেইবছৰমান আগতে ইয়াক কেমেৰাত আৱদ্ধ কৰা হৈছিল সেই কথা পোষ্টটোত কোৱা হৈছে।

 

ভাইৰেল ভিডিঅ' আৰু Xত থকা এটা দীঘল ভিডিঅ'ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ফেচবুক(বাওঁফালে)/X(সোঁফালে)/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াক ইংগিত হিচাপে লৈ আমি এটা ফেচবুক পোষ্ট লাভ কৰোঁ য’ত বিল্ডিং ভাঙি পেলোৱাৰ বেলেগ কোণৰ পৰা দৃশ্য়গ্ৰহণ কৰা এটা একেধৰণৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল। এই ভিডিঅ’টোক ভাইৰেল ক্লিপটোৰ সৈতে তুলনা কৰিলে আমি লক্ষ্য কৰিলোঁ যে দুয়োটা ভিডিঅ’ত দেখা অট্টালিকাসমূহৰ লগতে পিছফালে থকা পাহাৰীয়া পৰিৱেশটোৰ সামঞ্জস্য় আছে। তদুপৰি দুয়োটা ভিডিঅ’তে এটা অট্টালিকা অক্ষত অৱস্থাত থকাৰ বিপৰীতে চাৰিওফালে থকা আন সকলো ভাঙি পৰা দেখা যায়। ২০২১ চনৰ ৯ ছেপ্টেম্বৰত শ্বেয়াৰ কৰা ফেচবুক পোষ্টটোৰ মতে, ২০২১ চনৰ ২৭ আগষ্টত চীনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ইউনান প্ৰদেশৰ কুনমিং চহৰত এই ভিডিঅ’টো কেমেৰাত বন্দী কৰা হৈছিল।

ভাইৰেল ভিডিঅ' আৰু ফেচবুকত থকা এটা ভিডিঅ'ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি ২০২১ চনৰ ৩০ আগষ্টত চাইনা অবজাৰ্ভাৰ নামৰ এটা ইউটিউব চেনেলত উক্ত অট্টালিকাসমূহ ভাঙি পেলোৱাৰ ওপৰত প্ৰস্তুত কৰা এটা ভিডিঅ’ লাভ কৰোঁ। এই ভিডিঅ’টোৰ কেপচনতো চীনৰ কুনমিং চহৰত এই কাৰ্য্য় কৰা হৈছিল বুলি উল্লেখ কৰা হৈছে আৰু ভাঙি পেলোৱাৰ পূৰ্বে সমগ্ৰ অঞ্চলটোৰ ফুটেজ দেখুওৱা হৈছে। এই ভিডিঅ'টোৰ ২:৪৯ টাইমষ্টাম্পত আমি এটা চাপৰ ধূসৰ অট্টালিকা, ধূলিৰ ডাৱৰ আৰু এটা অকলশৰীয়া অট্টালিকা থিয় হৈ থকা দেখা পাওঁ। এইটো ক্ৰাছেনষ্টাইনে শ্বেয়াৰ কৰা ১৬ ছেকেণ্ডৰ ভিডিঅ’টোৰ ০:১২ টাইমষ্টাম্পৰ সৈতে প্ৰায় হুবহু মিল খায়।

Xত থকা এটা দীঘল ভিডিঅ'আৰু চাইনা অবজাৰ্ভাৰৰ ভিডিঅ'ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: X/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সংবাদ মাধ্য়ম ইউএছএ টুডেও এই সম্পৰ্কে ভিডিঅ’ প্ৰতিবেদন প্ৰকাশ কৰিছিল, য’ত বেলেগ কোণৰ পৰা ফুটেজ দেখিবলৈ পোৱা যায়। ২০২৩ চনৰ ৩১ আগষ্টত ইউটিউবত প্ৰকাশ পোৱা তেওঁলোকৰ ভিডিঅ’টোৰ শিৰোনাম আছিল ‘চীনত ১৫টা অট্টালিকা একেলগে ভাঙি পেলোৱা হয়’। এই ঘটনা সন্দৰ্ভত ২০২১ চনৰ ১৫ ছেপ্টেম্বৰত ভাইচে প্ৰকাশ কৰা এটা প্ৰবন্ধত কোৱা হৈছে যে চীনৰ কুনমিং চহৰত ২৭ আগষ্টত অৰ্ধনিৰ্মিত অট্টালিকাসমূহ ভাঙি পেলোৱাৰ এই কাম কৰা হৈছিল। ‘‘বিস্ফোৰণটোৱে ১৫ নম্বৰৰ ওখ অট্টালিকাটো ভঙাত ব্যৰ্থ হয়, স্থানীয় সংবাদ মাধ্য়মৰ মতে তিনি দিনৰ পিছত সেইটো ভাঙি পেলোৱা হৈছিল,’’ প্ৰতিবেদনটোত কোৱা হৈছে, যিটো আমাৰ তথ্যৰ সৈতে মিল খায়।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো ইজৰাইল-হামাছৰ শেহতীয়াকৈ সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই। খবৰ অনুসৰি ইয়াত দক্ষিণ-পশ্চিম চীনৰ কুনমিং চহৰত  ২০১৯ চনত একাধিক ওখ অট্টালিকা ভাঙি পেলোৱাৰ এটা ভিডিঅ’ দেখা গৈছে, সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।