বিজেপিৰ প্ৰচাৰ বাহনত আক্ৰমণৰ পুৰণি ভিডিঅ' ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে মিছাকৈ জড়িত

লেখক: ৰোহিত গুতা
মাৰ্চ 28 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিজেপিৰ প্ৰচাৰ বাহনত আক্ৰমণৰ পুৰণি ভিডিঅ' ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে মিছাকৈ জড়িত

এই ভিডিঅ’টোত আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰচাৰ বাহনৰ ওপৰত হোৱা এক আক্ৰমণ দেখা গৈছে বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীনশ্বট । (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ’টো ২০২২ চনৰ নৱেম্বৰ মাহত তেলেংগানাৰ মুনুগোড়া সমষ্টিত উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰচাৰ বাহনত আক্ৰমণৰ ঘটনাৰ হয়।

ক্লেইম আইডি 03805eb6

পৃষ্ঠভূমি

ভাৰতত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত ইয়াৰ সৈতে জড়িত বিভিন্ন পোষ্ট ভাইৰেল হব ধৰিছে। এনে এটা ভিডিঅ’, যত কিছু লোকে এখন বিজেপিৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ হোৱা যেন লগা এখন বাহনৰ ওপৰত আক্ৰমণ কৰা দেখা গৈছে, আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ঘটা শেহতীয়া ঘটনা বুলি দাবীৰে ভাইৰেল হৈ পৰিছে। আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। এই ভিডিঅ’টো শেহতীয়া ঘটনা বুলি ইংগিতেৰে অসমীয়াতো পুনৰ ভাইৰেল হৈ পৰিছে।

অৱশ্যে এই ভিডিঅ’টো পুৰণি আৰু ২০২২ চনৰ নৱেম্বৰৰ, যেতিয়া তেলেংগানাৰ মুনুগোড়া সমষ্টিত উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এক প্ৰচাৰ বাহনত আক্ৰমণ কৰা হৈছিল।

প্ৰকৃত তথ্য

আমি দেখিলোঁ যে ভিডিঅ’টোত দেখা পোৱা প্ৰচাৰ বাহনখনত তেলেগু ভাষাত লিখা আছে। একে সময়তে গাড়ীখনত আক্ৰমণ কৰা লোকসকলে গোলাপী ৰঙৰ পতাকা লৈ গোলাপী ৰঙৰ স্কাৰ্ফ আৰু টি-চাৰ্ট পিন্ধা দেখা গৈছে। তেলেগু অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা উভয়ৰে চৰকাৰী ভাষা হ’লেও গোলাপী ৰং হৈছে তেলেংগানাৰ সেই সময়ৰ শাসকীয় দল ভাৰত ৰাষ্ট্ৰ সমিতি (BRS, পূৰ্বৰ তেলেংগানা ৰাষ্ট্ৰ সমিতি (TRS))ৰ পতাকাৰ আনুষ্ঠানিক ৰং।

আমি টিআৰএছ'ৰ কেডাৰে বিজেপিৰ প্ৰচাৰ বাহনত সংঘটিত কৰা আক্ৰমণৰ বিষয়ে কীৱৰ্ডেৰে ইউটিউবত সন্ধান কৰিলোঁ আৰু একাধিক ভিডিঅ’ বিচাৰি পালোঁ। তেনে এটা ভিডিঅ’ নিউজ ৰিপ’ৰ্ট ২০২২ চনৰ ২ নৱেম্বৰত ইণ্ডিয়া টুডেই প্ৰকাশ কৰিছিল, য’ত শিৰোনাম আছিল, ‘মুনুগোড় বাইপ'লৰ শেষ দিনটোত বিজেপি আৰু টিআৰএছৰ কৰ্মীৰ মাজত সংঘৰ্ষ'। এই ভিডিঅ'টোত এতিয়া অনলাইন যোগে ভাইৰেল হোৱা একেবোৰ ভিজুৱেল দেখা গৈছে । 

মুনুগোড়ত বিজেপিৰ প্ৰচাৰ বাহনত সংঘটিত হোৱা আক্ৰমণৰ সন্দৰ্ভত টুইটাৰত কীৱৰ্ডৰ সৈতে সন্ধানত জি কিষাণ ৰেড্ডীয়ে ২০২২ চনৰ ১ নৱেম্বৰত পোষ্ট কৰা এক টুইট দেখা গ'ল । জি কিষান ৰেড্ডী ছিকেণ্ডৰাবাদৰ বিজেপিৰ সংসদ সদস্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় সাংস্কৃতিক, পৰ্যটন আৰু উন্নয়ন মন্ত্ৰী। তেওঁ বাহনখনৰ ওপৰত হোৱা আক্ৰমণৰ ক্লিপসমূহ শ্বেয়াৰ কৰি  লিখিছিল, “মুনুগোড় উপ-নিৰ্বাচনত পৰাস্ত হোৱাৰ বাবে টি আৰ এছৰ হতাশা মুনুগোডৰ জ্যেষ্ঠ নেতা, @BJP4India ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আৰু বিধায়ক @Eatala_Rajender Garu আৰু তেওঁৰ পত্নীৰ ওপৰত কৰা আক্ৰমণৰ পৰা স্পষ্ট হৈ পৰিছে। শ্ৰীমতি আৰু শ্ৰীযুত ৰাজেন্দ্ৰৰ গৰু আৰু আমাৰ কাৰ্য্যকৰ্তাসকলৰ ওপৰত হোৱা আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো।” আন এটা টুইটত তেওঁ লিখিছে, “গণতন্ত্ৰত হিংসা আৰু অত্যাচাৰৰ কোনো স্থান নাই আৰু পৰৱৰ্তী উপ-নিৰ্বাচনত মুনুগোডে লোৱা ৰাজনৈতিক সিদ্ধান্তৰ সৈতে ইয়াক পুনৰ প্ৰতিষ্ঠা কৰা হ’ব।” ভাইৰেল ক্লিপটোত দেখা পোৱাৰ দৰে প্ৰচাৰৰ বাহনৰ ওপৰত হোৱা আক্ৰমণ ৰেড্ডীয়ে শ্বেয়াৰ কৰা ভিডিঅ’বোৰতো স্পষ্টকৈ দেখা যায় । 

নিউজ চেনেল ইণ্ডিয়া টিভিয়েও বিজেপিৰ প্ৰচাৰ বাহনখনত হোৱা আক্ৰমণৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল, শিৰোনাম আছিল ‘তেলেংগানা: মুনুগোড়ৰ উপ-নিৰ্বাচনী প্ৰচাৰৰ সময়ত টি আৰ এছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ'। ভিডিঅ’টোতো আক্ৰমণৰ বলি হোৱা প্ৰচাৰ বাহনখনৰ ভিজুৱেল আছে। দেখা যায় যে গোলাপী পতাকা লৈ গোলাপী ৰঙৰ স্কাৰ্ফ আৰু টি-চাৰ্ট পিন্ধা লোকৰ আক্ৰমণৰ সন্মুখীন হোৱা এইখন একেইখন প্ৰচাৰ বাহন। ইয়াৰ পৰা দেখা যায় যে ভিডিঅ’টো আচলতে ২০২২ চনৰ, আৰু শেহতীয়া ভিডিঅ’ নহয়।

সিদ্ধান্ত

২০২২ চনত তেলেংগানাৰ মুনুগোডত বিজেপিৰ প্ৰচাৰ বাহনত আক্ৰমণ চলোৱাৰ ভিডিঅ’ ভাৰতত আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শেহতীয়াকৈ সংঘটিত হোৱা এক ঘটনা হিচাপে পুনৰ প্ৰচাৰ কৰা হৈছে। গতিকে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰোঁ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।