বিশ্বকাপত পৰাজয়ৰ পিছত বাংলাদেশৰ ক্ৰিকেটাৰক অনুৰাগীয়ে অপদস্থ কৰা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰ

লেখক: উম্মে কুলচুম
নৱেম্বৰ 28 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিশ্বকাপত পৰাজয়ৰ পিছত বাংলাদেশৰ ক্ৰিকেটাৰক অনুৰাগীয়ে অপদস্থ কৰা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰ

শ্বাকিব আল হাছানক বাংলাদেশৰ বিমানবন্দৰত অপদস্থ কৰা বুলি দাবী কৰি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচুবক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো যোৱা মাৰ্চ মাহৰ ভিডিঅ' আৰু ইয়াত ডুবাইত এখন গহনা দোকানৰ উদ্বোধনৰ সময়ত একাংশ লোকে শ্বাকিব আল হাছানৰ সৈতে টনা-আজোঁৰা কৰা দেখা গৈছে।

ক্লেইম আইডি f1e9ec41

কি দাবী কৰা হৈছে?

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা আইচিচি বিশ্বকাপ ২০২৩-ত দেখুওৱা শোচনীয় প্ৰদৰ্শনৰ বাবে বাংলাদেশৰ ক্ৰিকেট দলটো যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। দলটোৱে ৯খন মেচৰ ভিতৰত মাত্ৰ দুখনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰতিযোগিতাখনৰ পৰা বাংলাদেশৰ প্ৰস্থানৰ কেইদিনমান পিছতে ক্ৰিকেট দলটোৰ অধিনায়ক শ্বাকিব আল হাছানৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে, ভিডিঅ’টোত এটা ভিৰৰ মাজত একাধিক লোকে হাছানৰ সৈতে টনা-আজোঁৰা কৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰা এক্স (পূৰ্বৰ টুইটাৰ) পোষ্টৰ কেপচন এইদৰে লিখা হৈছে, “আইচিচি বিশ্বকাপ প্ৰতিযোগিতাত দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে বিমানবন্দৰত বাংলাদেশী ক্ৰিকেট অনুৰাগীয়ে শ্বাকিব আল হাছানক প্ৰহাৰ কৰে।” এই প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে এই পোষ্টটোৱে ৩,৩৩,০০০ তকৈ অধিক ভিউ লাভ কৰিছে। উক্ত পোষ্টটোৰ লগতে তেনেধৰণৰ অন্য এটা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ফেচবুককে ধৰি অন্যান্য প্লেটফৰ্মতো এই ভিডিঅ’টোৱে চৰ্চা লাভ কৰিছিল। ফেচবুকৰ এজন ব্যৱহাৰকাৰীয়ে একেটা ক্লিপ শ্বেয়াৰ কৰি কেপচনত লিখিছে, "বিশ্বকাপৰ দুৰ্বল অভিযানৰ পিছত বাংলাদেশলৈ উভতি অহাৰ সময়ত শ্বাকিব আল হাছানৰ লগত এনে হৈছিল। উপ মহাদেশখনৰ মানুহে ক্ৰিকেট কমকৈ চাব লাগে কাৰণ পৰাজয়ৰ পিছত তেওঁলোকে তেওঁলোকৰ মাৰ্বলবোৰ হেৰোৱাই পেলায়। (sic)।" পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আনহাতে, ভিডিঅ’টো শ্বেয়াৰ কৰা এটা অসমীয়া ফেচবুক পোষ্টত এইদৰে লিখা হৈছে, ‘‘বাংলাদেশীৰ স্বভাৱেই এনেকুৱা। বিশ্বকাপত বেয়া প্ৰদৰ্শন দেখুওৱাৰ কাৰণে দেশৰ হকে খেলা শ্বাকিব আল হাছানক এইদৰে শাৰীৰিকভাৱে অপদস্থ কৰিলে। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা অসমীয়া ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি কি বিচাৰি পালো?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি নিশ্চিত কৰিলোঁ যে এই ভিডিঅ’টো ২০২৩ চনৰ মাৰ্চৰ হয় আৰু যোৱা অক্টোবৰ-নৱেম্বৰত ভাৰতত অনুষ্ঠিত হোৱা আইচিচি পুৰুষ বিশ্বকাপ ২০২৩-ৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

লজিকেলী ফেক্টছে এইবছৰৰ মাৰ্চৰ কেইবাটাও প্ৰতিবেদন লাভ কৰিছে য’ত ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে আল হাছানে একে সাজ-পোছাক পৰিধান কৰিছে। ফ্ৰী প্ৰেছ জাৰ্নেলৰ এক প্ৰতিবেদনত ২০২৩ চনৰ মাৰ্চত এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ প্ৰকাশ পাইছিল। বঙালী ভাষাত কেপচন থকা পোষ্টটোত লিখা আছিল, "এইটো মই কি দেখিলো। বাংলাদেশৰ ছুপাৰষ্টাৰ শ্বাকিব আল হাছানক কিভাৱে ট্ৰিট কৰা হৈছে! হায়ৰে টকা…(বঙালীৰ পৰা অনূদিত)।’’ প্ৰতিবেদনটোত উল্লেখ কৰা মতে ক্ৰিকেটাৰগৰাকীয়ে ২০২৩ চনৰ আৰম্ভণিতে ডুবাইত অনুষ্ঠিত এক প্ৰচাৰমূলক অনুষ্ঠানত ভাগ লোৱাৰ সময়ত এই ভিডিঅ’ ক্লিপটো শ্বুট কৰা হৈছিল। আল হাছানে হত্যাৰ গোচৰত অভিযুক্ত এজন লোকৰ মালিকানাধীন এখন সোণৰ গহনা বিপণীখন উদ্বোধন কৰাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল বুলিও প্ৰতিবেদনটোত লগতে কোৱা হৈছে।

উক্ত অনুষ্ঠানৰ পিছতে ঢাকা মহানগৰ আৰক্ষীৰ ডিটেক্টিভ ব্ৰাঞ্চৰ (ডিবি) মুৰব্বীয়ে কয় যে ডুবাইত আৰৱ খানৰ গহনা দোকান মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আল হাছানক জেৰা কৰা হ’ব। জানিব পৰা মতে, ৰবিউল ইছলাম নামেৰেও পৰিচিত আৰৱ খান এগৰাকী বাংলাদেশী আৰক্ষী পৰিদৰ্শকৰ হত্যাকাণ্ডৰ সন্দেহত অভিযুক্ত।

১৭ মাৰ্চত প্ৰকাশিত ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ দৃশ্যৰ সৈতে মিল থকা এখন ফটো ব্যৱহাৰ কৰা হৈছে, য’ত আল-হাছানক একেটা ক’লা-বগা পেটাৰ্ণৰ কামিজত দেখা গৈছিল। তদুপৰি বাংলাদেশৰ আৰটিভি নিউজে ১৬ মাৰ্চত শ্ব’ৰুমটো উদ্বোধনৰ ভিডিঅ’ ইউটিউব চেনেলত আপলোড কৰিছিল। ভিডিঅ’টোত ভাইৰেল ফুটেজটোত আল-হাছানে তেওঁক টনা-আজোঁৰা কৰা ঠাইৰ পৰা লৰালৰিকৈ আঁতৰি যোৱা দেখিবলৈ পোৱা গৈছে। 

ঘটনাটোৰ ভিডিঅ' ২০২৩ মাৰ্চত ইউটিউবত আপলোড কৰা হৈছিল। (উৎস: ইউটিউব/আৰটিভি নিউজ/স্ক্ৰীণশ্বট) 

সিদ্ধান্ত

এইটো সাত মাহৰ আগৰ ভিডিঅ’। বাংলাদেশৰ ক্ৰিকেটাৰ গৰাকীয়ে ডুবাইত এখন গহনা বিপণী উদ্বোধন কৰাৰ সময়ত ভিডিঅ’টো লোৱা হৈছিল। অলপতে সমাপ্ত হোৱা ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাৰ সৈতে এই ঘটনাৰ কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।