ছৌদি আৰৱৰ পুৰণি ভিডিঅ' লিবিয়াত ‘ষ্টৰ্ম ডেনিয়েল’ৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি
ছেপ্তেম্বৰ 19 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছৌদি আৰৱৰ পুৰণি ভিডিঅ' লিবিয়াত ‘ষ্টৰ্ম ডেনিয়েল’ৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে

ছৌদি আৰৱৰ পুৰণি ভিডিঅ' লিবিয়াত ‘ষ্টৰ্ম ডেনিয়েল’ৰ বুলি দাবী কৰি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস:X/টিকটক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত )

ফেক্ট চেক

ৰায়দান মিছা

২০২২ চনত ছৌদি আৰৱৰ জেদ্দাত বানপানীৰ মাজত নামাজ পঢ়ি থকা এজন ব্যক্তিৰ এটা ভিডিঅ’ লিবিয়াৰ বানপানীৰ বুলি ভুলকৈ প্ৰচাৰ কৰা হৈছে।

ক্লেইম আইডি 15c5404b

পৃষ্ঠভূমি

যোৱা ১০ ছেপ্টেম্বৰত লিবিয়াত ষ্টৰ্ম ডেনিয়েলে অনা ধাৰাসাৰ বৰষুণৰ ফলত ডেৰনা চহৰত দুটা বান্ধ ভাঙি আকস্মিক বানপানীৰ সৃষ্টি হয়। এছ'চিয়েটেড প্ৰেছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এটা সহায়ক গোটৰ মতে, ১৪ ছেপ্টেম্বৰত চহৰখনত মৃত্যু হোৱা লোকৰ সংখ্যাই ১১,৩০০ অতিক্ৰম কৰে। ইজিপ্ত, ইউ.এ.ই., টিউনিচিয়া আৰু তুৰ্কীৰ আদি দেশে লিবিয়াৰ উদ্ধাৰকাৰী দলক সহায় কৰিবলৈ আগবাঢ়ি আহে।

ইয়াৰ পিছতে এজন লোকে এখন ডুব যোৱা গাড়ীৰ কাষত এটা জলমগ্ন ৰাস্তাৰ মাজত প্ৰাৰ্থনা কৰি থকা এটা ভিডিঅ’ লিবিয়াৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে। ২০২৩ চনৰ ১৪ ছেপ্টেম্বৰত "ছাভা" নামৰ তুৰ্কীৰ এখন দৈনিক কাকতে তেওঁলোকৰ ৱেবছাইটত ভিডিঅ'টো শ্বেয়াৰ কৰি এইদৰে কেপচন দিছিল, "লিবিয়াত বানপানীৰ মাজত উদ্ধাৰৰ বাবে অপেক্ষা কৰি থকা এজন ব্যক্তিয়ে এটা ঘৰৰ ধ্বংসস্তূপৰ ওপৰত প্ৰাৰ্থনা কৰি আছিল (তুৰ্কীৰ পৰা অনুবাদ কৰা হৈছে)।" এই পোষ্টটোৱে ২,৪৩,০০০ৰো অধিক ভিউ লাভ কৰিছে। ইয়াত আৰ্কাইভড ভাৰ্ছন উপলব্ধ। একেটা ভিডিঅ' বিভিন্ন প্লেটফৰ্মতো শ্বেয়াৰ কৰা হৈছিল ( ইয়াতইয়াত,  আৰু  ইয়াত আৰ্কাইভড ভাৰ্ছন চাব পাৰে)। 

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: X/ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এইটো লিবিয়াৰ শেহতীয়া বানপানীৰ আগৰ ভিডিঅ’ হয়। ২০২২ চনত ছৌদি আৰৱত উক্ত ভিডিঅ’টো ৰেকৰ্ড কৰা হৈছিল।

প্ৰকৃত তথ্য়

ভিডিঅ'টো ভালদৰে চাই এইটো এটা পুৰণি ভিডিঅ’ বুলি গম পোৱাৰ লগতে লিবিয়াৰ শেহতীয়া দুৰ্যোগৰ সৈতে সম্পৰ্ক নাই বুলি আমি জানিব পাৰোঁ। আমি ভিডিঅ'টোৰ কীফ্ৰেমত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰোঁ আৰু ২০২২ চনৰ ২৯ নৱেম্বৰত টিভিৱাননিউজত প্ৰকাশিত এটা ভিডিঅ’ প্ৰতিবেদন লাভ কৰোঁ। ইণ্ডোনেছিয়ান ভাষাত থকা ভিডিঅ’টোৰ বৰ্ণনাত ছৌদি আৰৱৰ জেদাহ অঞ্চলত এজন লোকে বানপানীৰ মাজত প্ৰাৰ্থনা কৰি আছে বুলি কোৱা হৈছে।

ভাইৰেল ভিডিঅ'টো আৰু ২০২২ চনৰ ইউটিউব ভিডিঅ'টোৰ তুলনা। (উৎস: X/ইউটিউব/স্ক্ৰীণশ্বট)

একেটা ভিডিঅ' ২০২২ চনৰ ২৫ নৱেম্বৰত ছৌদি নিউজ এফআৰৰ অফিচিয়েল এক্স (X) একাউণ্টত পোৱা গৈছিল। পোষ্টটোৰ কেপচনত ২০২২ চনৰ ২৪ নৱেম্বৰত জেদ্দাত এজন লোকে বানপানীত নামাজ পঢ়ি থকাৰ ভিডিঅ’ বন্দী কৰা হৈছিল বুলি উল্লেখ কৰা হৈছে।

ছৌদি আৰৱত প্ৰাৰ্থনা কৰা এজন ব্যক্তিৰ ২০২২ চনৰ ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট)

‘ছৌদি-এক্সপেট্ৰিয়েটছ’ নামৰ ছৌদি আৰৱৰ এটা প্ৰবাসী ব্লগতো ২০২২ চনৰ ১ ডিচেম্বৰত প্ৰকাশ কৰা এক প্ৰতিবেদনত একেটা ভিডিঅ' ব্য়ৱহাৰ কৰা হৈছিল। ছৌদি-এক্সপেট্ৰিয়েটছৰ মতে, আব্দুল্লা আল-মুটাইৰী নামৰ এজন ব্যক্তিয়ে জেদ্দাত নামাজ পঢ়ি থকাৰ সময়ত বানপানীয়ে তেওঁক আগুৰি ধৰিছিল। তেওঁৰ পুত্ৰ ৰাদ আব্দুল্লা আল-মুটাইৰীয়ে কোৱা মতে পানীৰ স্তৰ বৃদ্ধি পোৱাত তেওঁলোকৰ গাড়ীকেইখন ঘৰলৈ আনিবলৈ আনি থকাৰ সময়ত তেওঁ, তেওঁৰ ভাতৃ আৰু তেওঁলোকৰ পিতৃ বানপানীত আবদ্ধ হৈ পৰিছিল। তেওঁ লগতে কয় যে তেওঁলোকৰ গাড়ীখন বানপানীয়ে উটুৱাই নিছিল; সেই সময়তে তেওঁৰ দেউতাকে গাড়ীৰ পৰা নামিবলৈ সক্ষম হয় ধ্বংসস্তূপৰ ওপৰত থিয় হৈ প্ৰাৰ্থনা কৰিছিল। 

ইজিপ্তৰ স্বতন্ত্ৰ আৰবী সংবাদ ৱেবছাইট ‘নোগুম মাছৰিয়া’ (نجوم مصرية) আৰু য়েমেনৰ ইলেক্ট্ৰনিক সংবাদ মাধ্যম ‘এডেন টাইম’তো একেটা বাতৰি প্ৰকাশ পাইছিল।

এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি ২০২২ চনৰ নৱেম্বৰত উপকূলীয় চহৰ জেদ্দাকে ধৰি পশ্চিম ছৌদি আৰৱত ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছিল। বৰষুণৰ বাবে বিমানসেৱা সাময়িকভাৱে বন্ধ কৰি দিয়াৰ লগতে বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল।

সিদ্ধান্ত

ছৌদি আৰৱৰ পৰা এটা ৯  মাহ পুৰণি ভিডিঅ’ লিবিয়াৰ শেহতীয়া বানপানীৰ সময়ৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।