কংগ্ৰেছ নেতা কমল নাথৰ পুৰণি ভিডিঅ' ভুৱা অডিঅ' ব্যৱহাৰ কৰি শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
নৱেম্বৰ 13 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কংগ্ৰেছ নেতা কমল নাথৰ পুৰণি ভিডিঅ' ভুৱা অডিঅ' ব্যৱহাৰ কৰি শ্বেয়াৰ কৰা হৈছে

ভুৱা অডিঅ' ব্যৱহাৰ কৰি সম্পাদনা কৰা কমল নাথৰ ভাইৰেল ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ২০১৮ চনৰ ভিডিঅ' আৰু ইয়াত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুন্ত্ৰী কমল নাথৰ মন্তব্য বুলি এটা ভুৱা অডিঅ' অডিঅ’ ব্যৱহাৰ কৰা হৈছে।

ক্লেইম আইডি 71fe4d53

পৃষ্ঠভূমি

উত্তৰ-পূবৰ মিজোৰমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত নিৰ্বাচনী ব্যস্ততা চলি থকাৰ মাজতে ছ’চিয়েল মিডিয়াত বিভিন্ন ৰাজনৈতিক অপপ্ৰচাৰ আৰু ভুৱা তথ্য় প্ৰচাৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে। লজিকেলী ফেক্টছে বিগত দিনসমূহত এনে একাধিক ভুৱা আৰু বিভ্ৰান্তিকৰ দাবীৰ প্ৰকৃত  সত্যতা উদঘাটন কৰিছে। অহা ১৭ নৱেম্বৰত মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব, আৰু ইয়াক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিৰ সৈতে জড়িত বিভিন্ন বিষয়ে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰা দেখা গৈছে। 

কি দাবী কৰা হৈছে?

মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথক দেখিবলৈ পোৱা এনে এটা ভিডিঅ' ক্লিপ সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ক্লিপটোত নাথক এদল লোকৰ সৈতে হোৱা বৈঠকত দেখুওৱা হৈছে, য'ত তেওঁ অনুচ্ছেদ ৩৭০ বাতিলৰ পুনৰ বিবেচনাৰ বিষয়ে আলোচনা কৰাৰ লগতে মুছলমান সকলৰ সমৰ্থনৰ বিনিময়ত "এটা মছজিদৰ স্থান" পুনৰুদ্ধাৰৰ অনুমতি দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

৩০ ছেকেণ্ডৰ এই ক্লিপটোত কমল নাথে কয়, “মই বহুদিনৰ পৰাই ভাবি আছিলোঁ যে আপোনালোকৰ সৈতে কথা পাতোঁ। কিন্তু প্ৰথমতে এইটো ধ্যান ৰাখিব যাতে এই কথা ইয়াৰ বাহিৰত নাযায়। আপোনালোকৰ কথা আমি আটাইতকৈ বেছি চিন্তা কৰোঁ। সেয়ে কংগ্ৰেছে মুছলমান ভাইসকল আমাৰ লগত থকাটো বিচাৰে, যাতে আমি ভৱিষ্যতে আপোনালোকৰ পক্ষত সিদ্ধান্ত লব পাৰো। মই আপোনালোকক আশ্বাস দিছো, আমাক সমৰ্থন কৰি যাওক আপোনালোকৰ মছজিদৰ স্থান আপোনালোকে ঘূৰাই পাই যাব আৰু (ধাৰা) ৩৭০ৰো বিবেচনা কৰা হ’ব। চাওক, মই সকলো কথা মুকলিকৈ আলোচনা কৰিব নোৱাৰো, কেৱল এইয়া বুজিব.. ”

ক্লিপটো এক্সত শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "কমলনাথৰ গোপন কথা...//তেওঁ কি কৈছে... আমি আপোনালোকক মছজিদৰ ভূমি দিম আৰু ৩৭০ৰো বিবেচনা কৰা হ'ব...//এনে বিষয়ত চামচাসকলৰ সহমত আছে?" (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)। আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত চাওক।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ'টো ফেচবুকত শ্বেয়াৰ কৰা হৈছে, এনে এটা পোষ্টৰ কেপচনত অসমীয়াত লিখা আছে, "(তেওঁলোকে) ৩৭০ আঁতৰাই পেলাব, সকলোতে “মছজিদ” নিৰ্মাণ কৰিব, কলংকনাথে কৈছে যে মই সকলো কথা মুকলিকৈ ক'ব নোৱাৰো শুনক কংগ্ৰেছে মুছলমানৰ বাবে কি কি কৰিব।☝☝☝।’’ ইয়াত আৰ্কাইভ কৰা সংস্কৰণ চাওক।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এইয়া সঁচা নহয়। লজিকেলী ফেক্টছে ক্লিপটোত এটা ভুৱা অডিঅ' লগাই কৰিবলৈ সম্পাদনা কৰা হৈছে বুলি নিশ্চিত কৰিছে।

আমি কি বিচাৰি পালোঁ?

আমি ক্লিপটোৰ এটা কীফ্ৰেমত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰোঁ আৰু ২০১৮ চনৰ ২১ নৱেম্বৰত টাইমছ নাওৱে এক্সত (পূৰ্বতে টুইটাৰ) আপলোড কৰা ২:২৫ মিনিটৰ এটা ভিডিঅ' লাভ কৰোঁ। দুয়োটা ক্লিপৰ তুলনা কৰি আমি  লক্ষ্য কৰোঁ যে কমল নাথক দেখা পোৱা টাইমছ নাও ভিডিঅ'টোৰ ০:০১ ৰ পৰা ০:১২ 0:12 বজালৈ কেমল নাথক দেখুওৱা টাইমষ্টাম্প আৰু নাথ আৰু সভাত থকা আন লোকসকলক দেখুওৱা একেটা ভিডিঅ'ৰ ০:১৮ৰ পৰা ০:৪৮ টাইমষ্টাম্প ভাইৰেল ক্লিপটোৰ সৈতে হুবহু মিলে।

ভাইৰেল ভিডিঅ' আৰু টাইমছ নাওৰ ভিডিঅ'ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: X/টাইমছ নাও/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমি মন কৰোঁ যে ভাইৰেল ক্লিপটোত এটা বেলেগ অডিঅ’ ব্যৱহাৰ কৰা হৈছে। টাইমছ নাওৱে আপলোড কৰা ভিডিঅ’টোত কমল নাথে নিৰ্বাচনৰ সময়ত আৰএছএছে গ্ৰহণ কৰা কৌশল সম্পৰ্কে মন্তব্য কৰা শুনা যায়। ‘‘আৰ এছ এছৰ কৰ্মীসকলে এতিয়া কি কৰি আছে? মোৰ ওচৰত তথ্য আছে। আৰ এছ এছৰ মানুহ গোটেই ঠাইতে বিয়পি পৰিছে। চিণ্ডৱাৰাৰ কথা কওঁ কাৰণ মানুহে আহি মোক কয় যিহেতু চিণ্ডৱাৰা নাগপুৰৰ লগত সংলগ্ন সেয়েহে তেওঁলোকৰ বাবে ই অতি সুবিধাজনক। ৰাতিপুৱা আহে আৰু ৰাতি হ’লে ঘূৰি যায়। তেওঁলোকৰ এটাই শ্লোগান আছে, ‘যদি আপুনি হিন্দুক ভোট দিব বিচাৰে তেন্তে হিন্দু সিংহ মোডীক ভোট দিয়ক’ আৰু ‘যদি মুছলমানক ভোট দিব বিচাৰে তেন্তে কংগ্ৰেছক ভোট দিয়ক’।’’ তেওঁ কয়।

টাইমছ নাওৰ ভিডিঅ’টোত শুনিবলৈ পোৱা একেখিনি কথা ২০১৮ চনৰ ১৪ নৱেম্বৰত লোকমাত হিন্দী নামৰ এটা হিন্দী পৰ্টেলে আপলোডে কৰা এটা ইউটিউব ভিডিঅ’টো শুনিবলৈ পোৱা যায়।

ক্লিপটোৰ এটা অংশ দেখুওৱা এনডিটিভিৰ এটা প্ৰতিবেদন অনুসৰি, ভিডিঅ'টো ২০১৮ চনৰ ২৮ নৱেম্বৰত অনুষ্ঠিত মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে ভাইৰেল হৈছিল। ইয়াক এক ইংগিত হিচাপে লৈ আমি অনুসন্ধান চলাওঁ আৰু টাইমছ অফ ইণ্ডিয়াৰ এটা প্ৰতিবেদন লাভ কৰোঁ। "কমল নাথৰ ভিডিঅ'ক লৈ আন এক আৰ এছ এছ কেন্দ্ৰিক বিতৰ্কত সোমাল কংগ্ৰেছ" শীৰ্ষক প্ৰতিবেদনটোৰ মতে ২০১৮ চনত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুছলমান নেতাসকলৰ সৈতে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বৈঠকত ভাইৰেল ভিডিঅ'টো ৰেকৰ্ড কৰা হৈছিল। প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত আৰু ইয়াৰ চাৰিওফালে হোৱা বিতৰ্কৰ পিছত, কমল নাথে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ আৰ এছ এছৰ বিৰুদ্ধে যি কৈছিল সেই স্থিতিত অটল হৈ আছে। 

সিদ্ধান্ত

মূল ভিডিঅ'টো ২০১৮ চনৰ নৱেম্বৰত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰেকৰ্ড কৰা হৈছিল। ভাইৰেল ক্লিপটোত কমল নাথৰ এটা ভুৱা অডিঅ' সংযোগ কৰি সম্পাদনা কৰা হৈছে। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।